Posts

Showing posts from July, 2019

প্ৰিমিয়াৰ শ্বো (গল্প)

Image
"তুমি আহিব নালাগে অৰ্ণৱ। মই এই শুভ মূহুৰ্তটোত তোমাক চাব নোখোজোঁ। শুভ কামটোত তুমি বিধি পথালি নিদিবা।" কথাকেইটা কাণতালমৰা গাজনি এটাৰ দৰে তাৰ কাণত বাজি থাকিবলৈ লৈছে যোৱা দুমাহৰ পৰা। কিয়! কিয়? কৰিলে বিখ্যাত ছবি  পৰিচালিকা প্ৰণামী ভাগৱতীয়ে তাৰ লগত এনেকুৱা ব্যৱহাৰ। হ'ব পাৰে সি এটা কেমেৰামেন। কিন্তু গোটেই ছবিখনৰ পৰিচালনা তাৰ নিৰ্দেশনা মতেই হৈছিল। প্ৰণামীৰ নামটো আছিল মাত্ৰ পৰিচালিকা ৰূপে। প্ৰত্যেকটো শ্বট, লকেচন, এংগল আনকি আৰ্ট ডাইৰেক্টশ্যনো তাৰ চিন্তাৰ ফচল আছিল। কাহিনীটো লিখিছিল প্ৰণামী ভাগৱতীয়ে নিজেই।      শিল্প এনেকুৱাই। বিষয়টোৰ লগত জৰিত হৈ পৰিলে, একাত্ম হৈ পৰিলে শিল্পীৰ লক্ষ্য হৈ উঠে সৃষ্টিক নিখুঁত ৰূপ দিয়া। অৰ্ণৱেও তাকেই কৰিছিল। ছবি খনৰ মূহুৰতৰ পৰা সম্পাদনা, ডাৱিং, সংগীত সকলো কামতে ওতঃপ্ৰোত ভাবে জৰিত থাকোঁতে তাৰ এনে লাগিছিল যেন প্ৰণামী নামৰ মানুহজনীৰ ঔৰসত সি এটা সন্তানৰ পিতৃ হ'বলৈ ওলাইছে। ছবি খন তাৰ নিজৰ সন্তানৰ দৰে উপলব্ধি কৰিছিল সি।   প্ৰণামীৰ নিজৰ জীৱনৰ ব্যৰ্থ প্ৰেমৰ কাহিনীটোকে তাই প্ৰথমে উপন্যাস হিচাপে লিখিছিল। কি দৰে তাইৰ প্ৰেমাস্পদে তাই থাকোঁতেও অন্য ন