Posts

Dharma ( ধৰ্ম)

Image
ধৰ্ম পুৱাই উঠি টুথপেষ্টটোক সুধিলো কি ধৰ্ম অ' তোৰ? কোনে বনাইছে তোক হিন্দু? ইচলাম? খ্ৰীষ্টান………? স্নানাগাৰৰ চাবোন টুকুৰাক সুধিলো কি চৰ্বিৰে তৈয়াৰি তই? গৰু? গাহৰী?????  দাপোন খনক সোধিলো প্ৰতিফলিত কৰণে তই পৃথক প্ৰতিবিম্ব,  পৃথক ধৰ্মীৰ? আলনাৰ চোলাটোক সুধিলো কোনে বা সী- ছে টোক? সি বা কোন ধৰ্মৰ? পথটোক সুধিলো যাব পাৰেনে তোৰ ওপৰেৰে সৰ্বধৰ্মৰ মানুহ? পথটোৰ কাষৰ মন্দিৰ, মচজিদ, গীৰ্জা, গুৰুদ্বাৰা সকলোতে মূৰ দোঁৱালো সিহঁতে  নোসুধিলে "অই তোৰ ধৰ্ম কি?"
Image
জীৱন নুপুৰ বুকুৰ নিজাত শুই থকা নুপুৰযোৰ তাই আকৌ বান্ধি ল'লে তাইৰ চঞ্চল দুভৰিত সানিলে জেতুকা পাৱলী আঙুলিত হেঁপাহৰ মাধৈমালতী আৰু উচাহৰ হাস্নাহাৰ মালাৰে সজালে নেঘেৰী খোপা দাপোন চাই ফালি সেওঁতা আঁকিলে কঁপালত কাম সেন্দুৰৰ ফোঁট জীৱনৰ মেহফিলত নাচিব তাই পাহৰি অপ্ৰাপ্তিৰ য'ত দুখ দ্ৰুত লয়ত বাজি উঠিব তবলা-পাখোৱাজ ৰূদ্ৰ বীণা বজাব কোনোবা ওস্তাদে তাৰা স্বৰৰ সুৰ তাইৰ দুভৰি কঁপাই নাচিব তাই বাজিব নুপুৰ ৰুণজুন, ৰুণজুন ৷ ঘামত তিতা দেহাত তাইৰ ফুটি উঠিব প্ৰাপ্তিৰ প্ৰশান্তি হেৰুৱাই পেলাব নোপোৱাৰ সমস্ত ক্লান্তি জীৱনৰ মেহফিলত বজিব কেৱল আশাৰ নুপুৰ ৰুণজুন, ৰুণজুন ৷৷
Image
Image
জুই জ্বলিছে সকলো ঘূৰিছে কেন্দ্ৰ কৰি এটা বিন্দুৰ গঢ়িছে বৃত্ত অৰ্থ লোভৰ লালসাৰ বাসনাৰ৷ ব্যক্তি কিম্বা সমাজ নিলাজৰ দৰে দৌৰিছে ধনন্তৰীৰ আঁচলত ধৰি বন্ধকত থৈ বিবেক, হৃদয় ৷ "ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক" তেনে সংগঠিত সকল ক্ষমতা কেন্দ্ৰীক ৷ নেতৃত্বৰ লালসা সহজ ধনৰ বাসনা নাপালেই ধৰ্ণা ৷ প্ৰতিবাদৰ শেষত কোন যায় শোষকৰ স'তে সন্ধি পত্ৰত চুক্তি কৰিবলৈ বন্ধকত থৈ জনতাক? সমাজ সেৱাৰ ভণ্ডামিৰে কোন যায় পিচ দুৱাৰে দি অসামাজিকৰ স্বৰ্ণাভ কাৰেঙলৈ? কোনেও নিদিয়ে ভৰি সত্যৰ কন্টকময় পথত মিছাৰ বাট যে মসৃণ,  পিচল ৷ নেতাৰ বগা পোচাকৰ তলত বাস কৰে ক'লা আত্মা দিনত আওঁৰাই পোহৰৰ শ্লো-গান আন্ধাৰত জনতাৰ তেজৰ মদিৰা পি ৰচনা কৰে ইস্তাহাৰ শোষণৰ ৷ নিষ্পেষিত জনতাৰ বুকুত জুই জ্বলে আঙঠাৰ দৰে বাঘ চকুৰ দৰে জিলিকে ৰাতি পেটত জ্বলি থাকে জুই ক্ষুধাৰ জুই জ্বলে জুই যি জুইত পোৰি যাহ যাব এদিন শোষণৰ, বঞ্চনাৰ ৰাজপ্ৰসাদ ৷৷
Image
কক দেশ গ'ল গ'ল নিচিঞৰিবি হেৰ' দেশ গ'ল গ'ল যাবলৈ দে ৰসাতল অথবা অটল তললৈ কৰিবি অন্যয়ৰ প্ৰতিবাদ সকলো মাথো অনীতিৰ পৃষ্ঠ পোষক সমাজ শোষক স্বাৰ্থ অন্বেষক ৷ নিচিঞৰিবি দেশ গ'ল গ'ল বুলি নক'বি নীতিৰ কথা গান্ধাৰীৰ দৰে পালন কৰ অনীতিৰ শত পুত্ৰ হ'ব লাগে মাথো ধনৱন্ত চৌৰ্য কাৰ্য বা হৰণ, ডকাইটি অথবা দকা-হকাক কৰিবলৈ দে সিহঁতৰ পণ ৷ জীয়াই থকাই ইহঁতৰ বাবে জীৱন সৎতাৰে কোনে কৰে জীৱন উদযাপন?? প্ৰতিবাদ নকৰিবি আঙুলি নুতুৱাৱি ইহঁতলৈ ইহঁত বৰ উৰ্ধত  ৷ নক'বি মূল্যবোধৰ কথা লাগিব লেঠা অথবা নামিব জীৱনলৈ সংকত ৷ এজাক এনে উঠন পুৰুষৰ সমষ্টি মানে সংগঠন, আন্দোলন, শ্লো-গান, ডনেশ্যন ৰাইজ সেৱাৰ নতুন ফেচন ৷৷ তই কঁপালৰ ঘাম মাটিত পেলাই এমুঠি নাপাৱ আৰু ইহঁতে নিষ্কৰ্মা হৈয়ো যাপন কৰে ৰজাৰ জীৱন ৷ কাৰণ সিহঁত যে সংগঠিত আছে সিহঁতৰ সংগঠন ৷ মিছাতে জুই দি বৰলৰ বাহত নামাত হেৰ নিজৰ মৰণ ৷ আন্দোলন অনশন নিশা নিশা? ? চুক্তিৰ বাবে গমন শকত ধন স্তব্ধ আন্দোলন ৷ নিচিঞৰিবি দেশ গ'ল গ'ল প্ৰজন্মৰ হাতত তুলি দি সমাজৰ দায়িত্ব তই মাথো থাক মূৰ দুপিয়াই
Image
টান মধ্যাকৰ্ষণ মহাকৰ্ষণ আকৰ্ষণ??? জীয়াই থাকে জীৱন হৃদয়ৰ আকৰ্ষণত মধ্যকৰ্ষণৰ বাবেই যিদৰে পৃথিৱীয়ে সাৱটি আছে সকলো মহাকৰ্ষণৰ বাবে ওপঙি আছে ব্ৰহ্মাণ্ডত গ্ৰহ-নক্ষত্ৰ, অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অগনন তৰা হৃদয়ৰ টান আছে বাবেই আমি মানুহ হৃদয়ে টানিব খোজে হৃদয়ক তথাপি বিচ্চিন্ন হয় দ্বীপ হয় মানুহ একেই থাকে মধ্যাকৰ্ষণ, মহাকৰ্ষণ মাথো শেষ হয় মানুহৰ আকৰ্ষণ বিকৰ্ষণৰ বানে ধোৱা হৃদয়ত পৰে ঘৃণাৰ পলস গজি উঠে হিংসাৰ চূড়াতৰ পুলি প্ৰতি হিংসাৰ কেকটাচ গজে শুকান বালিত ৷ তথাপি জীৱন জীয়াই থাকে হৃদয়ত টান থাকে নতুন হৃদয়ৰ সন্ধানত ৷

