Monday, 30 January 2017

Dharma ( ধৰ্ম)


ধৰ্ম

পুৱাই উঠি টুথপেষ্টটোক সোধিলো
কি ধৰ্ম অ' তোৰ?
কোনে বনাইছে তোক
হিন্দু? ইচলাম? খ্ৰীষ্টান………?
স্নানাগাৰৰ চাবোন টুকুৰাক সোধিলো
কি চৰ্বিৰে তৈয়াৰি তই?
গৰু? গাহৰী?????
 দাপোন খনক সোধিলো
প্ৰতিফলিত কৰণে তই
পৃথক প্ৰতিবিম্ব,  পৃথক ধৰ্মীৰ?

আলনাৰ চোলাটোক সোধিলো
কোনে বা সী- ছে টোক?
সি বা কোন ধৰ্মৰ?

পথটোক সোধিলো
যাব পাৰেনে তোৰ ওপৰেৰে
সৰ্বধৰ্মৰ মানুহ?

পথটোৰ কাষৰ মন্দিৰ, মচজিদ, গীৰ্জা, গুৰুদ্বাৰা সকলোতে মূৰ দোঁৱালো
সিহঁতে  নোসোধিলে
"অই তোৰ ধৰ্ম কি?"



জীৱন নুপুৰ

বুকুৰ নিজাত শুই থকা নুপুৰযোৰ
তাই আকৌ বান্ধি ল'লে তাইৰ
চঞ্চল দুভৰিত
সানিলে জেতুকা
পাৱলী আঙুলিত
হেঁপাহৰ মাধৈমালতী
আৰু উচাহৰ হাস্নাহাৰ মালাৰে
সজালে নেঘেৰী খোপা
দাপোন চাই ফালি সেওঁতা
আঁকিলে কঁপালত কাম সেন্দুৰৰ ফোঁট

জীৱনৰ মেহফিলত নাচিব তাই
পাহৰি অপ্ৰাপ্তিৰ য'ত দুখ
দ্ৰুত লয়ত বাজি উঠিব
তবলা-পাখোৱাজ
ৰূদ্ৰ বীণা বজাব
কোনোবা ওস্তাদে
তাৰা স্বৰৰ সুৰ

তাইৰ দুভৰি কঁপাই নাচিব তাই
বাজিব নুপুৰ ৰুণজুন, ৰুণজুন ৷
ঘামত তিতা দেহাত তাইৰ
ফুটি উঠিব প্ৰাপ্তিৰ প্ৰশান্তি
হেৰুৱাই পেলাব নোপোৱাৰ
সমস্ত ক্লান্তি
জীৱনৰ মেহফিলত বজিব কেৱল
আশাৰ নুপুৰ
ৰুণজুন, ৰুণজুন ৷৷

Saturday, 28 January 2017


জুই জ্বলিছে

সকলো ঘূৰিছে
কেন্দ্ৰ কৰি এটা বিন্দুৰ
গঢ়িছে বৃত্ত
অৰ্থ লোভৰ লালসাৰ
বাসনাৰ৷
ব্যক্তি কিম্বা সমাজ
নিলাজৰ দৰে দৌৰিছে
ধনন্তৰীৰ আঁচলত ধৰি
বন্ধকত থৈ
বিবেক,
হৃদয় ৷

"ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক"
তেনে
সংগঠিত সকল
ক্ষমতা কেন্দ্ৰীক ৷
নেতৃত্বৰ লালসা
সহজ ধনৰ বাসনা
নাপালেই ধৰ্ণা ৷

প্ৰতিবাদৰ শেষত কোন যায়
শোষকৰ স'তে সন্ধি পত্ৰত
চুক্তি কৰিবলৈ
বন্ধকত থৈ জনতাক?

সমাজ সেৱাৰ ভণ্ডামিৰে
কোন যায় পিচ দুৱাৰে দি
অসামাজিকৰ
স্বৰ্ণাভ কাৰেঙলৈ?

কোনেও নিদিয়ে ভৰি সত্যৰ
কন্টকময় পথত
মিছাৰ বাট যে
মসৃণ,  পিচল ৷

নেতাৰ বগা পোচাকৰ তলত
বাস কৰে ক'লা আত্মা
দিনত আওঁৰাই পোহৰৰ শ্লো-গান
আন্ধাৰত জনতাৰ তেজৰ মদিৰা পি
ৰচনা কৰে ইস্তাহাৰ শোষণৰ ৷

নিষ্পেষিত জনতাৰ বুকুত
জুই জ্বলে
আঙঠাৰ দৰে
বাঘ চকুৰ দৰে জিলিকে ৰাতি
পেটত জ্বলি থাকে জুই
ক্ষুধাৰ
জুই জ্বলে
জুই
যি জুইত পোৰি যাহ যাব এদিন
শোষণৰ, বঞ্চনাৰ
ৰাজপ্ৰসাদ ৷৷
কক

দেশ গ'ল গ'ল
নিচিঞৰিবি হেৰ'
দেশ গ'ল গ'ল
যাবলৈ দে ৰসাতল
অথবা অটল তললৈ
কৰিবি অন্যয়ৰ প্ৰতিবাদ
সকলো মাথো অনীতিৰ পৃষ্ঠ পোষক
সমাজ শোষক
স্বাৰ্থ অন্বেষক ৷

নিচিঞৰিবি
দেশ গ'ল গ'ল বুলি
নক'বি নীতিৰ কথা
গান্ধাৰীৰ দৰে পালন কৰ
অনীতিৰ শত পুত্ৰ
হ'ব লাগে মাথো ধনৱন্ত
চৌৰ্য কাৰ্য বা হৰণ,
ডকাইটি অথবা দকা-হকাক
কৰিবলৈ দে সিহঁতৰ পণ ৷
জীয়াই থকাই ইহঁতৰ বাবে জীৱন
সৎতাৰে কোনে কৰে জীৱন উদযাপন??

