Posts

Showing posts from 2017
অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম মেটমৰা সম্পদ আৰু উদাৰতা সাৱটি মহিমামন্দিত বিশ্ব বন্দিত মোৰ অ-সম অসম দেশ ৷ অসম মাটিৰ স্বৰ্গ অসম অভেদ্য দূ্ৰ্গ ভাৰতৰ পূৱত জিলিকিছিল অপূৰ্ব জ্যোতিৰে প্ৰাগজ্যোতিষপুৰ হৈ পিতা ব্ৰহ্মপুত্ৰৰ পলসত গজা সভ্যতাৰ পুলিটো বাঢ়ি গৈয়েই আছিল লহ-পহ কৈ ৷ "ঘটোৎকচ" "ভগদত্ত" কিম্বা "নৰক"ৰ দূৰ্জেয় শকতিৰে জিলিকি আছিল অ-সম,  তুলনাবিহীন দেশ ৷ আহিছিল স্বৰ্গদেও পাহাৰটোৰ পাৰ হৈ সোণৰ জখলা বগাই  সোণালী শস্যৰ দেশ "ম্যুংদুন চ্যুনখাম"লৈ ৷ সাজিছিল নগৰ গঢ়িছিল গঢ়িছিল দেশ খেদিছিল মোগল ৷ শংকৰ-মাধৱে জুৰিছিল বৰগীত আজানদেউ চাহেৱে জিকিৰ ৷ যদিও অসমান পাহাৰ-পৰ্বতেৰে তথাপি সাৱটি সকলোকে সমানে বৈ আছিল চিৰিলুইত অ-সম মৰম বিলাই মোৰ অসম দেশত ৷ আহিছিল না না জন না না বেশত ৷ আমি উদাৰ জাতি বহুৱালো সকলোকে বৰঘৰত বৰপীৰা পাৰি ৷ বদনৰ আহ্বানত আহিল মান শেষ হ'ল দেশৰ সন্মান মাৰ গ'ল পূৱৰ বেলি পশ্চিমৰ ক'লা আন
জোন বাই এ -ঘৰ এটি দিয়াঁ "হাতীত উঠি পানীৰাম ঘৰলৈ যায় আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায়?" অঁ, আমিও চাইছিলো ডিঙি মেলি কাণ উণাই শুনিছিলো আহিছে নেকি বগলী ডিঙীয়া গাড়ী আহিছে নেকি হাতী কৰ্টৰ নটিচ খন পাবৰ দিনাৰ পৰাই ৷ আহিল আহিল ঔ পিতাই খাঁকী, পখৰা পিন্ধা এজাকে গাওঁ খন ফুৰিছে পিট পিতায় ৷ হাতীৰ পিঠিত উঠি পানীৰাম অহা নাই যোৱা  নাই বুকুফিন্দাই সিয়ো বোলে আমাৰ দৰে সৰু মানুহেই পিতাই ভাঙিছে ঘৰবোৰ আমাৰ তাৰ পেটৰ তাড়নাতে তাক হেনো শাও দিব নাপায় ৷ ইয়াত এখন হাবি আছিল হেনো? আমাৰ ঘৰবোৰ ভাঙি কংত্ৰিটৰ দালানৰ পুলি লগাব হেনো কোনো ধনী পেটুৱাই? আমি ক'লৈ যাম অ' পিতাই বগলী ডিঙীয়া গাড়ীৰ হাতোৰাই মোৰ কুঁহিপাঠ খনো ফালি পেলালে আই ৷ পিতাই, পিতাই চা - তই যে চহৰত হাজিৰা কৰি কৰি সাজিছিলি আমাৰ ঘৰ আয়ে টিন পাত আনিবলৈ হাঁহ বেছি গোটাইছিল পইচা কেনেকৈ মহতিয়াই পেলালে পিতাই ৷ হাবিতো আৰু বহুত আছে ৷ চৰ আছে, চাপৰি আছে য'ত ভোটৰ পুলি ৰুইছে ৰজাই দিনে নিশাই ৷ দিছে ধৰ্মৰ দোহাই "শৰণাগতক খেদাব নাপায় ৷" আমাৰ ঘৰবোৰ ভাঙি অঘৰী কৰাতো কোন ধৰ্মৰ নিয়ম পিতাই? চৰ-চাপৰি,
বন্ধ বন্ধ খেলোঁ আহাঁ এনেয়ে কিমান থাকিবা আৰু খেলিব পৰা হ'লে বন্ধ বন্ধ এক গেইম ৷ জ্বলাব পৰা হ'লে টায়াৰ ভাঙিব পৰা হ'লে গাড়ীৰ গ্লাচ হাত খনো খজুৱাই আছে বহু দিন লপা থ'পা দিব পৰা হ'সে বন্ধ নমনা কেইটাক ৷ চেঃ ইছ্যু এটাৰেই আকাল ভঙা হ'লে ক'ৰবাত বুলড্ৰেজাৰে ঘৰ বন্ধ দি সাজি দিলো হেতেন সিহঁতক বাৰ, চৌব্বিশ, পয়সত্তৰ কিম্বা এশ ঘন্টাত ৷ বঢ়া হ'লে সামগ্ৰীৰ দাম দিব পাৰিলো হেতেন বন্ধকে এটা ৷ বন্ধৰ শেষত খাব পাৰিলো হেতেন মদে-ভাতে পাৰ্টি এটা ৷ চেঃ ওলোৱাই নাই বহু দিন ইছ্যু এটা ৷ আমি বৰ মতা বুজোঁ গণতান্ত্ৰিকতা কাৰোবাৰ চৌকাত জ্বলক নজ্বলক জুই তাত কি কথা? মৰক ৰোগী নৌ পাওঁতেই গৈ হস্পিটাল মৰিলেইচোন শেষ সংসাৰৰ য'ত জঞ্জাল ৷ থেলাৱালা, ৰিক্সা ৱালাৰ নুঘূৰক চকা আমাৰতো নহয় আহুকাল ৷ দেউতাৰ ভঁৰালত ধন ধানৰ কিহৰ আকাল? পচি যাওত পাচলি বেপাৰীৰ শাক গেলক মাছ শুদা হাতে ওভতক দিন হাজিৰে  পেট পোহা নদাই -ভদাই সিহঁতৰ কথাটো আৰু ভাবি লাভ নাই ৷ আমি নেতা আছে আমাৰ সংগঠন এদিন কৰিম ৰাজনীতিলৈ গমন আমাৰ বিৰুদ্ধেও বন্ধ দিব কোনোবাই তেতিয়াও আমাৰ চিন্তা নাই গুছি যাম ৰঙা লাই

