Posts

Showing posts from February, 2017

Dhuniya ( ধুনীয়া বোৰ)

Image
ধুনীয়া বোৰ ধুনীয়াবোৰ জোখিব পৰাকৈ থাকে নে কিবা মাপক? স্কেল, দগা-পাল্লা? কিমান উজ্বল হ'লে গাৰ ৰং, কিমান জিলিকিলে দাঁত, এন্ধাৰ কলীয়া হ'লে চুলি অথবা দীঘল কৈ ৰাখিলে হাতৰ নখ কাজল সানিলে চকুত ধুনীয়া বুলিব পাৰি কাৰোবাক? নেলচন মেণ্ডেলাৰ দেশৰ মিছ জনী চোন মই ভবাৰ দৰে নহয় নতুবা অষ্ট্ৰেলিয়াৰ যুৱক জনে ভবাৰ দৰে নহয় মিছ ইণ্ডিয়া ৷ আচলতে সৌন্দৰ্যৰ থাকে ভৌগলীক পৰিবেষ্টনী ৷ সৌন্দৰ্যক জানো জোখিব পাৰি গাৰ ৰঙেৰে? কলিজাৰ ৰঙেৰে কিন্তু পাৰি সকলো সৌন্দৰ্যৰ ৰং ৰঙা ৷ কলিজাৰ দৰে ৰঙা ৷ যাৰ হৃদয়ত নাথাকে আন্ধাৰ ক'লা কলুষতা  তেঁৱেই ধুনীয়া প্ৰকৃততে ৷ প্ৰেমৰ বাবে ধুনীয়া হ'ব লাগে নে ধুনীয়া বাবে প্ৰেমত পৰে মানুহ সি এক কঠিন সাঁঠৰ ৷ মই বিচাৰি ফুৰিছো এক মাপক জোখিবলৈ সুন্দৰতা ৷ জোখ মানেইতো তুলনা ওখ-চাপৰ, পাতল-গধুৰ, লাহী-শকত … তুলনাৰ জানো সীমা থাকে? যিদৰে নাথাকে সুন্দৰতাৰ ৷

Gaganaba song ( গগনাবাৰ গীত)

Image
২০০০ চনতে লিখা "গোগামুখ গণ নাট্য বাহিনী" গগনাবা ৰ গীতটো "গগনাবা" সংগীত ৷ গীতৰ কথা: বিনয় কৃষ্ণ তামুলী ফুকন ৷ গগনাবা,  আমি গণ নাট্য বাহিনী নৱ প্ৰতিভাৰ কঠিয়া তলিত আমি সৃষ্টিৰ সেউজ কাহিনী মানুহৰ কথা মানুহকে ক'ম জাগিব নতুন পুৰুষ দল শতিকাৰ এই সন্ধিক্ষণত আমি শান্তিৰ সমদল ৷  লক্ষ্য আমাৰ সুদূৰ প্ৰসাৰী পিন্ধিছো বিশ্ব বেশ আন্ধাৰ আঁতৰাই পোহৰ আনিম আঁতৰাম সমাজৰ ক্লেশ ৷ ক'লা আন্ধাৰৰ বক্ষ ফালি পোহৰ দেশলে হৈ পৃথিৱীত আমি ৰং চ'টিয়াম শান্তিৰ শিখা লৈ ৷ গগনাবা,  আমি গণ নাট্য বাহিনী নৱ প্ৰতিভাৰ কঠিয়া তলিত আমি সৃষ্টিৰ সেউজ কাহিনী ৷ ৰচনা কাল ২০০০ চন

Gan bor howk ( গানবোৰ হওক)

Image
গান বোৰ হওক  বুটলি বুটলি  নিতুল  শব্দ চন্দোবদ্ধতাৰে যি মালা গাঁঠা বিতোপন যাৰ সুৰভীয়ে পূৰ্ণ কৰে অনুভূতিৰ তপোবন আন্ধাৰ মনৰ যি জোনাকী পৰুৱা হৈ দেখুৱাই জোনাকৰ বাট শুনাচোন সেই সুৱদী মাত ৷ গান জানো হয় শালীনতাৰ পৰিধি ভঙা এজাক ধুমুহাৰ নাম? নামৰ বাবে গায় জানো কোনোবাই অশ্ৰাব্য শব্দৰ মালিতা নুমুৱাবলৈ লাজৰ শলিতা? গানে লৈ যায় বুকোচাত উঠাই সপ্তসুৰৰ কোনোবা মায়াৱী পুৰিলৈ গান নামি আহে পুৱাৰ সোনালী ৰ'দ হৈ উৰুৱাই লৈ যায় য'ত দুখ বাষ্পীভূত কৰি ভাৱ সাগৰলৈ গান হ'ব পাৰে সংস্কাৰক, গান হ'ব পাৰে প্ৰেৰণা দায়ক হ'ব পাৰে গান বিপ্লৱৰ বাহক গানে জোঁকাৰিব পাৰে ক'লা পতাকা প্ৰতিবাদৰ উৰুৱাব পাৰে শান্তিৰ নিচান হ'ব পাৰে কোনোবা যুদ্ধাৰ চিকমিক তৰোৱালৰ শান হৃদয়ৰ যত অনুভূতি শৈল্পিকতাৰ পোচাক পিন্ধাই কামনা, বাসনা, ঘৃণা জিঘাংক্ষাকো প্ৰকাশিৱ পাৰে গানে ৰাগীনিৰ নেপুৰ পিন্ধায় ৷ গানে যাদু জানে গানে কন্দুৱাব পাৰে নিচুকাব পাৰে গানে মায়ময় ভাৱ সাগৰত সাঁতুৰাৱ পাৰে সঁচা গানে ৷ গান বোৰ গান হওক সমাজ গঢ়াৰ মন্ত্ৰ হওক চিৰ সুন্দৰৰ আৰাধনাৰ স্ত্ৰোতপাঠ হওক গান গান

