Posts

Showing posts with the label মনৰ খবৰ
বৰপেটা সত্ৰ, খ্ৰীষ্ট ধৰ্মী, মাজুলীৰ অস্পৃশ্যতা ইত্যাদি।। -বিনয় কৃষ্ণ তামুলী ফুকন । শিৰোনামাটো দেখি নাভাবিৱ যে এই লেখাটো কোনোবা গৱেষক ছাত্ৰৰ গৱেষণা পত্ৰ। নিমাখিত, সাধাৰণ মানুহ এটাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা আহৰণ কৰা কিছু অপ্ৰিয় সত্য। 'সঁচা ক'বা। কিন্তু অপ্ৰিয় সত্য নক'বা।' বোলা কথাষাৰৰ মই পৰী পন্থী। ক'ম এশবাৰ ক'ম। হাজাৰ বাৰ ক'ম। মহাত্মা গান্ধীয়ে কেৱল এইষাৰ কথা কোৱা নাছিল। ভাৰত বৰিষৰ পৰা অস্পৃশ্যতা নিৰ্মূলৰ বাবে হৰিজন সকলক চুৱ পৰা কৰি থৈ যাব খুজিছিল। নোৱাৰিলে। হৰিজন শব্দটোৰ ঠাইত চাফাই কৰ্মী শব্দৰ প্ৰচলন হ'ল। অসমৰ ডিব্ৰুগড় চহৰত "পৌৰ সভাৰ চাফাই কৰ্মীৰ কলনি বুলি" যিটো  আৱাসীক এলেকা আছে , তাক জন সমাজত আজিও "চুইপাৰ কলনি" বুলিয়েই জনা যায়। লখিমপুৰতো একেই কথা। "মেটৰ পট্টী"। তাতোতকৈয়ো ডাঙৰ কথা অসমত এই অস্পৃশ্যতা অক্ষুন্ন ৰাখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ জীয়াই ৰখা বুলি দাৱী কৰা সত্ৰ সমূহে। সত্ৰ নগৰী মাজুলী কে ধৰি বৰপেটা সত্ৰ, বা অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সত্ৰ সমূহতে অস্পৃশ্যতাৰ প্ৰভাৱ আটাইতকৈ বেছি। আজিও সত্ৰৰ গোঁসায়ে কোন

Bhupen Mama

ড° ভূপেন হাজৰিকাক কিয় "মামা" বুলি কওঁ? মই সৌভাগ্যৱান বুলি গণ্য  কৰোঁ নিজকে ৷ কাৰণ বিশ্ব বৰেণ্য ড° ভূপেন হাজৰিকা দেৱ মোৰ মামা হয় ৷ হাঁহি উঠিছে নহয়? নাহাঁহিব ৷ সঁচাকৈ মই তেখেতক মামা বুলিয়ে মানি আহিছো আজীৱন ৷ মই বৰ্ণমালা শিকিছিলো "ভূপেন মামাৰ গীতে মাতে অ আ ক খ" নামৰ গ্ৰন্থ খনৰ পৰা ৷ দেউতাই মামা বুলিয়েই পৰিচয় কৰাই দিছিল মোক ৷ তাত ভ বৰ্ণ মালাটোৰ শিকাবলৈ লিখিছিল "ভ-ই বোলে ভূপেন মামা ভাল গান গা ভাল গান নাগালে দিম পাইজামা ৷" সাঁজ বহি গৈছিল বুকুত ৷ মামা ৷ ভূপেন মামা ৷ অৱশ্যে পৰৱৰ্তী সংস্কৰণ বোৰত সংশোধন কৰি "ভ-ই বোলে ভূপেন মামা গীত এটা লিখাঁ তাতে মিঠা মিঠা সুৰ দি গোঁৱা ৷" বুলি পাইছিলো ৷ কিন্তু শেহতীয়াকৈ গুৱাহাটী বিশ্ব বিদ্যালয়ে আৰ্কাইভ কৰা http://bhupenhazarikadigitalarchive.org/songs-with-BHA-lyrics-bhupen%20maamaar%20giite%20maate.htm পেজটোত "ভ-ই বোলে ভাল কৈ গা ভূপেন মামা ভাল গান নাগালে নকৰো যে ক্ষমা ৷" বুলি লিখিছে ৷ সি যি কি নহওক সেই গ্ৰন্থ খন প্ৰকাশ কৰিছিল "অসম প্ৰকাশন পৰিষদে ৷" মাজতে কিতাপ খন পাই আমাৰ কন্যা কুঁহিকো আনি দ