প্ৰতিবাদ নকৰিবি
আঙুলি নুতুৱাৱি ইহঁতলৈ
ইহঁত বৰ উৰ্ধত  ৷
নক'বি মূল্যবোধৰ কথা
লাগিব লেঠা
অথবা নামিব জীৱনলৈ সংকত ৷

এজাক এনে উঠন পুৰুষৰ সমষ্টি মানে সংগঠন,
আন্দোলন,
শ্লো-গান,
ডনেশ্যন
ৰাইজ সেৱাৰ নতুন ফেচন ৷৷

তই কঁপালৰ ঘাম মাটিত পেলাই
এমুঠি নাপাৱ
আৰু ইহঁতে
নিষ্কৰ্মা হৈয়ো যাপন কৰে
ৰজাৰ জীৱন ৷

কাৰণ সিহঁত যে সংগঠিত
আছে সিহঁতৰ সংগঠন ৷
মিছাতে জুই দি বৰলৰ বাহত
নামাত হেৰ নিজৰ মৰণ ৷

আন্দোলন
অনশন
নিশা নিশা? ?
চুক্তিৰ বাবে গমন
শকত ধন
স্তব্ধ আন্দোলন ৷

নিচিঞৰিবি দেশ গ'ল গ'ল
প্ৰজন্মৰ হাতত তুলি দি
সমাজৰ দায়িত্ব
তই মাথো থাক মূৰ দুপিয়াই
ইহঁতে শোহক দে ৰাইজৰ তেজ
যিদৰে শোহে তেজপীয়াই ৷

সমাজ সংস্কাৰৰ ঠিকা লৈছে ইহঁতে
দেশ নহয় গঢ়িব নিজক
নিজক গঢ়িলেইতো
দেশ গঢ়া হ'য় ৷
দূৰ্নীতিৰে, অনীতিৰে নঘটিলে ধন
অথলেইচোন গ'ল ডেকা জীৱন ৷
ইয়াতে নিশিকিলে প্ৰৱঞ্চনাৰ পাঠ
কেনেকৈ নামিব ৰাজনীতিৰ বোকাত

এদিন ইহঁত ৰজা হ'ব
গঢ়িব দেশ
তোক দিব আদেশ ৷
নিচিঞৰিবি হেৰ'
দেশ গ'ল গ'ল বুলি
সেই দূৰ্দিনলৈ বাট চা ৷৷

Friday, 27 January 2017



টান

মধ্যাকৰ্ষণ
মহাকৰ্ষণ
আকৰ্ষণ???
জীয়াই থাকে জীৱন
হৃদয়ৰ আকৰ্ষণত
মধ্যকৰ্ষণৰ বাবেই
যিদৰে পৃথিৱীয়ে সাৱটি আছে সকলো
মহাকৰ্ষণৰ বাবে ওপঙি আছে ব্ৰহ্মাণ্ডত
গ্ৰহ-নক্ষত্ৰ, অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ
অগনন তৰা
হৃদয়ৰ টান আছে বাবেই আমি মানুহ
হৃদয়ে টানিব খোজে হৃদয়ক
তথাপি বিচ্চিন্ন হয়
দ্বীপ হয় মানুহ
একেই থাকে
মধ্যাকৰ্ষণ,
মহাকৰ্ষণ
মাথো শেষ হয়
মানুহৰ আকৰ্ষণ
বিকৰ্ষণৰ বানে ধোৱা হৃদয়ত
পৰে ঘৃণাৰ পলস
গজি উঠে
হিংসাৰ চূড়াতৰ পুলি
প্ৰতি হিংসাৰ কেকটাচ গজে
শুকান বালিত ৷
তথাপি জীৱন জীয়াই থাকে
হৃদয়ত টান থাকে
নতুন হৃদয়ৰ সন্ধানত ৷

Thursday, 26 January 2017

Karangor Ligiri ( কাৰেঙৰ লিগিৰী)