বন্য আদালতত মানুহ

"অৰ্ডাৰ অৰ্ডাৰ অৱজেকশ্যন  ইজ অভাৰোল্ড ৷৷" (objection is overruled) অৰণ্যৰ আদালতৰ মহামান্য বিচাৰপতি জনে গম্ভীৰ কণ্ঠৰে শুনালে ৰায় ৷ মানুহ আৰু বন্যৰ দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত ৰায় গ'ল বন্যৰ ফালে ৷ আপুনি চাগে ভাবিছে হয়তু মহামান্য বিচাৰপতিয়ে ক'লে - "অমুক অভয়াৰণ্য বে-দখল কৰা সকলো পথালি চকুৱাক অমুক তাৰিখে বনজ চৰকাৰে উচ্ছেদ কৰিব, আৰু সিংহৰ নেতৃত্বত গজৰাজে ভাঙিব সিহঁতৰ ঘৰ ৷" ভুল ৷ নক'লে তেনেকৈ তেওঁ ক'লে সমগ্ৰ পৃথিৱীয়েই বে-দখল কৰিছে দুঠেঙীয়াই ৷ হাবি-বন মহতিয়াই কৰিছে অঘৰী বন্য সকলক ৷ অনধিকাৰত ভাগ কৰিছে পৃথিৱী অৰণ্য- অভয়াৰণ্য মানৱ বসতি, চুবা, গাঁও,  নগৰ -চহৰত ৷ আচলতে সকলোতে বন্যক খেদি সিহঁতৰ ভোগ, দখল ৷ সাৰি যোৱা নাই কোনো উৰণ-বুৰণ কিম্বা গজন ভ্ৰমণ ৷ কিহৰ অভয়াৰণ্য? কাক দিব অভয়?  বন্য  সদায় মুক্ত , নিৰ্ভীক ৷ পথালি চকুৱাই দখল কৰি বন্যৰ ঘৰ দিবলৈ আহে অভয়ৰ আশ্বাস? কৰিব নাপায় সিহঁতক বিশ্বাস ৷ সিহঁতৰ নিজৰ মাজতে ক'ত ভেদ, ক'ত জাত ৷ নগৰত থকা সোপাই ভাঙিবলৈ যায় বনত থকাৰ ঘৰ নিজেই নিজতে পৰ ৷ বন্যই নাভাঙে প্ৰজাতিৰ
শুই থাক অ' ভূপেন মামা "কুসুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান" বুলি গুৰু বন্দনাৰেই আৰম্ভ কৰিছিলা লুইতৰ পৰা মিচিপি হৈ ভল্গাৰ বৰ্ণময়  যাত্ৰা ৷ তোমাৰ গীতৰ হেজাৰ শ্ৰুতাক মুগ্ধ কৰিছিলা যাদু কণ্ঠৰে মোহাচন্ন কৰিছিলা শব্দৰ মায়া জালেৰে ৷ শীতৰ সেমেকা ৰাতিবোৰত যিদৰে বস্ত্ৰহীনৰ তুঁহ জুই একুৰা হৈ জ্বলিছিলা কামেং সীমান্তৰ সৈনিকৰ মৃত্যুত উচুপি উঠিছিলা তুমি ৷ ধৰাৰ দিহিঙে-দিপাঙে লৱৰি ফুৰিছিলা যদিও সূৰ্য্য উঠা দেশৰ ৰ'দ পুৱাৰ কাৰণে মাতিছিলা আমাক ৷ একতাৰে মহুৰাতে জাতিটোক পকাবলৈ অহো পুৰুষাৰ্থ কৰিছিলা তুমি ৷ মূৰ ফুলাম গামোচা খনি ক'ৰবাৰ শেনে আহি নিলে টানি - বুলি চিঞৰিছিলা কোনে কি ভাও লয় দেশৰ বাবে মাতিছিলা সৱকে ৷ বহ্নিমান ব্ৰহ্মপুত্ৰৰ আকাশ পপীয়া তৰা ঘূৰাৰ কথা কৈছিলা জাতিটোক পদে পদে কৰা অপমানৰ কথা তুমিয়েই মনত পেলাই দিছিলা  সাগৰ সংগমত সাঁতুৰি ক্লান্ত নোহোৱা মানুহ জনো তুমিয়েই আছিলা ৷ জিৰাবৰ তৰু-তৃণহীন উৰণীয়া মৌ জাকৰ এটা মৌ মাখি আছিলা তুমি বিমূৰ্ত নিশা বোৰত মৌনতাৰ নীলা খেলো খেলিছিলা তুমি ৷  মহানগৰীৰ যক্ষ হৈ মিছলীয়া মৰমত কাৰাৰূদ্ধ হোৱা নাছিলা জ

বুদ্ধিজীৱি

"ওলতি চোৰে গিৰিক বান্ধে আৰু চাৰিকিল গিৰিকেই সাধে ৷" তথাপি ইহঁতৰ চেতন নাহে ৷ জড় নে চৈতৈন্য ধৰাতো টান বুদ্ধিজীৱি হেনো ইহঁতৰ নাম ৷ কলমৰ মোহ এৰি ক্ষমতাৰ সপোনৰ পাছত দৌৰা এমুঠি মানুহ চিন্তা চেতনাত স্বাৰ্থপৰতাৰ ভেকেটা গোন্ধ ৷ যাওক ৰসাতলে দেশ সাতোখন পাতালত পৰি ৰওক জাতি বহিৰাগতই দখল কৰক মাটি কিহৰ আপত্তি? লাগে মান লাগে সন্মান যাওক লাগিলে কটা স্বজাতিৰ নাক-কাণ লৈছে ঠিকা বচাব দেশ লাভ নহ'লে কিহৰ ঠিকা নাবাচে ইহঁতে কেঁচা-পকা ৷ সুবিধা য'ত হয় মূৰটো তাতেই থয় জনতাই চাৰ চাৰ বুলি চৰণৰ ধুলি লয় শিৰত তুলি পিছে নহয় পবিত্ৰ পদ ধুলি স্বাৰ্থ মিহলি লেতেৰা মলি ৷ দেখাত কি চাবা সন্ত-মহন্ত ৷ অভিসন্ধিৰ নাইয়েই যে অন্ত ধুৰন্ধৰৰ শিৰোমনি উমনিৰ বাও কণী সময়ে সময়ে টুকে ঘঁৰিয়ালৰ চকুপানী ৷ তোষামোদ আৰু ক্ষমতাৰ দূৰন্ত আশা জনতাক বন্দী কৰি খেলে সৰ্বনাশী পাশা কি কৰিবা ইহঁতৰ ওপৰত আশা ৷ নীলৰ পানী গাত সানি আৰু কিমান দিন শিয়াল ৰজা? জনতা সিংহৰ বজ্ৰ কণ্ঠ কিমান পৰলৈ বাধা? সময় থাকোঁতে পোচাক সলা কৃষ্ণই কৰিলে লীলা বুলি হাত সাৱতি নৰয় কোনেও ক'ব - ধৰ ধৰ ইহঁতক ধৰি বান্ধি কি
শিপাহীন "অলং দলং কৰিছে ৰজাৰ ৰাণী আহিছে…" "ইৰিকতি মিৰিকতি বাঁহৰ শলা মোমাইদেউৰ পদুলীত বান্ধিলো ঘোঁৰা… "বেঙেনা গছত কাপোৰ থৈ দেও দি আহ… ৷" নাই বুলবুল, টুটুলহঁত নিতাল চুবুৰী পাতাবাহাৰ গছ অাছে বেই সাজি তাৰ পাতেৰে নেখেলে সিহঁতে দৰা-কইনা ধেমালী ৷ কোৰোকাৰ দুনৰি সজাই পানীৰপোতাত কোনেও নোতোলে পানী হৈ-গুডু  টাং গুটি বাঘ-গৰু লুকা-চুৰি ৰৱাবৰ বল-মাৰ্বল লোকৰ বাৰীৰ বগৰী চুৰি নৰানীৰ মাজৰ নিগনি গাঁতৰ ধান অথবা লেচেৰী চৌ-ফলীয়া ৰ'দত চেঙেলি টোপোৱা বৰশী নৰাৰ পেঁপা খোচনাৰ জলফাই-শিলিখা-আমলখি নিমখ অকণ চুৰি কৰি নদৌৰে সিহঁত এৰাবাৰীলৈ বুলি ৷ চেংমৰা অথবা নিমৰ গুটি বাহঁৰ চুঙীৰ বন্দুক সাজি বাহঁ ঢকুৱাৰ মুকুট সাজি ভাওনাৰ খোল মুখত বজাই কোনে নাচে আজি? পিঠিৰ ঘামচি ভাঙি আইতাৰ সাধু কথা ঢকুৱাৰ বিচনিৰ বা নৰাই কটা ভৰিৰ পিটৰ চেক্ চেকনি অকণমান গৰম পানী… পঢ়াৰ টেবুলৰ ওখনা ওখনি আৰু দেউতাৰ ধমকনি ফিটা বাঢ়ি গৈ ক'লা পৰা "লেমৰ চিম্নি" চাকিৰ শলাকানীৰ এঙেৰুৱা খৰিৰ ধোঁৱাৰ মাজত আইৰ চকুপানী ৰিংকি, পিংকি চিংকি হঁতে একোকে নাজানে ৷ ঢেকীৰ নেজত বহি ঝ