চান্দা

Image
অসমৰ চান্দা অপসংস্কৃতি, উৎপত্তি আৰু ক্ৰমবিকাশ, হিচাপ বনাম ৰাইজৰ মৰণ ৷    শিৰুনামাটো দেখি মোক বিষয়টোৰ গৱেষক ছাত্ৰ বুলি ভুল নুবুজিব ৷ মোৰ জীৱন কালত চান্দা নামৰ ভয় লগা বিষয়টোৰ ওপৰত হোৱা কিছু অনুভৱ হে ব্যক্ত কৰিব খোজা হৈছে ৷     সত্তৰ দশকত মোৰ জন্ম ৷ প্ৰায় চল্লিশোৰ্ধৰ এই জীৱন কালত চান্দাক লৈ না না অভিজ্ঞতাৰ সন্মুখীন হৈছো  ৷ চান্দা আৰু অসম যেন টকাটোৰ ইপিঠি-সিপিঠি হৈ পৰিছে ৷     বৰ বৰ সংগঠনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ একতা সভা, গাঁও, চুবা, গলি বোৰত পতা স্বৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, সত্যনাৰায়ণ পূজা আদি সকলো অনুষ্ঠানতে চান্দাৰ বহী নছপালে, দাবী ধমকি দি ধন নুতুলিলে নহ'বই ৷        কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ল এই অপসংস্কৃতি?  মোৰ চমু জীৱন কালত দেখা, শুনা, পঢ়া সকলো অভিজ্ঞতা সামৰি যি বুজিছো এই চান্দা তোলাৰ নিয়মটো অতীজৰে পৰা অসমত প্ৰচলিত আছিল ৷ তাহানি গঞাই গাঁৱত নামঘৰটো সাজিবলৈ গৃহস্থি প্ৰতি ধান-চাউল সংগ্ৰহ কৰা, বাৰীৰ বাঁহ খেৰ সংগ্ৰহ কৰাৰ নিয়ম আছিল ৷ পিচলৈ "ভেঞ্চাৰ স্কুল" খোলিবলৈও ৰাইজে ঘৰে ঘৰে কাঠ বাঁহ বা ধন তোলাৰ কথা শুনিছিলো ৷ এসময়ত গাঁৱৰ পুথি ভঁৰাল, ক্লাৱ ঘৰ আদি সাজিব
অসমীয়া সাহিত্যৰ নতুন মাধ্যম "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰ সিংহ দুৱাৰ হৈছে মাতৃ ভাষা ৷" সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱা কথাষাৰ হঠাৎ কিয় মনলৈ আহিল নাজানো ৷ হয়তু নিজৰ ভাষাটো ভাল পাওঁ সেই বাবে ৷ ভাষাটোৰ চৰ্চাৰ প্ৰসাৰ হৈছে হয়তু সেই বাবে ৷       "হেৰা কিমাননো আৰু ম'বাইল টিপি নাথাকা?  আমনি নালাগে নে? " শ্ৰীমতীৰ প্ৰত্যাহিক অভিযোগ ৷ মই কেৰেপ নকৰোঁ ৷ তেওঁ ভাৱে এইজনে ফেচবুক-ৱাটচএপত ব্যস্ত থাকে ৷ থাকোঁ নথকা নহয় ৷ কিন্তু ফেচবুক মোৰ বাবে চাটিং চাটিং খেলা বস্তু নহয় ৷ মোৰ বন্ধুত্বৰ তালিকাত থকা সকলে গ'ম পায় মই কিমানৰ ইনবক্সত টুকুৰিয়াওঁ ৷ ফেচ বুক এই কাৰণেই ভাল লাগে যে 'অসমীয়া ইউনিক'ড' হোৱাৰ পৰা প্ৰায় সকল অসমীয়া ভাষী বন্ধুৱেই অসমীয়াত লিখা- মেলা  কৰে ফেচ বুকত ৷ লিখিবলৈও সহজ ৷ কলম কাগজৰ ঝামেলা নাই ৷ চিন্তা কৰা আৰু নিজৰ স্মাৰ্ট ফোনটোতে লিখি থাকা ৷ হাতৰ আখৰ বেয়া বুলি লুকুৱাবলৈও নাই ৷      এটা সময়ৰ কথা মনত পেলাওকচোন ৷ লেটাৰ প্ৰেছত সীহৰ আখৰ এটা এটা কৈ বুটলি কম্পজ কৰি একো খন  কিতাপ প্ৰকাশ কৰাৰ কথা ৷ নতুন চামে এই কথা নাজানে ৷ সৰু হৰফৰ বাবে
