Posts

Showing posts from 2018

নিজান নিজান.. নিতাল নিতাল।।

লগন স্তব্ধ ঘড়ীৰ কাঁটাত সময় প্ৰৱাহিত অথচ জীৱন স্থৱিৰ। নিসংগতা মোৰ জন্মজ লগৰী জীৱন পৰিক্ৰমাত নতজানু শিৰ। এই যে মৃত শামুকৰ খোলাত বন্দী নতুবা লেটা এটাৰ দৰে খোলাত। বিছা হৈ ওপজিলো ওপজিব জানো ফুটুকি পখিলা জীৱন মাথো নিৰৱে সৰি পৰা পকা পাত এখিলা আক্ষেপ নাই বিৰিখৰ নতুন কুঁহি পাত মেলিব প্ৰতিটো বসন্তত। পোহৰত জোনাকীৰ কি দাম?! কিহৰ বাবে পেলাওঁ তেজ-ঘাম? মোৰ বাবে আন্ধাৰ ভাল আত্মাৰ গোপনত নিসংগতাৰে পিব পাৰোঁ বিষাদ ফটিকা নাই কোনো জঞ্জাল।

মোৰ ঠিকনা বিচাৰি

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিলা মোক? মোৰ মাতটোও অচিনাকি এতিয়া তোমাৰ বাবে.. -মাফ কৰিবা । মই যে হৃদয় জয় কৰিবলৈ নিশিকিলো। -প্লিজ ঠিকনাটো দিয়া। -তুমিচোন হৃদয়ত লিখিছিলা মোৰ নাম তেজত আঁকি থৈছিলা মানচিত্ৰ। আজি ঠিকনা বিচাৰি ফ'ন কৰিছা। হাঃ হাঃ হাঃ নৰক নগৰৰ শেষটো বাইলেনৰ জৰাজীৰ্ণ ঘৰটো মোৰ ঠিকনা। অহৰ্নিশে খোলা থাকে বুকুৰ জপনা। (ঠিকনা বিচাৰি ফ'ন কৰা এসময়ৰ এগৰাকী  সুহৃদৰ হাতত)
হৃদয় এক ৰণক্ষেত্ৰ। যুদ্ধ আৰু হৃদয় যদিও পৃথক দুয়োটাকে জিনীবলৈ টান। কিছুমান মানুহে যুদ্ধ জয় কৰে কিছুমানে হৃদয়। কিন্তু যাৰ হৃদয়েই নাই তেওঁৰ কি জীনিবা! শৰীৰৰ? যুদ্ধ জিকিবলৈ যুদ্ধ ক্ষেত্ৰত নামিব লাগিব। হৃদয় জিকিবলৈ? হৃদয় শৰীৰত থাকে। সকলো শৰীৰত কিন্তু হৃদয় নাথাকে। পুনঃ হৃদয় জয় আটাইতকৈ সহজ। কিন্তু হৃদয় বিচাৰি পোৱাটো দুৰুহ। দূৰ্লভ। কঠিন।

দুখ বোৰ মোক দিয়া ভালপোৱাবোৰ তুমি লোৱা।

তেওঁ সুধিলে - "সুখী নে তুমি?" মই ক'লো- তোমাৰ দুখ বোৰ মোক দিয়া আৰু সুখী হোৱা। তেওঁ সুধিলে - "হাঁহি আছা নে?" মই ক'লো- চকুপানী বোৰ মোক দিয়া তুমি হাঁহি থাকা। প্ৰায়ে তেওঁৰ স'তে আলাপত বহোঁ তেওঁৰ নিসংগতাবোৰ মোক দিয়ে মই একাকীত্বৰ বিষাদত মগন হওঁ। তেওঁক বিশ্বাস দিব পৰাকৈ বিশ্বাসী হ'ব খোজোঁ। বিষাদ বোৰ পাণ কৰি নীলকণ্ঠী হওঁ। এদিন তেওঁ ক'লে অলপ শান্তি দিয়া। মই ক'লো-  বিনিময়ত যুদ্ধ নকৰিবা। ১০ ডিচেম্বৰ ২০১৮

এই বাটেৰে আজি তেওঁ আহিব

এই বাটেৰে আজি তেওঁ আহিব এই ফুলনীত আজি ফুল ফুল ফুলিব নুফুলা বহু কলিও সৰি পৰিব পছোৱা বলিব মিছা ভালপোৱাৰ তাচ পাতৰ ঘৰ পকা পাত সৰা দি খহি পৰিব এই বাটেৰে তেওঁ আহিব। এই বাটেৰে তেওঁ আহিব পুৰণি নিয়মবোৰ অনিয়মৰ ভৰত ভাঙি পৰিব সম্ভাৱনাহীন এজাক বৰষুণ সৰিব ইপাৰ-সিপাৰ একাকাৰ হ'ব হাঁহাকাৰ বোৰ চিৎকাৰ হ'ব এই বাটেৰে তেওঁ আহিব। পথবোৰ মসৃণ হ'ব পহৰিয়াবোৰ সস্ত্ৰম হ'ব চাইৰেণবোৰ বাজি উঠিব পথ হেৰুৱাৰ ভয় নাথাকিব এই বাটেৰে তেওঁ আহিব পথ হেৰুৱাবলৈ পথেই নাথাকিব।
একাকীত্বৰ  গৰল পান কৰি  নীলকণ্ঠী হওঁ। "মৃত্যু মা আমৃতং গময়" তমসাৰ পৰা পোহৰলৈ নিয়া জীৱনৰ পৰা! মৰণলৈ?! নিজৰ নিজানত নিৰ্জনতাৰ সুৰা পান কৰি মাতাল হওঁ সময় নদীত দলিয়াই দিওঁ যত দুখ, ক্লান্তি, অসুখ সৰু সৰু শিল গুটিৰ দৰে। ঢৌ উঠে। ঢৌ মানে যে সোঁত নহয় জীৱন সময় বালিত পৰি ৰয় আৰু মই! আত্মাৰ পৰা আত্মালৈ বন্ধা সেতু বোৰ ঘৈয়াই যাওঁ নিঃসংগ হওঁ  গৰল পান কৰো একাকীত্বৰ গৰল আৰু  নীলকণ্ঠী হওঁ।
সুৰ ভাল, সুৰা ভাল "য়ে ইন্টেজাৰ গলত হে কি চাম হ' যায়ে.." অজুহাত যেতিয়া পায়েই গ'লা সন্ধিয়ালৈ কিয় ৰ'বা এতিয়াওতো পিব পাৰি ফটিকা মাতাল হ'ব পাৰি ডুৱ যাব পাৰি নষ্টালজিয়াত। "আজ কাল ইটনি ভি নেহী মিলটি মেহখানে মে যিটনি হাম চ'ৰ দি থি পেমানে মে..." অৱশিষ্টকে পান কৰোঁ আহা জীৱন মদিৰা ভীৰ কৰক স্মৃতিয়ে কাতৰ কলিজা নিচা কাৰোবাৰ বাবে প্ৰেয়সীৰ চকুপানী কাৰোবাৰ বাবে আলিংগনৰ আৱাহনি নিচা প্ৰিয়াৰ কাজলত নিচা বিষাদী গজলত। সন্ধিয়া আহিবই নামি জীৱনৰ দেৰী কিয় সখা অজুহাত যেতিয়া পায়েই গ'লা উদযাপনৰ। গান ভাল সুৰ ভাল সুৰা ভাল মলমৰ দৰে পূৰাই আনে ঘাঁ কলিজাৰ।

