Posts

Showing posts from 2022

খৰাং

Image
খৰাং   মন্দৰ পৰ্বতক দন্দ কৰি  বাসুকীৰ জৰীৰে অমৃত মন্থন কৰিছিল  দেৱ-অসুৰে দেৱতাৰ চলনাত  বাসুকীৰ মুখত দানৱ  বিষ বাষ্পৰ প্ৰকোপত আত্ম হনন।  শিৱই পাণ কৰিছিল গৰল  অমৃত পি অমৰ দেৱতা।  কাৰ বাবে গণতন্ত্ৰৰ অমৃত মহোৎসৱ  কাৰ বাবে স্বাধীনতা?  বান, খৰাং, মূল্য বৃদ্ধিৰ কৱলত  মোৰ দেশৰ জনতা।  কিনিবলৈ ধন নাই  ১৮ টকীয়া চৰকাৰী জাতীয় পতাকা।  ৰেচনৰ দোকানীক দাবী-  নিকিনিলে পতাকা চাউল নাপাবি দে বিশ টকা। পতাকা আনিলো কিনি  বানে উটুৱালে ঘৰ  বালিত পোত গ'ল খেতিৰ মাটি খিনি  ঘৰেই নাই ক'ত ওলোমাম জাতী পতাকা  নেতা-মন্ত্ৰী-বিধায়ক মহোদয়ে ক'বনে  প্ৰতিশ্ৰুতিৰ দুৱাৰ ভাঙি??  বৰ হেঁপাহেৰে ক'বলৈ মন যায়  "বন্দে মাতৰম" অথবা গাবলৈ মন যায় নীল আকাশৰ তলত -  "জন গণ মন অধিনায়ক জয় হে"  পিছে ভৰিৰ তলত খৰাং...  তপত বালি আৰু বালি.....

গণতন্ত্ৰৰ গান

 গণতন্ত্ৰৰ গান             -বিনয় কৃষ্ণ তামুলী ফুকন।।  ওঠৰ শ চাব্বিচৰ ইয়াণ্ডাবু গৰু বা গাহৰিৰ চৰ্বিৰ চিপাহী বিদ্ৰাহ... গান্ধীৰ হত্যা নাথুৰামৰ বুলেটৰ যাদু, এইবোৰ পাৰ হৈ হৈ এই গণতন্ত্ৰ। আম্বেদকাৰ.....??? ত্ৰিৰংগৰ ব্যৱসায় অথবা জনপ্ৰিয়তাৰ প্ৰচাৰ না না ধৰণৰ কৰণ মূল্যবৃদ্ধি অথবা দেশ বিক্ৰী কৰাৰ খৰ ধৰ জনতাৰ ধৰ্ ফৰ্ আৰে হে মহান মহাত্মা গান্ধী গণতন্ত্ৰক ধৰ্মীয় মচলা দি খাই দিলে ৰান্ধি কাক ৰাখিবা বান্ধি? সকলো স্বাধীন হ’ল জাতীয় পতাকাৰো বেপাৰ হ’ল দেশ স্বাধীন হ’ল গণতন্ত্ৰ দেখোঁ ধৰ্মতন্ত্ৰ হ’ল তেজৰ ৰং সলনি হ’ল স্বজাতীয়ে স্বজাতিক সৎকাৰ নকৰা হ’ল মানবীয়তা সাত পাতালৰ অটলত পৰি ৰ’ল। ৰং সলনি হ’ল জাতীয় পতাকাৰ জনতাৰ কণ্ঠত জাতীয় পতাকাৰ মৰ্যদা ৰক্ষাৰ হাঁহাকাৰ.. শ্বহীদৰ ৰক্ত ৰঞ্জিত পতাকাক লৈ বণিয়াৰ  বেপাৰ এয়া গণতন্ত্ৰৰ জয় জয় কাৰ এয়া দেশপ্ৰেমীৰ হাঁহাকাৰ। এয়া দেশপ্ৰেমীৰ হাঁহাকাৰ।

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?

