Posts

প্ৰেম যৌৱনত কামনাৰ নিসিদ্ধ নদীৰ জলকেলি গ্ৰাহস্থ্যৰ উত্তৰ প্ৰজন্মৰ সপোন দেহজ সুখ আৰু প্ৰবৃত্তিগত বাসনা এই সকলোবোৰৰ শেষত যিকণ ৰৈ যায় আমৃত্যু পৰ্যন্ত অথবা মৰিশালীলৈকে তাৰ নাম প্ৰেম ৷৷
Image
সুখৰ সন্ধানত: জীৱনেদি উজায় আহে অ-সুখ তাক ভটীয়নিলৈ ঠেলি যি খন টুলুঙা নাও বাই যাওঁ তাৰ নাম সুখ ৷ অসুখ নামৰ বৰষুণ জাকৰ মাজতে জিলিকে হালধীয়া সোণাৰুৰ সুখ অপূৰণ পিয়লাটো ভৰ্তী নহয় বুলি নাই কৰা দুখ যি কণ পূৰ্ণ হৈ আছে সেয়াই চৰম সুখ ৷ দুখৰ যদি নাথাকে ৰাগীনি কিহেৰে বজাবি জীৱন বীণাৰ সুৰ সুখ অ-সুখৰ সীমনাত বহি মোৰ চিৰন্তন আকাংক্ষ্যা আকাশ চুৱাৰ কেৱল পোৱাৰ নোপোৱাৰ দুখবোৰ উতুৱাই উতুৱাই কাকতৰ  নাৱৰ দৰে সঞ্চিত কৰোঁ আশাক দুখৰ কাগজৰ নাও এদিন চুবি গৈ এসাগৰ সুখ আৰু সুখ শেষ টোপনিত প্ৰশান্তিৰে ভৰি পৰিব মোৰ চিৰ নিদ্ৰাৰত মুখ ৷ ২০ মে' ২০১৭

ৰঙালী বিহুৰ ৰস ৰচনা

( ৰস ৰচনা) ৰঙালী বিহুৰ ৰচনা খন নতুন প্ৰজন্মই কেনেদৰে লিখিব??  - বিনয় কৃষ্ণ তামুলী ফুকন ৷  প্ৰতিবছৰৰ পাপাৰ  মাৰ্চ ইন্দিংৰ পাচত এপ্ৰিলৰ ফাৰ্চটত এই বিহু চেলিব্ৰেচন কৰা হ'য় ৷  মাৰ্চৰ লাষ্ট উইক মানৰ পৰা বহুত বহুত টেম্পৰেৰি ষ্টল ওপেন কৰে ৷ তাত ৰেষ্টুৰেন্ট আৰু ফাষ্টফুডৰ কাউন্টাৰ বিলাকত নোপোৱা চিৰা, পিঠা,  দৈ, গুৰ,  কোমল চাউল আদি পোৱা যায় ৷ গামোচা,বিহুৰ মিউজিকেল ইনচট্ৰুমেন্ট  গগনা, সুতুলী, কাকৈ, এটচেট্ৰা পোৱা এক্সট্ৰা কাউন্টাৰো থাকে ৷ মাম্মা- পাপাই সেইবোৰ কিনি আনি ফ্ৰিজত ভৰাই থয় ৷ আমি সেইবোৰ নাখাওঁ ৷ চেণ্ডুইচ, চিকেন ৰ'ল, মম , পিজ্জা খাই আমি ভাল পাওঁ ৷ বিহুৰ বাবে কিনাবোৰ অালহিক দিয়ে ৷ আমাৰ বাবে এক্সট্ৰাকৈ এই বোৰ আনে ৷ বিহু আহিলে আমাৰ ভাল লাগে ৷ পাপা - মাই আমাক নতুন কাপোৰ দিয়াৰ উপৰি গ্ৰেণ্ডপা, গ্ৰেণ্ডমা, আকংল হঁতেও আমাক বহুত গিফ দিয়ে ৷ গ্ৰণ্ডমাই আকৌ টি চাৰ্ট-জিন্স দিলেও গামোচা এখনো দিয়ে ৷ পাচত দেউতাই সেইখনেৰে গাড়ী চাফা কৰে ৷  গাঁৱত গলে আমি কাউ বিহুও দেখিব পাওঁ ৷ কাউবিহুত গ্ৰেণ্ডপাৰ হাউচ কিপাৰ জনে মটৰৰ পানী মাৰি জাৰ্জি গৰু কেইজনী গা ধুৱায় ৷ গ্ৰেণ্ডমাই "তাৰমাৰিক" আৰু ম

