Posts

Showing posts from September, 2017

Bhupen Mama

ড° ভূপেন হাজৰিকাক কিয় "মামা" বুলি কওঁ? মই সৌভাগ্যৱান বুলি গণ্য  কৰোঁ নিজকে ৷ কাৰণ বিশ্ব বৰেণ্য ড° ভূপেন হাজৰিকা দেৱ মোৰ মামা হয় ৷ হাঁহি উঠিছে নহয়? নাহাঁহিব ৷ সঁচাকৈ মই তেখেতক মামা বুলিয়ে মানি আহিছো আজীৱন ৷ মই বৰ্ণমালা শিকিছিলো "ভূপেন মামাৰ গীতে মাতে অ আ ক খ" নামৰ গ্ৰন্থ খনৰ পৰা ৷ দেউতাই মামা বুলিয়েই পৰিচয় কৰাই দিছিল মোক ৷ তাত ভ বৰ্ণ মালাটোৰ শিকাবলৈ লিখিছিল "ভ-ই বোলে ভূপেন মামা ভাল গান গা ভাল গান নাগালে দিম পাইজামা ৷" সাঁজ বহি গৈছিল বুকুত ৷ মামা ৷ ভূপেন মামা ৷ অৱশ্যে পৰৱৰ্তী সংস্কৰণ বোৰত সংশোধন কৰি "ভ-ই বোলে ভূপেন মামা গীত এটা লিখাঁ তাতে মিঠা মিঠা সুৰ দি গোঁৱা ৷" বুলি পাইছিলো ৷ কিন্তু শেহতীয়াকৈ গুৱাহাটী বিশ্ব বিদ্যালয়ে আৰ্কাইভ কৰা http://bhupenhazarikadigitalarchive.org/songs-with-BHA-lyrics-bhupen%20maamaar%20giite%20maate.htm পেজটোত "ভ-ই বোলে ভাল কৈ গা ভূপেন মামা ভাল গান নাগালে নকৰো যে ক্ষমা ৷" বুলি লিখিছে ৷ সি যি কি নহওক সেই গ্ৰন্থ খন প্ৰকাশ কৰিছিল "অসম প্ৰকাশন পৰিষদে ৷" মাজতে কিতাপ খন পাই আমাৰ কন্যা কুঁহিকো আনি দ
Image
বিচ্ছিন্নতা এখন দলং হোৱাৰ কথা আছিল পাৰ হ'ব পৰাকৈ হৃদয়ৰ পৰা হৃদয়লৈ তোৰ পৰা মোলৈ মানুহৰ পৰা মানুহলৈ ৷ এটা পথ হোৱাৰ কথা আছিল যি পথেৰে একতাৰ শ্লো-গান গাই আগুৱাব মানুহৰ মিচিল ৷ মিলি যোৱাৰ কথা আছিল মিলাই দিয়াৰ কথা আছিল ৰামধেনু অঁকাৰ কথা আছিল সমন্বয়ৰ ৷ খোজৰ চিন ৰাখি যোৱাৰ কথা আছিল সময়ৰ বালিত ৷ কি স্বজন, কি পৰজন কি বান্ধৱ,  কি পৰিজন আন কি তেজেৰে গঢ়া সন্তান তোৰ বাবে মৰিম বোলা প্ৰেয়সীৰ অভিমান ক্ৰমশঃ ধুসৰ হৈ আহিছে আত্মকেন্দ্ৰিকতাৰ আন্ধাৰত ৷ গাৰ নোম হৈ পৰিছে শত্ৰু ৷ মহাকৰ্ষণৰ, মধ্যাকৰ্ষণ, আত্ম কৰ্ষণ সকলো একাকাৰ ৷ মনৰ নিজানত কেৱল হাঁহাকাৰ ৷ আত্ম কেন্দ্ৰিকতাৰ জাৰজ সন্তান বিচ্ছিন্নতাবাদ একলা একলা কৈ বাঢ়ি আহিছে সি ক্ৰমশঃ দূৰৈলৈ গৈ আছে মানুহ দূৰৈ লৈ গৈ আছে প্ৰেম দূৰৈলৈ গৈ আছে দৰদ চোঁচোৰাই চোঁচাই অলস ভৰি পাৰি নে ৰাখিব পদ চিহ্ন? ময়ো হৈ পৰিছো বিচ্ছিন তোৰ পৰা হৃদয়ৰ পৰা মানুহৰ পৰা দলং নহৈ হৈ পৰিছো এটা মাজুলী খহনীয়াত জাহ গৈছে লাহে লাহে সংযোজনৰ সমষ্ট সপোন চপৰা চপৰে ৷
Image