Rainy Night (ৰাতি বৰষুণত ,)

Image
ৰাতি বৰষুণত ৷৷ আজি গোটেই ৰাতি বৰষুণ দিব সৰিয়হ সৰুওৱা  বৰষুণ ৷ নিতাল মাৰি শুৱ জোন ডাৱৰৰ আঁৰত ৷ বৰষুণে আন্ধাৰতে দিব চুমা পলাশ পাতত ৰাতি সাৰে থাকিব নিয়তি চৰাইৰ মাতত ৷ নিদ্ৰাহীনতাত ভোগা কোনোবা কবিয়ে নিজানে বেজাৰে বিচাৰি ফুৰিব শব্দ বৰষুণীয়া ৰাতি উইচিৰিঙাৰ মাতত পাখী ভগা জোনাকী জাক ৰ'ব ঢল ফাটলৈ পোনাবলৈ পাখী ৰ'দৰ তাপত ৷ কবি টোপনি যাব বোৱাৰী পুৱা বাঢ়নীৰ মাতত দিবা স্বপ্ন এটা বুকুত বান্ধি জোনাকী ৰ'দৰ ৷৷

Geet boor sekh hol niki ( গীতবোৰ শেষ হ'ল নেকি?)

Image
গীতবোৰ শেষ হ'ল নেকি?? শেষ হ'ল নেকি সুৱদী সুৰীয়া গীতবোৰ ৷ শেষ হ'ল নেকি মাটিৰ চিনাকি গোন্ধ থকা, শিপা থকা শালীন ভাষাবোৰ? উদং হ'ল নেকি চিৰ চেনেহী ভাষা জননীৰ মেটমৰা ভঁৰাল? কিয় তেনে শব্দৰ ইমান আকাল? যি বগা বঙালক খেদিবলৈ ফাঁচী কাঠত উঠিল কুশল, পিয়লি মনিৰাম… সিহঁতৰ পৰা ধাৰ কৰা শব্দৰে কোনে কোনে গায় সংস্কৃতিৰ নামত বে-সুৰা গান ৰাগীনি বিহীন টান?? অৰুণৰ উদয় কালত জোনাকী যুগৰে পৰা বৈ অহা নদীখন কলুষিত কৰি কোনে চিঞৰে "হেৰা হেৰা" বুলি? ? কোনে কাপোৰ থেকেচা দি ধোৱে গান? বদনে আনিছিল মান ইহঁতে ডুবাব খোজে আইৰ সন্মান ৷ শব্দ ব্ৰহ্ম হেৰ' শব্দ অনন্ত গা চোন সুন্দৰৰ মন্ত্ৰ ৷ হ'ব নোৱাৰিলি বুলি খ্যাতিমন্ত কিয় পাঠ কৰ কু-মন্ত্ৰ ? গান হওক জীয়াই থকাৰ প্ৰেৰণা কৰ হেৰ' সুন্দৰৰ সাধনা বজ্ৰ কণ্ঠে গা জনতাৰ বাবে গান জাগি উঠক সাংস্কৃতিক প্ৰাণ প্ৰশ্ন নুঠক কোনো দিন- গান বোৰ শেষ হ'ল নেকি? শালীনতাবোৰ হেৰাই গ'ল নেকি? নহ'লি নাই বিখ্যাত অখ্যাত শ্ৰুতাক কৰি ব্যতিব্যস্ত হ'ব নালাগে দে কুখ্যাত ৷ গান হওক জনতাৰ প্ৰেৰণা গান হওক চিৰচেনেহীৰ বন্দনা

পুলিচলৈ মোৰ ভয় লাগে অ' মা

Image
পুলিচলৈ ভয় লাগে অ' মা অ' মা ভয় লাগে মোৰ পুলিচলৈ ৷ কোৱা শুনিছো তেওঁলোক হেনো আইনৰ ৰক্ষক ৷ শুনিছো বেয়া মানুহক ধৰি নিয়ে পুলিচে পিটন দিয়ে গুৰুলা-গুৰুল কয় বোলে তাক থাৰ্ড ডিগ্ৰী? দেখিছো কেতিয়াবা টি ভিত লাইন ট্ৰাকত টকা তোলা পুলিচ দেউতাই যে হেলমেট নিপিন্ধকৈ যোৱাৰ দিনা এশ টকা লৈ এৰি দিছিল পেটুৱা পুলিচটোৱে… …… মা, আমিও নেকি দাগী অপৰাধী আমিও ভাঙিছো নেকি আইন আমাকো কৰিব নেকি ফাইন? পৰীক্ষা গৃহলৈ যোৱাটো অপৰাধ নেকি মা? কিয় কৰিছে আমাক চেকিং সন্ত্ৰাসবাদীৰ দৰে ? ভয়ত মোৰ চকুপানী সৰে ৷ বৰুৱা খুড়া হঁতৰ যে মাজনী বা চি বি এচ চিৰ পৰা দিব পৰীক্ষা সিহঁতৰ তাত বোলে নাথাকিব এনেকুৱা ব্যৱস্থা ৷ দোষ কাৰ মা? আমাৰ নে এই পৰীক্ষা ব্যৱস্থাৰ? মইতো অনা নাই নকল দিনে নিশাই কষ্ট কৰি পঢ়িছিলো কেৱল কিয় নাই বিশ্বাস আমাৰ ওপৰত? ভাবিছে নেকি আমিও শিকিলো এতিয়াই দূৰ্নীতিৰ আদিপাঠ? নে শিকাব খুজিছে আমাক? কি পঢ়ি আহিছিলো জানো ভয়তে পাহৰি থাকিলো ভাই পৰীক্ষা বেয়া হ'লে মোক হ'লে নোদোষিবা অাই পুলিচলৈ মোৰ বৰ ভয় লাগে অ' মা আহাঁনা মোক ইহঁতৰ পৰা বচোৱা না ৷