ব্ৰহ্মপুত্ৰ

Image
ব্ৰহ্মপুত্ৰ      -বিনয় ২৯ মাৰ্চ ২০১৭ হিমালয়ৰ "অাগং-চি হিমবাহ"ৰ শীতল পানীৰ ধাৰা মানস সৰোৱৰ ভেদি বৈ আহিছিল তেওঁ চাংপো হৈ মিলিছিল চিয়াঙত দিহাং  হৈ নামিছিল লগ দিছিল দুইভনী দিবাং আৰু লোহিত ৷৷ কালিকা পুৰাণৰ ব্ৰহ্মকুণ্ড, পৰশুৰ পাপমোচনৰ বহু যুগ আগৰে পৰাই আৰম্ভ কৰিছিল তেওঁ সাগৰমুখী যাত্ৰা ৷৷ ব্ৰহ্মপুত্ৰ ৷৷ এটা ধৰ্মৰ নাম নহয় নহয় ব্ৰহ্মপুত্ৰ এজন দেৱতাৰ নাম ৷ অদৃশ্য দেৱতাৰ দৰে কল্পনা প্ৰসূত নহয় ব্ৰহ্মপুত্ৰ ৷৷ ব্ৰহ্মপুত্ৰ এটা সভ্যতাৰ নাম ব্ৰহ্মপুত্ৰ না না ধৰ্ম না না জাতি না না সংস্কৃতি ভিন্ন বিশ্বাস ৰহনীয়া কৃষ্টি সাৱতি নিৰৱধি বৈ থকা এক বিশাল জলধীৰ নাম ৷৷ যথেষ্ট নহয় তেওঁক পূজিৱলৈ কেৱল প্ৰণাম ৷৷ শংকৰদেউ সাঁতুৰি পাৰপাৰ হোৱাৰ আগতেও বৈ আছিল তেওঁ দুপাৰৰ খিলঞ্জীয়াৰ বিশ্বাস সাৱটি তিব্বতৰ লামা, পাহাৰৰ দঞি-পঃল, দেউৰীৰ গোঁসানী বড়ো বাথৌ, আহোমৰ চোমচেং আৰু পুলিন-পুথাও … সকলোকে চিনিছিল তেওঁ ৷ এটা ধৰ্ম নাছিল তেওঁ সৰ্বধৰ্মৰ বিশ্বাস জিনী বুঢ়ালুইত হৈ বৈ গৈছিল যমুনা হৈ  মিলিছিল গংগাত হুগলী আৰু পদ্মাহৈ সাজিছিল সুন্দৰ বন ৷৷ অগনন জনগণ দুপাৰৰ অগনন ভাষা অগনন ধৰ্

Baat ( বাট)

