ৰাতিবোৰ হাতী হয়
ৰাতিবোৰ হাতী হয়। বেলিটো পাহাৰটোৰ সিপাৰে লুকালেই বাঢ়ি আহে উৎকন্ঠা। বেলিৰো যে কত বিশেষণ - দোকমোকালিৰ বেলি, দুপৰৰ বেলি, ৰান্ধনী বেলি.. ৰান্ধিবলৈ মোৰ আখলত খুদকণ এটিও নাই খেনোৰ উভৈনদী সম্পদে অহংকাৰৰ নদী ওফোন্দায়। শিতানে পথানে মাথোঁ ছহাট মাটি কাক কোনে বুজায়? উশাহৰ শেষ পঞ্চভূতী দেহৰ অৱশেষ কোনে বা বুজি পায়। কথাবোৰ ভাবি ৰাতিটো হাতী যেন হয়। দূৰ্ভাৱনাৰ বলিষ্ঠ চাপৰ খোজে মোৰ বুকুখন চেঁপি ৰয়। কাতৰ উশাহ এটাৰে প্ৰাৰ্থনা কৰোঁ - ৰাতিবোৰ হাতী নহওক মনবোৰ উদাৰ হওক জাতি ধৰ্ম বৰ্ণৰ পৰিয়চয় বোৰ তেহেলৈ যাওক। মানুহবোৰ কেৱল মানুহ হওক ।