ধনীৰামৰ কুকৰা পাম

Image
নব্বৈ দশকৰ ঘটনা। সেই সময়ত বেলি থপিয়াবলৈ যোৱা বহু ককাইদেউ "মূল সূঁতি" মানে "চেন্ট্ৰেল ইষ্ট্ৰিম" লৈ ঘূৰি আহিছে। ৪০৭ নামৰ যমৰ ফোন নম্বৰ বুলি খ্যাত হোৱা যাত্ৰীবাহী সৰু বাছ লৈছে, আত্মসংস্থাপনৰ নামত। দুই লাখ টকাকৈ দিছিল চৰকাৰে। চাৰি চকা যুক্ত এনে বাহন দূৰ্ঘটনা গ্ৰস্ত হৈ বহুলোকৰ নাম আগৰ শ্ৰী ডিলিট হৈ চন্দ-বিন্দু নামৰ প্ৰেমিক যুগল বহি গ'ল বাবে ৰাইজে পিছলৈ এই ৪০৭ নম্বৰটোক যমৰ ফোন নম্বৰ বুলি অভিহিত কৰিলে। সেই সময়ৰে ঘটনা। "প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনা" (PMRY) বুলি বহু অসমীয়া যুৱকক উদ্যোগিক ঋণো দিছিল অসম চৰকাৰৰ উদ্যোগ বিভাগে। পৰিমাণ এক লাখ। আমাৰ ধনীৰামেও আৱেদন কৰিলে। বিভাগীয় কণিষ্ঠ অভিযন্তাৰ দ্বাৰা আঁচনি প্ৰস্তুত কৰোৱালে। পশু পালন আৰু চিকিৎসা বিভাগৰ অধীনত কণী পৰা কুকুৰাৰ পাম খুলিব। সাক্ষাৎকাৰত উতৃৰ্ণ হ'ল। প্ৰশিক্ষণলৈ মাতিলে। গ'ল। ক'লে ব্যৱসায়ত নামিব যেতিয়া মনোবল হেৰুৱাব নালাগে। লাভ-লোকচান থাকেই। মন ভাঙিব নালাগে। দুগুণ উৎসাহেৰে কাম কৰি যাব লাগে।    সকলো কথা সাৰোগত কৰি ধনীৰামে ঋণৰ টকাৰে কণীৰপৰা কুকুৰাৰ পাম খুলিলে।   মাহ চেৰেক গ'ল। আই কৰ বিভাগ

ৰস বচন- ১

Image
শিৱসাগৰৰ পৰা গোগামুখ লৈ আহি আছো। চন ১৯৯৯। দিচাং ঘাটত ফেৰীত উঠি টেকেলি ফুটা ঘাট, তাৰ পাছত ঢকুৱাখনা, ঘিলামৰা হৈ আৰু গোগামুখ পাম হি। তিনি বন্ধু একেলগে। বিশাল ব্ৰহ্মপুত্ৰৰ ৰূপ অনুভৱ কৰি, গৰিমা সোঁৱৰি এইপাৰ অৰ্থাৎ টেকেলীফুটা ঘাট পালো হি। জীপ গাড়ী চলে তাৰ পৰা ঢকুৱাখনালৈ । ফেৰীৰ পৰা নমাৰ লগে লগে টনা আঁজোৰা। একেবাৰে বৃটিছ যুগীয়া জীপৰ চালকে নিজৰ আসনতো মানুহ বহুৱাই লয়। নিজে টিকাটোৰ এফাল কোনোমতে থাপি যাত্ৰীৰ ঠেঙৰ ফাঁকেৰে হাত ভৰাই গিয়েৰ সলনি কৰে। আমি তিনি বন্ধুৱে এই টনা আঁজোৰা আৰু ঠেলা হেঁচাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ফেৰীৰ পৰা পোনে পোনে নামি জীপত নুঠি অলপ ৰৈ লাহে ধীৰে যোৱাৰ সিদ্ধান্ত ল'লো। হৈ চৈ কৰি জীপ কেইখন গ'ল । ঘাটতে এজন জনজাতীয় লোকে সাঁজ  (পিৰিং পানী) বেচিছে। তিনি বন্ধু বহি গ'লো। সময় কটোৱাও হ'ব। গা জুৰ কৰাও হ'ব। সাঁজৰ লগত পাভ মাছ। বিল হ'ল গৈ পয়সত্তৰ টকা। মই বোলো সত্তৰ টকা ল । পাঁচ টকাটো এৰি দে। জনজাতীয় ভাইটোৱে বোলে নহ'ব। পুৰাই লাগিব। মই বোলো ব্ৰহ্মপুত্ৰৰে মাছ। টকা পাঁচটা এৰি দিব নোৱাৰ নে? সি কি ক'লে জানে? "ককাই ৰিজাৰ্ভ বেংকৰ কাষত তোৰ ঘৰটো বনাই ল

