Posts

Image

Xeujia xisa manuh ( সেউজীয়া সিঁচ মানুহ বোৰৰ দুখ)

Image
সেউজীয়া সিঁচা মানুহবোৰৰ দুখ  মোৰ প্ৰিয় ৰং সেউজীয়া সেউজীয়াই যে জীৱন যদি হে নহয় পথাৰ সেউজীয়া ভোকাৰ্তৰ আৰ্তনাদেৰে ভৰি পৰিব পৃথিৱী সেউজীয়া বোৰ শেষ হৈ গ'লে হেৰাই যাব সকলো জীৱন ৷ কিন্তু মই দেখিছো সেউজীয়া সিঁচি নিস্বঃ হোৱা এজাক মানুহ ওপজাৰে পৰা সেউজীয়াৰ স'তে ওমলা এইজাক মানুহে সানিব নোৱাৰে সেউজীয়া জীৱনত কেৱল সেউজীয়া সিঁচিবলৈ বগা চাহাবে আনিছিল তেওঁলোকক ভোকৰ জুই আৰু চাহাবী প্ৰৰোচানত সেউজীয়া সিঁচিবলৈ আহিছিল সিহঁত মাটি ভাঙি ৰুইছিল সেউজীয়া কলম কটা,  পাত তোলা শিৰিশৰ ছাঁত বহি এবাতি ফিকা চাহ অথবা হাৰিয়াৰ ৰাগীত মাতাল নিশা মাদলৰ স'তে সহবাস পুৱাৰ চাইৰেণ ৰ'দ-বৰষুণ পঁচা চাউলৰ ৰেচন জীৰ্ণ জুপুৰি আৰু চৰ্দাৰৰ নিৰ্দেশত সিহঁতে সানিব নোৱাৰে সেউজীয়া জীৱনৰ কেনভাচত ৷ মাদল আৰু বাঁহীৰ সুৰীয়া ৰাতিত চামেলিৰ সপোন ৰচিলেও সজাব নোৱাৰে প্ৰজন্মক চাহাব ৷ শিকিবলৈ দিয়া নহয় সিহঁতক সেউজীয়াৰ পাঠ ৷ যিদিনা তেওঁলোকে সানিব পাৰিব সেউজীয়া জীৱন ছবিত সেই দিনা যে শেষ হৈ যাব চাহাবী সেউজীয়া যদিও মোৰ প্ৰিয় ৰং সেউজীয়া ভাল নালাগে মোৰ চাহ বাগিচা এই সেউজীয়া সিঁচা মানুহবোৰৰ বুকুত যে
Image
প্ৰাচীন চহৰ ইয়াৰ প্ৰতিটো লাইট পষ্ট অথবা ডাষ্টবিন  মোৰ পৰিচিত ৷ গলি অথবা বাইলেন এভিনিউ অথবা এপাৰ্টমেন্ট চিনাকি মোৰ ৷ চিনাকী প্ৰাচীন গছবোৰ ৷ চিনাকি মুখ চিনাকি মানুহ ৷ চিনাকি মোৰ চহৰ খনৰ ছন্দ, কাৰণ প্ৰতিখন চহৰেৰে থাকে একোটা ছন্দ যিদৰে থাকে জীৱনৰ যি দৰে চলি থাকে হৃদস্পন্দন ছন্দোবদ্ধভাৱে ধপ…ধপ… ধপ…ধপ… মই পৰ্যৱেক্ষক এই প্ৰাচীন চহৰৰ প্ৰাচীন গছবোৰৰ দৰে ৷ সলনি হৈছে চহৰ খনৰ ছন্দ ক্ৰমান্বয়ে বাঢ়ি আহিছে অচিনাকি মুখ অচিনাকি গলি অচিনাকি এপাৰ্টমেন্ট ৷ ছন্দপৰিবৰ্তিত চহৰ খনৰ ছন্দ নিমিলা হৈছে হৃদস্পন্দনৰ স'তে ৷ মই সন্ধান কৰিছো এখন নতুন চহৰৰ  নতুন  কিন্তু প্ৰাচীন চহৰৰ ৷৷ (ছবি সংগৃহিত)
Image
কুশলে আছো, সুখেৰে আছো ৷৷ সুখী হ'বলৈ কি লাগে মানুহক? এগাল মান ধন-বিত? নাই, মোৰ ধন-বিত নাই ৷ সেই ফালৰ পৰা মই দুখীয়া ৷ এই মূহুৰ্তত যদি ঘৰৰ কোনোবা এজন টান নৰিয়াত পৰে তেনে কাৰোবাৰ ওচৰত হাত পাতিব লাগিব ৷ চলি আছো নিত্যান্ত এটা সাধাৰণ জীৱন যাপন কৰি ৷ তথাপিও সুখেৰে আছো ৷ কুশলে আছো ৷ সৰহ ধনৰ পিচে পিচে দৌৰা নাই কোনো দিন ৷ যি পাইছো তাকে লৈ চলি আছো ৷ কিন্তু মনটো এৰি দিছো সুন্দৰৰ সাধনাত ৷ বিশেষ কৈ নাটকত ৷ জীৱনত ইচ্ছা আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হোৱাৰ ৷ নাই নোৱাৰিলো ৷ তথাপিও এৰি দিয়া নাই নাটকক ৷ সামৰ্থৰ জোখাৰে দৌৰি আছো নাটকৰ পিচত ৷ পিচে নাটক কৰিবলৈও টকা লাগে ৷ নাই ৷ কিন্তু  নাটক কৰি আছো ৷ মনটো আছে ৷ সেয়াই মূলধন ৷ বাকীখিনি ৰাইজৰ সঁহাৰি ৷ বিগত প্ৰায় এমাহজোৰা কষ্টৰ অন্তত আজি মে-ডাম-মে-ফী উপলক্ষ্যে গাঁৱৰ মহিলা, যুৱতী সকলে মঞ্চায়ণ কৰিলে ৰূপ কোঁৱৰৰ অমৰ সৃষ্টি "কাৰেঙৰ লিগিৰী"ৰ ৷ অতি কম খৰচত ৷ "জেনেৰেটৰ" "চাউণ্ড"ৰ বাদে বাঁহৰ চাঙক মঞ্চ, দৰ্শক বহাৰ ঠাই আদি ৰাইজৰ শ্ৰমৰ ফচল ৷ বাকী লাইটৰ-মঞ্চৰ সামগ্ৰী "গগনাবা"( Gogamukh Gananatya Bahini ) ৰ