Fagun( ফাগুন কুঁহিপাতৰ সপোন এটাৰ নাম )

Image
ফাগুন কুঁহিপাতৰ সপোন এটাৰ নাম  হেজাৰ ফুলিলেও পলাশ, শিমলু  ফাগুনত বিলাব নোৱাৰে সুৰভী বসন্তৰ জুটুলী খঁৰিকাজাইৰ দৰে ৷ জুই ফুলেৰে ৰাঙলী কৰিলেও আকাশ প্ৰসাৰিত কৰি অহংকাৰী হাত ডাৱৰলৈ জোপোহা তগৰৰ আমোলমোল যে নাই তামৰঙী পলাশ অথবা জুইৰঙী শিমলুত ৷ নাহে মৌ-পিয়া আহে মাথো অনেক পতংগ জাহ যাবলৈ অগ্নিকুণ্ডত আহে পতংগভোজী অলেখ চৰাই নামাতে কুলিয়ে শিমলুৰ অহংকাৰী ডালত বহি ৷ ফাগুনে নাসানে মায়া শুকান ধূলিয়ে চানি ধৰা আকাশত কেৱল জুই জ্বলে সৰিপৰা পলাশ পাহিত লিখা থাকে বিষাদৰ ঠিকনা তথাপিও ফাগুন আপোন ফাগুন মোৰ বুকুৰ বিহু ঢোলৰ আগমনিৰ কৰাপাট ফাগুন আহুধান পথাৰলৈ সেউজীয়া অহাৰ বাট ফাগুনে যে কঢ়িয়াই কমোৱা শিমলু তুলাৰ আলফুল নাচোন ফাগুনে ধাৰণ কৰে জৰায়ুত কুঁহিপাতৰ আগমনিৰ সপোন ৷ ফটোঃ নিভা গগৈৰ ৷৷

HSLC ( হাইস্কুল শিক্ষান্ত)

Image
হাইস্কুল শিক্ষান্ত: বহুত সপোন, অনেক  আশা বগাব লাগিব সফলতাৰ সোপান ৰাখিব লাগিব নাম, উঠিব লাগিব বাতৰি কাকত ফটো টিভিত সাক্ষাৎকাৰ দিব লাগিব আমি "আমাৰ সি বৰ চিন্সিয়েৰ আছিল… পঢ়িছিল, টিউচন নাছিল…" তাৰ বাবেই টোপনি খটি কৰিছো যোৱাটো বছৰ সলাইছো ইজনৰ পাচত সিজন ঘৰুৱা মাষ্টৰ হাত মেলি পোৱাতেই ৰাখি থৈছো গাখীৰ বিস্কুট ……… দৌৰিছো আৰু দৌৰিছো সৰহ নম্বৰৰ বলটোৰ পিছে পিছে তই ৰাখিব লাগিব মান পাব লাগিব স্থান ৷ কোনো দিন কোৱাই নহ'ল তোক মানুহ হ ৷ সঁচা মানুহ ৷ কেৱল সপোন দেখিছো ডাঙৰ মানুহ কৰাৰ যাৰ মনবোৰ বৰ সৰু ৷ যিবোৰ গুছি যায় বৃদ্ধ ম্মামি-পাপাক এৰি অল্ড হ'মত দৌৰি ফুৰে অৰ্থ আৰু নামৰ স্বাৰ্থত ৷ বিষয়া হয় উচ্চ খাপৰ নাৰাখে সৰু মানুহৰ খবৰ বোপাই অ' ভাবিছো আজি নালাগে দে ইমান খ্যাতি নালাগে অ' নম্বৰৰ দৌৰ নালাগে দে হ'ব বৰ মানুহ ৷ কেৱল মানুহ হ সঁচা মানুহ , দহৰ বাবে মানৱতাৰ বাবে জনতাৰ বাবে মানুহৰ বাবে ৷

