কবিতা মোৰ বকুৰ বকুল ডালত ক'ৰ আলহি চৰাই সুখৰ-দুখৰ সকলো দিনত মাথো কিৰিলিয়াই ঠোঁটত তাৰ হাইতাল ৰঙী ৰং আৰু ডেউকাত প্ৰতিশ্ৰুতিৰ নাচোন হেৰ' তই আহি দিলি নহয় হুৰাই ৷ - বিনয় ২৫ মে' ১৭ বুকুৰ ফুঁ দি বজাম বুলি তোৰ পৰা বাঁহীটো ধাৰলৈ আনিছিলো সাঁচি-সামৰি থ'লো জোনাকত বজাম বুলি বাঁহীটোচোন খাই পেলালে ঘূঁণে খোলি কৰুকি ৷ - বিনয় ২৫ মে' ১৭ ডাৱৰৰ সিপাৰে আছিল জোন কাঁইটৰ সিপাৰে ফুল ৷ মই কিন্তু নাছিলো তোমাৰ বুকুৰ সিপাৰে সাগৰ তীৰত সৰি পৰা মই মাথো পপীয়া তৰাৰ সপোন ৷ - বিনয় ২৬ মে' ১৭ মোৰ চৌপাশে মানুহৰ সাগৰ মোৰ ঘৰ মোৰ সংসাৰ মোৰ বন্দৰ ভৰিত মায়াৰ লংগৰ স্বাৰ্থৰ শিকলীয়ে টানে আত্ম কেন্দ্ৰিকতাৰ উপকূললৈ নিঃসংগতা মোৰ সহচৰ ৷ - বিনয় ২৭ মে, ১৭ কণ্ঠত তোৰ কাৰ দেওলগা হাত কোনে হৰি নিলে তোৰ মোক ভাল পাওঁ বোলা মাত? - বিনয় ২৭ মে'১৭ মেলাতেই থাকিল জোনলৈ মেলা হাত ক'ৰ ডাৱৰেনো ঢাকি ধৰিলেহি জোনাক অহাৰ বাট ৷ - বিনয়, ২৭ মে' ১৭ সহনশীলতাৰ নিস্তব্ধতাৰ স'তে ওমলি আছিলো অতকাল ৷ হঠাৎ শ...
Posts
Showing posts from June, 2017
- Get link
- X
- Other Apps
-গোপন সত্য- সূৰ্যটোৰ সিপাৰে থাকিব পাৰে দূৰ্ঘোৰ তমসা ৷ পৰ্বতটোৰ সিপাৰে পোতা পুখুৰী ৷ জোনতো থাকে কলংক ৷ নীলাভ সাগৰৰ জলৰাশিৰ গোপনত অক্টোপাচ ৷ হুলৰ মাজতে ফুলে নান্দনিক ফুল ৷ ৰঙা তেজৰ তলত লুকাই থাকিব পাৰে ক'লা কৰ্কটৰ বীজ ৷ হাঁহিৰ সিপাৰে থাকিব পাৰে দুখৰ অভিসাৰীকা যাৰ স'তে আলিংগনৰ কথা ক'ব নোৱাৰি কাকো ৷ বুকুত শিল থৈ বৰ সহজে কৈ দিব পাৰি কুশলে আছো ৷