লথৌ বুঢ়া, আঠফুটিয়া টিন পাতৰ সমান পুঠি মাছ ইত্যাদি

Image
 - বিনয় কৃষ্ণ তামুলী ফুকন ল'ৰাহঁতে বুঢ়াৰ পিছ নেৰেই। বুঢ়াৰ পিছত ল'ৰাহঁত লাগি থকা দেখিলে খগেন মহন্ত দেৱৰ 'তলৌ খুড়াৰ হলৌচোলা' গীতটো মনত পৰে। বুঢ়াৰ নাম কি আছিল জনা নাযায়। এই গাঁওখনলৈ 'লথৌ' নামৰ ঠাই খনৰ পৰা উঠি আহিছিল বাবে সৱেই 'লথৌ বুঢ়া' বুলিয়েই মাতে। ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৰে লথৌ বুঢ়া। বুঢ়া সকলোৰে মাজত জনপ্ৰিয় হোৱাৰ কাৰণ আছে। মিছা কথা কৈয়ো যে মানুহ জনপ্ৰিয় হ'ব পাৰি লথৌ বুঢ়া তাৰ উদাহৰণ। নিৰ্দোষ মিছা কথা বোৰ বৰ ৰসাল ৰূপে কয় লথৌ বুঢ়ায়।    কনপিতৌৱে বাটৰ কাষৰ খালত বৰশী টোপাইছে। -কণপিতৌ, পাইছনে। চাওঁ খালৈটো? লথৌ বুঢ়াই কণপিতৌৰ খাৱৈতো চাই মাত্ৰ চেঙেলি মাছ এটা দেখি কয় - ও এইটো মাছেই নে? মই লথৌত থাকোঁতে মাছ ধৰিছিলো। কিমান ডাঙৰ জান? কণপিতৌঃ কিমান ডাঙৰ বা? -ক'লে জানো বিশ্বাস কৰিবি? পুঠি মাছ জনীয়েই আঠ ফুটিয়া টিনপাত চলাৰ মান হ'ব। -হেই । মিছা ক'বলৈ আৰু ঠাই নাপালি লথৌ বুঢ়া। -হেইয়া। জানো বিশ্বাস নকৰ। এবাৰ কি হ'ল জান? কণপিতৌৱে জানে বুঢ়াই মস্ত গাজা এটা মাৰিব। তথাপি সময়ো পাৰ হওক, বৰশীতো মাছে খুতক বুলি ক'লে। -কচোন কি? -মই
ধাৰাবাহিক অনিমন্ত্ৰিত গৈ আছিলো জীৱনৰ বাটে বাটে প্ৰাপ্তি অপ্ৰাপ্তিৰ হুহুৰি বজাই ৷ কেইবাটাও আলিকেঁকুৰি পাৰ হৈ হৈ ৰৈ গৈছিলো এটা দীঘল পদূলিত ৷ দুপৰ আছিল ৰ'দ আছিল ৷ তেওঁৰ পদুলি মুখ ডালিয়া ফুলি আছিল ৷ মই থৰ হৈ গৈছিলো ৷ তেওঁ চোতালত বহি দুখৰ কলিয়া চুলি মেলাই আছিল ৷ মন্ত্ৰমুগ্ধৰ দৰে মই আগবাঢ়িছিলো ৷ তেওঁ ভিতৰলৈ দৌৰ মাৰিছিল ৷ হয়তু অবিন্যস্ত চুলিৰ বাবে লাজ পাইছিল ৷ অলপ পৰ ৷ ওলাই আহিছিল সাজি কাচি ৷ কঁপালত জোন জ্বলিছিল ৷ চকুত কাজল নে বিষাদ আছিল জানো ৷ বৰ কোমল মাতেৰে কৈছিল - "আহক" ৷ দুৱাৰ মেলি দিছিল বুকুৰ আলহি ঘৰৰ ৷ চোফাখনত এটা চাপ আছিল ৷ কোনোবা অভ্যাগত অলপ আগতে বহিছিল ৷ হয়তু মোক দেখি তেওঁৰ বুকুৰ মাৰল ঘৰলৈ সুমাই গৈছিল ৷ হয়তু তেওঁৰ স'তে তেওঁৰ বিষাদ আলাপ হৈছিল ৷ যাৰ দাগ কাজল হৈ চকুত বি‍‍য়পি আছিল ৷ চাৱনিত তেওঁৰ কাতৰতা ৷ মোৰ বুকুত আকুলতা ৷ যেন ৰ'দৰ ফুল ফুলাম ৷ মই কৈছিলো ৰ'দৰ দেশলৈ যাবা ৷ তেওঁ সুধিছিল - "নিবা"? কৈছিলো - জোনাকত বহিম ৷ সুখৰ আপং পিম ৷ সৰলৰ ছাঁত জিৰাম , পোহৰৰ গান গাম ৷ তেওঁ মুৰ দুপিয়াইছিল ৷ চকুত বিষন্ন কাজলবোৰ লাগিয়েই আছিল ৷ হ‍য়তু মা

ৰ'দ চাৰিওফালে

ৰ'দ মোৰ চোতালত ৰ'দ মোৰ পথাৰত লাৱনী ৰুৱনীৰ কলাফুলত ৰ'দ পাৰঘাটত পানী ঘাটত পানীৰ কলহত গৰ্ভৱতী ৰ'দ। শইচ সম্ভাৱনাময় ৰ'দ। ৰ'দ চাৰিওফালে উত্তৰে দক্ষিণে নৈঋতে ঈশানে দূৰৈত ক'লা মেঘ বুকুৰ গোপনে গোপনে। ©বিনয়

ৰ'দৰ কবিতা

(১) ৰ'দত ফুল ৰ'দালীত সোনালী পখিলা বুকুৰ বকুল জোপাৰ পৰা নিৰৱে সৰি পৰিল হালধীয়া পাত এখিলা (২) তামসিক ৰাতিটোৰ শেষত বন পক্ষীৰ কলৰৱ ৰৌদ্ৰস্নানেৰে এঙামুৰি দিলে কাঁইটীয়া গোলাপ। ভালপোৱাবোৰ সুহুৰি বজাই ৰ'দৰ বাটেৰে গুছিযায় পৰ্যটক প্ৰেমিক তাৰ ঘামে ধোৱা কামিজৰ তলত ভালপোৱাৰ ৰ'দে পোৰা কলিজা মৌন নিৰ্বাক। (৩) এইটো ৰ'দৰ বাট এই বাটেৰে গ'লে পাব পাৰি প্ৰেমৰ পাৰঘাট মাজত পঁচা মদাৰৰ সাকোঁ হিংসা, প্ৰতি হিংসা আৰু বিশ্বাসঘাটকতাৰ। (৪) ৰ'দ সৰি পৰে ডাৱৰৰ ফাঁকে ফাঁকে শাওঁনীয়া পথাৰত ৰ'দে সম্ভাৱনাৰ ছবি আঁকে। চৌফলীয়া ৰ'দত বুকুৰ সোৱণশিৰিত সোণালী পিঠিয়াই জলকেলি কৰে ৰ'দে গানো জানে ঘামো আনে। ©বিনয়
বৰপেটা সত্ৰ, খ্ৰীষ্ট ধৰ্মী, মাজুলীৰ অস্পৃশ্যতা ইত্যাদি।। -বিনয় কৃষ্ণ তামুলী ফুকন । শিৰোনামাটো দেখি নাভাবিৱ যে এই লেখাটো কোনোবা গৱেষক ছাত্ৰৰ গৱেষণা পত্ৰ। নিমাখিত, সাধাৰণ মানুহ এটাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা আহৰণ কৰা কিছু অপ্ৰিয় সত্য। 'সঁচা ক'বা। কিন্তু অপ্ৰিয় সত্য নক'বা।' বোলা কথাষাৰৰ মই পৰী পন্থী। ক'ম এশবাৰ ক'ম। হাজাৰ বাৰ ক'ম। মহাত্মা গান্ধীয়ে কেৱল এইষাৰ কথা কোৱা নাছিল। ভাৰত বৰিষৰ পৰা অস্পৃশ্যতা নিৰ্মূলৰ বাবে হৰিজন সকলক চুৱ পৰা কৰি থৈ যাব খুজিছিল। নোৱাৰিলে। হৰিজন শব্দটোৰ ঠাইত চাফাই কৰ্মী শব্দৰ প্ৰচলন হ'ল। অসমৰ ডিব্ৰুগড় চহৰত "পৌৰ সভাৰ চাফাই কৰ্মীৰ কলনি বুলি" যিটো  আৱাসীক এলেকা আছে , তাক জন সমাজত আজিও "চুইপাৰ কলনি" বুলিয়েই জনা যায়। লখিমপুৰতো একেই কথা। "মেটৰ পট্টী"। তাতোতকৈয়ো ডাঙৰ কথা অসমত এই অস্পৃশ্যতা অক্ষুন্ন ৰাখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ জীয়াই ৰখা বুলি দাৱী কৰা সত্ৰ সমূহে। সত্ৰ নগৰী মাজুলী কে ধৰি বৰপেটা সত্ৰ, বা অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সত্ৰ সমূহতে অস্পৃশ্যতাৰ প্ৰভাৱ আটাইতকৈ বেছি। আজিও সত্ৰৰ গোঁসায়ে কোন