নাটৰ বাবে সাজু হওঁ আহক

Image

তামস নগৰত জোনাকৰ তামিঘৰা

Image
তামস নগৰত জোনাকৰ তামস নগৰত জোনাকৰ তামীঘৰা  ৰচনাকাল ২০০২ তামস নগৰ চৌপাশে মাথো অন্ধকাৰ আত্মহংকাৰ, অৰ্থগৰ্ব, ক্ষমতাৰ ৷ ভোগ আৰু লালসাৰ , কামনাৰ, বাসনাৰ ঘোপ মৰা আন্ধাৰ ৷ কাৰ ফুলনীত কিমান ডাঙৰ ডালিয়া ফুলে সেই লৈ অহংকাৰ ৷ কাৰ দ'গী কিমান চিকুন তাক লৈ অহংকাৰ ৷ কোনে কিমান বিলাসী ব্ৰেণ্ডৰ মদ খায় সেই লৈ অহংকাৰ ৷ কাৰ গিৰীয়েকে কিমান মোটা অংকৰ ভেটী লৈ পত্নীক সজাব পাৰে হীৰক স্বৰ্ণলংকাৰেৰে তাক লৈ অহংকাৰ পুত্ৰক কিনি দি অত্যধুনীক বাইক মেলিদিব পাৰে যমদূত ৰূপে ৰাজপথত সেই লৈ অহংকাৰ কাৰ জীয়েকৰ ভেনিটী বেগত ওলাই বিলাসী গৰ্ভনিৰোধক সেই লৈ অহংকাৰ ৷ কাৰ সন্তানে বৰ্জন কৰি মাতৃভাষা নাজানি বনঘোষা-বৰগীত ডিক্স বাৰত নাচিব পাৰে স্বল্পবসনা যুৱতীৰ স'তে যাপন কৰিব পাৰে মাতাল নীলা নিশা তাক লৈ অহংকাৰ ৷ তামস নগৰ চৌপাশে মাথো ঘোপ মৰা আন্ধাৰ ৷ ইয়াত আদালতত অন্ধকাৰ ৰজাৰ ঘৰত, আমোলাৰ টেবুলত ৰেচনৰ কাৰ্ডত, পানীৰ নলাত কেৰাচীনৰ গেলানত অন্ধকাৰ ৷ পৰীক্ষাৰ উত্তৰ বহীত কাৰ্যালয়ৰ ফাইল চহীত দূৰ্নীতিৰ পাহাৰ ঘোপমৰা আন্ধাৰ বেংকত অন্ধকাৰ, ট্ৰেজাৰীত অন্ধকাৰ মাহৰ শেষত হাঁহাকাৰ ৷ ইয়াত

এই ৰেল চলে

Image
এই ৰেল চলে    বিনয় কৃষ্ণ তামুলী ফুকন  ৷ ৰচনা কাল -২০০২ চন ঝক ঝক ঝক ঝক ঝক ঝক চলি আছে ৰেল শাসনৰ ৰেল -  ঝক ঝক ঝক ঝক শোষণৰ ৰেল- ঝক ঝক ঝক ঝক ৰাজনীতিৰ ৰেল - ঝক ঝক ঝক ৰজা তৰা ৰেল -ঝক ঝক ঝক প্ৰজা চেঁপা ৰেল -ঝক ঝক ঝক ৰেল ঔ ৰেল দীঘে লেল পেল পেটৰ মাজত সোমাই নিয় নেতা পালি নেতাৰ খেল ৷ আমাৰ সপোন ভঙা ৰেল আমাৰ টোপনি কঢ়া ৰেল বৰ দীঘল এই ৰেল সংখ্যা নাই চকাৰ ইম্মান দীঘল এই ৰেল সংখ্যা নাই ডবাৰ এই যে ডবা নামঘৰৰ ডবা গুৰুম গুৰুম গুদ্দোডোম ডুম ডুম … বুকু শাঁত পৰি যায় ৷ একেই ডবা এই ৰেলৰ বুকু ভাঙি চিঙি থৈ যায় ৷ ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক চলি যায় ৰেল ৷ নামনি নামনি নামনি ৰেলত হয় সম্পদৰ ৰপ্তানি উজনি উজনি উজনি এই ৰেলত হয় চকুপানীৰ আমদানি ৷ এই ৰেলত উঠি নাঠুৰাম গুছি যায় গান্ধী পৰি থাকে মুখ থেকেচা খায় ৷ সীমান্তত নিহত সৈনিকৰ মৃতদেহ এই ৰেলতে আহে বিহ দিয়া বুট আহে নিৰ্বাচন ভোট আহে বহিৰাগত আহে আহি আহি ঘৰ বান্ধে ভোক আহে ভাত নাহে ৷ ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক ঝক চলি থাকে ৰেল পাঁচোটা ষ্টেচন পাৰ হৈ এই ৰেলে কয়লা লয় জনৰতাৰ বুকু পোৰি কৰা কয়লা ৷ ব