প্ৰতিভা

প্ৰতিভা তেজত লুকাই থাকে নেকি?? গাঁৱৰ মহিলা সকলে এইবেলি দ্বিতীয় বাৰৰ বাবে নাটক কৰিব ৷
মে-ডাম-মে-ফী ত ৷ গ'ল বেলি মোৰ পৰিচালনাতে সাহিত্য ৰথী বেজবৰুৱা দেৱৰ "জয়মতী" কৰিছিল ৷ এইবেলি ৰূপকোঁৱৰৰ "কাৰেঙৰলিগিৰী" ৷ পৰিচালনাৰ দায়িত্ব মোৰেই ৷ গাঁৱৰ ডেকা-বুঢ়া মিলি বাঁহৰ খুঁটা, গাধৈৰে মঞ্চটো সাজি দিছে ৷ ব্যৱস্থাপনা পুৰুষ সমাজৰ ৷ এই সকল মহিলাক লৈ নাটক কৰিবলৈ প্ৰথম বছৰ সাহ কৰা নাছিলো ৷ মৰসাহ কৰি হে আবাঢ়িছিলো ৷ কিন্তু এইবাৰ সেই দৰ নাই ৷ গ'ল বেলিয়েই গম পালো এওঁলোকে পাৰিব ৷ কোনোদিন নাটক নকৰা বোৱাৰী কেইগৰাকী মানে যি সাৱলিলতাৰে ৰূপকোঁৱৰৰ নাটৰ কঠিন সংলাপ মুখস্থ কৰাই নহয় অভিব্যক্তি আৰু ৰসপূৰ্ণভাৱে প্ৰক্ষেপ কৰি পাৰদৰ্শিতা দেখুৱাইছে,  ভাবিবলৈ বাধ্য হৈছো-প্ৰতিভা শুই থাকে তেজৰ তলত ৷ তাক জগাব জানিলেই সাৰ পাই উঠে ৷ মনৰ নিজানত প্ৰত্যেক মানুহৰ তেজত নিতাল মাৰি থাকে শৈল্পিক অনুভূতি ৷ কিছুমান প্ৰকাশৰ অভাৱত শেষ হৈ যায় নিৰৱে ৷ জগাওঁতাৰ অভাৱো এক অন্যতম কাৰক ৷ নাট্য চৰ্চাৰ একো বিশেষ সুবিধা নাই আমাৰ গাঁৱত ৷ চৰকাৰী বিজুলী বাটিৰ পোহৰকণৰ বাদে ৷ আছে কেৱল ইচ্ছা ৷ এই প্ৰচণ্ড ইচ্ছা শক্তিকে মূলধন কৰি আগবাঢ়িছে মোৰ গাঁৱৰ নাৰী শক্তি ৷ সুন্দৰৰ সাধনাত কোনে বাধা দিয়ে? সাধ্য কাৰ?? যদি মনত থাকে অদম্য ইচ্ছা -সুন্দৰৰ আলিয়েদি আগুৱাই যোৱাৰ??

Wednesday, 25 January 2017

Bonde ma taran ( বন্দে মা তৰম)

বন্দে মাতৰম

বন্দে মাতৰম বুলি
কেনেকৈ বন্দো অ' আই
পাহৰিয়েই পালালোচোন
বন্দনা বঞ্চনাৰ কেকোঁৰা চেঁপাত ৷
আই পূৰ্বাচলত মোৰ ঘৰ
ইয়াত প্ৰহৰীয়াৰ সহস্ত্ৰ
বেষ্টনিত বন্দী
স্বাধীনতা অথবা গণতন্ত্ৰ
নিঃচিদ্ৰ পহৰা আৰু তালাচিৰ মাজত
চলে
গণতন্ত্ৰ অথবা স্বাধীনতাৰ সন্ধান
স্থবিৰ হৈ যায় সকলো
আতংকৰ গ্ৰস্ত প্ৰজাবোৰ
সোমাই থাকে ৰূদ্ধ দ্বাৰে ৷
কেৱল ৰজাঘৰীয়াই গাই
দেশ বন্দনা
ত্ৰিৰংগৰ তলত ৷

কোন স'তে বন্দো
বন্দে মাতৰম
আমি যে অনাথৰ দৰে
যাপন কৰো জীৱন
প্ৰতিটো প্ৰাপ্যৰ বাবে সংগ্ৰাম
আৰু নিবিচৰা বোৰ জাপি দিয়াৰ বাবে
প্ৰতিবাদ কৰি কৰি
হেৰাই যাব খোজিছে
দেশ বন্দনাৰ গান ৷
কাৰণ-
আমি যে বাস কৰোঁ পূৰ্বাচলত

ইয়াত প্ৰতিবাদ হয়
স্বাধীনতা আৰু গণতন্ত্ৰৰ
অৰণ্য খনৰ সিপাৰৰ পৰা
কৈ যায় সকিয়াই
ভুৱা এই স্বাধীনতা
ভুৱা এই গণতন্ত্ৰ ৷

কাৰ কথা পতিয়াবি আই
আমি মাথো জানো
পেটৰ দায়াৰ
যাতনা কিমান
অপ্ৰাপ্তিৰ বেদনা কিমান ৷

কি দৰে বন্দো বন্দেমাতৰম! !
নোপোৱাৰ আৰ্তনাদ কৰি কৰি
বেসুৰা গৈ গ'ল  কণ্ঠ
কি দৰে আওঁৰাও
স্বাধীনতা অথবা গণতন্ত্ৰৰ মন্ত্ৰ???