APSC scam বৰচোৰ-সৰুচোৰ

Image

stunt

http://youtube.com/watch?v=XCUfYBPwOLE

vulture

Image
শগুণ ( বিষয় ৩০ অক্টোবৰ) "যিমান ওপৰলৈ নুৰিলেও দৃষ্টি মৰাশত হে নিবদ্ধ ৷" আমি কিহৰ মোহত আবদ্ধ? গেলা মঙহৰ? পোৰা মাংসৰ? নে হেৰাই যোৱা জনৰ বিষাদ স্মৃতি খুঁচৰি আকৌ এবাৰ কন্দুৱালৈ যত্ন কৰোঁ নিহতৰ স্বজনক? মম আৰু চাকি সকলো ফাঁকি চকুৰ আগত ঘূৰি ফুৰিছে ডিঙিত গামোছা পিন্ধি যি জ্বলাই দিছিল নিৰীহৰ সপোন পোৰা মঙহৰ গোন্ধ বিয়পাইছিল আকাশ জুৰি কি লাভ চাকিত তেল বাকি গেলা ঘাঁ খুঁচৰি? "সদায়েই দেখি থকা গছ পাতটিও ছবিতটিত ভাল হৈ পৰে…৷" ★ পোৰা মঙহৰ ছবি? চকুৰ পানীৰ তৈল্য ছবি? বিষাদ স্মৃতিৰ পাহৰিব খোজা ছবি? ছবি যদি আঁক শান্তিৰ আঁক প্ৰতিবাদ যদি লক্ষ্য হত্যাকাৰীৰ বিৰুদ্ধে কিয় নিমাত? পাঁচটকীয়া মম আৰু নিহতৰ দুখন পুৰণি ছবি গেলা ঘাঁ আকৌ খুঁচৰি এয়াও প্ৰতিবাদ নেকি? আমি শগুণ নেকি?

ঋণগ্ৰস্ত

Image
ঋণ গ্ৰস্ত " ডিঙিলৈকে আছো পোত খাই মূৰটো মাথোন বাকী  বিপদত লাগিব পাৰে এটা মূৰ ৷       -মহেন্দ্ৰ বৰাৰ কবিত "ধাৰ" কিমান ভয়াৰ্ত হ'লে মানুহে  জ্বলাই দিব পাৰে নিজক? কিমান ধাৰত পোত খালে  দিব পাৰে আত্মজাহ? জ্বলাই দিব পাৰে  আপোন তেজেৰে গঢ়া সন্তান  যি আছিল নিষ্পাপ, নিষ্কলুষ ৷ নাছিলো কোনো পাপবোধ ৷ কিমান টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলে ৰাজাই দিয়ে কিমান পৰিমাণৰ শাস্তি?   যি শাস্তিত কৈ আত্ম যাহেই  শ্ৰেষ্ঠ বুলি শেষ কৰি দিব পাৰে নিজৰ জীৱন নিমাখিত নিঃস্বই? বাথ ৰুমৰ দেৱালত তুলিৰ তলত  লকাৰত  বিদেশী বেংকত  জমা থাকে জনতাৰ  আত্মা অবৈধ ভাৱে  ৰজাই নাভাৱে  সেয়া অন্যায়  বিকাশৰ শ্লোগান আওঁৰাই  শকত শকত ঋণ দি যায়  ঘূৰাই দিলে দিবা  নিদিলেও নাই ৷ শূণ্য টকাত একাউন্ট খোল ভাল দিন আহিযাব ভাই  পিছে একাউন্টত নাথাকিলে ধন ফাইন ভৰিবই লাগিব পায় ৷ কিমান ভাল দিনলৈ আশা কৰি নিজক জ্বলাই দিব পাৰে  দীনহীন জনতাই? হে ৰাজন  তোমাৰ কনভয়ৰ ধূলিয়ে  পদপথৰ ভোকাতেৰৰ অন্নৰ থাল পোতি থৈ যায়  আমি খাওঁ তাকে অমৃত বুলি  ধূলি আঁতৰাই ৷ বাট চাওঁ আহিব এটা ভাল দিন এদিন  কেতিয়া আহিব

Alone on the way

Image
নিজৰ বাটেৰে কি লাভ আনৰ বাবে কান্দি? কি লাভত মোহত বন্দী? কেওফালে কেৱল অভিসন্ধিৰ ফন্দী ৷ সকলো দেখোঁ স্বাৰ্থত বন্দী ৷ পিয়াহৰ  বাবেহে আই ৷ কান্দি ৰণ জিকে কেঁচুৱাই ৷ প্ৰিয়াৰ স্বাৰ্থ প্ৰেমত আজীৱন হৈয়ে থাকক নিজৰ নাভাৱক আনৰ কথা মৰিলে কিন্তু গাঁৱৰ ৰাইজৰ কি লাভ কৈ হিয়া উদিয়াই জীৱনৰ য'ত গুপুত কথা? প্ৰাপ্য লাগে দিবই লাগিব নহ'লে সন্তানেও এৰিব ৷ অসক্ষম যিদিনালৈ আই-পিতাই সিদিনালৈ নহ'লে কিয় বৃদ্ধাশ্ৰম নতুবা সৈন্যাস বানপ্ৰস্থী জীৱনৰ অৱসান? কি লাভ কান্দি আনৰ বাবে আনে যদি অকনো নাভাৱে? কি ঘৰ কি সমাজ সকলো স্বাৰ্থৰ দাস স্বাৰ্থৰ শেষত বনবাস ৷ শ্ৰী গুছি গৈ আহিব চন্দবিন্দু চিৰ ভ্ৰমণৰ অনন্ত সিন্ধুত সাঁতুৰিব আত্মাৰ বিন্দু অকলে মাত্ৰ নহয় কোনো আপোন-মিত্ৰ নিজ বাটে যিদৰে ঘূৰে নক্ষত্ৰ অকলে নিজানে নিজৰ নিজানত পৰি ৰ'ব মাত্ৰ ৷ মই এক নক্ষত্ৰ আত্মকেন্দ্ৰিকতা মোৰ কক্ষ কি লাভ কান্দি আনৰ বাবে বিদাৰি নিজৰ বক্ষ? নিজ বাটে ঘূৰি ৰওক নক্ষত্ৰ ময়ো গঢ়িছো এক বৃত্ত আত্মা মোৰ কক্ষ অনন্ত যাত্ৰাত হেৰা নোৱাৰা যেতিয়া হ'ব সহযাত্ৰী কি লাভ কান্দি আনৰ বাবে দিন-ৰাতি