Bibah তোৰ শুভবিবাহৰ দিনা

Image
Image
সন্দেহ যি কোনো সময়ত যি কোনো অকাৰণত গজি উঠিব পাৰে বিহ মেটেকাৰ দৰে চানি পেলাব পাৰে বুকুৰ বিশ্বাসৰ পুখুৰী কূটি কূটি ফোঁপোলা কৰি পেলাব পাৰে ঘূণ পোকৰ দৰে বিশ্বাসৰ পালেং সৰি পৰিব পাৰে আপুনি ধুপুচ কৈ বিশ্বাস হীনতাৰ মজিয়াত উৎসুকতাৰ সহোদৰ নহয় ই উৎসুকতাই আবিস্কাৰ কৰে সন্দেহে ধ্বংস কৰে ৷ বনজুইৰ দৰে নিমিষতে দহি পেলাব পাৰে সোণৰ সংসাৰ সন্বন্ধৰ প্ৰাচীন পিৰামিড খহাই দিব পাৰে সন্দেহৰ "লিটল" বোমাটোৱে ৷ অকাৰণতে চিগি যাব পাৰে বুকুৰ এঁৱা সূতা শালিকী জঁটিয়া লাগিব পাৰে আশাৰ তাঁতত তাচ পাতৰ ঘৰৰ দৰে খহি পৰিব পাৰে পুৰাতন বিশ্বাসৰ দৌল ৷ বিশ্বাসহীনতাৰ ফচল ই বৰ বিষাক্ত আদম আৰু ইভৰ নিসিদ্ধ ফলৰ দৰে ৷ সন্দেহৰ বীজ এবাৰ গজিলে বাঢ়ি আহে বিহলঙনীৰ দৰে ৰুৱও নালাগে চপাও নানাগে মাথো নিৰাপত্তা দিব লাগে অবিশ্বাসৰ জেওৰাৰে ৷ উৎসুকতাৰ দৰেই চিৰন্তন সন্দেহ ধংসাত্মক ঘাটক আৰু ঘূণ পোকৰ দৰে কূটি কূটি শেষ কৰে বিশ্বাসৰ সকলো ৰং কেৰক, কেৰেক কেৰেক ৷
Image
সন্দেহ যি কোনো সময়ত যি কোনো অকাৰণত গজি উঠিব পাৰে বিহ মেটেকাৰ দৰে চানি পেলাব পাৰে বুকুৰ বিশ্বাসৰ পুখুৰী কূটি কূটি ফোঁপোলা কৰি পেলাব পাৰে ঘূণ পোকৰ দৰে বিশ্বাসৰ পালেং সৰি পৰিব পাৰে আপুনি ধুপুচ কৈ বিশ্বাস হীনতাৰ মজিয়াত উৎসুকতাৰ সহোদৰ নহয় ই উৎসুকতাই আবিস্কাৰ কৰে সন্দেহে ধ্বংস কৰে ৷ বনজুইৰ দৰে নিমিষতে দহি পেলাব পাৰে সোণৰ সংসাৰ সন্বন্ধৰ প্ৰাচীন পিৰামিড খহাই দিব পাৰে সন্দেহৰ "লিটল" বোমাটোৱে ৷ অকাৰণতে চিগি যাব পাৰে বুকুৰ এঁৱা সূতা শালিকী জঁটিয়া লাগিব পাৰে আশাৰ তাঁতত তাচ পাতৰ ঘৰৰ দৰে খহি পৰিব পাৰে পুৰাতন বিশ্বাসৰ দৌল ৷ বিশ্বাসহীনতাৰ ফচল ই বৰ বিষাক্ত আদম আৰু ইভৰ নিসিদ্ধ ফলৰ দৰে ৷ সন্দেহৰ বীজ এবাৰ গজিলে বাঢ়ি আহে বিহলঙনীৰ দৰে ৰুৱও নালাগে চপাও নানাগে মাথো নিৰাপত্তা দিব লাগে অবিশ্বাসৰ জেওৰাৰে ৷ উৎসুকতাৰ দৰেই চিৰন্তন সন্দেহ ধংসাত্মক ঘাটক আৰু ঘূণ পোকৰ দৰে কূটি কূটি শেষ কৰে বিশ্বাসৰ সকলো ৰং কেৰক, কেৰেক কেৰেক ৷
Image
সংবাদ সেৱীৰ_গীত সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… গণ তন্ত্ৰৰ প্ৰহৰী আমি জাগি থাকোঁ  ৰাতি দিন ৷ জনতাৰ বাতৰি বিলাওঁ নাই ভাগৰৰ চিন ৷৷ ৰ'দেই হওক বা বৰষুণ শিলাবৃষ্টি ধুমুহা ব্ৰজৰ গৰ্জনো হাৰ নামানো জনতা আমাৰ প্ৰেৰণা ৷৷ সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… গণতন্ত্ৰৰ মন্ত্ৰেৰে আমি শিক্ষিত, দিক্ষীত, অনুপ্ৰাণিত কলম-কেমেৰা আমাৰ সংগী বিলাওঁ সংবাদ অবিৰত ৷৷ ভেদাভেদৰ ঠাই আমাৰ মনত নাই আমি যে অতন্দ্ৰ প্ৰহৰী সততা আৰু নিৰ্ভিকতাৰে বিলাও আমি সত্য  নিষ্ঠ বাতৰি ৷৷ ৰাইজৰ জয়েই আমাৰ জয় জয় জনতা জনাৰ্দন ৰাইজৰ পক্ষতে থাকিম সদায় এয়াই আমাৰ পণ ৷৷ সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… সংবাদসেৱী বন্ধু সকললৈ সমৰ্পিত ৷৷ -বিনয়  ৰচনাকাল ১২ এপ্ৰিল ২০১৫

ধেৎ আমি তেৎ মাষ্টৰ

Image

সাহিত্য সভা

Image
সাহিত্য সভা "সুন্দৰ উজ্বল কহিনুৰ পিন্ধি জগত সভালৈ " নিয়াৰ সপোন আছিল পদ্মনাথ , শৰৎচন্দ্ৰৰ চিৰ চেনেহী ভাষাজননীক পূজাৰ মন্ত্ৰ আওঁৰাইছিল পদ্মনাথ,চন্দ্ৰধৰ, কালিৰাম, হেমচন্দ্ৰ, অমৃতভূষণ,কনকলাল, লক্ষ্মীনাথ ৰজনীকান্তৰ দৰে বহু জনৰ আত্মাই ৷ পাতিছিল সভা সাহিত্যৰ বন্দনাৰ বাবে ৷ হৈছিল জানো টনা আঁজোৰা ক্ষমতাৰ বাবে? সাহিত্যৰ বাবে সভা নে ক্ষমতাৰ বাবে সভা ? লাগে ভোট নালাগে সাহিত্য কৰ্ম ধনেই যেন প্ৰধান ধৰ্ম ডনেশ্যন, কালেক্টশ্যন তোষামোদ আৰু ব্যক্তিকেন্দ্ৰিক উৎকৰ্ষ সাধনৰ নাম সাহিত্য সভা মেলামুখী এখন বজাৰৰ নাম সাহিত্য সভা ৷ পপ'কৰ্ণ, ফুচকা, বেলুন খাদ্যমেলাৰ ভুৰিভোজন আৰু সন্তুষ্টিৰ ওগাৰৰ নাম সাহিত্য সভা ৷ যদি পতাব পাৰা কৰ্ম-কৰ্তা মাতিব পাৰা অকবিতা পাব পাৰা বঁটা বাহন পঢ়িব পাৰা অসমীয়া গল্প ইংৰাজী বৰ্ণমালাত লিখা ৷ সাহিত্য ৰথীয়ে চিঞৰক "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মংগল মন্দিৰৰ দুৱাৰ হৈছে মাতৃভাষা ৷" সমস্বৰে গাওক "বাজক ডবা বাজক শংখ, বাজক মৃদং খোল…" সভা হওক সাহিত্যৰ বাবে চিৰচেনেহী ভাষা জননীৰ  আৰাধনাৰ বাবে জগত সভালৈ যোৱাৰ শোভাযা