Image
বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন   "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালি

প্লাষ্টিক প্ৰদূষণ

Image
  বিষয় - প্লাটিক নিসিদ্ধ কৰণ     - বিনয় কৃষ্ণ তামুলী ফুকন  এই ঘোষণাটো বছৰ চেৰেগ মূৰে মূৰে শুনি থাকোঁ। শেষত একো নহয় গৈ। ঘোষণা কৰা সকলে দায় সাৰে - "এবাৰ ব্যৱহাৰ যোগ্য.. ইমান মাইক্ৰণৰ প্লাষ্টিকৰ ক্ষেত্ৰত হে এই নিষেধাজ্ঞা।" হেৰ' মাছ, শাক পাচলি, গোলাৰ মালৰ দোকানয়ে অলু, পিঁয়াজ, শাক পাচলি ভৰাই দিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ঠোঙা বোৰ কেৱল নিসিদ্ধ নে, কি? বজাৰত উপলব্দ্ধ বিস্কুট, চিপচৰ পেকেট বোৰ, মইনাৰেল ৱাটাৰ, ড্ৰিংকিং ৱাটাৰৰ বটল  বোৰ, দুবাৰ ব্যৱহাৰ হয় নেকি?    সম্প্ৰতি মানুহৰ ৰাতিপুৱা আৰম্ভ হয় প্লাষ্টিকেৰে। নিশা শেষ হয় প্লাষ্টিকৰে।    পুৱা চকু মেলি হাতত লোৱা মবাইল ফোনটোৰ কভাৰ প্লাষ্টিকৰ, দাঁত ঘঁহা ব্ৰাছ ডাল প্লাষ্টিকৰ, টুথ পেষ্টৰ টিউৱটো প্লাটিকৰ।ৰাতি  শুৱৰ পৰত ফ্ৰীজত থোৱা খাদ্যৰ কন্টেইনাৰ বোৰ প্লাষ্টিকৰ। চকুৰ পিন্ধা বিতচকুৰ যোৰৰ ফ্ৰেমটো প্লাষ্টিকৰ। ক'ত নাই প্লাষ্টিক? নুমুৱাই দিব লগা লাইটৰ বাল্বটো (LED)  প্লাষ্টিকৰ, চুইছ বৰ্ড খন প্লাষ্টিকৰ...    কেৱল মাত্ৰ এবাৰ ব্যৱহাৰ যোগ্য পলিঠিন বুলি শাক পাচলিৰ বেপাৰী, গোলাৰ মালৰ বেপাৰীয়ে ব্যৱহাৰ কৰা থোঙা কেইটাৰ ওপৰত    দাদাগিৰি কৰি কি লাভ?

হীৰুদাৰ স্মৰণত।

 খিড়িকী খন খুলি দিবলৈ ক'লা দিলোঁ দুখৰ মাজেৰে ৰ'দৰ চিঠি লৈ পৰিচিত ডাকোৱাল জন সুমাই আহিব বুলি বাট চালোঁ কল ঘৰৰ ধোঁৱা এসোপাই চানিধৰে মোৰ কোঠাৰ ভিতৰ। তাই আঙুলিত আজিও জেতুকা বুলাই ঘৰমূৱা নাও বোৰ নিৰুদ্দেশ হয় ৰ'দ ঢালি ঢালি সূৰ্যটো হৈ পৰে ক্লান্ত, অৱসাদ গ্ৰস্ত। আজিকালি গোঁৱাৰ মৌমাখিটেৱে ফুল বুলি হুলত নপৰিবলৈ নাহে কোনোদিন কিটনাশকৰ বিস্তৰ বিতৰণত মৌ মাখিবোৰ কাললৈ লীণ। ছিগা চিলাইৰ কামিজটোত ওলমি থাকে দুখ কাৰ দোষ? কাৰ দোষ?? ওকালতি ওলাই অহা ভাতৰ নিসনীত কোন দলিতৰ প্ৰতিবিম্বিত মুখ? মোৰ নিয়াৰিৰ কাঁচি খন বন্ধকত থ'লো জ্বলি থকা মমডাল নুমাই নিৰৱে নিৰুদ্দিষ্ট হ'লো। মনে মনে গুণ গুনালোঁ তেজত তিৰবিৰাই থকা তৰালীৰ সাধুকথা। 

