Posts

ছন্দ (Rhythm)

Image
জন্মজ হৃদপিণ্ডৰ ছন্দ ধুক, ধুক ধুক, ধুক ছন্দোবদ্ধতাত বন্দী জীৱন ৷ ছন্দোবদ্ধ প্ৰতিটো খোজ ছন্দোবদ্ধ জীৱন ৷ তাল তাৰ বজাই কোনে কোন সেই অদৃশ্য তবলা বাদক! ? এই যে ওপঙি আছে ব্ৰহ্মাণ্ডত গ্ৰহ- নক্ষত্ৰ গ্ৰহানুপুঞ্জ অন্তত গতি তাৰ আহ্নিক-বাৰ্ষিক সিও ছন্দোবদ্ধ ৷ প্ৰতিখন চহৰ-নগৰ মহা নগৰৰ থাকে নিজা ছন্দ সময় লগত বন্ধা থাকে তাল ৷ ছন্দপতন মানেই বে-তালা জীৱন বে-সুৰা জীৱন সংগীত ছন্দত ঘূৰিছে ভূমণ্ডল চলি আছে হৃদস্পন্দন বাজিছে সময় তবলা দ্ৰুত,মধ্য, বিলম্বিত উত্থান-পতন তথাপিও বে-তালা নহয় জীৱন ৷ যদি হেৰাই যায় যায় জীৱনৰ ছন্দ শেষ সকলো আনন্দ ৷ শক্তি প্ৰাৰ্থী হে অদৃশ্য শক্তি - ছন্দেৰে গাওঁ জীৱনৰ গান বাজি থক আমৰণ সুৰীয়া তান ৷    - বিনয় ১লা জুলাই ১৭ ( সংগীতজ্ঞ "বাবা বি ভি কাৰান্থ "দেৱৰ তাল সম্পৰ্কীয় এটি পাঠ ভিত্তিত ৷ হঠাৎ মনত পৰিল)
Image
ভালপোৱা এই যে ভাল পোৱা ৷ এক অস্তিত্বহীন অনুভূতি মাথো বেয়া পোৱাৰ বিপৰীত শব্দ ৷ যুদ্ধৰ শেষৰ  শান্তিৰ দৰে চাকিৰ তলিৰ ছাঁ ৰ দৰে পহাৰ তলিৰ খাৱৈৰ দৰে বেলিৰ শেষৰ নিশাৰ দৰে বিপৰীত অনুভৱ এটাৰ নাম ভাল পোৱা ৷ বেয়া পোৱাতো অপৰিহাৰ্য ভাল পোৱাৰ বাবে ৷ কাৰোবাক বেয়া পাওঁ বাবেইতো আন কাৰোবাক ভাল পাওঁ ৷ ভাল পোৱা যদি হ'ল হেতেন আন্তঃৰাষ্ট্ৰীয় গোলকীয় অথবা - ব্ৰহ্মাণ্ডিয় নহ'ল হেতেন যুদ্ধ-বিগ্ৰহ ৷ ভালপোৱা মানে যে আত্মকেন্দ্ৰিকতা আত্মাৰ স'তে সম্বন্ধ ভাল পোৱাৰ ৷ য'ৰ পৰা সৃষ্টি হয় আত্মীয়তা ৷ বেয়া পোৱাৰ পৰিণাম শত্ৰুতা ৷ ভাল পাবলৈ নিশিকিবা নিজকো  বেয়া নাপালে আনক ভাল পাব পাৰি নে নিজক? শেষ হক পৃথিৱীৰ যত ভালপোৱা য'ত নাথাকিব বৈপৰিত্য - বেয়াপোৱাৰ ৷৷    - বিনয়  শেষ জুন ২০১৭
কবিতা মোৰ বকুৰ বকুল ডালত ক'ৰ আলহি চৰাই সুখৰ-দুখৰ সকলো দিনত মাথো কিৰিলিয়াই ঠোঁটত তাৰ হাইতাল ৰঙী ৰং আৰু ডেউকাত প্ৰতিশ্ৰুতিৰ নাচোন হেৰ' তই আহি দিলি নহয় হুৰাই ৷      - বিনয় ২৫ মে' ১৭ বুকুৰ ফুঁ দি বজাম বুলি তোৰ পৰা বাঁহীটো ধাৰলৈ আনিছিলো সাঁচি-সামৰি থ'লো জোনাকত বজাম বুলি বাঁহীটোচোন খাই পেলালে ঘূঁণে খোলি কৰুকি  ৷      - বিনয় ২৫ মে' ১৭ ডাৱৰৰ সিপাৰে আছিল জোন কাঁইটৰ সিপাৰে ফুল ৷ মই কিন্তু নাছিলো তোমাৰ বুকুৰ সিপাৰে সাগৰ তীৰত সৰি পৰা মই মাথো পপীয়া তৰাৰ সপোন ৷      - বিনয় ২৬ মে' ১৭ মোৰ চৌপাশে মানুহৰ সাগৰ মোৰ ঘৰ মোৰ সংসাৰ মোৰ বন্দৰ ভৰিত মায়াৰ লংগৰ স্বাৰ্থৰ শিকলীয়ে টানে আত্ম কেন্দ্ৰিকতাৰ উপকূললৈ নিঃসংগতা মোৰ সহচৰ ৷     - বিনয় ২৭ মে, ১৭ কণ্ঠত তোৰ কাৰ দেওলগা হাত কোনে হৰি নিলে তোৰ মোক ভাল পাওঁ বোলা মাত?       - বিনয় ২৭ মে'১৭ মেলাতেই থাকিল জোনলৈ মেলা হাত ক'ৰ ডাৱৰেনো ঢাকি ধৰিলেহি জোনাক অহাৰ বাট ৷     - বিনয়, ২৭ মে' ১৭ সহনশীলতাৰ নিস্তব্ধতাৰ স'তে ওমলি আছিলো অতকাল ৷ হঠাৎ শুনিলো আত্মাৰ শংখনিনাদ কিমান সহিবি অন্যায় ক
-গোপন সত্য- সূৰ্যটোৰ সিপাৰে থাকিব পাৰে দূৰ্ঘোৰ তমসা ৷ পৰ্বতটোৰ সিপাৰে পোতা পুখুৰী ৷ জোনতো থাকে কলংক ৷ নীলাভ সাগৰৰ জলৰাশিৰ গোপনত অক্টোপাচ ৷ হুলৰ মাজতে ফুলে নান্দনিক ফুল ৷ ৰঙা তেজৰ তলত লুকাই থাকিব পাৰে ক'লা কৰ্কটৰ বীজ ৷ হাঁহিৰ সিপাৰে থাকিব পাৰে দুখৰ অভিসাৰীকা যাৰ স'তে আলিংগনৰ কথা ক'ব নোৱাৰি কাকো ৷ বুকুত শিল থৈ বৰ সহজে কৈ দিব পাৰি কুশলে আছো ৷
প্ৰেম যৌৱনত কামনাৰ নিসিদ্ধ নদীৰ জলকেলি গ্ৰাহস্থ্যৰ উত্তৰ প্ৰজন্মৰ সপোন দেহজ সুখ আৰু প্ৰবৃত্তিগত বাসনা এই সকলোবোৰৰ শেষত যিকণ ৰৈ যায় আমৃত্যু পৰ্যন্ত অথবা মৰিশালীলৈকে তাৰ নাম প্ৰেম ৷৷
Image
সুখৰ সন্ধানত: জীৱনেদি উজায় আহে অ-সুখ তাক ভটীয়নিলৈ ঠেলি যি খন টুলুঙা নাও বাই যাওঁ তাৰ নাম সুখ ৷ অসুখ নামৰ বৰষুণ জাকৰ মাজতে জিলিকে হালধীয়া সোণাৰুৰ সুখ অপূৰণ পিয়লাটো ভৰ্তী নহয় বুলি নাই কৰা দুখ যি কণ পূৰ্ণ হৈ আছে সেয়াই চৰম সুখ ৷ দুখৰ যদি নাথাকে ৰাগীনি কিহেৰে বজাবি জীৱন বীণাৰ সুৰ সুখ অ-সুখৰ সীমনাত বহি মোৰ চিৰন্তন আকাংক্ষ্যা আকাশ চুৱাৰ কেৱল পোৱাৰ নোপোৱাৰ দুখবোৰ উতুৱাই উতুৱাই কাকতৰ  নাৱৰ দৰে সঞ্চিত কৰোঁ আশাক দুখৰ কাগজৰ নাও এদিন চুবি গৈ এসাগৰ সুখ আৰু সুখ শেষ টোপনিত প্ৰশান্তিৰে ভৰি পৰিব মোৰ চিৰ নিদ্ৰাৰত মুখ ৷ ২০ মে' ২০১৭