তোৰ শুভ বিবাহৰ দিনা, কবিতা

Image
তোৰ শুভবিবাহৰ দিনা  এপাহ গোলাপ অথবা এটা কেটবেৰিজৰ চকলেট নাছিল অ' আমাৰ ভালপোৱা ৷ ৰেষ্টুৰেন্টৰ ক'ল্ড ক'ফিৰ  কাপত লিপষ্টিকৰ ডাগৰ ওপৰত দিয়া চুমুকটোৰ নাম নাছিল আমাৰ  ভালপোৱা?? ভালপোৱা মানে নাছিল দীঘলী পুখুৰীৰ পাৰৰ ছাতিৰ আঁৰৰ শৰীৰৰ খেল ৷ নাইবা ৱাটচএপৰ মেজেজ মেজেজ, ইনক্সৰ অশালীন বাৰ্তা নাছিল আমাৰ প্ৰেম ৷ বৰ প্ৰচীন এই হৃদয় ৷ নৈৰ ঘাটৰ ৰিঙিয়নী আৰু পঁকা ধানীৰ নৰাৰ দৰে প্ৰাচীন আছিল অ' আমাৰ ভালপোৱা ৷ বিহুতলিৰ নাচোন আৰু মোৰ ঢুলীয়া দেহৰ ঘামৰ দৰে সতেজ আছিল অ' আমাৰ ভাল পোৱা ৷ তই বুকুত ৰিহা নৌ ল'বৰ দিনৰে পৰা মোৰ বুকুত নৰা পেঁপা এটা হৈ বাজি আজিছিলি তই ৷ স্কুলৰ বাটত বৰষুণীয়া দিনৰ একেটা ছাতিৰ তলৰ সহযাত্ৰী আছিলি তই ৷ মোৰ বুকুত বাঢ়ি আহিছিলি প্ৰেমৰ জালি কোমোৰাটো প্ৰতি দিনে সৰিয়হ ফুলীয়া সপোন এটা হৈ ৷ গোপনে গোপনে মই হৈ উঠিছিলো তোৰ দূৰ্দান্ত প্ৰেমিক ৷ তোৰ গালৰ পকা শালমইনাটো চেঁপি দিবখোজিও ৰৈ গৈছিলো মই ৷ কোৱা নাছিলো তোক ভাল পাওঁ বুলি ৷ তয়ো কোৱা নাছিলি কিন্তু পাগলৰ দৰে ভাল পাইছিলি মোক দাৱনী পথাৰৰ ৰবাৱ টেঙাৰ ভাগটো লৈ তই বাট চাইছিলি মোলৈ ম

Bhintir Beya ভন্টীৰ বিয়া

Image
ভন্টীৰ বিয়া  দৰা আহিল দৰা আহিল হৈ চৈ লাগিছে গোটেইখন আয়তি জাক ৰৈ আছ পদুলি মুখত ৰৈ আছে মা দৈয়ন দিবলৈ জাঁত জাঁত বিয়ানাম আৰু বেণ্ডপাৰ্টিৰ কৰুণ সুৰবোৰে গধুৰ কৰি আনিছে মোৰ উশাহ ৷ কোনোবাই চিঞৰিছে ক'ত কইনাৰ ককায়েক দৰাক নিব লাগে দাঙি ৰভাৰ তললৈ … উচুপিছো অ' ভন্টী কোনেও নেদেখাকৈ আজি যে তোৰ বিয়া ৷ একে লগে উজাই আহিছে উচাহ আৰু বিষাদ ৷ ভন্টী, সোঁৱৰণী বোৰ চকুপানী হৈ নামিছে চোন নাকান্দো বুলিও কান্দিছো মই তই যে যাবি গৈ আজি সেই কাৰণে পুৰণি ডায়েৰীৰ দৰে লুটিয়াইছো সোঁৱৰণিৰ প্ৰতিখিলা পাত ৷ য'ত লিখা আছে তোৰ শৈশৱৰ থুনুক থানাক মাত আৰু থুপুক থাপাক খোজৰ পদ চিহ্ন ৷ লিখা আছে য'ত কৈশোৰৰ কাজিয়া বোৰ পঢ়াৰ টেবুলত তই টোপনিয়াওঁতে দেউতাক লগাই যে ধমকি খুৱাইছিলো তই ওফন পাতি নামাতিছিলি মোক তোৰ মাত উলিয়াবলৈ যথেষ্ঠ আছিল বাৰীৰ এটা বগৰী অথবা দোকানৰ এটা লুজেন্স ৷ তই ডাঙৰ হৈ আহিছিলি ক্ৰমান্বয়ে ধোব পৰা হৈছিলি মোৰ কামিজ ব'ব পৰা হৈছিলি তাঁত সপোনৰ ফুল তুলিছিলি  ৰুমালত প্ৰতিটো শীতত মই বাট চাইছিলো তোৰ হাতৰ মৰমৰ উম থকা চুৱেটাৰটোৰ বাবে ৷ মোৰ জেপ লুৰুকি তই কতবাৰ খা

