Thursday, 20 July 2017

Kohiiya


কঠিয়াৰ দৰে

নিদ্ৰাৰত বাবেইতু
মই স্বপ্ন দ্ৰষ্টা
উজাগৰী সপোনৰ
পম খেদি  হোৱা নাই পথভ্ৰষ্ট ৷

আন্ধাৰত নিতাল মাৰি মই কাণ উনাওঁ
দোকমোকালিৰ
ফেঁহুজালি
ৰাতিটো শেষ হ'লেই শুনিম
চিনাকি চৰাইৰ সুহুৰি ৷
সূৰ্য বন্দনাৰে মুখৰ হ'ব পৃথিৱীৰ য'ত
নিদ্ৰামগন -
উৰণ, বুৰণ, গজন, ভ্ৰমণ
এঙামুৰি দি
আৰাম্ভ কৰিম
মোৰ সূৰ্যমুখী যাত্ৰাৰ ৷

যদিও জৰাগ্ৰস্ত
শৰীৰৰ
আত্মাৰ গোপনত
নিমাতে নিতালে শুই
থাকে
দূৰ্জেয় সংকল্প মোৰ
যদিও তমসা ঘোৰ
পোহৰলৈওতো নহয় দূৰ ৷

টোমাই থোৱা কঠিয়াৰ দৰে
নিতাল মাৰি থাকিলেও একাল
বুকুত কঢ়িয়াই ফুৰিছো
সেউজীয়া এগাল
বতৰ পালেই
পোখামেলি
শ্যমলিমাৰ সাগৰ সাজিম ৷

পাহাৰটোৰ নামনিত
 কলিয়া ডাৱৰ জমিলে
বিষাদ নুবুলিবা
বিষাদ বৰষুণ মোৰ আশীৰ্বাদ
পানী পালেই মই গজিম
  কঠিয়াৰ দৰে চ'টিয়াইদিম
এসাগৰ সেউজীয়া
জীৱনৰ বোকা মাটিত ৷
     ২০ জুলাই ১৭
ভাই Jamini Anurag ৰ হাতত ৷

Monday, 17 July 2017


ৰঙানদী

তোৰ পাৰতেই হাড় পেলাইছিল
মোৰ ককা আজুককা হঁতে
প্ৰশান্তিৰে যাপন কৰি জীৱন
তোৰে স'তে ওমলি-জামলি ৷
তই আছিলি শইচৰ সপোন,
পিয়াহৰ পানী,
চৌকাৰ জুই,
প্ৰেমৰ অইনিঃতম
বিষাদৰ কাবান ৷

বৈ আছিলি
বাৰিষা-খৰালি
উজাই আহিছিল কুমাৰৰ নাও
 স্ফটিক ধাৰ যেন পানীত খৰালিৰ ৷

 তই মাজে মাজে আহিছিলি মোৰ গাঁৱলৈ -বৰিষা ৷

দি গৈছিলি পলস
মোৰ শইচৰ পথাৰ হ'বলৈ
অধিক সোণোৱালী ৷

ৰঙা নৈ তই আছিলি শক্তিশালী ৷
 শক্তিয়েই  তোৰ হ'ল কাল ৷
তোৰ বুকুত এতিয়া আকাল ৷
দুপাৰৰৰ জনতাৰ
হাঁহাকাৰ
তোৰ শক্তি আজি অৱৰুদ্ধ
তই নিষ্পেষিত
টাৰবাইনৰ চকৰীত সীমাবদ্ধ
তোৰ স্বাধীনতা ৷

খৰালিত তই পৰি থাক
মৃত সৰিসৃপ এডালৰ দৰে
বুকুত লৈ মৰুভূমিৰ তামৰঙী সপোন
বন্ধা থাকে তোৰ হাত
সেয়ে পৰি ৰ'ৱ নিমাতে নিতালে ৷