নুপূঋনাৰ চহৰত

তোৰ চহৰলৈ আহিছিলো নুপূঋনা তোক বিচাৰি তই দিয়াৰ কথা আছিল হৃদয়ৰ ঠিকনা গোৱাৰ কথা আছিল প্ৰেমৰ বন্দনা। আহিছিলো এখন নৈ দুটা পাৰঘাট পাৰ হৈ হৈ ডাৱৰৰ নিচান চাই নোগোৱা গানৰ সুহুৰি বজাই। মনত আছানে নুপূঋনা ! আমি বাট হেৰুৱাৰ কথা আছিল কৃষ্ণচূড়াৰ অৰণ্যত হেৰাই যোৱাৰ কথা আছিল হৃদয় অভয়াৰণ্যত। মই চিনি পাইছিলো তোৰ হৃদয় চহৰৰ প্ৰতিটো গলি এপাৰ্টমেন্ট নাম ফলকহীন যদিও ঠিকনা বিহীন উৰি আছিল প্ৰেমৰ তেজ ৰঙা পতাকা তোৰ ৰাধাচূড়া পদূলিত। আমি তিতাৰ কথা আছিল এজাক ভালপোৱাৰ বৰষুণত উজাই যোৱাৰ কথা আছিল আকূলতাৰ নৈ খনত। এটা লং ড্ৰাইভ আৰু মেহদি হাচানৰ গজল দুপিয়লা ক'ল্ড ক'ফিৰ মাজত অনন্ত নিৰৱতাৰ সাগৰ মনত পৰেনে নুপূঋনা ? নুপূঋনা, নুপূঋনা.. নাজানো ক'ত শেষ এই যাত্ৰাৰ কি নাম কি নাম এই আকূলতাৰ!! মই গুছি আহিলে বে ৰঙী হৈ পৰিবনে তোৰ চহৰ। স্তব্ধ হৈ পৰিবনে প্ৰহৰ? উচুপিবি নে মোৰ সোঁৱৰণত!! নুপূঋনা, এৰি থৈ আহিলো তোৰ চহৰ অতীত হৈ গ'ল সেই নিৱিড় প্ৰহৰ ৰৈ গ'ল কোনো অচিনাকি জাহাজ সাৱটি উদাস বন্দৰ। নুপূঋনা, গুচি আহিলো তোৰ চহৰ এৰি নহ'লে যে বদনামী হৈ পৰিব চহৰ গলি, বাইলেন মানুহে ওলিয়াব বু বু বা বা নুপূঋনাক বদনামী কৰি। মই ঘূ

মৌনতাৰ গান

মৌন মুক স্তব্ধ অন্ধ বন্ধ বন্ধ বন্ধ দ্বন্দ্ব দ্বন্দ্ব হৃদয় দুৱাৰ আজি বন্ধ। ভুল ভুল, হুল হুল আকূল আকূল আকূল পাগল পাগল প্ৰতিটো প্ৰহৰ, উশাহ কাতৰ নিস্তব্ধতাতো বহু কোলাহল কঠিন কঠিন পাথৰ পাথৰ আকাল আকাল মৰমী মাতৰ সমাধি সমাধি সৰাফুল যেন সপোনৰ। আকাশ জঠৰ ডাৱৰ নিথৰ নিশাবোৰ হ'ল উজাগৰ জীৱন যুঁজৰ অনন্ত ভাগৰ সুখৰ নহয় শোকৰ সাগৰ শামুকৰ খোলা যেন মন ত্যক্ত, বৰ্জিত উপকূলৰ। মৃত মৃত, সময় আহত কূটিল জটিল কাল অনাগত মৃত কায়া, নাই ছাঁয়া সেউজী সেউজী পাতৰ মৌন মুক স্তব্ধ অন্ধ বন্ধ বন্ধ বন্ধ দ্বন্দ্ব দ্বন্দ্ব হৃদয় দুৱাৰ আজি বন্ধ।

অমৃত্যু

জীৱনৰ বাট।  জটিল কূটিল মৃত্যুৰ বাট মসৃণ ৰাখি যাব যি সময় বালিত খোজৰ চিন দূৰ্ভিক্ষ, দূৰ্দিন ইপাৰতে শেষ নাজানো সিপাৰ মৃত্যুত মাথো নহয় শেষ সৰা ফুলৰ সৌৰভেও পুলকিত কৰে মন সৰিলেই মাথো নহয় শেষ।
শেষ দৃশ্য                                                                         - বিনয় কৃষ্ণ তামুলী ফুকন । বেৰত ঢেপেলা মুখীয়া মানুহজনৰ ফটোখন ওলমি আছে। বিষ্ণু ৰাভা তেওঁৰ নাম। ফটোখনৰ ফ্ৰেমটো ঘূণ পোকে খাইছে হ'ব পাই। য'তে ফটোখন ওলমি আছে তাৰ তলতে একেবাৰে মিহি ঘূৰণীয়া, চুজিৰ দৰে গুৰি, গুৰি অলপ পৰি থাকে। এনেকৈয়ে গুৰি গুৰি বোৰ সদায় সৰি থাকিলে এদিন ফটোখন সৰি পৰিব। হয়তু ফটোখন বন্ধাই থোৱা গ্লাছ খনো ভাগি থান বান হ'ব। ফ্ৰেমৰ পৰা ওলাইপৰা ফটোখন অ'ত ত'ত পৰি এদিন উঁৱলি যাব। ঠিক শশাংক ফুকনৰ দৰে।এৰা ফ্ৰেমৰ পৰা বাহিৰ হৈ গৈছে শশাংক ফুকন। লাহে লাহে উঁৱলি গৈছে তেওঁৰ জীৱন। ঘৰটো সাৰি সাৰি কথাবোৰ ভাবিলে শশাংক ফুকনে। পত্নী শয্যাশায়ী হোৱাৰে পৰা ঘৰ সৰা, বাচনধোলৱা, পত্নী মধুমিতাৰ আল পৈচান ধৰা এই আটাইবোৰ ফুকনে নিজেই কৰি আহিছে। গুৰি গুৰিবোৰ ফুল ঝাৰু ডালেৰে জাৱৰ পেলোৱা খনত উঠাই ফুকনে দীঘল হুমুনিয়াহ এটা পেলালে। -শুনাছোন। বিচনাত পৰি থকা পত্নীৰ দূৰ্বল আহ্বানত হাতৰ কাম তাতে পেলাই ফুকন মধুমিতাৰ বিচনাৰ কাষ পালেহি। -মোক অলপ আওজাই দিয়াচোন। একে কাটিয়ে পৰি থাকি এফাল জঠৰ হৈ গৈছে। ফুকনে গাৰু এটা দি পক্ষাঘাত