Tuesday, 24 January 2017

Shikira ahibo bokul lolor bihuloi ( ছাকিৰা আহিব)



ছাকিৰা আহিব বকুল তললৈ

ছাকিৰা,
তই বকুল তললৈ আহিবি
বিয়পি পৰিছল খবৰ
বনজুইৰ দৰে
ইখন সিখন সাতো খন গাঁও ৷
তই আহিবি বুলি
আয়ে ভাজিছিল
বৰাধান হুৰুম
জেতুকা বুলাইছিল
গাঁৱৰ গাভৰু জাকে
তোৰ স'তে এপাক কঁকাল ভাঙি নচাৰ হেঁপাহত ৷
ধোঁৱা চাঙত তুলি থোৱা ঢোলৰ খোলাটো
দি আহিছিল মুচিয়াৰক
ৰং মন ককাইদেৱে ন-চাওনি চোৱাবলৈ
ওজা ঢোলৰ ৷
বতাহে বতাহে বিয়পিছিল খবৰ
ছাকিৰা আহিব
ছাকিৰা আহিব
বকুল তলৰ বিহুলৈ ৷
গাঁৱৰ ডেকা জুমে
চিকুনাই বকুলৰ তল
পাৰিছিল দলিচা
তোৰ বাবে ৷

ছাকিৰা
বকুল তলতচোন কোনোবা
বহিৰাগতই তৰিছে তম্বু
দেখুৱাবলৈ-
অৰ্থ গৰ্বৰ যাদু খেলাা ৷৷

কলৈ আহিবি ছাকিৰা?
ক'ত নাচিবি বিহু কঁকাল ঘূৰাই??

সেই বুলিয়ে তই ককাইদেউক
কিয় লগাই দিলি সিহঁতৰ কথা
তেওঁ যে বৰ খঙাল
স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা
ককাইদেও জনৰ যদি খং উঠে
আৰু জ্বলাই দিয়ে বকুল তলৰ
বহিৰাগতৰ তামিঘৰা
লেৰেলি নাযাবনে তাৰ তাৰ তাপত
আমাৰ হেঁপাহৰ বকুল ৷

ছাকিৰা
তইতো দেখানাই লক্ষীপথাৰৰ আৰ্তনাদ
পোৱা নাই চৰাইপুঙৰ বাতৰি
তোৰ ককাইদেউক বিচাৰি যদি আকৌ আহে সিহঁত
সাৰ পাই চিঞৰিব এবাৰ
ভনীমাইৰ আত্মাই আকৌ

ছাকিৰা অ'
নেলাগে মাতিব তোৰ সূৰ্য সন্ধানী
ককাই দেওক
তই আমাৰ বুকুত আছ
আৰু তোৰ লগত আছে
জেতুকা বুলিয়া বুকুৰ উচাহ ৷

চাকিৰা
নাশিৱ লাগিব দুষ্কৃতি
সুন্দৰৰ মন্ত্ৰ আওঁৰাই
নে লাগে দে থক
খঙাল ককাইদেউক মাতিব
তই আছচোন আমাৰ হিঁয়াই হিঁয়াই
- বিনয় ২৫ জানুৱাৰী

ফাগুন বিষাদৰ নাম 

যদিও পলাশ শিমলুৰ ফুলৰ ৰং মোৰ প্ৰিয়
প্ৰিয় নহয় মায়াৱী ফাগুন
ধূলিৰে ধূসৰ ফাগুনী পচোৱাই
ওখ শিমলুৰ পাহি নোৱাৰে কঁপাব
সৰুৱাই কেৱল জুই ফুল
ৰঙা কৰি বুকুৰ শিমলু তল ৷৷
মৌপিয়া, শালীকিৰ দেওদোপনিত
সৰি পৰে পলাশ পাপৰি
সৰা ফুলে ওপচাই বিষাদ
চকুলো সৰাই কোনোবা
উদাস কবিৰ ৷

প্ৰিয় ঋতু নহয় ফাগুন
জুই ফুলে ফাগুনত
উৰুৱাই শুকান ধূলি
ধূসৰ কৰে সুখময় পথ
আৰু বাজি থাকে
জুইৰঙী বিষাদ মালিতা
শোকৰ ভাটিয়ালী
বুকুৰ কোনোবা কোনত ৷৷

তথাপিও প্ৰতিটো ফাগুনত
বাট চাওঁ জুইৰঙা ফাগুনৰ
ৰঙা জুইৰে
লিখিবলে পলাশ শিমলু ৰঙী
ৰঙীন কবিতা ৷
কলাৰ মূল্য

কাৰ বাবে শিল্পী
শিল্প কাৰ বাবে? ?
প্ৰতিজন মানুহৰ তেজত
নিৰৱে শুই থাকে
শৈল্পিক অনুভূতি
মনৰ গোপনত
মানুহ কলাকাৰ
সেই মানুহৰ তেজতে থাকে
এক অসুন্দৰ দানৱ
দানৱীয় বাসনাৰ ৷
তথাপিও
"কলা জীৱনৰ বাবে"
য'ত নাই ধ্বংসৰ কূটিল জিঘাংসা

কলা সাধনাৰ ফচল
কলা সুখৰ আঁচল
যি আঁচলত ধৰি আগুৱাব পাৰি
সুন্দৰৰ দিগন্তলৈ
বুকুৰ বকুল তলত
জ্বলাব পাৰি  প্ৰশান্তিৰ শলিতা ৷

মানুহৰ বুকুত সুৰক্ষিত কলা
কিয় লাগে সহস্ত্ৰ প্ৰহৰীয়া ?
কলা আঁতৰত বহু যোজন -
অসুন্দৰৰ বিধ্বসী বাৰুদ পৰা ৷

Gun ৰ তপত নলীয়েদি
ওলাব জানো সুৰীয়া গান??