Dream of Faemar

আহিনৰ সপোন দিগন্ত বিয়াপি শ্যমলিমাই সাজিছে সাগৰ কঁহুৱা ককায়  মলয়াত জুৰ লৈ  পলোৱাইছে ভাগৰ ৷ ভঁৰালৰ গাধৈত নাঙল আৰু যুঁৱলিয়ে ফুচ-ফুচাই পাতিছে কথা  এয়া আমাৰ ঘামৰ ফচল ৷ কাতিৰ কুঁৱলীৰ আঁৰত গাভিনী হ'ব মোৰ পথাৰ ৷ গাখীৰতি ধানৰ দুগ্ধপান কৰিবলৈ  নাহিবি অ'  চকুচৰহা চৰহা পোক ৷ আকাশ বন্তিৰে পোৰিম তোক ৷ নাহিবি কাকতি ফৰিং, পথাৰত পোতিম বাঁহৰ জেং ফেঁচুৱে ভাঙবহি আহি  তহঁতৰ ঠেঙ ৷ পোনাটোৰ হাফপেন্টটোৰ টিকাত দুটা ফুটা বনিয়নত হেঙুনৰ কড়াল ৷ আখলত নিতে নাচে আকাল ৷ হৰি মহাজনৰ ধাৰৰ সূদে কেঁকোৰাৰ দৰে মেলিছে পোৱালী  নাদুকিৰ সপোন বোৰতো  কাহানিবাই মাৰিলে নিতাল ৷ সেউজীয়াৰ অপাৰ সমুদ্ৰত  মই সাঁতুৰিছো আৰু সাঁতুৰিছো ৷  মেলি দিছো সপোনৰ বেহা  শ্যামলিমাৰ সাগৰত  বণিজ বেহাম প্ৰাপ্তিৰ ৷ পোনাটিলৈ এজোৰ গৰম কাপোৰ  তাইলৈ গোন্ধ তেলৰ চিচা এটা আৰু এটা হাত দীঘল বেলাউজ ৷ এইবাৰ এখন নতুন নিহালি সীয়াম  মাঘৰ ৰাতিবোৰত  নাদুকিৰ গাৰ উত্তাপ  আৰু মোৰ হেপাহ বোৰত উম দি পাৰ কৰিম এটা উজাগৰী  নিশা ৷

Assamese Poem কঠিয়াৰ দৰে

Brahamaputra r duti Par dolong a Lo Logale Dr. Bhupen Hazarika

কাতিৰ ৰাতি বোৰত

Image
কাতিৰ ৰাতি বোৰত "তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে ৷" ৰামৰো হৈছিল বনবাস পিন্ধিব লগা হৈছিল বাকলি বসন মূধচ হৈছিল মুকলি আকাশ ৷ দুখ আৰু ভোগ সুখ আৰু শোক নাহে একেলগে কঙালি বুলি ময়ো হোৱা নাই নিৰাশ ৷ যদিও আধাপেটী হয় কাতিৰ ৰাতি চন পেলোৱা নাই এডৰা মাটি সম্ভাৱনাৰ সপোন সাৱটি সেউজীয়া বোৰে আকাশলৈ মেলি দিছে হাত মাঘত চপাম  বছৰটোৰ ভাত "আশী সূতাৰ চেলেং খনি বৈ দিয়া সৰু ভনী ৷" বুলি হুচৰি জুৰিবলৈ ব'হাগত নাদুকিক লগাবলৈ দিম তাঁত ৷ খৰকৈ ঘূৰিব জীৱনৰ যঁতৰ কাতিৰ শীতল ৰাতিবোৰতেই উম দিওঁ নতুন সপোনৰ ৷ যদিও  কাতিত উদং ধানৰ ভঁৰাল মেত মৰা সপোনৰ মনৰ মনৰ ভঁৰাল ৷ কাতিৰ ৰাতিবোৰ বাৰে বাৰে আহ অ' জীৱনক কৰিব'লে আকৌ জীপাল ৷ ১৮ অক্টোবৰ ১৭

Crying

কান্দিব পৰা হ'লে ৷ কান্দিব পৰা নাই অ' বহু দিন সোৱাদ পোৱা নাই চকুপানীৰ আয়ে নিচুকাই মৰম কৰা নাই সোধা নাই "কিয় কান্দিচ বাচা? " উজুতি খাই পৰিলে কোৱা নাই "পৃথিৱীয়ে দুখ পাইছে দুখ পোৱা নাই মোৰ বাচাই " আজি মোক কান্দিবলৈ মন গৈছে যেনেকৈ কান্দে শাওনৰ আকাশে আৱেগৰ মেঘবোৰ জমা হৈ হৈ বৰষুণ হৈ সৰে মনৰ আকাশত ডাৱৰ জমা হোৱা নাই আৱেগৰ হৃদয় নামৰ সেউজ পাহাৰটোত খুন্দা খাই বৰষুণ দিব পৰা কৈ ৷ শ্যামলিমাবোৰ শেষ হৈ গ'ল অ' হৃদয়ৰ নাঙঠ পাহাৰৰ দৰে থিয় দি আছে মাথো ক্ষয়িষ্ণুতা সাৱটি সময়ৰ ৷ হাঁহাকাৰৰ বাউল ধুমুহাই কোবাইছে অহৰ্নিশে বুকুৰ পাহাৰ আকলৰ নিগনিয়ে খান্দিছে গাঁত কেৱল প্ৰাপ্তিৰ অনন্ত পিয়াহত শুকাইছে কলিজা শুকান মৰুত পানী ক'ত? চকুপানী? কান্দিবৰ মন গৈছে অ' যি দৰে কান্দে শাওনৰ আকাশ চকুপানীৰ যে নায়েই অৱকাশ শিলুৱা হৃদয় শুকাই জেঠৰ বাৰ খৰ হিংসা, প্ৰতিহিংসাৰ লাসৰাৰ, বাসনাৰ ৰ'দ প্ৰখৰ ৷ চকুপানী? চকুপানী ক'ত? কান্দিব পৰা হ'লে এবাৰ ল'ব পৰা হ'লে সোৱাদ লুণীয়া জিভাত ৷ আয়ে নিচুৱা হ'লে আকৌ এবাৰ কান্দিলো হেতেন হিঁয়