ই-প্ৰেম (গল্প)

Image
- বিকৃতাফু "অ বিদেশী বন্ধু দূৰ্ভগীয়া...," স্মাৰ্ট ফ'নটোত সি নিজৰ পছন্দমতে লগাই থোৱা ৰিং টনটো বাজি উঠিল। স্ক্ৰীনত জিলিকি উঠা নম্বৰটোৰ বাবেই সি যোৱা আঠচল্লিশ ঘন্টা গভীৰ উৎকণ্ঠাৰে পাৰ কৰিছে। এই মূহুৰ্তত সি ফ'নটো ৰিচিভ কৰিবনে নকৰে ঠিৰাং কৰিব পৰা নাই। নাই নকৰে। ইমান অহংকাৰ তাইৰ। বিগত দুটা দিনত তাৰ এটা খবৰ ল'বলৈও আহৰি নোলাল তাইৰ। কথা খিনি ভাবি থাকোঁতেই ৰিং কৰি কৰি ফ'নটো বন্ধ হৈ গ'ল। তাইক চাগে কম্পিউটাৰাইজ কণ্ঠ এটাই ক'লে "আপ যিচ ব্যক্তিক' ফোন কৰানা চাহতে হেঁ ৱ ইচ ৱক্ত আপ কি কল লে নে কে লিয়ে তৈয়াৰ নেহী হে। হয়। সি সঁচাকৈয়ে প্ৰস্তুত নাছিল। ভাবিছিল আঠচল্লিশ ঘন্টাৰ আগতে কৰা তাইৰ ফোনটোৱেই সিহঁতৰ দীঘলীয়া প্ৰণয় কালৰ শেষ ফোন কল আছিল। ছেঃ কিয় নধৰিলে সি ফোনটো। তায়ো কৰা নাই। সিও সৰু হৈ দিবলৈ বেয়া পাইছে। টিং। মেচেঞ্জাৰটোৱে মৃদু শব্দ এটা কৰি উঠিল। তাইৰ হাঁহি থকা প্ৰফাইল পিকচাৰ খন ঘূৰণীয়াকৈ জিলিকি উঠিল। জোন যেন লাগিছে। অলপ পৰ সেই হাঁহি থকা জোনটো চাই সি মেছেজ টো খুলিলে। -ফোন কৰিছিলো। নধৰিলা। ব্যস্ত আছিলা চাগে। ধুৰ তাৰ টিকিচ কৈ খং এচাটি উজাই আহিল। তই ব্যস্ত নে মই। চা

বিহু কোন ঢালে১

 (দৃশ্য ১) নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল ৷ লোৰ জপনা খনত পিচফালটো দি এখন বিলাসী গাড়ী ৷ ডিকিটো খোলা ৷ ডিকিত এটা "ডিজে" ৷ উচ্চচৰত বিহু সুৰীয়া গীত বাজিছে ৷ অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল'ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জকৰৰ দৰে হাত- ভৰি জোকাৰিছে ৷ অলপ পৰ পাচত ঘৰৰ ভিতৰৰ পৰা মানুহ এজন ওলাই আহিছে ৷ মানুহ জনৰ সাজ-পাৰ চাই কৈ দিব পাৰি যে তেওঁ ঘৰটোৰ কামকৰা মানুহ ৷ চিঞৰ-বাখৰ কৰি থকা দলটোক অলপ ডাঙৰৰ আকাৰৰ নোট এখ দিছে , চফদানীত ৷ অলপৰৰ বাবে নাচৰ দৰে মৰা জাঁপ বন্ধ হৈছিল যদিও পিচ পাকতে ফুৰুলি কেইটামান মাৰি সিহঁত নাচিবলৈ লাগিল ৷ টকাৰ পৰিমাণটো কম হৈছে ৷ সিহঁতে বিহু মাৰিছে ৷ দৃশ্য -২ মফচলীয় অঞ্চলৰ ব্যৱসায় কেন্দ্ৰ ৷ দোকানৰ বাৰান্দাত ৬ টা মান ল'ৰা-ছোৱালী ৷ এটাৰ ডিঙিত ঢোল ৷ এটাৰ হাতত তাল ৷ ঢোল-তাল লোৱা দুটা আগত ৷ ঢোলটোত তালহীন মাৰ কেইটামান মাৰিছে ৷ সিটোৱে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাল কোবাইছে ৷ দোকানী জনে অতিষ্ঠ হৈ দহ টকা এটা দলিয়াই দিছে ৷ সিহঁতো বিহু মাৰিছে ৷ দৃশ্য-৩ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথ এটা ৷ চিৰালৰ বাকলি এৰুৱা দি বিটুমিনবোৰ বখলা বখলে এৰাই গৈ সৰু

