Posts

Image
"এগৰাকী সাহসী নাৰীৰ হাতত" ক'ৰ বিষাদ বতাহে নুমুৱাই থৈ গ'ল তোৰ বুকুৰ শলিতা  কাৰ পাষান হাতে মুচৰি থৈ গ'ল তোৰ দগমগ সেওঁতা ? মাজ নিশা কোনে কৰুণ বাঁহীত বজাই দুখৰ "কাবান" শোকৰ মালিতা  শোক বোৰ গলাই নেপেলাবি অ' শোকৰ তপত মমৰ পোহৰত তই আকৌ লিখচোন জীৱনৰ কবিতা ৷ শোক বোৰ জুই হৈ জ্বলিবলৈ দে তাৰ ৰঙা আঠঙাত  শতৰুৰ বুকুৰ জোখাৰে গঢ়িব লাগিব শানিত তৰোৱাল ৷ অথবা নাঙল ফাল চন পৰা বুকুৰ মাটিত সিঁচিবলৈ  এসাগৰ সেউজীয়া     বিনয় 5/1/17
Image
পুৰণি আলোচনীৰ পাত বুটলা
Image
#"একুৰিয়ামৰ মাছৰ দৰে উকা কঁপালৰ নাৰী গৰাকী:# বুকুত একুৰিয়ামৰঙী আলংকৰীক মাছ এজনী ধৰফৰাই থাকিলেও তই সেন্দুৰ পিন্ধিব নোৱাৰ ৷ হেঙুলীয়া বেলি দেখি আঁকিব নোৱাৰ জেতুকাৰ বেলি তোৰ পাবলী আঙুলিত পিন্ধিব নোৱাৰ হেঁপাহৰ নেপুৰ উচাহৰ গলপতা অথবা কামনাৰ জোনবিড়ি শীতল শেতেলীত চতফটাই থাকিলেও পুহৰ নিশা উমাল বুকুৰ সপোন দেখিব নোৱাৰ তই তই কেৱল জ্বলাব পাৰ বেদনাৰ তাম ৰঙী চাকি আঁকিব পাৰ তোৰ শেতেলীৰ গাৰুত চকুপানীৰ তৈল্যচিত্ৰ বুকুৰ গভীৰৰ বিষটোৰ স'তে কথা পাতিব পাৰ গোপনে ৷ একুৰিয়ামৰ ৰঙীন মাছ জনী ধৰফৰাই থাকিলেও বুকুত তই শুভ্ৰতাকে জনাব লাগিব চ্যেলুট কাৰণ তই যে আঁকিব  নোৱাৰ কাৰোবাৰ দীৰ্ঘায়ু কামন কৰি সেওঁতা ফালি সেন্দুৰৰ ৰেঘা ৷ বিনয় 4/1/17
Image
বীৰ আছিল তেওঁ "দেশ বুলিলে আদেশ নালাগে" বুলি অৰণ্যলৈ ওলাই যোৱা ল'ৰাটো ওভটি আহিছিল এদিন ৷ তপত সীহৰ বন্যা অথবা বন্দুকৰ বেৰেলেৰে পৰিবৰ্তন আনিব খোজা ল'ৰাটোৰ ভুল ভাগিছিল ৷ পৰিবৰ্তনৰ বাবে বাৰুদৰ প্ৰয়োজনহীনতাৰ কথা উপলব্ধি কৰি ঘূৰি আহিব খোজিছিল তাৰ ওপজা গাঁও খনলৈ য'ত তাৰ বাবে বাটচাই আছিল এহাল কাজল সনা চকুৱে এযোৰ জেতুকা বুলিয়া হাতে এখন উকা কঁপালে ৷ ওভোটাৰ পথত সি নিৰ্যাতিত হৈছিল স্বাধীনতা ভাল নোপোৱা এজাক পিশাচৰ হাতত ৷ বুকুত বুট জোতাৰ দাগ আৰু বন্দুকৰ কুন্দাৰ আঘাট লৈ সি ঘূৰি আহিছিল ৷ বৰ যতনেৰে সি পিন্ধাই দিছিল দগ্ মগ্ বেলি যেন সেন্দুৰৰ ফোঁট সেই কঁপালত ৷ গোপন কৰি ৰাখিছিল সি বুকুৰ সমষ্ট যান্ত্ৰণা ৷ সি যে নিৰ্যাতিত হৈছিল, আঘাট পাইছিল কলিজাত শেতেলীৰ লগৰী জনীকো জনোৱা নাছিল জানোচা তাই ভাগি পৰে ৷ দখলদাৰী বাহিনীৰ বুট জোতাৰ দাগ তাৰ বুকুত লাগি আছিল ৷ প্ৰতিটো নিশা সি চট্ ফটাইছিল মৃত্যু যন্ত্ৰণাত কাণে কাণে তাক কৈ গৈছিল কোনোবাই "তোৰ মৃত্যু সমাগত ৷" তথাপিও সি জনোৱা নাছিল তাৰ প্ৰেয়সীক ভাঙি দিব খোজা নাছিল তাইৰ উঠন স্বপ্ন ৷ বুকুৰ অসহ্