Bhupen Mama

ড° ভূপেন হাজৰিকাক কিয় "মামা" বুলি কওঁ? মই সৌভাগ্যৱান বুলি গণ্য  কৰোঁ নিজকে ৷ কাৰণ বিশ্ব বৰেণ্য ড° ভূপেন হাজৰিকা দেৱ মোৰ মামা হয় ৷ হাঁহি উঠিছে নহয়? নাহাঁহিব ৷ সঁচাকৈ মই তেখেতক মামা বুলিয়ে মানি আহিছো আজীৱন ৷ মই বৰ্ণমালা শিকিছিলো "ভূপেন মামাৰ গীতে মাতে অ আ ক খ" নামৰ গ্ৰন্থ খনৰ পৰা ৷ দেউতাই মামা বুলিয়েই পৰিচয় কৰাই দিছিল মোক ৷ তাত ভ বৰ্ণ মালাটোৰ শিকাবলৈ লিখিছিল "ভ-ই বোলে ভূপেন মামা ভাল গান গা ভাল গান নাগালে দিম পাইজামা ৷" সাঁজ বহি গৈছিল বুকুত ৷ মামা ৷ ভূপেন মামা ৷ অৱশ্যে পৰৱৰ্তী সংস্কৰণ বোৰত সংশোধন কৰি "ভ-ই বোলে ভূপেন মামা গীত এটা লিখাঁ তাতে মিঠা মিঠা সুৰ দি গোঁৱা ৷" বুলি পাইছিলো ৷ কিন্তু শেহতীয়াকৈ গুৱাহাটী বিশ্ব বিদ্যালয়ে আৰ্কাইভ কৰা http://bhupenhazarikadigitalarchive.org/songs-with-BHA-lyrics-bhupen%20maamaar%20giite%20maate.htm পেজটোত "ভ-ই বোলে ভাল কৈ গা ভূপেন মামা ভাল গান নাগালে নকৰো যে ক্ষমা ৷" বুলি লিখিছে ৷ সি যি কি নহওক সেই গ্ৰন্থ খন প্ৰকাশ কৰিছিল "অসম প্ৰকাশন পৰিষদে ৷" মাজতে কিতাপ খন পাই আমাৰ কন্যা কুঁহিকো আনি দ
Image
বিচ্ছিন্নতা এখন দলং হোৱাৰ কথা আছিল পাৰ হ'ব পৰাকৈ হৃদয়ৰ পৰা হৃদয়লৈ তোৰ পৰা মোলৈ মানুহৰ পৰা মানুহলৈ ৷ এটা পথ হোৱাৰ কথা আছিল যি পথেৰে একতাৰ শ্লো-গান গাই আগুৱাব মানুহৰ মিচিল ৷ মিলি যোৱাৰ কথা আছিল মিলাই দিয়াৰ কথা আছিল ৰামধেনু অঁকাৰ কথা আছিল সমন্বয়ৰ ৷ খোজৰ চিন ৰাখি যোৱাৰ কথা আছিল সময়ৰ বালিত ৷ কি স্বজন, কি পৰজন কি বান্ধৱ,  কি পৰিজন আন কি তেজেৰে গঢ়া সন্তান তোৰ বাবে মৰিম বোলা প্ৰেয়সীৰ অভিমান ক্ৰমশঃ ধুসৰ হৈ আহিছে আত্মকেন্দ্ৰিকতাৰ আন্ধাৰত ৷ গাৰ নোম হৈ পৰিছে শত্ৰু ৷ মহাকৰ্ষণৰ, মধ্যাকৰ্ষণ, আত্ম কৰ্ষণ সকলো একাকাৰ ৷ মনৰ নিজানত কেৱল হাঁহাকাৰ ৷ আত্ম কেন্দ্ৰিকতাৰ জাৰজ সন্তান বিচ্ছিন্নতাবাদ একলা একলা কৈ বাঢ়ি আহিছে সি ক্ৰমশঃ দূৰৈলৈ গৈ আছে মানুহ দূৰৈ লৈ গৈ আছে প্ৰেম দূৰৈলৈ গৈ আছে দৰদ চোঁচোৰাই চোঁচাই অলস ভৰি পাৰি নে ৰাখিব পদ চিহ্ন? ময়ো হৈ পৰিছো বিচ্ছিন তোৰ পৰা হৃদয়ৰ পৰা মানুহৰ পৰা দলং নহৈ হৈ পৰিছো এটা মাজুলী খহনীয়াত জাহ গৈছে লাহে লাহে সংযোজনৰ সমষ্ট সপোন চপৰা চপৰে ৷
Image
   জুবিন এটা সুৰীয়া গান, আৱহমান  ( শিল্পী জুবিনৰ নামত উৎসৰ্গিত) "আজিও শিশু মই গোৱা তুমি সেই গান" তই শিশু হৈ থাক অ' চিৰদিন চিৰ কাল নাবাঢ়ক তোৰ বয়স বাঢ়ক কেৱল আয়ুস "ইউকেলিপটাচ্  গছৰ দৰে ওখ হ'ব খোজা'' তোৰ সংকল্পই আকাশ ভেদী চুৱক মহাকাকাশ ব্ৰহ্মাণ্ডত নিগৰক তোৰ কণ্ঠ নিনাদ যোৰহটীয়া তৱলা বাদক তোৰ খেয়ালি মনৰ অদ্ভূত খেল দেখি কোনে ভাবিছিল এদিন সঁচাকৈয়ে চুবি আকাশ পগলা বুলি হাঁহিছিল তোক ৷ আচলতে কি জান?  সাধাৰণ জনতাত কৈ  যাৰ উচ্চ চিন্তন  নাইবা নিম্ন সিঁহতকৈ  তাকেই   পাগল বোলে সিহঁতে ৷ পদপথৰ পগলাটো অথবা গেলিলিঅ' গেলিও নতুবা চক্ৰেটিছ? সকলোকে পাগল  সিহঁতৰ মানত ৷ দুখ নাপাবি দে মনত ৷ বাৰু কওক দে তোক পাগল পাগলামী নে খেয়ালী মনৰ উৰ্দ্ধগামী গতি এয়া বুজিছে সিহঁতে সাধনাৰ দৌৰত যে তই সদায় অদ্বিতীয় সেই বাবেই চাগে ঈৰ্ষাতে তোৰ বদনাম ৰতে ৷ বনামো গায় মিছন চাইনাও চাই  আচলতে তোক  প্ৰাণভৰি ভাল পায় ৷ তোৰ গানত টোপনি যায় শিশু সাৰ পায় দেশ সাৰ পায় শোষিতৰ অধিকাৰৰ সপোন সাৰ নাপায়