মৰা মানুহৰ দেশ

Image
বুৰঞ্জীৰ পাতত ডুৱ যাব ধৰা এখন দেশ ৷ ইতিহাস হ'ব খোজা এটা জাতি এৰি দি মাটি এৰি দি ভেটি এৰি দি পুলিন -পুথাওৰ সমাধি অথবা ৰংগভূমি মাৰিছে দীঘল হামি এক অনন্ত শয়নৰ প্ৰস্তুতিত ৷ কণ্ঠ ৰূদ্ধ প্ৰতিবাদৰ মৰা শৰ দৰে নিৰুদ্দেগ এখন মৰা মানুহৰ দেশ ৷ যাওক দেশ যাওক মাটি যাওক ভেটি সাত পাতালৰ অতলত পৰি ৰওক জাতি কাৰ কি ক্ষতি ? ঘটিব লাগে ধন গোটাব লাগে মান বনাব লাগে সন্তান গঢ়িব লাগে ঐশ্বৰ্য্যৰ পাহাৰ লাগিলে সেই পাহাৰ তলত পোত যাওক সাতামপুৰুষীয়া গৰ্ব স্বদেশ- স্বজাতিৰ অহংকাৰ ৷ এখন মৰা মানুহৰ দেশ পিন্ধি প্ৰগতিৰ ভেশ গাই গোটে পেটে ভঁৰাল সাজি যায় অহৰ্নিশ এখন মৰা মানুহৰ দেশ শ শ প্ৰজা শ হৈ নতশিৰ নোহে , নোপজে আৰু বীৰ আত্মকেন্দ্ৰিকতাৰ তপত মৰুৱে গ্ৰাস কৰি আনে ক্ৰমে এখন নিলাজ মানুহৰ দেশ ৷
সুখী মই আছে নে সুখী হোৱাৰ কিবা নিয়ম ব্যাকৰণ, নীতি, নিয়ম? কিমান ঐশ্বৰ্য্যৰে সম্পদশালী হ'লে সুখী হ'ব পাৰি ? কিমান পালে ? কিমান দামী পোচাকেৰে কি অলংকাৰেৰে সজালে নিজক সুখী হ'ব পৰি ? কিমান থাকিব লাগিব বেংক বেলেঞ্চ? কিমান বিলাসী হ'ব লাগিব গাড়ী ? কিমান ওখ হ'ব লাগিব অট্টালিকা ? নাথাকিলে ও চলিবনে এখন হৃদয় ? কুশল বাৰ্তা সুধিব পৰাকৈ ? অলপ মৰম ডুবি থাকিব পৰাকৈ ডুবাই ৰাখিব পৰাকৈ অকণি ভালপোৱা বুকু জুৰ পেলোৱাকৈ অলপ আবেগ কান্দিব পৰা কৈ কিঞ্চিত সহানুভূতি ? আনক দিব পৰাকৈ ঈৰ্ষা আৰু হিংসা, কপট আৰু  আকাঙ্খা, প্ৰাপ্তিৰ হেঁপাহ আৰু নোপোৱাৰ হাঁহাকাৰ দুখৰ অনন্ত প্ৰকাৰ ৷ এখন হাত বোকামাটি খচিব পৰাকৈ এখন হাত আকুলতাৰে মেলিদিব পৰা কৈ এটা মন আকাশৰ সেউজীয়া চুব পৰাকৈ এজুৰি চকু ধুনীয়াবোৰ চাব পৰাকৈ এখন বহল  বুকু অভ্যৰ্থনা কৰিব পৰাকৈ অলপ উদাৰতা সকলো দিব পৰাকৈ আৰু নো কি ? যি দিলা তাকে ল'লো যিমান দিলা তাতকৈ নিবিচাৰিলো সৱ লাগে বুলি এবাৰো নক'লো মই সুখী হ'লো মই সুখী হ'লো ৷
Image
তই শূন্যতাৰ স'তে ওমল কিয়? এই উদাসী ছোৱালী জনী শূন্যতাৰ সাগৰত ওপঙি কিয় মেলাৱ দুখৰ কলিয়া চুলি শোকৰ বতাহত? হুমুনিয়াহেৰে গধুৰ কৰ কিয় মোৰ বুকুৰ উপকূল ৷ ইমান আকুলতাৰে কিয় হাত বাউলি মাত বিষাদী অতীতক কিয় গুণ গুণাৱ বিষাদ কাৱানৰ সুৰ? শূন্যতাৰ বেলুন এটা লৈ কিয় ওমল নিজান দুপৰীয়া অথবা জয়াল ৰাতি ৷ শূন্যতাতো এখন চিলা নহয় যাৰ পিঠিত বান্ধি উৰুৱাই দিবি জীৱনৰ যত দুখ, অপ্ৰাপ্তি ৷ উদাসী ছোৱালী জনী অ' কাৰ বিৰহত উচুপি উঠ কাৰ নুশুনা মাতত আকুল হ'ৱ বিষাদৰ চকুলোৰে তিয়াৱ শিতানৰ গাৰু ? তই বিষাদৰ বাঁহীটো বজাই মোক কন্দুৱাবলৈ কিয় ভাল পাৱ বাৰু? উদাসী ছোৱালী জনী অ' মই চিলা হ'ব খোজোঁ  নীলকণ্ঠী আকাশলৈ উৰুৱাই লৈ যাব খোজোঁ তোৰ সমষ্ট বিষাদ গুজি দিম যেন ৰ'দ ফুল তোৰ নেঘেৰী খোপাত ৷ আহ সামৰি বিষাদ ৰ'দৰ দেশলে যাওঁ আহ পোহৰৰ গান গাওঁ বৰফৰ দৰে গলিবলৈ দিওঁ শূন্যতাৰ বল আশাৰ জিল মিল ৰদ'ত ৷

