Gaganaba song ( গগনাবাৰ গীত)



২০০০ চনতে লিখা "গোগামুখ গণ নাট্য বাহিনী" গগনাবা ৰ গীতটো

"গগনাবা" সংগীত ৷
গীতৰ কথা: বিনয় কৃষ্ণ তামুলী ফুকন ৷

গগনাবা,  আমি গণ নাট্য বাহিনী
নৱ প্ৰতিভাৰ কঠিয়া তলিত
আমি সৃষ্টিৰ সেউজ কাহিনী

মানুহৰ কথা মানুহকে ক'ম
জাগিব নতুন পুৰুষ দল
শতিকাৰ এই সন্ধিক্ষণত
আমি শান্তিৰ সমদল ৷

 লক্ষ্য আমাৰ সুদূৰ প্ৰসাৰী
পিন্ধিছো বিশ্ব বেশ
আন্ধাৰ আঁতৰাই পোহৰ আনিম
আঁতৰাম সমাজৰ ক্লেশ ৷

ক'লা আন্ধাৰৰ বক্ষ ফালি
পোহৰ দেশলে হৈ
পৃথিৱীত আমি ৰং চ'টিয়াম
শান্তিৰ শিখা লৈ ৷

গগনাবা,  আমি গণ নাট্য বাহিনী
নৱ প্ৰতিভাৰ কঠিয়া তলিত
আমি সৃষ্টিৰ সেউজ কাহিনী ৷

ৰচনা কাল ২০০০ চন

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)