মৌনতা
ভাষা হেনো তিনি প্ৰকাৰ ৷
কথিত, লিখিত ৷ আৰু???
ইংগিত ৷৷ হয় বহু কথা বুজাব পাৰি চকুৰ টিপত,আঙুলিৰ থাৰত…
কিন্তু  মৌনতা? মৌনতাও এক ভাষা ৷
মৌনতাই কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা বহু কথা বুজাই দিব পাৰে ৷ মৌন প্ৰকাশ বৰ শক্তিশালী ৷ বৰ গভীৰ ৷ মগজুৰে নহয় ৷ বুকুৰেহে বুজিব পাৰি মৌন প্ৰকাশ ৷


অহংকাৰত ওফন্দি থকা নাৰী গৰাকীব:

সেওঁতাৰ ৰঙা সেন্দুৰৰ ফোঁট পিন্ধিলেও
তাই বাস কৰে এখন নিজৰ পৃথিৱীত
অকলশৰে ৷৷
শেতেলীত থাকিলেও নিজৰ পুৰুষ
নিসিদ্ধ ভাৱনাৰে স'তে
কথা পাতে তাই

অবৈধ বাসনা কিছুমান বুকুত কঢ়িয়াই
তাই ভাও দিয়ে সুখী হোৱাৰ ৷
ডাঙৰ কৈ আঁকে কঁপালৰ ফোঁট
যাৰ আঁৰত লুকাই থাকে
অপ্ৰাপ্তিৰ হুমুনিয়াহ ৷

হাঁহি হাঁহি দেখুৱাব খোজে
মই সুখী
পৃথক মোৰ জীৱন দৰ্শন
মই সৃষ্টিশীলা
লিখি যাওঁ প্ৰেম কবিতা
বিয়োগান্তক নাট
আৰু নিসিদ্ধ উপন্যাসিকা

অহংকাৰৰ বেলুন এটা লৈ
ওমলি থাকে তাই ৷
যি বেলুনত বতাহৰ সলনি সোমাই থাকে
নিৰাশাৰ হুমুনিয়াহ ৷

তাই নাজানে
প্ৰজন্ম সৃষ্টি কৰিব পৰাৰ বাবেই
নাৰী সৃষ্টিশীলা
তাই বিচাৰে চিৰ যৌৱন
য'ত নাই সৃষ্টিৰ উন্মাদনা
সৃষ্টিৰ জৰায়ুত নিসিঁছে তাই
ভবিষ্যতৰ বীজ
জানোচা হেৰাই যায়
তাইৰ যৌৱনমতী দেহৰ লাৱণ্য ৷

অংকাৰত ওফন্দি থকা নাৰী গৰাকীক
সোধিবৰ মন যায়
বন্ধ্যা নাৰীৰ কবিতাই জানো
জগাব পাৰে
সম্ভাৱনাৰ উন্মেষ? ?
কি লাভ লিখি
প্ৰেমৰ কবিতা
বিয়োগান্তক নাট
আৰু নিসিদ্ধ উপন্যাসিকা??

যাৰ অনুৰ্বৰ জৰায়ুত নগজে
সৃষ্টিৰ বীজ ৷৷

Monday, 23 January 2017



কাৰ স'তে কথা পাতিবি??

কাৰ স'তে কথা পাতিবি??

কাৰ স'তে কথা পাতিবি অ' বন্ধু?
কাৰ স'তে??
কাৰ স'তে বহিবি হৃদয় দুৱাৰ খুলি
নিবিড় আলাপত??
প্ৰেমৰ কথা পাতিবলৈ
শব্দই নাই
কাহানিবাই বুকুখন হেঁচি থ'লো শিলুৱা অনুভূতিৰে ৷
পাতিবলৈ দৈননন্দানুনিকতাৰ কথা
নায়েইচোন কোনো ইতিবাচক
পুৱাৰ পৰা নিশালৈ দৌৰি ফুৰিছ
কেৱল প্ৰাপ্তিৰ তাড়নাত ৷৷
কোনে শুনিব একঘেয়ামী
দিনলিপিৰ নিৰস শব্দ??

কাৰ স'তে কথা পাতিবি ৰাজনীতিৰ?
ৰজাইচোন পৃষ্ঠপোষক অনীতিৰ ৷
কাৰ স'তে কথা পাতিবি ধৰ্মৰ
বিভেদ হে মূল শক্তি ৷
কাৰ স'তে কথা পাতিবি সমাজ নীতিৰ
ব্যক্তিকেন্দ্ৰিকতাৰ খোলাত বন্দী ৷
কাৰ স'তে কথা পাতিবি স্বদেশৰ
নাইচোন কাৰো স্বদেশ প্ৰীতি ৷

কাৰ স'তে বন্ধু?
কাৰ স'তে?
কাৰ স'তে পাতিবি
অভিজ্ঞতাৰ ৰ'দেপোৰা কলিজাৰ
কৰ্কশ শব্দদেৰে
জীৱনৰ কথা, প্ৰাপ্তিৰ কথা, অ-প্ৰাপ্তিৰ কথা??