আমে মলিয়ালে তৰা

তৰা, আমে মলিয়াইছে আকউ কঠালৰ ডালত নিশা নিশা কেতেকীৰ মাত কুমলীয়া পাত তগৰৰ গাত কপৌ জুপিয়েও মেলিছে চুপহি তই বাৰু লগাইছ নে মোলৈ পকোৱা সূতাৰ গামোচাৰ তাঁত? পৰিছে নে মনত তাঁত বাটি কাঢ়োতে দেখিছনে মোৰ মুখ ৰাঁচ ভৰাওঁতে ৰৈ গৈছে নে ভৰি তাঁত চলাওঁতে লগাইছনে শালিকী যুটিয়া ব' তোলোঁতে শালত তুলিবি কেতিয়া বুকুৰ শালত আৰু প্ৰেমৰ গান এটা গাই ফুল বাচিবি সপোনৰ? গবি কেতিয়া- "বহোঁ তাঁতৰ পাতত চকু আলিবাটত" সৰি পৰিবনে মাকোঁ মোৰ কথা ভাবি পিচলিব নে গৰকাত ভৰি? চিগিবনে বাৰে বাৰে সূতা ভাগিবনে ৰাঁচৰ কাঠি? লুটিয়াই দিবলৈ লোৱা ফুল পাহৰ এফাল মই এফাল তই আমি যেন ইপিঠি সিপিঠি ৷ তৰা অ' আম ফুলিছে আকউ তোৰ গামোছাৰ ফুলত জিলিকি উঠিছে ফুলাম জাপি আহ বৰষুণত তিতোঁ প্ৰেমৰ বৰষুণত উজাগৰে থাকোঁ এনিশা কেতেকী বিনোৱা ৰাতি ৷৷   -বিকৃতাফু ২১ মাৰ্চ ১৮
পৰমায়ু সিঁচিছিলো হে বৰকৈ পোখালে বুকুখন যে মোৰ পলসুৱা ভালপোৱাৰ বোকা মাটিৰে ৷ দিগবলয়ত ৰান্ধনী বেলিৰ সকিয়নি বুকুত বোৱাৰী পুৱাৰ আৰম্ভনী ৷ গছ মাটি আৰু মানুহ শইচ আৰু পানী পৃথিৱী জীপাল বুকুত শুকান মৰুভূমি ৷ এজাৰ কাঠৰ নাও নিজান ঘাটত, সাতপুৰুষ পুৰণি ৷ প্ৰতিটো দিনেই আয়ুসৰ কৰুণ সামৰণি ৷
মোৰ তেজত এখন অৰণ্য ৷ ওপৰত এখন আকাশ আৰু সাৰে থকা তিনিটা তৰা এটা উজ্বল নীলা কোমল অথচ উজ্বল তাৰ পোহৰ অনন্য৷৷ বুকুত এখন বিষাদৰ কেনভাচ কোন চিত্ৰকৰৰ নিপুণ হাত ? আঁকি দিলে তিনিওটা তৰা এটা উজ্বল ঢুকি নাপাও মেলিলেও হেঁপাহৰ হাত ৷ অৰণ্য খন মুখৰিত তেজৰ তলৰ ৷ আকুলতাৰ স্ৰোতসৃনী নৈৰ পাৰৰ কোনোটো ঘাটত বিষাদী গৰখীয়া তাৰ বাঁহীৰ  ইমান কাতৰ মাত ৷৷
তুমি কুশলে থাকিলেই মই জী থাকিম ৷৷ কাৰ বাবে জীৱনৰ গান কোনে শুনিব তাৰ সুৱদী টান? কাৰ ওচৰত মোৰ যত মান- অভিমান? তোমাৰ পৰাইচোন আৰম্ভ তোমাতেই শেষ তোমাৰ কোলাতে মূৰ থৈ পাহৰিম এদিন জীৱনৰ যত ক্লেশ ৷ কাৰ বাবে এই আয়োজন কাৰ বাবে জীৱনৰ যুঁজ নাথাকেতো সময় বালিত সৰু সৰু মানুহৰ খোজ ৷ চক্ৰৱৎ যাত্ৰা মোৰ দূৰ-সুদূৰ ঘূৰি ঘূৰি আহি পুনু তোমাতেই শেষ ৷ তুমি উজুটি খোৱা শংকাৰ শিলত তুমি জুৰুলি জুপুৰি হোৱা দুখৰ বৰষুণত দেই-পুৰি যোৱা অপ্ৰাপ্তিৰ দাবানলত মোৰ বুকুত জ্বলে বেদনাৰ জুই দপ্ দপ্ কথাবোৰ ভাবি আনমনা হোৱা দবোৱা কটাৰিয়ে আঙুলি কাটে কথাবোৰ ভাবি আনমনা হোৱা জীৱনৰ তাঁতৰ সূতা চিগে ৷ তুমিতো নুবুজা হৃদয় গলে কি তাপত ৷ উশাহ কাতৰ হয় দুপৰ নিশা দূৰৈৰ নিয়তি চৰাইৰ মাতত ৷ তথাপিও সপোন দেখোঁ - পুৱতিতে সাৰ পাম জীৱনৰ গান গাম দ্বৈত স্বৰত ৷ কথা দিয়া হেৰা কুশলে থাকিম বুলি উশাহ ল'ম বুকু খোলি থপিয়াই আনিম ৰঙা বেলি কথা দিয়া - হুমুনিয়াহ বোৰ দলিয়াই দিম ৷ তুমি কুশলে থাকিলেই মই জী থাকিম ৷৷ - বিকৃতাফু ২১ মাৰ্চ ১৮
আত্মদীপ কোনেও নুসুধে "আছেনে  কুশলে তোৰ আত্মা" নুসুধে কোনেও বুকুত কঢ়িয়াই ফুৰা কাঁইট যেন ভাৱনা বোৰৰ কথা ৷ কি আত্মীয় কি অনাত্মীয় কি বঙহ দেখে মাথো বাহ্যিক মঙহ ৷ নেদেখে মঙহৰ আঁৰৰ কলিজা আত্মাৰ গোপনত মানুহ বৰ অকলশৰীয়া নিজে ৰচা নাটৰ নিজেই গায়ন, বায়ন ভাৱৰীয়া ৷ ওপজাৰ পৰা মৰণলৈ বোৱা নৈখনত এক অকলশৰীয়া নাৱৰীয়া ৷   - বিকৃতাফু
নিষিদ্ধ ভাৱনাবোৰ ভাৱনাৰে মই স্বাধীন নুসুধিবা মোক মই কি ভাবিম, নাভাবিম ৷ ভাৱনাত মই গুছি যাব পাৰো বেহেস্ত, স্বৰ্গ, হেভেন নতুবা বৈকুণ্ঠলৈ গুছি যাব পাৰো নিষিদ্ধ গলি অথবা ৰঙা পোহৰৰ চুবুৰীলৈ, সাতখন পাতালৰ অটললৈ নাইবা নকৰ কুণ্ডলৈ ৷ নৈৰ দৰে ভাৱৰো থাকে নিৰৱধি গতি নাই পৰিধি বৈ যাব পাৰে ভাৱনা পাৰ ভাঙি ৷ পৰ্বত, পাহাৰ, ভৈয়াম, পাহাৰ মহতিয়াই পাৰ ভাঙি, মাথাউৰি চিঙি যদি বয় নৈ ভৱনাওতো যাব পাৰে উটি বুৰি আপোন মনা কৈ ৷ নিজৰ নিজানত ভাবিব পাৰি শালীন অশালীন কিম্বা নিষিদ্ধ ৷ নিসিদ্ধতাৰ সংজ্ঞা বিচাৰি থমকি নৰয় ভাৱনা কাৰ বাবে নিষিদ্ধতা? প্ৰকাশৰ যোগ্যতা হীন ভাৱনা মানেইতো নিসিদ্ধ নহয় যি আহিব পাৰে মনৰ গোপনত, সপোনত, দিঠথকত ৷ প্ৰেয়সীৰ জৰায়ুত আনৰ ভ্ৰুণৰ দৰে একলা একলাকৈ বাঢ়িব পাৰে সংগোপনে নিষিদ্ধ ভাৱনা ৷ ভাৱনা স্বাধীন শাসনহীন আত্মাতে বিলিন ৷ নুবুজে যি নিষিদ্ধতা কি শালীনতা কি মনৰ গোপনত যি বাঢ়ি আহে চকুমুদি ভাবিব পাৰি যি মুখ খোলি ক'ব নোৱাৰি সি ভাৱনা হ'ব পাৰে সৃষ্টিশীল অথবা বিধ্বংসী খুলি কুৰুকি খাই পেলাব পাৰে আত্মাক অথবা গঢ়ি তুলিব পাৰে আত্ম সন্তুষ্টিৰ বিশাল চাপৰি
গণতন্ত্ৰৰ মন্ত্ৰ বেৰত ওলমি থকা মুক্তি যুঁজাৰু ককাৰ সম্পদ এখন তাম্ৰ পত্ৰ , সেন্দুৰহীন ওকা কঁপালৰ কোনো সৈনিকৰ পত্নীৰ শুভ্ৰ সাজ আলমাৰিত জাপি থোৱা সৈনিকৰ তেজ লগা পোচাক তাৰ ফচল গণতন্ত্ৰ ৷৷ প্ৰজা হিতৈষি শাসক হ'ব শান্তি আৰু উন্নয়ণৰ বাহক নিচলা প্ৰজাৰ দূৰ্দিনবোৰৰ শেষ হওক সকলোৱে আঁওৰাব প্ৰাপ্তিৰ মন্ত্ৰ আহঃ কি মহান উদ্দেশ্য ৷ বিধেয়ক হ'ব বিধি হ'ব আইন অন্যায়কাৰীৰ "ফাইন" ন্যায় দণ্ড হাতে ধৰি সকলোকে এক কৰি দৌৰাৱ দেশক জনতাই পাতিব ৰজা বৰ মজা বৰ মজা ৷ ভোটৰ শেষত হামখুৰি খাই পৰে নেতাই কঁকালত গোৰ মাৰে তোলৈ মোলৈ একো নাথাকে নিজলৈকে নুজোৰে এহঃ বৰ  মজা বৰ মজা ৷ "হাম হুংগে কামিয়াব" হৈ যায় কামিয়াৱ সিহঁত ঐশ্বৰ্য্যৰ পাহাৰ গঢ়ে জনতা হে ভোকত মৰে ৷ আমাৰ চৌকাত নজ্বলে জুই ৰাইজৰ ৰজাৰ গাড়ীত ৰঙা ৰঙা লাইট জ্বলে ৷ প্ৰতিশ্ৰুতিৰ সংলাপ ভোকাতুৰৰ প্ৰলাপ নোপোৱাৰ বিলাপ বৃন্দ গান এটা হৈ বাজি থাকে অহৰ্নিষ নতুন স্বাধীনতা বিচাৰি যোৱা ল'ৰাটোলৈ বাট চাই দুখুনী মাকৰ চকুৰ বিষ ৷ নচলে যদি দেশ নিদিয়ে কোনেও আগুৱাই যোৱাৰ নিৰ্দেশ দিয়ে বন্ধ ৷ আগুৱাব খোজিলে পাবা দণ