Image
হৈ-গুডু, টাংগুটি বনাম নীলা মাছৰ খেল                     -বিনয় কৃষ্ণ তামুলী ফুকন।     বিগত কেইদিন মান অসমৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত বহু চৰ্চিত বিষয়টো হৈছে এবিধ বিশেষ অন লাইন খেল। মাটি ফুটি ওলোৱাদি হঠাৎ প্ৰকাণ্ড দৈত্য এটাৰ আবিৰ্ভাৱ হ’ল যেন। খেল খেলি গুৱাহাটীত এটি কিশোৰে মৃত্যুৰ স’তে যুঁজি চিকিৎসাধীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোটেইখন হুৱা-দুৱা লাগিল। বহুতে ‘গুগুল’ খুড়াৰ কাষ চাপিল। ইজনতৈকও সিজন জনা ওলাল। টিভিৰ চেনেল বোৰেও পৰিৱেশন কৰি গ’ল ইটোতকৈ সিটো এক্সক্লিওচিভ বাতৰি। কাকতত ওলাল বৰ বৰ হৰফেৰে- অমুকত এই খেল খেলি এজনৰ আত্ম হত্যা, খেলৰ মূল নিয়ন্ত্ৰাক আটক ইত্যাদি।  অত্যুৎসাহী কিছুৱে আকৌ খেল বিধৰ লিংকটোকে দি দিলে ছ’চিয়েল মিডিয়াত। মানে গোটেই কাৰবাৰটো মল খুঁচৰি গোন্ধ বাহিৰ কৰাৰ দৰে হ’ল। নজনা সকেলও খেল বিধৰ কথা জানিলে। উৎসুকতা বৃদ্ধি পালে। খেলুৱৈৰ সংখ্য বাঢ়িল। শেহতীয়া তথ্য মতে বিগত কেইদিনত এই বিশেষ খেল বিধৰ গুৰি বিচাৰি ‘গুগুল’ খুড়াৰ কাষ চপা ভতিজা হঁতৰ সংখ্যাই অসমত ৰেকৰ্ড গঢ়িছে।     সত্য কথা ক’বলৈ গ’লে মই এই খেল বিধৰ বিষয়ে একো নাজানো। এই কেইদিনত সংবাদ মাধ্যম, ছ’ছ
Image
 আকৌ প্ৰেমত পৰিছে তাই    - বিনয় ৩১ আগষ্ট অকণমান ৰ'দ বিচাৰি হাবাথুৰি খাইছিল তাই  হোমৰ ধোঁৱাই চানি ধৰা আকাশ খন ফালি তাইৰ শুৱনি কোঠালৈ সোমোৱা নাছিল পোহৰ ৷ নীলাভ ৰাতিবোৰতো তাই বুকুত পুহি ৰাখিছিল অপ্ৰাপ্তিৰ বেদনা এসোঁতা আদেশ, আবাদৰ, আল-পৈচানৰ ভীৰত নিস্তেজ হৈ পৰিছিল ক্ৰমশঃ  ৰভাৰ তলিৰ জেতুকাৰ ৰং ৷ যদিও আঁকিছিল সেওঁতাত সেন্দুৰৰ ৰেঘা কঁপালত লৈছিল ৰঙা ফোঁট তথাপিও যেন বুৰিয়াই নামিব খুজিছিল তাইৰ হিঁয়াৰ তলিলৈ কোনো এক দেৱদূত ৷ তাই হৈ উঠিছিল উনমনা অচিনাকি হাত বাউলি এটা সুহুৰি এটা দূৰৈৰ পথাৰৰ অইনিঃতম এটা বনঘোষা এটা হৈ সোমাই আহিছিল কোনোবা অপ্ৰাপ্তিৰ খিৰিকি খুলি ৷ তপত চুম্বন অথবা আলিংগনৰ মাজতো সি জোকাই আছিল তাইক অহৰ্নিশে শৰীৰ নাছিল তাত ভাগৰ বোৰৰ শেষত যেন সি কিলবিলাই দিছিল তাইৰ বাউল চুলিত লিখি থৈ গৈছিল নীলাভ চিঠি পদূলিৰ ধূলিত ৷ ক্ৰমশঃ গভীৰতলৈ  সোমাই আহিছিল সি কঁপিছিল হাত সেন্দুৰ আঁকোতে সৰি পৰিছিল চাহৰ কাপ প্ৰিয়তমক যাচোঁতে অন্যমনস্ক নিৰ্বিকাৰত ভূমুকিয়াছেহি কোনে? মই তোক ভাল পাওঁ বোলা প্ৰাচীনতম কবিতাটো কাণত গুণ গুনাইছেহি কোনে? তাই আকৌ প্ৰেমত পৰি
Image
শিল্পী অই আপ্পুন গণেশ পেগু দেৱৰ এখন আপুৰুগীয়া ফটো ৷