বেলি ডুবাৰ সাধু

Image
  দিগন্তৰ প্ৰহৰীয়া এটা লোৰ গম্বুজ। পাশ্চাতপটত বিদায়ী বেলি ভাৱনাৰ খেলি মেলি মেলি খেলি। মিচৰৰ পিৰামিড হেনো কোনোৱা এলিয়েনে সজা ৰাতি ৰাতি সপোনলৈ আহে দেউতাই সজা সৰু আটোমটোকাৰি খেৰ বাঁহৰ পঁজা। বাঁহৰ জপনা, বাঁহৰ জেওৰা সীমাৰ সিঘৰলৈ যাবলৈ বাহঁৰ দেওনা। জেওঁৰাবো পকী দেৱাল এতিয়া  ইঘৰ-সিঘৰ খবৰ ল'বলৈ  কাৰো অৱকাশ নাইকীয়া।  সপোনত দেখোঁ দেউতাই গোৱৰ আৰু মাটি কঢ়িওৱা।  শৰণ খেৰ আৰু আলতীয়া মাটি কঢ়িওৱা।  ইকৰা অথবা থাহ দিয়া বাহঁৰ বেৰ  গোৱৰ মাটিৰে লিপা পিৰালিৰ গধূলি গোপাল অথবা ৰান্ধনী ফুলৰ সুঘ্ৰাণ বিয়পি পৰে মোৰ শিতানে পথানে।  পথাৰ ডৰাই সোণ গুটিৰ সপোন আনে।  ধান বেছি বিহুৰ চোলা  অথবা দূৰ্গাপূজাৰ বেলুন অথবা পিষ্টলৰ গোলা।  দেউতা  সময়বোৰ চোন সনলি হ'ল।  ই-দুনিয়াত নিমগ্ন তোমাৰ নাতি  "হাতীত উঠি পানীৰাম" ঘৰলৈ নাযায় আজিকালি।  জে ছি বি নে ফৰ্কলেনৰ অতপালি  সপোনত মোৰ পিতাইৰ সমাধি  দিঠকত আৰ্তনাদ -আমাক পুৰি মাৰিবলৈ উদয় হয় নেকি নতুন বেলি??? (লেখাটো ধেমাজিৰ পৰা আহি থাকোতে সূৰ্যাস্তৰ ফটো লৈ পিছত দেখা লোৰ গম্বুজ দুটাক লৈ লিখিছিলোঁ)

মই সোৱণশিৰিয়ে কৈছোঁ

Image
Pradip Ranjan Dutta ই গোৱা "মই সোৱণশিৰিয়ে কৈছোঁ" গীতটোৰ কথাখিনি - মই সোৱণশিৰিয়ে কৈছোঁ।  সোৱণশিৰি মই আছিলো নিৰৱে বৈ  ৰোধিব পাৰিবি জানো মোৰেই শক্তিক  তোৰ মূৰত নাচিব  কাল সাপ ৰাইজ খন সাৱধানে থাক। গেৰুকামুখৰ বালিৰ পাহাৰ বান্ধ সাজি সৃষ্টি নকৰ হাহাঁকাৰ ভূমিকম্প প্ৰৱণ কঁপনি সঘন নামনিৰ সভ্যতা হ'ব চাৰখাৰ। বোলোঁ - ৰাইজখন সাৱধানে থাক মূৰত নাচিছে কাল সাপ। কেতিয়াবা শুনো সুৰংগ খহিছে কেতিয়াবা শুনো শ্ৰমিক মৰিছে জলবোমাৰ হ'ব বিষ্ফোৰণ  নামনি বাসীৰ দুৰু দুৰু মন।  বিশেষজ্ঞয়ো ক'লে - বিপদ নদী বান্ধ হ'লে পিছে কোনে শুনিলে,  বুজিলে কোনে বৃহৎ নদীৰ বান্ধ মানেই সৰ্বনাশ  জানিও নজনাৰ ভাও ধৰিলে কোনে?  পিছে পানীয়ে চিনিব নো কাক? ৰাইজ খন কুশলে থাক মূৰত নাচিছে কাল সাপ। -বিনয় কৃষ্ণ তামুলী ফুকন -২৭ জুন২o২২ I am Subansiri  I was flowing silently  Can you stop  my power?  The snake of death will dance on your head  Be careful, O the people   The sand hills of Gerukamukh  Don't build dams and create desperation  Earthquake  are frequent  The civilization of the downstream will be destroyed.  Let

