Udar Axomiya ( উদাৰ অসমীয়া)

উদাৰ অসমীয়া:
        -বিনয় ৮ মাৰ্চ ২০১৭
অ-সম
তুলনাবিহীন মোৰ দেশ
অ-সমান
ওখোৰা-মোখোৰা মোৰ দেশ
নানা জাতি-বৰ্ণ- ধৰ্ম-ভাষা-দোৱানৰ
সানমিহলি মোৰ দেশ
তথাপিও সমান
তথাপিও সকলোৰে বুকুত
মৰমৰ টান
জনাব জানে পৰস্পৰক  সন্মান
অ-তুলনীয়,
অ-সম
মোৰ অসম দেশ

হ'ব পাৰে সকলোৰে ভিন ভিন বেশ
তথাপিও সৰ্বজন সমানহঃ মোৰ দেশ
উদাৰ চিতে সৱটি সকলো
ম'চি সকলোৰে চকুলো
যুগে যুগে গাই
সম্প্ৰীতিৰ  নামঘোষা, আজান,কেৰল, অইনিঃতম, বিহু, বাগৰুমবা, ঝুমইৰ…
গাই একতাৰ বৃন্দগান
বৈ আছে চিৰিলুইত
চিৰ প্ৰৱাহমান ৷

আমি জানো কোন আপোন
কোন পৰ
আলহিকো এৰি দিওঁ
নিজৰ ঘৰ ৷
অতিথি পৰায়ণ আমি
নৰ আমাৰ নাৰায়ণ
সেই বুলি
খুৱাই দিব খোঁজোতে
কামুৰিব খোজিলে আঙুলি
আমিও জানো
আমাৰো আছে
কাণতলিয়াত দাঁত সৰুৱাব পৰা হাত ৷
অতিথি আৰু অঘৰী
চিনি পাওঁ আমি
মজিয়াত খাবলৈ দিলো বুলি
ভঁৰাললৈ নেমেলিবি হাত ৷
জানো আমি কেতিয়া ল'ব লাগে
চিটিপনি,
মহ'ৰ টোকোন,
হেংদান ৷

অসমীয়া এটা জাতিৰ নাম
অসমীয়া এটা বৃন্দ গান
কোনো ধৰ্মৰ নাম নহয় অসমীয়া
উদাৰতা মানে নহয়
সহনশীলতা

কোমলতা-কঠোৰতা
দুয়োটাই জানো আমি
অঘৰীক বৰঘৰ এৰি
নিজে নহওঁ যাযাবৰী

উদাৰতা মানে দুৰ্বলতা
সৰলতা মানে সহনশীলতা
বুলি
ওভত গোৰে নানাচিবি হেৰ'
ভাঙি দিব পাৰো তহঁতৰ
ওভত গোৰে নচা ঠেং
ল'ব লাগিব জীৱনৰ বাবে পেং

আমি হ'ব পাৰোঁ উদাৰ
শেষ হোৱা নাই হেংদানৰ ধাৰ
অসমীয়া নহয় কোনো ধৰ্মৰ নাম
মিলি থাকিলে পাবি উচিত মান
উদাৰতাক দূৰ্বলতা বুলি ল'লে
সাৰি নাযাবি হেৰ'
অসমীয়া এটা
অপ্ৰতিৰোধ্য শক্তিৰ নাম ৷

Comments

Post a Comment

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