চান্দা

Image
অসমৰ চান্দা অপসংস্কৃতি, উৎপত্তি আৰু ক্ৰমবিকাশ, হিচাপ বনাম ৰাইজৰ মৰণ ৷    শিৰুনামাটো দেখি মোক বিষয়টোৰ গৱেষক ছাত্ৰ বুলি ভুল নুবুজিব ৷ মোৰ জীৱন কালত চান্দা নামৰ ভয় লগা বিষয়টোৰ ওপৰত হোৱা কিছু অনুভৱ হে ব্যক্ত কৰিব খোজা হৈছে ৷     সত্তৰ দশকত মোৰ জন্ম ৷ প্ৰায় চল্লিশোৰ্ধৰ এই জীৱন কালত চান্দাক লৈ না না অভিজ্ঞতাৰ সন্মুখীন হৈছো  ৷ চান্দা আৰু অসম যেন টকাটোৰ ইপিঠি-সিপিঠি হৈ পৰিছে ৷     বৰ বৰ সংগঠনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ একতা সভা, গাঁও, চুবা, গলি বোৰত পতা স্বৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, সত্যনাৰায়ণ পূজা আদি সকলো অনুষ্ঠানতে চান্দাৰ বহী নছপালে, দাবী ধমকি দি ধন নুতুলিলে নহ'বই ৷        কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ল এই অপসংস্কৃতি?  মোৰ চমু জীৱন কালত দেখা, শুনা, পঢ়া সকলো অভিজ্ঞতা সামৰি যি বুজিছো এই চান্দা তোলাৰ নিয়মটো অতীজৰে পৰা অসমত প্ৰচলিত আছিল ৷ তাহানি গঞাই গাঁৱত নামঘৰটো সাজিবলৈ গৃহস্থি প্ৰতি ধান-চাউল সংগ্ৰহ কৰা, বাৰীৰ বাঁহ খেৰ সংগ্ৰহ কৰাৰ নিয়ম আছিল ৷ পিচলৈ "ভেঞ্চাৰ স্কুল" খোলিবলৈও ৰাইজে ঘৰে ঘৰে কাঠ বাঁহ বা ধন তোলাৰ কথা শুনিছিলো ৷ এসময়ত গাঁৱৰ পুথি ভঁৰাল, ক্লাৱ ঘৰ আদি সাজিব
অসমীয়া সাহিত্যৰ নতুন মাধ্যম "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰ সিংহ দুৱাৰ হৈছে মাতৃ ভাষা ৷" সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱা কথাষাৰ হঠাৎ কিয় মনলৈ আহিল নাজানো ৷ হয়তু নিজৰ ভাষাটো ভাল পাওঁ সেই বাবে ৷ ভাষাটোৰ চৰ্চাৰ প্ৰসাৰ হৈছে হয়তু সেই বাবে ৷       "হেৰা কিমাননো আৰু ম'বাইল টিপি নাথাকা?  আমনি নালাগে নে? " শ্ৰীমতীৰ প্ৰত্যাহিক অভিযোগ ৷ মই কেৰেপ নকৰোঁ ৷ তেওঁ ভাৱে এইজনে ফেচবুক-ৱাটচএপত ব্যস্ত থাকে ৷ থাকোঁ নথকা নহয় ৷ কিন্তু ফেচবুক মোৰ বাবে চাটিং চাটিং খেলা বস্তু নহয় ৷ মোৰ বন্ধুত্বৰ তালিকাত থকা সকলে গ'ম পায় মই কিমানৰ ইনবক্সত টুকুৰিয়াওঁ ৷ ফেচ বুক এই কাৰণেই ভাল লাগে যে 'অসমীয়া ইউনিক'ড' হোৱাৰ পৰা প্ৰায় সকল অসমীয়া ভাষী বন্ধুৱেই অসমীয়াত লিখা- মেলা  কৰে ফেচ বুকত ৷ লিখিবলৈও সহজ ৷ কলম কাগজৰ ঝামেলা নাই ৷ চিন্তা কৰা আৰু নিজৰ স্মাৰ্ট ফোনটোতে লিখি থাকা ৷ হাতৰ আখৰ বেয়া বুলি লুকুৱাবলৈও নাই ৷      এটা সময়ৰ কথা মনত পেলাওকচোন ৷ লেটাৰ প্ৰেছত সীহৰ আখৰ এটা এটা কৈ বুটলি কম্পজ কৰি একো খন  কিতাপ প্ৰকাশ কৰাৰ কথা ৷ নতুন চামে এই কথা নাজানে ৷ সৰু হৰফৰ বাবে
অবিশ্বাস, বিশ্বাসহীনতা, বিশ্বাস ঘাটকতা ইত্যাদি: মই নাটকৰ লগত জৰিত মানুহ ৷ নাটৰ কৰ্মশালাবোৰত এটা খেল খেলোৱা হয় ৷ এজন প্ৰশিক্ষাৰ্থীক গা টো বেঁকা নকৰাকৈ পিঠি দি পোনে পোনে পকী মজিয়াত পৰি দিবলৈ কোৱা হয় ৷ তেওঁৰ যাতে কোনো হানি-বিঘিনি নহয় তাৰ বাবে পাচফালে দুজন সতীৰ্থ ৰৈ থাকে পকী মজিয়াত পৰা আগতেই ধৰি ৰাখিবলৈ ৷ বহুতেই এই খেলটো খেলিব নোৱাৰে ৷ পৰি নিদিয়ে ৷ ভয় কৰে ৷ জানোচা নধৰে ৷ সতীৰ্থ দুজনৰ ওপৰত তেওঁৰ বিশ্বাস নাথাকে ৷ এই খেলটো খেলিবলৈ সতীৰ্থ দুজনৰ ওপৰত গভীৰ বিশ্বাস লাগে ৷ যাৰ নাই, সি নোৱাৰে ৷ মানৱীয় সম্পৰ্ক, সম্বন্ধবোৰো ঠিক এই খেলটোৰ দৰে ৷ পৰস্পৰৰ মাজত বিশ্বাস নাথাকিলে সম্বন্ধ নিটিকে ৷ জীৱনৰ বাটত কিমান মানুহ লগ পোৱা হয় ৷ তেজ-মঙহৰ সম্বন্ধ থকা খিনিৰ বাদেও বন্ধু-বান্ধৱ, সহপাঠী, কৰ্মক্ষেত্ৰ-ব্যৱসায়ীক ক্ষেত্ৰ, যাত্ৰা পথৰ সহযাত্ৰী… আৰু শেষত তেজৰ সম্বন্ধ হীন পতি-পত্নী, প্ৰেয়স-প্ৰেয়সী ৷ এই সকলো ক্ষেত্ৰতে সম্বন্ধ বা আত্মীয়তা অটুত থাকে বিশ্বাস নামৰ তিনিটা অাখৰ যুক্ত শব্দটোৰ বাবে ৷ বিশ্বাসৰ পৰাই সৃষ্টি হয় সু-সম্পৰ্ক, আত্মীয়তা, বন্ধুত্ব, প্ৰেম, যুগ্ম জীৱন ইত্যাদি ৷ অৱশ্যে বিশ্বাসহীন ভাৱ
Image
ভেনা মাখি কিমান ভোকাতুৰ হ'লে আঁজুৰি চিঙি খাব পাৰি  কেঁচা মঙহ ? কিমান স্বাৰ্থপৰ হ'লে ৰূদ্ধ কৰি দিব পাৰি শ্বাস ক্ষণিকৰ শৰীৰি খেলৰ শেষত? কিমান পাষাণ হ'লে ঢালি দিব পাৰি আন্ধাৰ সেই বাটত যি বাটেৰে নামে প্ৰজন্মৰ জোনাক ? ভোক সহজাত ৷ কামনাও ৷ কিন্তু কামনাৰ ভোক? ভোক লাগিছিল সিহঁতৰ খাব খোজিছিল মঙহ ৷ জীয়া মঙহ কোনে দিব পাৰে শৰীৰৰ? তথাপিও কামোৰি আঁজুৰি চিঙিছিল তাইৰ শৰীৰৰ বাধা আৰু প্ৰতিবাদবোৰ স্তব্ধ হৈ গৈছিল তাই হৈ পৰিছিল অশৰীৰিৰী ৷ "ডিচপ'জেৱল গ্লাচ" এটাৰ দৰে পেলাই দিয়া হৈছিল তাইক মোহাৰি-সামৰি পান কৰাৰ শেষত কামনাৰ সুৰা ৷ প্ৰাণহীন শৰীৰটো পুনৰ বালাৎ কাৰ কৰিবলৈ আহিছিল এজাক ভেনা মাখি সিহঁতেও সিঁচি দিছিল কামনাৰ বীজ যি বীজৰ পৰা ওপজিছিল কিল্ বিল্ পোক ৷ মাখিৰো থাকে কামনাৰ সহজাত ভোক? ৰূদ্ধ কোঠাটোৰ বাহিৰত আছিল অলেখ জীয়া মানুহ কামাতুৰ পিশাচ আৰু মাখিৰ বলাৎকাৰৰ শেষত দূৰ্গন্ধই বিয়পাইছিল তাইৰ মৃত্যুৰ খবৰ ৷ বাতৰিৰ ভীৰৰ এটা বাতৰি আছিল এই খবৰ ৷ ঘৃণাত নাক কোঁচাইছিল কোঠাটোৰ বাহিৰৰ জীয়া মানুহ জাকে ৷ প্ৰতিবাদ কৰা নাছিল সিহঁতে কাৰণ - সি