শক্তি যে অপ্ৰতিৰুদ্ধ তোৰ
অপাৰ শকতিত শিৰ নত কৰি
মেলি দিয়ে তোক কিছুক্ষণ
এৰাল চিগা গৰুৰ দৰে
তই দেডাউৰি পাৰ ৷
ভাঙি চিঙি সকলো নিয়ম
গুছি আহ চহৰ, নগৰ
ভঁৰাল আখল
সকলোতে তোৰ
উন্মাদ বিচৰণ ৷
পাৰৰ জনতাৰ মৰণ ৷

ধুই নিয় মোৰ সম্ভাৱনাৰ পথাৰ
কৰ বালাৎকাৰ
দুয়োপাৰে -
আৰ্তনাদ
হাঁহাকাৰ ৷

ৰঙা নৈ নোৱাৰে ৰোধিব তোক
এদিন মুকলি কৰি দিব সিহঁতে তোৰ
শৃংখলিত হাত
আমি দুপাৰৰ জনতা
তাৰেই প্ৰতিক্ষাত ৷
ককা আজু ককাৰ
হাড়ৰৰ সমীধত
বাজি উঠক পুনৰ
সুৱদী  বন ঘোষীয়া  মাত ৷

১৪ জুলাই ১৭
স্বপ্ন সম্ভৱ:

সপোন দেখাৰ জোখাৰে
মোৰ সামৰ্থ আছে ৷
স্বপ্ন অথবা দুঃস্বপ্ন
দেখিব পাৰোঁ
নিৰ্বিঘ্নে নিৰাপদে ৷
শুভৰাত্ৰি অথবা
সু-প্ৰভাত জনালেই
হৈ নুঠিব পাৰে
স্বপ্নময় মোৰ ৰাতি
সুখময় মোৰ দিন ৷
দুঃস্বপ্ন এটাৰ শেষত
উজাগৰী ভয়াৰ্ত চিন্তাই
পুৱাৰ ৰঙা বেলিটোকো
ভেঙুচালি কৰে
কেতিয়াবা ৷
তথাপি
মোৰো আছে স্বাধীনতা
সপোন দেখাৰ
টোপনিত
অথবা নিদ্ৰাবিহীন ৰাতি
দেখিব পাৰোঁ
স্বপ্ন-দুঃস্বপ্ন
আৰু স্বপ্ন ভংগৰ বেদনাত
স্বাধীনতাৰে
উচুপিব পাৰোঁ
কোনো এক
ৰৌদ্ৰোজ্বল পুৱা ৷
              -১৫ জুলাই ১৭

নৈ খনক মুকলি কৰি দে:
( ৰঙানৈৰ বানকবলিত সকলৰ হাতত)

কিতাপবোৰ উটি গ'ল অ' মা ৷
মাৰ্কশ্বিট বোৰ
চাৰ্টিফিকেট বোৰ
জ্যামিতিৰ বাকচ
হ'মৱৰ্ক কৰি থৈছিলো হে
বহী খনো লৈ গ'ল
ভাইটিৰ
পুতলা থকা পেন্সিল বক্স
স্কুলৰ বেগ
পানীৰ বটল
সকলো লৈ গ'ল
নৈ খনে ৷
কি পঢ়িম অ' মা?
শৰ্মা চাৰে যে
হমৱৰ্ক নেদেখুৱালে
বৰ লাজ দিয়ে
নৈ খনে বাৰু নাজানিলে নেকি?

দুপৰ নিশা হে আহিবলৈ পালে নে তাই
ইমান মনে মনে অথচ
বিনা অনুমতিত
ঘৰত সোমাই লৈ গ'ল সকলো ৷
তাই নিলাজী নে অবাধ্য অ' মা?
শুনিছো তাইৰ আহিবলৈ মন নাছিল
পঠিয়াই দিলে সিহঁতে বল কৰি ৷
তাই শক্তিশালী যদিও
অবাধ্য নাছিল হেনো
বান্ধি থৈছিল সিহঁতে
তাইৰ বল দেখি মেলি দিলে
আৰু দেডাউৰি পাৰি তাই
পিতপিতাই ফুৰিবলৈ আহিল
নগৰ চহৰ
আনকি
সাৰি নগ'ল আমাৰ ঘৰ ৷
মা
তইচোন কৈছিলি
"নৈৰ সমান ব'ব কোন
আইৰ সমান হ'ব কোন"
তাই চাগে পাহৰিলে
ক্ষোভত,  খঙত
আৰু সমান কৰি থৈ গ'ল
সকলোৰে গৰ্ব ৷
মথাউৰিত শিৱিৰ পাতি
আমি একে লগে আছো
শইকীয়া খুড়াৰ মাৰুতী ৮০০
আৰু বৰুৱা বৰদেউতাৰ
স্ক'ৰপিয়ই মুখামুখি কৈ কথা পাতি আছে ৷