কাৰ স'তে কথা পাতিবি অ' বন্ধু? ?
স্বদেশ-স্বজাতীৰ কথা?
হাতত লৈ 'গুগুল'ৰ পৃথিৱী
সকলো দৌৰিছে
বিশ্বায়নৰ পিছে পিছে ৷৷
ক'বি কাক-
স্বজাতীৰ প্ৰেম মানে যে নহয়
মানৱতাহীনতা ৷৷

প্ৰত্যেকৰে হৃদয় দুৱাৰত ওলোমাই
বিশ্বাসহীনতাৰ একোটা তলা
দৌৰিছে সকলো কেৱল
আত্নকেন্দ্ৰিকতাৰ কক্ষপথত

কাৰ স'তে বহিবি আলাপত
বন্ধ সকলোৰে ওঁঠৰ দুৱাৰ
হৃদয়ৰ খিড়ীকি খুলি
কাৰ স'তে আগুৱাবি শব্দৰ সমদললৈ? ?

মৌন ওঁঠত লাগি থাকিলেও
হৃদয়ৰ এসাগৰ শব্দ
তই নিৰৱেই থাক ৷৷
নাপাতিবি কথা
নবহিবি নিবিড় আলাপত
ন'হলে-
তই হেৰুৱাই পালেবি হৃদয়ৰ ঠিকনা ৷

Sunday, 22 January 2017


নিশা হ'লে

দিনান্তৰ শেষত হেৰাই  যায় সূৰ্য দিগবলয়ত
ম'চি নিয়ে ৰ'দৰ যত গান

এন্ধাৰ স'তে আলাপত বহিবলৈ
সাজু হয় গনিকা পৃথিৱী ৷
নিঃপালি দি শুই থকা দানৱী ভাৱনাবোৰে
এঙামুৰি দিয়ে
কাচোনে বাহিৰ ওলায়
এন্ধাৰৰ আঁৰ লৈ

উজায় যায়
নিসিদ্ধ গলি,বাইলেন, এপাৰ্টমেন্ট
আৰু জুপুৰি বোৰলৈ
ডি জে ৰ কোলাহলত
নাঙঠ হয় ভৰুণ যৌৱন
ৰঙা পৰীজনীৰ আলিংগনত
ৰাগি লাগে গনিকা ৰাতিৰ গাত ৷

প্ৰবৃত্তিবোৰ সতেজ হৈ পৰে
নিশাৰ স্পৰ্শত
ধুলিসাৎ হৈ যায় কুমাৰী যৌৱন

ভোক আৰু ভাগৰত পোত যোৱা
কোনোবা জুপুৰিৰ যৌৱনমতীৰ দুৱাৰত
টুকৰ পৰে আন্ধাৰৰ ৷৷
নতুবা কোলাৰ কেঁঁচুৱা নমাই
কোনো ভোকাতুৰা নাৰীয়ে
দুৱাৰ মেলি দিয়ে
জন্মজ প্ৰবৃত্তিক ৷৷

নষ্ট কবিও সাৰে থাকে নিশা
পান কৰিবলৈ আন্ধাৰৰ মাধূৰ্য
নিশা হ'লেই কবিৰ কলমতো
ভীৰ কৰে আহি অশ্লীল বৰ্ণমালাই
গঢ়ি পিতি বুকুৰ কমাৰ শালত
কবিয়ে গুচায় অশ্লীলতাৰ মামৰ
শব্দত শান দি লিখে কবিয়ে
ৰাতিৰ নিতুল  কবিতা
যি কবিতা কেৱল আওঁৰাব পাৰি
ৰৌদ্ৰোজ্বল দুপৰীয়া
অথবা কুমাৰী পৃথিৱীৰ
দিগবলয়ত
ছাঁ লৈ সেউজীয়া নাহৰৰ ৷৷



ব্লক আন ফ্ৰেণ্ড ইত্যাদি



অলং দলং কচুপাতৰ পানী
বেঙেনা গছত কাপোৰ থৈ
দেও দি আহ
পুতলাৰ দৰা-কইনা…

নষ্টালজিক শব্দবোৰ
হেৰাই থাকিল "ডিজিটে''ল পৃথিৱীত
চেংমৰাৰ, নিম গুটিৰ বন্দুকবোৰ
''একে ৪৭" হ'ল
বঁহতৰ ফুল অথাবা বাইচকলৰ চিটৰ "স্পনজৰ"ৰে যে
ম'চিছিলো ফলি
সেয়া এতিয়া "ডিলিট" হ'ল ৷
চেং গুটি খেলত অন্যায় কৰিলে
নামাতো যাঃ বুলি ওফন্দ নাপাতে কোনেও আজি
সেইবোৰ "আন ফ্ৰেণ্ড" হ'ল ৷৷
আৰু তাতোতকৈও ওপৰত
"ব্লক"
মন গ'লেই "ব্লক" কৰিব পাৰি কাৰোবাৰ
"আন ফ্ৰেণ্ড"কৰিব পাৰি
ডিলিট কৰিব পাৰি বন্ধুত্ব কিম্বা
প্ৰেয়স-প্ৰেসীৰ তালিকাৰ পৰা ৷
ওফন্দ পাতি কোনে প্ৰেমিকাই নকৰে
উপবাস সাদিন সাত ৰাতি
সলনি কৰে ফোন নম্বৰ
নাইবা "শ্লুইচ অফ" কৰে… ……
 নাগায় কোনেও
"লুকা-ভাকু ভাল নালাগে খেল কইনা দৰা"
নেখেলে অলং-দলং কচু পাতৰ পানী
"চাটিং-চাটিং" খেল
"ব্লক" "অানফ্ৰেণ্ড"ৰ কোলাহলত
হেৰাই যায় হৃদয়ৰ পৃথিৱী