ভন্টীৰ বিয়া, আবৃত্তি

Image

প্ৰসংগ অসমীয়া দৈনিক বাতৰি কাককত

Image
সংকোচিত হৈছে নেকি অসমীয়া দৈনিক বাতৰি কাকতৰ পৰিসৰ??? শিৰোনামাটো দেখি আপুনি হয়তু ভাবিছে - কি কয় এইজনে? হয় জানো কথাটো?? অসমীয়া দৈনিক বাতৰি কাকত বোৰচোন ইখনৰ পাছত সিখন প্ৰকাশ হৈছে ৷ বহু কেইখনৰ "চাৰ্কোলেচন"ও ভাল ৷ কিন্তু?? কথাটো তাতেই ৷ অসমত যি কেইখন বাতৰি কাকতৰ দৈনিক বিক্ৰী ভাল মানে কাকতৰ ভাষাত "চাৰ্কোলেচন" ভাল সেই কেইখন বাতৰি কাকতে অসমৰ বিভিন্ন ঠাইত পৃথক পৃথক সংস্কৰণৰ দিহা কৰিছে ৷ কাৰণ সকলোকে পুৱাৰ চাহ কাপৰ লগত বাতৰি লাগে ৷ যিটো গুৱাহাটীত প্ৰিন্টাৰ এটা বহাই কৰাতো অসম্ভৱ ৷ গতিকে সুবিধাজনক ঠাইত ছপাশাল বহুৱাই পুৱাতেই যাতে কাকত খন যোগান দিব পাৰে তাৰ বাবে এই ব্যৱস্থা ৷ নহ'লে দুপৰীয়া গুৱাহাটীৰ পৰা আহি পোৱা দৈনিক কাকত খন কোনো অঞ্চলত বুৰঞ্জী হৈ যায় গৈ ৷      এইখিনি লৈকে ঠিকেই আছিল ৷ কিন্তু সংস্কৰণ ধৰ্মী হোৱাৰ লগে লগে যেন কাকতবোৰ সংকোচিত হৈ হে আহিবলৈ ধৰিছে ৷ একেখন কাকতৰে বিভিন্ন সংস্কৰণৰ বাতৰিও ভিন্ন ভিন্ন হ'বলৈ ধৰিলে ৷ ৰাইজৰ স্বাৰ্থলৈ পিঠি দি কাকত বোৰে যি ঠাইৰ পৰা সংস্কৰণটো প্ৰকাশ পায় সেই অঞ্চলৰ বাতৰি সমূহক অগ্ৰাধিকাৰ দি কাকত সমূহক আঞ্চলিক ৰূপ এটালৈ লৈ গ'ল
Image
মুকলি চিঠি' মই যদি জানিলো হেতেন অৰণ্যৰ সিপাৰৰ ঠিকনা অথবা সূৰ্য সন্ধানী জনৰ দূৰভাষ নম্বৰ নিলিখিলো হেতেন মুকলি চিঠি জানিলো হেতেন যদি সঠিক ঠিকনা তেওঁৰ গুছি গ'লো হেতেন আৰু ক'লো হেতেন ককাই কাৰ বাবে স্বাধীনতা? আই ভাল পাওঁ মাতৃ ভাষা ভাল পাওঁ আপোন সংস্কৃতি ভালপাওঁ ৷ তথাপিও টেঁটু চেঁপি ধৰিব খোজে সিহঁতে ৷ সজোৱা হয় ৰাষ্ট্ৰদ্ৰোহী শিৰ নত কৰি আমি স্বীকাৰ কৰিব লাগে আইৰ বালাৎকাৰৰ আৰ্তনাদ ককাই কাৰ বাবে স্বাধীনতা অ'?? তোৰ ঠিকনা অথবা ফোন নম্বৰ থকা হ'লে নিলিখিলো হেতেন মুকলি চিঠি ৷ মই মাথো লিখিছিলো জাতিৰ মেৰুদণ্ড সংস্কৃতিক কি দৰে বলাৎকাৰ কৰিব খোজে সিহঁতে খোজা নাছিলো মৰনাস্ত্ৰ দেশ গ'ল গ'ল বুলি চিঞৰিছিলো মাথো লগে লগে সিহঁতৰ ডায়েৰীত লিখা হ'ল মোৰ নাম সজোৱা হ'ল ৰাষ্ট্ৰদ্ৰোহী ৷ বণিয়াৰ আঙুলিৰ থাৰত নচা শাসন নামৰ যন্ত্ৰটোত পৰীক্ষা কৰা হ'ল মোক আছে বা মোৰ কঁকালত ওলমি তই দিয়া মৰণাস্ত্ৰ ৷ ককাই তোক দেখিছো কেৱল কাকতৰ ছবিত টি ভিৰ পৰ্দাত শুনিছো কেতিয়াবা গগলগলীয়া কণ্ঠৰ টেলিফোনিক  বিবৃতি সৰু পৰ্দাত ৷৷ সেইবুলিয়েই  লিখা হ'ল মোৰ নাম
Image

Xeujia xisa manuh ( সেউজীয়া সিঁচ মানুহ বোৰৰ দুখ)