ৰঙালী বিহুৰ ৰস ৰচনা

( ৰস ৰচনা) ৰঙালী বিহুৰ ৰচনা খন নতুন প্ৰজন্মই কেনেদৰে লিখিব??  - বিনয় কৃষ্ণ তামুলী ফুকন ৷  প্ৰতিবছৰৰ পাপাৰ  মাৰ্চ ইন্দিংৰ পাচত এপ্ৰিলৰ ফাৰ্চটত এই বিহু চেলিব্ৰেচন কৰা হ'য় ৷  মাৰ্চৰ লাষ্ট উইক মানৰ পৰা বহুত বহুত টেম্পৰেৰি ষ্টল ওপেন কৰে ৷ তাত ৰেষ্টুৰেন্ট আৰু ফাষ্টফুডৰ কাউন্টাৰ বিলাকত নোপোৱা চিৰা, পিঠা,  দৈ, গুৰ,  কোমল চাউল আদি পোৱা যায় ৷ গামোচা,বিহুৰ মিউজিকেল ইনচট্ৰুমেন্ট  গগনা, সুতুলী, কাকৈ, এটচেট্ৰা পোৱা এক্সট্ৰা কাউন্টাৰো থাকে ৷ মাম্মা- পাপাই সেইবোৰ কিনি আনি ফ্ৰিজত ভৰাই থয় ৷ আমি সেইবোৰ নাখাওঁ ৷ চেণ্ডুইচ, চিকেন ৰ'ল, মম , পিজ্জা খাই আমি ভাল পাওঁ ৷ বিহুৰ বাবে কিনাবোৰ অালহিক দিয়ে ৷ আমাৰ বাবে এক্সট্ৰাকৈ এই বোৰ আনে ৷ বিহু আহিলে আমাৰ ভাল লাগে ৷ পাপা - মাই আমাক নতুন কাপোৰ দিয়াৰ উপৰি গ্ৰেণ্ডপা, গ্ৰেণ্ডমা, আকংল হঁতেও আমাক বহুত গিফ দিয়ে ৷ গ্ৰণ্ডমাই আকৌ টি চাৰ্ট-জিন্স দিলেও গামোচা এখনো দিয়ে ৷ পাচত দেউতাই সেইখনেৰে গাড়ী চাফা কৰে ৷  গাঁৱত গলে আমি কাউ বিহুও দেখিব পাওঁ ৷ কাউবিহুত গ্ৰেণ্ডপাৰ হাউচ কিপাৰ জনে মটৰৰ পানী মাৰি জাৰ্জি গৰু কেইজনী গা ধুৱায় ৷ গ্ৰেণ্ডমাই "তাৰমাৰিক" আৰু ম