Posts

Showing posts from July, 2022

বেলি ডুবাৰ সাধু

Image
  দিগন্তৰ প্ৰহৰীয়া এটা লোৰ গম্বুজ। পাশ্চাতপটত বিদায়ী বেলি ভাৱনাৰ খেলি মেলি মেলি খেলি। মিচৰৰ পিৰামিড হেনো কোনোৱা এলিয়েনে সজা ৰাতি ৰাতি সপোনলৈ আহে দেউতাই সজা সৰু আটোমটোকাৰি খেৰ বাঁহৰ পঁজা। বাঁহৰ জপনা, বাঁহৰ জেওৰা সীমাৰ সিঘৰলৈ যাবলৈ বাহঁৰ দেওনা। জেওঁৰাবো পকী দেৱাল এতিয়া  ইঘৰ-সিঘৰ খবৰ ল'বলৈ  কাৰো অৱকাশ নাইকীয়া।  সপোনত দেখোঁ দেউতাই গোৱৰ আৰু মাটি কঢ়িওৱা।  শৰণ খেৰ আৰু আলতীয়া মাটি কঢ়িওৱা।  ইকৰা অথবা থাহ দিয়া বাহঁৰ বেৰ  গোৱৰ মাটিৰে লিপা পিৰালিৰ গধূলি গোপাল অথবা ৰান্ধনী ফুলৰ সুঘ্ৰাণ বিয়পি পৰে মোৰ শিতানে পথানে।  পথাৰ ডৰাই সোণ গুটিৰ সপোন আনে।  ধান বেছি বিহুৰ চোলা  অথবা দূৰ্গাপূজাৰ বেলুন অথবা পিষ্টলৰ গোলা।  দেউতা  সময়বোৰ চোন সনলি হ'ল।  ই-দুনিয়াত নিমগ্ন তোমাৰ নাতি  "হাতীত উঠি পানীৰাম" ঘৰলৈ নাযায় আজিকালি।  জে ছি বি নে ফৰ্কলেনৰ অতপালি  সপোনত মোৰ পিতাইৰ সমাধি  দিঠকত আৰ্তনাদ -আমাক পুৰি মাৰিবলৈ উদয় হয় নেকি নতুন বেলি??? (লেখাটো ধেমাজিৰ পৰা আহি থাকোতে সূৰ্যাস্তৰ ফটো লৈ পিছত দেখা লোৰ গম্বুজ দুটাক লৈ লিখিছিলোঁ)

মই সোৱণশিৰিয়ে কৈছোঁ

Image
Pradip Ranjan Dutta ই গোৱা "মই সোৱণশিৰিয়ে কৈছোঁ" গীতটোৰ কথাখিনি - মই সোৱণশিৰিয়ে কৈছোঁ।  সোৱণশিৰি মই আছিলো নিৰৱে বৈ  ৰোধিব পাৰিবি জানো মোৰেই শক্তিক  তোৰ মূৰত নাচিব  কাল সাপ ৰাইজ খন সাৱধানে থাক। গেৰুকামুখৰ বালিৰ পাহাৰ বান্ধ সাজি সৃষ্টি নকৰ হাহাঁকাৰ ভূমিকম্প প্ৰৱণ কঁপনি সঘন নামনিৰ সভ্যতা হ'ব চাৰখাৰ। বোলোঁ - ৰাইজখন সাৱধানে থাক মূৰত নাচিছে কাল সাপ। কেতিয়াবা শুনো সুৰংগ খহিছে কেতিয়াবা শুনো শ্ৰমিক মৰিছে জলবোমাৰ হ'ব বিষ্ফোৰণ  নামনি বাসীৰ দুৰু দুৰু মন।  বিশেষজ্ঞয়ো ক'লে - বিপদ নদী বান্ধ হ'লে পিছে কোনে শুনিলে,  বুজিলে কোনে বৃহৎ নদীৰ বান্ধ মানেই সৰ্বনাশ  জানিও নজনাৰ ভাও ধৰিলে কোনে?  পিছে পানীয়ে চিনিব নো কাক? ৰাইজ খন কুশলে থাক মূৰত নাচিছে কাল সাপ। -বিনয় কৃষ্ণ তামুলী ফুকন -২৭ জুন২o২২ I am Subansiri  I was flowing silently  Can you stop  my power?  The snake of death will dance on your head  Be careful, O the people   The sand hills of Gerukamukh  Don't build dams and create desperation  Earthquake  are frequent  The civilization of the downstream will be destroyed.  Let

ৰাতিবোৰ হাতী হয়

Image
ৰাতিবোৰ হাতী হয়। বেলিটো পাহাৰটোৰ সিপাৰে লুকালেই বাঢ়ি আহে উৎকন্ঠা। বেলিৰো যে কত বিশেষণ - দোকমোকালিৰ বেলি, দুপৰৰ বেলি, ৰান্ধনী বেলি.. ৰান্ধিবলৈ মোৰ আখলত খুদকণ এটিও নাই খেনোৰ উভৈনদী সম্পদে অহংকাৰৰ নদী ওফোন্দায়। শিতানে পথানে মাথোঁ ছহাট মাটি কাক কোনে বুজায়?  উশাহৰ শেষ পঞ্চভূতী দেহৰ অৱশেষ  কোনে বা বুজি পায়।  কথাবোৰ ভাবি ৰাতিটো  হাতী যেন হয়।  দূৰ্ভাৱনাৰ বলিষ্ঠ চাপৰ খোজে  মোৰ বুকুখন চেঁপি ৰয়।  কাতৰ উশাহ এটাৰে প্ৰাৰ্থনা কৰোঁ -  ৰাতিবোৰ হাতী নহওক  মনবোৰ উদাৰ হওক  জাতি ধৰ্ম বৰ্ণৰ পৰিয়চয় বোৰ তেহেলৈ যাওক।  মানুহবোৰ কেৱল মানুহ হওক ।