Image
বানৰ গান চাৰিও ফালে বান কেনেকৈ গাওঁ অ' স্বাধীনতাৰ গান! মুক্তি যুঁজাৰু ককাই দি যোৱা জাতীয় পতাকা থকা পেৰাটোও লৈ গ'ল বানে ককা দেউতাৰ শ্মশানৰ ভেটি পলস নহয় অ' বালিত পোত গ'ল ৷ খেজানাৰ ৰচিদ তেওঁৰ যুতুকীয়া কেৰু-মনি গাম খাৰু কোন বা ধুবুৰী পালেগৈ !? কোন স'তে চিঞৰো অ' "বন্দে মাতৰম" ভোকে নামানে কোনো ধৰম স্বাধীনতা কেনেকৈ যাচোঁ তোক মৰম! আখল-মাৰল-চ'ৰাঘৰ সপোন হ'ল মথাউৰিৰ শিৱিৰ ৰেচনৰ চাউল মাথো সম্বল ৷ কোন মাতে চিঞৰো "বন্দে মাতৰম"? হেৰ' বলিয়া বান এইবাৰ তোকেই চালাম আৰুবেলি যদি গজে মোৰ পথাৰত সোণালী ধান বল আহে যদি আমাৰ কণ্ঠত তেতিয়া গাম দে স্বাধীনতাৰ গান ৷    -বিনয় ১৪ আগষ্ট ১৭
বানপানীৰ  চিন্তাঃ   আমাৰ দৰে খাৰ খোৱা মেঠাই ইমান ভয়ানক সমস্যা এটাৰ কথা ভৱা ভুল যদিও ইচৰে মূৰটো ঘূৰণীয়াকৈ দিয়াৰ বাবে নাভাবি থাকিব নোৱাৰো ৷ কাৰ লাভ লোকচান হ'য় নাজানো মোৰ কিন্তু অসমৰ বানপানীক লৈ বেলেগকৈ ভাবিৰ মন গ'ল ৷ অসমৰ বানপানী আজিৰ সমস্যা নহয় ৷ হৈ আহিছে, হৈ থাকিব ৷ নক'মে ৷ বৰং বাঢ়িব ৷ যি দলৰে চৰকাৰ নহওক ইয়াক যে স্থায়ী ভাৱে সমাধান কৰিব পাৰিব মোৰ চুটি মগজে নকয় ৷ ইয়াৰ কাৰণো দেধাৰ ৷ হেৰ' প্ৰথম কথা অসমৰ ভৌগলীক অৱস্থিতি ৷ চাৰিওফালে পাহাৰে আৱৰা ৷ অসমখন ঘুটুুুং চৰিয়া এটাৰ দৰে ৷ আৰু পানীৰ ধৰ্ম ততলৈ বৈ অহা ৷ উজনী অসমৰ নদীবোৰৰ উৎস অৰুণাচল পাহাৰ ৷ নামনিৰ ফালে ভুটান, মেঘালয় পাহাৰ আদি ৷ গতিকে পানীসোপা যাব ক'লৈ?  অসমলৈকে নামি আহিব ৷ তাতে পাহাৰৰ গছ-গছনী কাটি তহিলং ৷ ফলত বালি-মাটি-শিলে নদী সমূহৰ বক্ষ তৰাং কৰিলে ৷ এই কাৰণতে ধেমাজীৰ জীয়াধল, কুমতীয়া, গাই আদি নদীবোৰৰ নামটো হে আছে ৷ নৈ নাই ৷ বালিয়ে পুতি ফুটবল খেলা ফিল্ড যেন কৰিলে ৷ গতিকে সৰহ পানী আহিলে পানীয়ে গাঁও,নগৰ, চহৰ ফুৰিবলৈ যাবই ৷ দ্বিতীয়তে নদী বান্ধ বা জলবিদ্যুৎ প্ৰকল্প ৷ কাষৰীয়া পাহৰীয়া ৰাজ্যৰ জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত প
Image
চ'ৰধাৰ ম'ৰ, মৰ মৰ অখম বাসী এইখন শংকৰ আজানৰ দেশ এই খন বীৰ লাচিতৰ দেশ বুৰঞ্জীৰ পাতত শুই নিঃপালি দিয়া অজস্ৰ শ্বহীদৰ দেশ লাচিত, মূলা, কনকলতা মুকুন্দ অথবা খৰ্গেশ্বৰ সকলো শুই থাকে পাহৰণিৰ ডায়েৰী পাতত আহিলে নিৰ্বাচন সাৰ পায় ভোট প্ৰত্যাশীৰ উদাৰ্ত ভাষণত ৷ শংকৰ- আজানে একেখন চোতালত বহি বৰগীত-জিকিৰ গায় ৷ বুৰঞ্জীৰৰ পাতৰ অখ্যাত বিখ্যাত সকলো সাৰ পায় ৷ পবিত্ৰ আত্মাৰ নাম লৈ অপবিত্ৰ আত্মাবোৰ ৰাজ সিংহাসনত বহিলোৱাৰ পাচত আৰু কোনে পায়? বৰাক হওক কিম্বা ব্ৰহ্মপুত্ৰ দুয়ো উপত্যকাৰ জনতা কেৱল ৰজা গঢ়াৰ হে যন্ত্ৰ ৷ আৰে ভোট ভোট ভোট নিৰ্বাচনৰ শেহত বুৰঞ্জীৰৰ পাতৰ পৰা উঠি অহা শ্বহীদ শংকৰ-আজান… সকলো মৰি পুনু হয় ভূত ৷ আমি উদাৰ অসমীয়া পুনু বাট চাওঁ শুনিব'লে সেই গুৰু-গম্ভীৰ কণ্ঠ আমি যে ৰজা গঢ়া যন্ত্ৰ "চ'ৰধাৰ ম'ৰ, মৰ মৰ  অখম বাসী ৰাইজ…" বাঃ কি চমৎকাৰী মন্ত্ৰ ৷      -বিনয় ১২ আগষ্ট ৷ ১৭
Image
আউসীত জোনাক বিচৰা ছোৱালী জনীঃ ফেচবুকৰ ৱাল মেচেঞ্জাৰ ৱাটচএপ সকলোবোৰ খেপিয়াই খেপিয়াই তাই অফ লাইন হৈ যায় চকুমুদি অনুভৱ কৰে বিষন্ন কাজল বোৰ যেন বিয়পি পৰিছে তাইৰ গালে মুখে ৷ কাজল সনা দুচকুত তাইৰ কলিয়া মেঘৰ বিষন্নতা কাজলবোৰ বিয়পি পৰি কজলুৱা হয় তাইৰ উচাহ ৷  কাণ উনাই তাই নুশুনে আজিকালি চিনাকি হৰ্ণৰ মাত ৷ ৰি ৰি কৈ বাজি থাকে জিলিৰ উদাস মাতৰ দৰে তেজৰ তলত নিতাল মাৰি শুই থকা উদাসী বাঁহীৰ মাত ৷ জোনাক বলিয়া ছোৱালী জনীয়ে আজিকালি ভালপায় এন্ধাৰক চকুমুদিলেই দেখে হেৰুৱা জোনাক সপোনতে শুনে চিনাকি বাঁহীৰ মাত চকুমেলিলেই ওলমি ৰয় শূণ্যতা তাইৰ কজলুৱা চকুৰ বানে লুণীয়া সোৱাদ আনে জিভাত ৷ তাই আন্ধাৰৰ স'তে কথা পাতে সংগোপনে আউসীৰ ৰাতি বিচাৰি ফুৰে হেৰুৱা জোনাক জানোচা ক'লা ডাৱৰ ফালি নামি আহে অভিমানী জোনৰ জোনাক এধানি যি হেৰাল কাহানিবাই অবিশ্বাসৰ অৰণ্যখনৰ সিপাৰে জানোচা শুনে তাৰ "তোক ভাল পাওঁ" বোলা সেই চিনাকি মাত ৷ আউসীৰ ৰাতি জোনাক বিচৰা ছোৱালী জনী শুই পৰে নিতাল মাৰি তাইৰ বাউল চুলিত ক'ৰ পৰা জানো উৰি আহি পৰে ধিমিক ধামাক জোনাকীৰ জাক ৷