Dharma ( ধৰ্ম)

Image
ধৰ্ম পুৱাই উঠি টুথপেষ্টটোক সুধিলো কি ধৰ্ম অ' তোৰ? কোনে বনাইছে তোক হিন্দু? ইচলাম? খ্ৰীষ্টান………? স্নানাগাৰৰ চাবোন টুকুৰাক সুধিলো কি চৰ্বিৰে তৈয়াৰি তই? গৰু? গাহৰী?????  দাপোন খনক সোধিলো প্ৰতিফলিত কৰণে তই পৃথক প্ৰতিবিম্ব,  পৃথক ধৰ্মীৰ? আলনাৰ চোলাটোক সুধিলো কোনে বা সী- ছে টোক? সি বা কোন ধৰ্মৰ? পথটোক সুধিলো যাব পাৰেনে তোৰ ওপৰেৰে সৰ্বধৰ্মৰ মানুহ? পথটোৰ কাষৰ মন্দিৰ, মচজিদ, গীৰ্জা, গুৰুদ্বাৰা সকলোতে মূৰ দোঁৱালো সিহঁতে  নোসুধিলে "অই তোৰ ধৰ্ম কি?"
Image
জীৱন নুপুৰ বুকুৰ নিজাত শুই থকা নুপুৰযোৰ তাই আকৌ বান্ধি ল'লে তাইৰ চঞ্চল দুভৰিত সানিলে জেতুকা পাৱলী আঙুলিত হেঁপাহৰ মাধৈমালতী আৰু উচাহৰ হাস্নাহাৰ মালাৰে সজালে নেঘেৰী খোপা দাপোন চাই ফালি সেওঁতা আঁকিলে কঁপালত কাম সেন্দুৰৰ ফোঁট জীৱনৰ মেহফিলত নাচিব তাই পাহৰি অপ্ৰাপ্তিৰ য'ত দুখ দ্ৰুত লয়ত বাজি উঠিব তবলা-পাখোৱাজ ৰূদ্ৰ বীণা বজাব কোনোবা ওস্তাদে তাৰা স্বৰৰ সুৰ তাইৰ দুভৰি কঁপাই নাচিব তাই বাজিব নুপুৰ ৰুণজুন, ৰুণজুন ৷ ঘামত তিতা দেহাত তাইৰ ফুটি উঠিব প্ৰাপ্তিৰ প্ৰশান্তি হেৰুৱাই পেলাব নোপোৱাৰ সমস্ত ক্লান্তি জীৱনৰ মেহফিলত বজিব কেৱল আশাৰ নুপুৰ ৰুণজুন, ৰুণজুন ৷৷
Image