   জুবিন এটা সুৰীয়া গান, আৱহমান  ( শিল্পী জুবিনৰ নামত উৎসৰ্গিত) "আজিও শিশু মই গোৱা তুমি সেই গান" তই শিশু হৈ থাক অ' চিৰদিন চিৰ কাল নাবাঢ়ক তোৰ বয়স বাঢ়ক কেৱল আয়ুস "ইউকেলিপটাচ্  গছৰ দৰে ওখ হ'ব খোজা'' তোৰ সংকল্পই আকাশ ভেদী চুৱক মহাকাকাশ ব্ৰহ্মাণ্ডত নিগৰক তোৰ কণ্ঠ নিনাদ যোৰহটীয়া তৱলা বাদক তোৰ খেয়ালি মনৰ অদ্ভূত খেল দেখি কোনে ভাবিছিল এদিন সঁচাকৈয়ে চুবি আকাশ পগলা বুলি হাঁহিছিল তোক ৷ আচলতে কি জান?  সাধাৰণ জনতাত কৈ  যাৰ উচ্চ চিন্তন  নাইবা নিম্ন সিঁহতকৈ  তাকেই   পাগল বোলে সিহঁতে ৷ পদপথৰ পগলাটো অথবা গেলিলিঅ' গেলিও নতুবা চক্ৰেটিছ? সকলোকে পাগল  সিহঁতৰ মানত ৷ দুখ নাপাবি দে মনত ৷ বাৰু কওক দে তোক পাগল পাগলামী নে খেয়ালী মনৰ উৰ্দ্ধগামী গতি এয়া বুজিছে সিহঁতে সাধনাৰ দৌৰত যে তই সদায় অদ্বিতীয় সেই বাবেই চাগে ঈৰ্ষাতে তোৰ বদনাম ৰতে ৷ বনামো গায় মিছন চাইনাও চাই  আচলতে তোক  প্ৰাণভৰি ভাল পায় ৷ তোৰ গানত টোপনি যায় শিশু সাৰ পায় দেশ সাৰ পায় শোষিতৰ অধিকাৰৰ সপোন সাৰ নাপায়
Image
হৈ-গুডু, টাংগুটি বনাম নীলা মাছৰ খেল                     -বিনয় কৃষ্ণ তামুলী ফুকন।     বিগত কেইদিন মান অসমৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত বহু চৰ্চিত বিষয়টো হৈছে এবিধ বিশেষ অন লাইন খেল। মাটি ফুটি ওলোৱাদি হঠাৎ প্ৰকাণ্ড দৈত্য এটাৰ আবিৰ্ভাৱ হ’ল যেন। খেল খেলি গুৱাহাটীত এটি কিশোৰে মৃত্যুৰ স’তে যুঁজি চিকিৎসাধীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোটেইখন হুৱা-দুৱা লাগিল। বহুতে ‘গুগুল’ খুড়াৰ কাষ চাপিল। ইজনতৈকও সিজন জনা ওলাল। টিভিৰ চেনেল বোৰেও পৰিৱেশন কৰি গ’ল ইটোতকৈ সিটো এক্সক্লিওচিভ বাতৰি। কাকতত ওলাল বৰ বৰ হৰফেৰে- অমুকত এই খেল খেলি এজনৰ আত্ম হত্যা, খেলৰ মূল নিয়ন্ত্ৰাক আটক ইত্যাদি।  অত্যুৎসাহী কিছুৱে আকৌ খেল বিধৰ লিংকটোকে দি দিলে ছ’চিয়েল মিডিয়াত। মানে গোটেই কাৰবাৰটো মল খুঁচৰি গোন্ধ বাহিৰ কৰাৰ দৰে হ’ল। নজনা সকেলও খেল বিধৰ কথা জানিলে। উৎসুকতা বৃদ্ধি পালে। খেলুৱৈৰ সংখ্য বাঢ়িল। শেহতীয়া তথ্য মতে বিগত কেইদিনত এই বিশেষ খেল বিধৰ গুৰি বিচাৰি ‘গুগুল’ খুড়াৰ কাষ চপা ভতিজা হঁতৰ সংখ্যাই অসমত ৰেকৰ্ড গঢ়িছে।     সত্য কথা ক’বলৈ গ’লে মই এই খেল বিধৰ বিষয়ে একো নাজানো। এই কেইদিনত সংবাদ মাধ্যম, ছ’ছ