মা' সৱেই খাইছে খিচিৰি
একেলগে ৷

মা
নৈখনক মুকলি কৰি দিবলৈ ক
নহ'লে আৰু মোৰ
স্কুল পঢ়া নহ'ব ৷

     ১৮ জুলাই ১৭,  নিশা দুপৰ

Monday, 3 July 2017

-সপোনতে-

সপোনত কাৰ
দূৰৈৰ বাঁহী যেন মাত
সপোনতে পাৰ হৈ যাওঁ
সাতোটা চিনাকি ঘাট
তোৰ হৃদয়ৰ পৰা মোলৈ
বহু যোজনৰ বাট
পাৰহৈ অহা সাতোটা ঘাটৰো
উজনিত
তই চেৰী ফুল হৈ ফুল
সাৰ পাই দেখোঁ
কাঁটত বিদ্ধ মোৰ
ৰাঙলী দুহাত
ৰি ৰিয়াই বুকুত বাজি থাকে তথাপি
সেই নুশুনা বাঁহীৰ মাত ৷

 - বিনয় ৩ জুলাই

Saturday, 1 July 2017



জোনলৈ

এই জোন
শুনচোন
ৰৈ যা এখন্তেক মোৰ চোতালত
মোৰো আছে তোক কাষত পোৱাৰ
তামুলী তৰাৰ সপোন ৷

জোন
থ তোৰ অভিমান ভেম
তোৰ বুকুৰ তুলসী জোপাত
চৰিবহি জানো
সোণৰ হৰিণ?

জোন
ৰৈ যা
কৈ যা বুকুৰ ব্যেথা
দি যা মোক সেই মালাধাৰ
চকুৰ পানীৰ মুকুতাৰে গঁঠা ৷

জোন
মোৰ চোতালত ক'লা
আউঁসীৰ নাচোন
আহচোন দে অকণি
জোনাক বাকি
পোহৰক বুকুৰ ভিতৰ খন ৷

  - বিনয় ২৭ জুলাই ১৭

নিশাহ'লে

নিশা হ'লে নামি আহে দূৰ্বাসনা
তাইৰ বাউল চুলিয়ে কিল বিলাই
মোৰ ভয়াৰ্ত বুকুত
জীৱনৰ য'ত পাপ
আৰু পাপবোধে
দেও দি নাচে শেতেলীৰ চাৰিও ফালে
যেন কংসবধী
মায়াৱী কৃষ্ণৰ
তীক্ষ্ণ তৰোৱাল ওলমি ৰয়
কম্পিত বক্ষত মোৰ ৷

হে মোৰ দূৰ্বাসনা ঘোৰ
ৰাতিটোৰ শেষত
হ'বলৈ দূৰ
তোক কৰোঁ প্ৰাৰ্থনা
মুক্ত কৰি জীৱনৰ য'ত
গঞ্জনা
মেলি দে,  মেলি দে
পোহৰ অহাৰ বাট
দূৰ্বাসনা তই
সংকোচিত কৰ
তোৰ প্ৰসাৰিত হাত
এৰি দে পোহৰ অহাৰ বাট
যি বাটেৰে নামি আহক
কেৱল আত্মশ্লাঘা
আৰু
নিৰহংকাৰ নিষ্পাপ
সেই চিৰ সুন্দৰৰ
চিনাকি বাঁহীৰ মাত ৷৷

    -বিনয় ২৯ জুন' ১৭