Image
বাট  কোন বাটে আহে বিপ্লৱ কোন বাটে আহে আৰ্তনাদ কোনবাটে আহে ক্ষোভ কোন বাটে আহে অবিশ্বাস-সন্দেহ কোন বাটে আহে বঞ্চনা নোপোৱাৰ হাঁহাকাৰ অপ্ৰাপ্তিৰ দুকুল টকা বান মই বিচাৰি ফুৰিছো সেই বাট সপোনতো দিঠকতো দিবা স্বপ্নতো মোক লাগে কেৱল বিশ্বাসৰ এক সেন্দুৰীয়া বাট যি বাটেৰে নামি আহে কেৱল মানৱতাৰ জোনাক ৷ ফটো:  গুগুল
"অলপ চিন্তা অগভীৰ আঁচনিয়ে শাসনক কৰে সংকৃৰ্ণ… ৷"      -ভূপেন মামা ১৯৮৩ চনত মোৰ বয়স ৯ বছৰ ৷ ৮৫ ত ১১ ৷ গতিকে বিদেশী বহিস্কাৰ আন্দোলনটো ৰিণিকি ৰিণিকি আৰু অগপৰ চৰকাৰ খন, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাৱন গোস্বামী, বিহাৰত নিজৰ ডিঙি ব্লেডেৰে ৰেপি আত্মহত্যা কৰা জন ( নাম মনলৈ অহা নাই) ৰাষ্ট্ৰপতি শাসন, ৰাইন' বজ্ৰাৰাংগ আদিৰ কথা স্পষ্টকৈ মনত আছে ৷ পিচলৈ গম পাইছিলো বিদেশী খেদা আন্দোলনটো বিদেশী খেদা আন্দোলন নহৈ বহিৰাগত গতৰ বিৰুদ্ধেও হৈছিল ৷ ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহা ধোৱা, নাপিত, মুচি, ৰিক্সা, থেলাৱালা  জাতীয় সকলক খেদিবলৈ অসমীয়া ল'ৰাই এইবোৰ কামত ধৰিছিল ৷ পিছে নেচেল ৷ জাতীয়তাবাদৰ জুই ধান খেৰৰ জুইৰ দৰে জ্বলি ফুচুক কৈ নুমাই থাকিল ৷ গোগামুখত আকৌ বৰলাৰ ফালে মিচিং লোকে অসমীয়াভাষী মানুহৰ ঘৰ জ্বলাইছিল ৷ কোন বিদেশী, কোন স্বদেশী, কোন বহিৰাগত তাৰ বিচাৰ নকৰি আন্দলোনটোৱে আওবাট লৈছিল ৷ সেইবোৰ পুৰণি কথা ৷ বাংলাদেশী বিতাৰণৰ বাবে কৰা ৬ বছৰীয়া আন্দোলনটো অথলে গ'ল বুলি মোৰ বদ্ধমূল ধাৰণা ৷ ছাত্ৰ কেইজন মান ৰাতিৰ ভিতৰত নেতা হ'ল ৷ নেতা হৈ উদ্দেশ্য পাহৰিলে ৷ আমোলাতান্ত্ৰিক দেশত ফুকলিয়া

Udar Axomiya ( উদাৰ অসমীয়া)

উদাৰ অসমীয়া:         -বিনয় ৮ মাৰ্চ ২০১৭ অ-সম তুলনাবিহীন মোৰ দেশ অ-সমান ওখোৰা-মোখোৰা মোৰ দেশ নানা জাতি-বৰ্ণ- ধৰ্ম-ভাষা-দোৱানৰ সানমিহলি মোৰ দেশ তথাপিও সমান তথাপিও সকলোৰে বুকুত মৰমৰ টান জনাব জানে পৰস্পৰক  সন্মান অ-তুলনীয়, অ-সম মোৰ অসম দেশ হ'ব পাৰে সকলোৰে ভিন ভিন বেশ তথাপিও সৰ্বজন সমানহঃ মোৰ দেশ উদাৰ চিতে সৱটি সকলো ম'চি সকলোৰে চকুলো যুগে যুগে গাই সম্প্ৰীতিৰ  নামঘোষা, আজান,কেৰল, অইনিঃতম, বিহু, বাগৰুমবা, ঝুমইৰ… গাই একতাৰ বৃন্দগান বৈ আছে চিৰিলুইত চিৰ প্ৰৱাহমান ৷ আমি জানো কোন আপোন কোন পৰ আলহিকো এৰি দিওঁ নিজৰ ঘৰ ৷ অতিথি পৰায়ণ আমি নৰ আমাৰ নাৰায়ণ সেই বুলি খুৱাই দিব খোঁজোতে কামুৰিব খোজিলে আঙুলি আমিও জানো আমাৰো আছে কাণতলিয়াত দাঁত সৰুৱাব পৰা হাত ৷ অতিথি আৰু অঘৰী চিনি পাওঁ আমি মজিয়াত খাবলৈ দিলো বুলি ভঁৰাললৈ নেমেলিবি হাত ৷ জানো আমি কেতিয়া ল'ব লাগে চিটিপনি, মহ'ৰ টোকোন, হেংদান ৷ অসমীয়া এটা জাতিৰ নাম অসমীয়া এটা বৃন্দ গান কোনো ধৰ্মৰ নাম নহয় অসমীয়া উদাৰতা মানে নহয় সহনশীলতা কোমলতা-কঠোৰতা দুয়োটাই জানো আমি অঘৰীক বৰঘৰ এৰি নিজে নহওঁ যাযাবৰ