Posts

Showing posts from August, 2019

মৰণোত্তৰ ঠিকনা (কবিতা)

Image
সময়ৰ সৌ ডাক বাকচটো দেখিছা? কোনে দিয়ে কাৰ ঠিকনাত চিঠি? মাকে পুত্ৰলৈ। পুত্ৰই প্ৰেয়সীলৈ ল'ৰাটোৱে দেউতাকলৈ... ৰুগীয়া বৃদ্ধ মানুহবোৰেও লিখে চিঠি - ঈশ্বৰলৈ। থাকেনে ঈশ্বৰৰ ঠিকনা? ফোঁট লয় নে টুপি পিন্ধে ঈশ্বৰে নে ক্ৰচবৃদ্ধ হৈ ওলমি ৰয় তামৰঙী আকাশৰ তলত?  ঈশ্বৰ বাৰু জীৱিত নে মৃত? আউট ডেটেদ ঈশ্বৰৰ নাই এটা স্মাৰট ফোন, ৱাটচএপ, মেচেঞ্জাৰ, ই - ঠিকনা । গতিকে চিঠিকে লিখিবা। (মৃত মানুহ হেনো ঈশ্বৰৰ ঘৰত থাকে) মোলৈ এখন চিঠি লিখিবা সমষ্ট ঘৃণা আৰু আৱেগ ঢালি মোৰ নিকৃষ্টতাৰ প্ৰমাণ পত্ৰ যেন। মৃতকৰো থাকে ডাক ঠিকনা? দি দিবা সৌ সময়ৰ ডাক বাকচত। কি ঠিকনা লিখিবা তাত? মাৰফৎ - ঈশ্বৰৰ ঘৰ? ডাক সূচকাংকত লিখিবা শূন্য, শূন্য.... মহা শূন্য।

মই হীনতাত তুমি ইমান সুখী!!!

সম্প্ৰতি মই এখন জন শূন্য চহৰ অভিমুখে ধাৱমান। বহুত মানুহৰ ভীৰৰ মাজত একাকীত্বৰ মদিৰা পি পি ঢলং ঢপং কৈ মই গৈ আছোঁ। কেতিয়াবা দৌৰিছোঁ কেতিয়াবা খোজ কাঢ়িছোঁ বহুৱা বাইছো কুমজেলেকুৱাৰ দৰে। সম্প্ৰতি মই নিজৰ মূল্যাংকন কৰিছোঁ কেতিয়াবা পৰি আছোঁ পদ পথত কেতিয়াবা প্লেটফৰ্মত জীৱনক চুই চাব খোজিছোঁ। গোঁ গোঁ, গুণ গুণ আৰু মোৰ তৃতীয় লিংগৰ হাত চাপৰি। দেশৰ বাবে তেজ দিয়াৰ কথা আছিল তোমাৰ নামত তেজৰ চিঠি লিখাৰ কথা আছিল ধুৰ গোঁৱাৰ ম'হ.. তুমি মখমলি মখমলি সপোনৰ পিছত দৌৰিছা আৰু মই ভোক আৰু টোপনিৰ টনা আঁজোৰাত তৃতীয় লিংগীয় নৃত্য কৰিছোঁ। উজাগৰ নিশা অংক পাতিছো ফলিত। পুনঃপৌনিক সমীকৰণ। সমীকৰণৰটোৱে দাঁত নিকটাইছে উত্তৰত পাতিছোঁ "মই হীনতাত তুমি ইমানেই সুখী।" উপসংহাৰঃ দীঘল দলং এখনৰ ওপৰেৰে গৈছা নে কেতিয়াবা? দলং খনৰ সিটোমূৰত সৰু আকাশ এখন ৰৈ থকা যেন লাগে। সি আচলতে ভ্ৰম।