এটা উইচিৰিঙাৰ আৰ্তনাদ

Image
এটা উইচিৰিঙাৰ আৰ্তনাদ।   কিট্ কিট্ কিট্ চিঁ ঈঁ ঈঁ....   বৰ কৰ্কশ মাত এটা উফৰি আহে  মোৰ খোলা খিৰিকিৰে।  কিঁ....ঈঁ... কিট্ কিট্....   বৰ সংগোপনে সোমাই আহে   কলিজাৰ কপাট ভেদি   তেজে তেজে, শিৰে শিৰে..   পিতায়ে কয় উইচিৰিঙাই খেতিৰ পুলিবোৰ কাটে । কিঁ..... ঈঁ... বুলি ভেঙুচালিৰ মাত মাতে।  মোৰ বুকু খান্দি পিতাইৰ মৰিশালিৰ মাটি খুঁচৰি  উইচিৰিঙাই মাতে   সোধে -  মানুহ ক'ত?  মানৱতা ক'ত?   ৰজা ক'ত? ন্যায় ক' ত?  এটা অবাধ্য উইচিৰিঙাই ওৰে ৰাতি বিনায়  মোৰ মনত মগজুত।

ভন্টীৰ বিয়া। কবিতা আবৃত্তি

Image

চিঠিবোৰ ক'ত হেৰাল ।

Image

ইয়াত এখন নদী আছিল।।

Image
ঈগলৰ পোৱালীৰ দৰে যোজন উচ্চতাৰ পৰা এৰিদি উৰণ শিকোৱা নাছিল আমাক থাকিলেও এখন নীল আকাশ মূৰৰ ওপৰত। আমি ৰঙানৈত চিলনী সাঁতুৰ শিকি সোৱণশিৰিত ভটিয়নি নাও মেলিছিলোঁ। নৈ খন পাৰলৈ উঠি আহি বিদ্যুত পৰিবাহী গম্বুজ হ'ল। শিহু, সোণালী পিঠিয়া, বোকা পিঠিয়াৰ জলকেলি সাধুকথাত পৰিণত হ'ল। প্ৰতিবাদবোৰ প্ৰতাৰণাৰ দলিল হ'ল। লাহে লাহে নদী খনৰ মৃত্যু হ'ল। আজিকালি আমি সাধু কথা লিখোঁ - ইয়াত এখন নদী আছিল পাৰত পানৈ-জংকিৰ ইতিহাসৰ আছিল ইয়াত এখন সোণ গুৰি সিঁচা নদী আছিল ইয়াত এখন নদী আছিল  ইয়াত এখন নদী আছিল।  নতুবা আঁওৰাও  "অই আপ্পুন গণেশ পেগু" ৰ গীত  "সোৱনশিৰি সোণৰ নদী যুগে যুগে বৈ যায়... *

দেউতালৈ

Image
দেউতা... কিয় পলসুৱা কৰি গঢ়িলি মোৰ বুকু? কিয় দৃষ্টি দিলি আকাশমুখী কিয় দেউতা কিয়? খচকি চহাই-মৈয়াই ফালি স্বাৰ্থৰ নাঙলৰে চাহিদাৰ ভৰাল পুৰ সিহঁতৰ মই নিৰ্জীৱ অথচ মৰা শ নহয় উৰ্বৰ শস্য সম্ভৱ। আকাশমুখী দৃষ্টি মোৰ তললৈও চাব নোৱাৰো। উৰিবও নোৱাৰো মেঘ হৈ মাথো স্থানু। জীৱনৰ হাট প্ৰসাৰিত হাত কোঁচাব নাজানো মেলিলেই হাত সূৰ্যই দহে বুকুৰ মঙহ খহে নুবুজিলো কোনটো আওবাট কোন বাটে ঘাট। দেউতা... মই মই হ'ব নাজানিলো।

জোনাকী মন - হীৰেণ ভট্টাচাৰ্য

Image
 

সাগৰ দেখিছা

Image
 

এটা প্ৰেমৰ পদ্য - নৱকান্ত বৰুৱা

Image

আত্মশ্লাঘা (কবিতা)

Image
ৰিং মাৰি গুছি গ'ল ৰংপুৰৰ গৰখীয়া  কোনোবা এটা হেঙুল আবেলি  তেতিয়াৰে পৰা জীৱনৰ অংকত খেলি মেলি। গোধূলি উৰুৱাই গুছি যোৱা কপিলী গাই জনীৰ দামুৰীটোৱে দেও দি জাক হেৰুৱাই  তাইৰ হেম্বেলনিৰ আত্ৰানিয়ে গগন কঁপাই  জীৱনে এনেকৈয়ে বগুৱাবাই অতীত হেৰুৱাই বৰ্তমান ত্ৰষ্টমান হয় আৰু ভবিষ্যৎ....  আত্মহত্যাৰ দূৰ্বাৰ বাসনা এটা উজাই আহি লেটেকু গছৰ ডালত ওলমি ৰয়  সময়বোৰ ক্ৰমশঃ দূঃসময় হয়।   তথাপিও জীৱন জী থাকে  মৃত্যুমুখী মাতৃ কেকোঁৰাৰ দৰে   সময়ে বুকু খান্দি খান্দি খায়।   বলুকাত পৰি ৰয় মঙহ বিহীন খোলা  মই ভাও দিব নাজানিলো পিন্ধি  সময়ৰ বিলাসী চোলা   মাথো আত্মশ্লাঘাৰ সূতলাহীত ক্ৰমশঃ  পাকঘূৰণি খাই আহে আত্মাৰ মূগালেটাৰ  পোছাকী খোলা।