ৰাতিবোৰ হাতী হয়

Image
ৰাতিবোৰ হাতী হয়। বেলিটো পাহাৰটোৰ সিপাৰে লুকালেই বাঢ়ি আহে উৎকন্ঠা। বেলিৰো যে কত বিশেষণ - দোকমোকালিৰ বেলি, দুপৰৰ বেলি, ৰান্ধনী বেলি.. ৰান্ধিবলৈ মোৰ আখলত খুদকণ এটিও নাই খেনোৰ উভৈনদী সম্পদে অহংকাৰৰ নদী ওফোন্দায়। শিতানে পথানে মাথোঁ ছহাট মাটি কাক কোনে বুজায়?  উশাহৰ শেষ পঞ্চভূতী দেহৰ অৱশেষ  কোনে বা বুজি পায়।  কথাবোৰ ভাবি ৰাতিটো  হাতী যেন হয়।  দূৰ্ভাৱনাৰ বলিষ্ঠ চাপৰ খোজে  মোৰ বুকুখন চেঁপি ৰয়।  কাতৰ উশাহ এটাৰে প্ৰাৰ্থনা কৰোঁ -  ৰাতিবোৰ হাতী নহওক  মনবোৰ উদাৰ হওক  জাতি ধৰ্ম বৰ্ণৰ পৰিয়চয় বোৰ তেহেলৈ যাওক।  মানুহবোৰ কেৱল মানুহ হওক ।

এটা উইচিৰিঙাৰ আৰ্তনাদ

Image
এটা উইচিৰিঙাৰ আৰ্তনাদ।   কিট্ কিট্ কিট্ চিঁ ঈঁ ঈঁ....   বৰ কৰ্কশ মাত এটা উফৰি আহে  মোৰ খোলা খিৰিকিৰে।  কিঁ....ঈঁ... কিট্ কিট্....   বৰ সংগোপনে সোমাই আহে   কলিজাৰ কপাট ভেদি   তেজে তেজে, শিৰে শিৰে..   পিতায়ে কয় উইচিৰিঙাই খেতিৰ পুলিবোৰ কাটে । কিঁ..... ঈঁ... বুলি ভেঙুচালিৰ মাত মাতে।  মোৰ বুকু খান্দি পিতাইৰ মৰিশালিৰ মাটি খুঁচৰি  উইচিৰিঙাই মাতে   সোধে -  মানুহ ক'ত?  মানৱতা ক'ত?   ৰজা ক'ত? ন্যায় ক' ত?  এটা অবাধ্য উইচিৰিঙাই ওৰে ৰাতি বিনায়  মোৰ মনত মগজুত।