Karangor Ligiri ( কাৰেঙৰ লিগিৰী)

Image
প্ৰতিভা প্ৰতিভা তেজত লুকাই থাকে নেকি?? গাঁৱৰ মহিলা সকলে এইবেলি দ্বিতীয় বাৰৰ বাবে নাটক কৰিব ৷ মে-ডাম-মে-ফী ত ৷ গ'ল বেলি মোৰ পৰিচালনাতে সাহিত্য ৰথী বেজবৰুৱা দেৱৰ "জয়মতী" কৰিছিল ৷ এইবেলি ৰূপকোঁৱৰৰ "কাৰেঙৰলিগিৰী" ৷ পৰিচালনাৰ দায়িত্ব মোৰেই ৷ গাঁৱৰ ডেকা-বুঢ়া মিলি বাঁহৰ খুঁটা, গাধৈৰে মঞ্চটো সাজি দিছে ৷ ব্যৱস্থাপনা পুৰুষ সমাজৰ ৷ এই সকল মহিলাক লৈ নাটক কৰিবলৈ প্ৰথম বছৰ সাহ কৰা নাছিলো ৷ মৰসাহ কৰি হে আবাঢ়িছিলো ৷ কিন্তু এইবাৰ সেই দৰ নাই ৷ গ'ল বেলিয়েই গম পালো এওঁলোকে পাৰিব ৷ কোনোদিন নাটক নকৰা বোৱাৰী কেইগৰাকী মানে যি সাৱলিলতাৰে ৰূপকোঁৱৰৰ নাটৰ কঠিন সংলাপ মুখস্থ কৰাই নহয় অভিব্যক্তি আৰু ৰসপূৰ্ণভাৱে প্ৰক্ষেপ কৰি পাৰদৰ্শিতা দেখুৱাইছে,  ভাবিবলৈ বাধ্য হৈছো-প্ৰতিভা শুই থাকে তেজৰ তলত ৷ তাক জগাব জানিলেই সাৰ পাই উঠে ৷ মনৰ নিজানত প্ৰত্যেক মানুহৰ তেজত নিতাল মাৰি থাকে শৈল্পিক অনুভূতি ৷ কিছুমান প্ৰকাশৰ অভাৱত শেষ হৈ যায় নিৰৱে ৷ জগাওঁতাৰ অভাৱো এক অন্যতম কাৰক ৷ নাট্য চৰ্চাৰ একো বিশেষ সুবিধা নাই আমাৰ গাঁৱত ৷ চৰকাৰী বিজুলী বাটিৰ পোহৰকণৰ বাদে ৷ আছে কেৱল ইচ্ছা ৷ এই প্ৰচণ্ড ইচ্ছা