অবিশ্বাস, বিশ্বাসহীনতা, বিশ্বাস ঘাটকতা ইত্যাদি: মই নাটকৰ লগত জৰিত মানুহ ৷ নাটৰ কৰ্মশালাবোৰত এটা খেল খেলোৱা হয় ৷ এজন প্ৰশিক্ষাৰ্থীক গা টো বেঁকা নকৰাকৈ পিঠি দি পোনে পোনে পকী মজিয়াত পৰি দিবলৈ কোৱা হয় ৷ তেওঁৰ যাতে কোনো হানি-বিঘিনি নহয় তাৰ বাবে পাচফালে দুজন সতীৰ্থ ৰৈ থাকে পকী মজিয়াত পৰা আগতেই ধৰি ৰাখিবলৈ ৷ বহুতেই এই খেলটো খেলিব নোৱাৰে ৷ পৰি নিদিয়ে ৷ ভয় কৰে ৷ জানোচা নধৰে ৷ সতীৰ্থ দুজনৰ ওপৰত তেওঁৰ বিশ্বাস নাথাকে ৷ এই খেলটো খেলিবলৈ সতীৰ্থ দুজনৰ ওপৰত গভীৰ বিশ্বাস লাগে ৷ যাৰ নাই, সি নোৱাৰে ৷ মানৱীয় সম্পৰ্ক, সম্বন্ধবোৰো ঠিক এই খেলটোৰ দৰে ৷ পৰস্পৰৰ মাজত বিশ্বাস নাথাকিলে সম্বন্ধ নিটিকে ৷ জীৱনৰ বাটত কিমান মানুহ লগ পোৱা হয় ৷ তেজ-মঙহৰ সম্বন্ধ থকা খিনিৰ বাদেও বন্ধু-বান্ধৱ, সহপাঠী, কৰ্মক্ষেত্ৰ-ব্যৱসায়ীক ক্ষেত্ৰ, যাত্ৰা পথৰ সহযাত্ৰী… আৰু শেষত তেজৰ সম্বন্ধ হীন পতি-পত্নী, প্ৰেয়স-প্ৰেয়সী ৷ এই সকলো ক্ষেত্ৰতে সম্বন্ধ বা আত্মীয়তা অটুত থাকে বিশ্বাস নামৰ তিনিটা অাখৰ যুক্ত শব্দটোৰ বাবে ৷ বিশ্বাসৰ পৰাই সৃষ্টি হয় সু-সম্পৰ্ক, আত্মীয়তা, বন্ধুত্ব, প্ৰেম, যুগ্ম জীৱন ইত্যাদি ৷ অৱশ্যে বিশ্বাসহীন ভাৱ
Image
কুশলে আছো, সুখেৰে আছো ৷৷ সুখী হ'বলৈ কি লাগে মানুহক? এগাল মান ধন-বিত? নাই, মোৰ ধন-বিত নাই ৷ সেই ফালৰ পৰা মই দুখীয়া ৷ এই মূহুৰ্তত যদি ঘৰৰ কোনোবা এজন টান নৰিয়াত পৰে তেনে কাৰোবাৰ ওচৰত হাত পাতিব লাগিব ৷ চলি আছো নিত্যান্ত এটা সাধাৰণ জীৱন যাপন কৰি ৷ তথাপিও সুখেৰে আছো ৷ কুশলে আছো ৷ সৰহ ধনৰ পিচে পিচে দৌৰা নাই কোনো দিন ৷ যি পাইছো তাকে লৈ চলি আছো ৷ কিন্তু মনটো এৰি দিছো সুন্দৰৰ সাধনাত ৷ বিশেষ কৈ নাটকত ৷ জীৱনত ইচ্ছা আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হোৱাৰ ৷ নাই নোৱাৰিলো ৷ তথাপিও এৰি দিয়া নাই নাটকক ৷ সামৰ্থৰ জোখাৰে দৌৰি আছো নাটকৰ পিচত ৷ পিচে নাটক কৰিবলৈও টকা লাগে ৷ নাই ৷ কিন্তু  নাটক কৰি আছো ৷ মনটো আছে ৷ সেয়াই মূলধন ৷ বাকীখিনি ৰাইজৰ সঁহাৰি ৷ বিগত প্ৰায় এমাহজোৰা কষ্টৰ অন্তত আজি মে-ডাম-মে-ফী উপলক্ষ্যে গাঁৱৰ মহিলা, যুৱতী সকলে মঞ্চায়ণ কৰিলে ৰূপ কোঁৱৰৰ অমৰ সৃষ্টি "কাৰেঙৰ লিগিৰী"ৰ ৷ অতি কম খৰচত ৷ "জেনেৰেটৰ" "চাউণ্ড"ৰ বাদে বাঁহৰ চাঙক মঞ্চ, দৰ্শক বহাৰ ঠাই আদি ৰাইজৰ শ্ৰমৰ ফচল ৷ বাকী লাইটৰ-মঞ্চৰ সামগ্ৰী "গগনাবা"( Gogamukh Gananatya Bahini ) ৰ