ভন্টীৰ বিয়া। কবিতা আবৃত্তি

Image

চিঠিবোৰ ক'ত হেৰাল ।

Image

ইয়াত এখন নদী আছিল।।

Image
ঈগলৰ পোৱালীৰ দৰে যোজন উচ্চতাৰ পৰা এৰিদি উৰণ শিকোৱা নাছিল আমাক থাকিলেও এখন নীল আকাশ মূৰৰ ওপৰত। আমি ৰঙানৈত চিলনী সাঁতুৰ শিকি সোৱণশিৰিত ভটিয়নি নাও মেলিছিলোঁ। নৈ খন পাৰলৈ উঠি আহি বিদ্যুত পৰিবাহী গম্বুজ হ'ল। শিহু, সোণালী পিঠিয়া, বোকা পিঠিয়াৰ জলকেলি সাধুকথাত পৰিণত হ'ল। প্ৰতিবাদবোৰ প্ৰতাৰণাৰ দলিল হ'ল। লাহে লাহে নদী খনৰ মৃত্যু হ'ল। আজিকালি আমি সাধু কথা লিখোঁ - ইয়াত এখন নদী আছিল পাৰত পানৈ-জংকিৰ ইতিহাসৰ আছিল ইয়াত এখন সোণ গুৰি সিঁচা নদী আছিল ইয়াত এখন নদী আছিল  ইয়াত এখন নদী আছিল।  নতুবা আঁওৰাও  "অই আপ্পুন গণেশ পেগু" ৰ গীত  "সোৱনশিৰি সোণৰ নদী যুগে যুগে বৈ যায়... *

দেউতালৈ

Image
দেউতা... কিয় পলসুৱা কৰি গঢ়িলি মোৰ বুকু? কিয় দৃষ্টি দিলি আকাশমুখী কিয় দেউতা কিয়? খচকি চহাই-মৈয়াই ফালি স্বাৰ্থৰ নাঙলৰে চাহিদাৰ ভৰাল পুৰ সিহঁতৰ মই নিৰ্জীৱ অথচ মৰা শ নহয় উৰ্বৰ শস্য সম্ভৱ। আকাশমুখী দৃষ্টি মোৰ তললৈও চাব নোৱাৰো। উৰিবও নোৱাৰো মেঘ হৈ মাথো স্থানু। জীৱনৰ হাট প্ৰসাৰিত হাত কোঁচাব নাজানো মেলিলেই হাত সূৰ্যই দহে বুকুৰ মঙহ খহে নুবুজিলো কোনটো আওবাট কোন বাটে ঘাট। দেউতা... মই মই হ'ব নাজানিলো।

জোনাকী মন - হীৰেণ ভট্টাচাৰ্য

Image
 

সাগৰ দেখিছা

Image
 

এটা প্ৰেমৰ পদ্য - নৱকান্ত বৰুৱা

Image

আত্মশ্লাঘা (কবিতা)

Image
ৰিং মাৰি গুছি গ'ল ৰংপুৰৰ গৰখীয়া  কোনোবা এটা হেঙুল আবেলি  তেতিয়াৰে পৰা জীৱনৰ অংকত খেলি মেলি। গোধূলি উৰুৱাই গুছি যোৱা কপিলী গাই জনীৰ দামুৰীটোৱে দেও দি জাক হেৰুৱাই  তাইৰ হেম্বেলনিৰ আত্ৰানিয়ে গগন কঁপাই  জীৱনে এনেকৈয়ে বগুৱাবাই অতীত হেৰুৱাই বৰ্তমান ত্ৰষ্টমান হয় আৰু ভবিষ্যৎ....  আত্মহত্যাৰ দূৰ্বাৰ বাসনা এটা উজাই আহি লেটেকু গছৰ ডালত ওলমি ৰয়  সময়বোৰ ক্ৰমশঃ দূঃসময় হয়।   তথাপিও জীৱন জী থাকে  মৃত্যুমুখী মাতৃ কেকোঁৰাৰ দৰে   সময়ে বুকু খান্দি খান্দি খায়।   বলুকাত পৰি ৰয় মঙহ বিহীন খোলা  মই ভাও দিব নাজানিলো পিন্ধি  সময়ৰ বিলাসী চোলা   মাথো আত্মশ্লাঘাৰ সূতলাহীত ক্ৰমশঃ  পাকঘূৰণি খাই আহে আত্মাৰ মূগালেটাৰ  পোছাকী খোলা।