পাৰি জানো বিসৰ্জিৱ বন্ধুত্বৰ টান
বুঢ়া আঙুলিৰ টিপত
পাৰি নে  "ডিলিট"কৰিব জীৱনৰ পৰা?
"ব্লক"কৰিব পাৰি নে হৃদয়ৰ ৰক্ত প্ৰৱাহ
যি তেজত বৈ থাকে
প্ৰেম
অথবা
বন্ধুত্ব??


আজি ৰাতি


তেজৰ তলত থকা
প্ৰাচীন বাঁহীটোত আজি ৰাতি
আকৌ ফুঁ দিম
গভীৰ অনুভৱৰ উশাহেৰে
ভৰাইল ল'ম উদাসী বুকু
ৰি ৰিয়াই বজাম
সোঁৱৰণীৰ ফটিকা পি
মাতাল বাঁহী
তাৰা স্বৰত ৷
তোৰ ঘূমতি ভাঁঙিবলৈ মই নবজাওঁ বাঁহী
হৃদয়ৰ বিষাদ তানপুৰাটো
আৰু হেৰাই যোৱা সুৰ এটাৰ স'তে
গোটেই নিশা বজাম
প্ৰাপ্তি- অপ্ৰাপ্তিৰ
যুগল বন্দী

আজি ৰাতি আকৌ ফুঁ দিম
মোৰ তেজৰ তলৰ প্ৰাচীন বাঁহীটোত
ওৰে নিশা ৰি ৰিয়াই বজাম
সুখ- অসুখৰ
প্ৰাচীন স্বৰলিপিৰ সুৰ ৷

Saturday, 21 January 2017



বৰষুণ হৈ আহিছিল তাই


উদ্বাস্তু মনৰ মৰুভূত
এজাক বৰষুণ হৈ সৰিছিল তাই
এজাক জীপাল বৰষুণ ৷
ঠিকনা হ'ব খোজিছিল তাৰ
অঘৰী মনৰ ৷

পোখা মেলিছিল মৰুদ্যানৰ শুকান মাটিত
এটি অচিনাকী পুলিৰ
কেকটাচ হৈ ফুলিছে এতিয়া
হালধীয়া কেকটাচৰ ফুল ৷৷

তাই সৰিছিল আশাৰ বৰষুণ হৈ
ৰিম ঝিম বৰষুণ
গজাবলৈ সেউজীয়া
বুকুৰ পথাৰত
কলিয়া ডাৱৰ বোৰে হিংসা কৰিছিল
ৰিম ঝিম বৰষুণ জাক হৈ পৰিছিল
বিধ্বসী বৰদৈচিলা
হিংসুক গাজনীত ৷৷

উদ্বাস্তু মনৰ ঠিকনা হ'ব খোজা
তাই জনীৰ ঠিকনাটোকে হেৰুৱাই পেলালে সি
চিৰাল ফাট দিয়া
অনুভূতিৰ পথাৰ খনত
কোনে সিঁছিবহি প্ৰেমৰ বীজ?
দুটা মানুহ

ভিতৰি ভিতৰি
মই দুটা মানুহ
এটাক এৰি দিওঁ শিকিবলৈ
জীৱন বোধৰ পাঠ
বাস্তৱৰ  সাগৰত
সাঁতুৰি-নাদুৰি ৷
আৰু আনটো -
সি হৈ উঠে দূৰ্দান্ত প্ৰেমিক
যি প্ৰেমীকাৰ নাম
অনুভূতি ৷
এটাক চলিবলৈ দিওঁ
মগজ নামৰ শৰীৰৰ
জটিল অংশটোৰ
আঙুলিৰ থাৰত
আৰু আনটোত -
হৃদয়ৰ আহ্বানত ৷
কোমল হৃদয়ৰ পৰশত
এটা হৈ উঠে
অনুভূতিৰ সফল প্ৰেমিক
"মলি থয় হৃদয় দুৱাৰ"
আৰু আনটোৱে
মুখস্থ কৰে গাণিতিক আৰ্য্যা জীৱনৰ
জ্যামিতিক সূত্ৰ বাস্তৱৰ ৷
"এ প্লাচ বি হওল স্কোৱেৰ"

ভিতৰি ভিতৰি মই দুটা মানুহ
এটা অক্লান্ত যুদ্ধা -জীৱনৰ
আনটো দূৰ্দান্ত প্ৰেমিক-অনুভূতিৰ ৷
মইটোৱে তুলি দিয়ে
হৃদয় আৰু মগজুক
এখন তুলাচালীনত ৷
কাৰ ওজন? ?
মগজুৰ??
নে
হৃদয়ৰ???