Image
অভিমানৰ পুখুৰীত বৰশীবোৱা ছোৱালী জনী ঐ অভিমনৰ পুখুীৰত বৰশীবোৱা ছোৱালী জনী কাৰ বাবে বাট চাৱ বুকুৰ ঘাটত শূণ্য খালৈ এটি লৈ? বৰশীৰ ডাঁৰত ৰঙা জীঞা নাচিলে খং কৰ কিয়? পানীৰ তলৰ মাছ ধৰিবলৈ তই ওপঙি থাক অভিমানৰ সাগৰত? হেৰ, দুষ্ট দৰিকণাবোৰে কাহানিবাই খুটিয়াই খুটিয়াই শেষ কৰিলে তোৰ বৰশীৰ টোপ গপত গংগাটোপটো হৈ তই বাৰু গধুৰ কৰ কাৰ বুকুৰ উশাহ?? তই আচলতে বৰশী নাবাৱ বৰশীটোৱে হে তোক টানি নিয়ে প্ৰেমৰ গভীৰ তলিলৈ চিপ মাৰিও তুলি আনিব নোৱাৰ তোৰ প্ৰেমিক কলিজা ৷ তই ওপঙি থাকিলেও অভিমানৰ  সাগৰত কিয় আওঁৰাই থাক প্ৰেমৰ কবিতা সেয়া মাছ বোৰে জানে ৷ মাছবোৰ কিন্তু তোৰ প্ৰেমত নপৰে সেই বাবেই সদায় শূণ্য হৈ ৰয় তোৰ আশাৰ খালৈ 03/01/2017
Image
জীৱন কান্দোনেৰে আৰম্ভ কৰা এটা যাত্ৰাৰ নাম জীৱন মাত ফুটে, কলকলিনত মুখৰ হয় আই-দেউতাৰ পৃথিৱী আমি শব্দত আশ্ৰিত শব্দৰেই উমলি-জামলি পাত কৰো জীৱন শব্দ হঁহুৱাই, কন্দুৱাই শব্দই সৃষ্টি কৰিব পাৰে মহাসমৰৰ শব্দহীনতা মানেইতো মৃত্যু জীৱনৰ সামৰণি য'ত মই নিৰৱে ৰ'ম জীৱনৰ ওভোটনি যাত্ৰাত মোৰ নিশব্দ শৰীৰ সাৱটি উচুপিব স-শব্দে আন কোনোবাই ৷
Image
অপ্ৰত্যাশিত: অপ্ৰত্যাশিত আছিল সেই খবৰ নৈ খনত বৰশী বোৱা ছোৱালীজনী গুচিগৈছিল কোনোবা বনিক বেহোৱা সাউদৰ স'তে মুকুতাৰে জীৱন গঢ়াৰ আশাত তাইৰ খেলৰ লগৰী গৰখীয়া জনৰ বাঁহীটো হৈ পৰিছিল শব্দহীন ক্ষণিকৰ বাবে সি উচুপি উঠিছিল আকৌ বজাইছিল বৰ আকুলতাৰে কাৰুণ্য মিহলি সুৰবোৰ নৈখনৰ গৰাত ঠেকা খাই প্ৰতিধ্বনি তুলিছিল পাৰৰ নিজাৰ পৰা আজাৰৰ ডালত বেঙুনীয়াবোৰ এতিয়া বেজাৰ হৈ ফুলিছে মুকুতা লোভী ছোৱালী জনী ওভটি আহিছে তাই সজাব নোৱাৰিলে মুকুতাৰে জীৱন সপোনতো হেনো তাইক গৰখীয়া বাঁহীৰ মাতে আকুল কৰে প্ৰত্যাশিত ভাৱেই কিন্তু গৰখীয়া জন নাছিল সি বিষাদৰ সুহুৰী এটা বজাই কাহানিবাই গুছি গ'ল নৈ খনৰ সিটো পাৰলৈ মুকুতালোভী ছোৱালীজনীৰ উচুপনিত এজাৰে সৰুৱাইছিল এপাহ বেঙুনীয়া ফুল ৷  ********- *দুখ* কপৌটিৰ ৰুণ এটি হৈ কোনে গধূৰ কৰে মোৰ দুখৰ চোতাল গধূলী গোপাল ফুলাৰ সময়ত জিলিৰ চিঞৰ সিঞাৰি সিঞাৰি গো-ধূলি উৰুৱাই গুছি যায় গৰখীয়া তাৰ  বাঁহীৰ সুৰত কঁপি উঠে মোৰ এসাগৰ পথৰুৱা শোক শোক বোৰ স্বতঃস্ফূৰ্ত নিষ্পাপ আৰু নিষ্কলুষ ৷     ******