প্ৰথম বৰষুণ

ধূলিয়ৰী শুকান পৃথিৱীৰ দুখত গোটেই ৰাতি কান্দিলে আকাশে বিয়পি পৰিল চকুপানী বিৰিখৰ পাতত কঁপালে বুকুৰ চৰাইৰ পোৱালী এজাক সেমেকা বতাহে ৷ পকা পাত বোৰ সৰি পৰিল সংগোপনে ধোৱাই দিলে সেউজীয়াবোৰ প্ৰথম জাক বৰষুণে পকা পাতৰ উচুপনি আৰু কোনে শুনে! ? চালত বৰষুণ পিচলি পৰিছে পানীৰপচাত মই মেলিদিছোঁ মলিয়ন হাত ৷ চাটক পক্ষী এটাৰ দৰে তৃষ্ণাতুৰ জীৱন ৷ কাঁইটতহে পৰে ফুললৈ মেলা হাত ৷ মেঘবোৰে উচুপে কি বেদনাত মেঘৰ কণ্ঠত কাৰ গভীৰ মাত? গাজনীবোৰ যেন আকাশৰ নোপোৱাৰ আৰ্তনাদ ৷ গাভৰু বিজুলীলৈ  মেঘৰ ভয় জানোচা দুষ্ট গাজনীয়ে তাইক আপোন কৰি লয় ৷ গ'লটো ৰাতি আকাশে কান্দিলে লাগি ৰ'ল সেই চকুপানী গছে-পাতে, ফুলে-কাঁইটে ৷ -বিকৃতাফু ২৫ জানুৱাৰী

প্ৰেমৰ কথা

জপাই থোৱা খিৰিকি খন কোনে আঁজুৰি খোলিলে বুকুৰ কোনে মাৰিলে হি বিজুলী এচাটি চকুৰ ? চালৰ ফুটাৰে উৰুখনি পৰিছে প্ৰেমৰ অদেখা দৃষ্টিও হ'ব পাৰে ইমান কৰুণ ৷ উদ্বাস্ত মনৰ ঠিকনা বিচাৰি ক'ৰ ডাকোৱাল তাৰ হাতত প্ৰেমৰ চিঠি এগাল বিচাৰি নাপায় ঠিকনা অঘৰী প্ৰেমিকৰ  ঠিকনা বিচৰা কি যে পয়মাল ৷ সৰিয়হৰ পথাৰ ডৰাৰ সিপাৰেই তাৰ ঘৰ হালধীয়া পকা পাতৰ চিঠিত প্ৰেমৰ আখৰ স্মৃতি কেতিয়াবা চফলা নৈ কেতিয়াবা বনজুই পুৰি ছাঁই কৰে প্ৰেমৰ ঘৰ ঠিকনা বিহীন হয় প্ৰেমিক হৃদয় ঠিকনা বিচৰা ডাকোৱালটোৰ ওভোটনি খোজত বৰ খৰ ধৰ ৷ যৌনৱৰ সেউজীয়া ডাক বাকচটোত মামৰে ধৰিছে কলিজাৰ চাপ থকা চিঠিবোৰৰ স্মৃতিয়ে তাক  আমনি কৰিছে পৌঢ় বাকচটোৰ গাত সেউজীয়া শেলুৱৈ এসোপা গজিছে ৷ -বিকৃতাফু ২৪ জানুৱাৰী ১৮
স্বপ্ন ভংগ ১৷ সপোনৰ প্ৰথম স্বৰ্ত্ব  টোপনি টোপনিৰ নিৰ্জনতা তই চাগে সপোন দেখিছ নতুন নতুন সপোন সেয়ে ইমান মৌনতা ৷ ২৷ বুকুৰ জীৰ্ণ কুঠৰিত এটা অকলশৰীয়া মকৰা লালসাৰ জাল গুঠি নিৰৱে ৰৈ আছে নিৰৱতাই যে তাৰ প্ৰাপ্তিৰ যাদু কাঠি সি গুণ গুণাব নোৱাৰে প্ৰাপ্তিৰ গান বজাব নোৱাৰে সুখৰ সুহুৰি গল খেকাৰী এটা মৰিলেও যে নাহিব কাষ চাপি আকাংক্ষাৰ ভোগ যাৰ বাবে সি সাজিছে জাল জীৱনজুৰি ৷ ৩ ৷ স্বপ্ন ভংগ হ'বলৈ সপোনেই নেদেখিলো কোনোদিন কালিজাৰ স'তে ওমলি ওমলি পাৰ কৰোঁ যত দূৰ্দিন দিবা স্বপ্নৰ বাবেওচোন নাই জিৰণী বুকুত যে বাজিয়েই থাকে শোকৰ চিগা তাঁৰৰ বীণ ৷৷ -বিকৃতাফু ২২ জানুৱাৰী ১৮