Image
সেউজীয়া সিঁচা মানুহবোৰৰ দুখ  মোৰ প্ৰিয় ৰং সেউজীয়া সেউজীয়াই যে জীৱন যদি হে নহয় পথাৰ সেউজীয়া ভোকাৰ্তৰ আৰ্তনাদেৰে ভৰি পৰিব পৃথিৱী সেউজীয়া বোৰ শেষ হৈ গ'লে হেৰাই যাব সকলো জীৱন ৷ কিন্তু মই দেখিছো সেউজীয়া সিঁচি নিস্বঃ হোৱা এজাক মানুহ ওপজাৰে পৰা সেউজীয়াৰ স'তে ওমলা এইজাক মানুহে সানিব নোৱাৰে সেউজীয়া জীৱনত কেৱল সেউজীয়া সিঁচিবলৈ বগা চাহাবে আনিছিল তেওঁলোকক ভোকৰ জুই আৰু চাহাবী প্ৰৰোচানত সেউজীয়া সিঁচিবলৈ আহিছিল সিহঁত মাটি ভাঙি ৰুইছিল সেউজীয়া কলম কটা,  পাত তোলা শিৰিশৰ ছাঁত বহি এবাতি ফিকা চাহ অথবা হাৰিয়াৰ ৰাগীত মাতাল নিশা মাদলৰ স'তে সহবাস পুৱাৰ চাইৰেণ ৰ'দ-বৰষুণ পঁচা চাউলৰ ৰেচন জীৰ্ণ জুপুৰি আৰু চৰ্দাৰৰ নিৰ্দেশত সিহঁতে সানিব নোৱাৰে সেউজীয়া জীৱনৰ কেনভাচত ৷ মাদল আৰু বাঁহীৰ সুৰীয়া ৰাতিত চামেলিৰ সপোন ৰচিলেও সজাব নোৱাৰে প্ৰজন্মক চাহাব ৷ শিকিবলৈ দিয়া নহয় সিহঁতক সেউজীয়াৰ পাঠ ৷ যিদিনা তেওঁলোকে সানিব পাৰিব সেউজীয়া জীৱন ছবিত সেই দিনা যে শেষ হৈ যাব চাহাবী সেউজীয়া যদিও মোৰ প্ৰিয় ৰং সেউজীয়া ভাল নালাগে মোৰ চাহ বাগিচা এই সেউজীয়া সিঁচা মানুহবোৰৰ বুকুত যে
Image
প্ৰাচীন চহৰ ইয়াৰ প্ৰতিটো লাইট পষ্ট অথবা ডাষ্টবিন  মোৰ পৰিচিত ৷ গলি অথবা বাইলেন এভিনিউ অথবা এপাৰ্টমেন্ট চিনাকি মোৰ ৷ চিনাকী প্ৰাচীন গছবোৰ ৷ চিনাকি মুখ চিনাকি মানুহ ৷ চিনাকি মোৰ চহৰ খনৰ ছন্দ, কাৰণ প্ৰতিখন চহৰেৰে থাকে একোটা ছন্দ যিদৰে থাকে জীৱনৰ যি দৰে চলি থাকে হৃদস্পন্দন ছন্দোবদ্ধভাৱে ধপ…ধপ… ধপ…ধপ… মই পৰ্যৱেক্ষক এই প্ৰাচীন চহৰৰ প্ৰাচীন গছবোৰৰ দৰে ৷ সলনি হৈছে চহৰ খনৰ ছন্দ ক্ৰমান্বয়ে বাঢ়ি আহিছে অচিনাকি মুখ অচিনাকি গলি অচিনাকি এপাৰ্টমেন্ট ৷ ছন্দপৰিবৰ্তিত চহৰ খনৰ ছন্দ নিমিলা হৈছে হৃদস্পন্দনৰ স'তে ৷ মই সন্ধান কৰিছো এখন নতুন চহৰৰ  নতুন  কিন্তু প্ৰাচীন চহৰৰ ৷৷ (ছবি সংগৃহিত)
Image
কুশলে আছো, সুখেৰে আছো ৷৷ সুখী হ'বলৈ কি লাগে মানুহক? এগাল মান ধন-বিত? নাই, মোৰ ধন-বিত নাই ৷ সেই ফালৰ পৰা মই দুখীয়া ৷ এই মূহুৰ্তত যদি ঘৰৰ কোনোবা এজন টান নৰিয়াত পৰে তেনে কাৰোবাৰ ওচৰত হাত পাতিব লাগিব ৷ চলি আছো নিত্যান্ত এটা সাধাৰণ জীৱন যাপন কৰি ৷ তথাপিও সুখেৰে আছো ৷ কুশলে আছো ৷ সৰহ ধনৰ পিচে পিচে দৌৰা নাই কোনো দিন ৷ যি পাইছো তাকে লৈ চলি আছো ৷ কিন্তু মনটো এৰি দিছো সুন্দৰৰ সাধনাত ৷ বিশেষ কৈ নাটকত ৷ জীৱনত ইচ্ছা আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হোৱাৰ ৷ নাই নোৱাৰিলো ৷ তথাপিও এৰি দিয়া নাই নাটকক ৷ সামৰ্থৰ জোখাৰে দৌৰি আছো নাটকৰ পিচত ৷ পিচে নাটক কৰিবলৈও টকা লাগে ৷ নাই ৷ কিন্তু  নাটক কৰি আছো ৷ মনটো আছে ৷ সেয়াই মূলধন ৷ বাকীখিনি ৰাইজৰ সঁহাৰি ৷ বিগত প্ৰায় এমাহজোৰা কষ্টৰ অন্তত আজি মে-ডাম-মে-ফী উপলক্ষ্যে গাঁৱৰ মহিলা, যুৱতী সকলে মঞ্চায়ণ কৰিলে ৰূপ কোঁৱৰৰ অমৰ সৃষ্টি "কাৰেঙৰ লিগিৰী"ৰ ৷ অতি কম খৰচত ৷ "জেনেৰেটৰ" "চাউণ্ড"ৰ বাদে বাঁহৰ চাঙক মঞ্চ, দৰ্শক বহাৰ ঠাই আদি ৰাইজৰ শ্ৰমৰ ফচল ৷ বাকী লাইটৰ-মঞ্চৰ সামগ্ৰী "গগনাবা"( Gogamukh Gananatya Bahini ) ৰ