জীৱনৰ গীত ভালপোৱা ছোৱালী জনী

কণ্ঠত বান্ধিব খোজে ৰাগিনীক তাই 
ৰাগৰ স'তেও গোপন প্ৰেম ৷
সপ্ত সুৰৰ মায়াৰে জাল গাঁথে তাই
দিঠকে-সপোনে গুণ গুণাই জীৱনৰ গান ৷

বিষাদৰ বিলম্বিত লয়ৰ 
উদাসী গীত এটা যদিও উজায় আহে 
তাইৰ কণ্ঠত 
তাই ভাল পায় আওঁৰাবলৈ জীৱনৰ
দ্ৰুত লয়ৰ সংগীত ৷৷

চৌৰাচিয়াৰ কৰুণ বাঁহীৰ দৰে
তেজত বিয়পি থাকিলেও দুখ
তাই আকুলতাৰে গায়
কাকূতি ঘোষা
অথবা পোহৰৰ প্ৰাৰ্থনা ৷

ৰূদ্ৰ তালৰ গীত ভাল নালাগে তাইৰ
যি ভাঙি পেলাব পাৰে নিমিষতে
জীৱন ফুলদানী 
তেজ-ঘামৰ বোকা মাটিৰে সজা ৷

তাই ভাল পায় জীৱনৰ সংগীত
সুখৰ ৰাগিনী
আশাৰ ৰাগ
আৰু…
পোহৰৰ প্ৰাৰ্থনা ৷৷

Friday, 20 January 2017


ৰং ভালপোৱা ছোৱালী জনীঃ

চিনি পাই নে আপুনি
ৰং ভালপোৱা ছোৱালী জনী?
বৰ সহজ তাইক চিনি পাবলৈ
যাৰ ওঁঠত লাগি থাকে
মনালীচা মনালীচা হাঁহি
আৰু লিহিৰি হাতত
কেৰ্কেটুৱাৰ নোমৰে সজা
ৰঙীন তুলিকা ৷
যি তুলিকাত লাগি থাকে
সৰিয়হ বুলিয়া,বেঙেনা ফুলীয়া
নতুবা কলপতিয়া
শিমলু, পলাশৰ ৰং ৷

ঠিক কেৰ্কেটুৱাৰ দৰে
জঁপিয়াই জঁপিয়াই ,
নাইবা
ছাগলী পোৱালী এটিৰ দৰে
দেদাউৰিয়াই ফুৰে তাই
ৰং বিচাৰি ৷
জীৱনৰ ৰং

বেজাৰৰ বেঙেনা বুলীয়া ৰংটো
তাইৰ প্ৰিয় যদিও
বুকুত কঢ়িয়াই ফুৰে তাই
কৃষ্ণচূড়া ৰঙী সপোন এটা ৷
মদাৰৰ ৰঙে উতলা কৰিলেও তাইক
সোনাৰু ফুলীয়া আশা এটালৈ
গুণ গুনাই তাই ভাটৌ ৰঙী গান ৷

চিনি পাইছে নে তাইক?
যি জীৱনৰ উকা কেনভাচ খন
সজাব খোজে ৰঙেৰে
এটোপ এটোপ ৰং-
পলাশৰ, শিমলুৰ, সোণাৰুৰ…

আঁকিব খোজে জীৱনৰ ছবি
কলপতিয়া ৷৷
কিন্তু
বেঙেনা বুলীয়া ৰং বোৰে কিয়
কাঢ়ি নিব খোজে তাইৰ পলাশী উচাহ
তাই আজিও নুবুজে ৷

চিনি পাই নে ৰং ভালপোৱা ছোৱালী জনী
যি বুকুত কঢ়িয়াই ফুৰে
এসাগৰ সৰিয়হ হালধীয়া
আৰু চকুৰ পতাত বুলাই লয়
বিষাদৰ বেঙুনীয়া ৷

বৰ আকুলতাৰে বিচাৰি ফুৰিছো তাইক
ফুলা শিমলুৰ ডালত
জুই ৰঙী কৃষ্ণচূড়াৰ তলত
হালধীয়া সোণাৰু ফুলৰ পাহত
আৰু কলপতিয়া ভাটৌটোৰ ডেউকাত ৷

দেখিছিল নেকি তাইক
বাউল চুলীৰে
বেজেৰুৱা আজাৰৰ তলত? ?


নাটক হ'বঃ

এটা বাঁহৰ খুটাৰে ওপৰত তামোলৰ কামি দি সজা মঞ্চ ৷ তাৰ ওপৰত ধান খেৰ পাৰি দিয়া হৈছে ৷ কেৰ-মেৰ শব্দ নকৰিবলৈ ৷ ওপৰত ফটা তামীঘৰা দুটা ৷ বিদ্যুতৰ ব্যৱস্থা আছে বাবে দুটা ফ্লাড লাইট জ্বলোৱা হৈছে ৷ মঞ্চৰ কাষতে জুই একুৰা জ্বলাই কেইজনমানে জুই পুঁৱাইছে ৷ তাতে এখন নাটকৰ আখৰা চলিছে ৷ আজি ভৰ আখৰা ৷ নাটকখন লিখিছিলো মই ৷  মোৰ জীৱনৰ দ্বিতীয় খন পূৰ্ণাংগ নাট - "বৰ্ণবাদ" ৷ গতিকে মোকো মতা হৈছে আখৰালৈ ৷ "ন-পাম ৰেঙনী নাট্য সংঘ"
এচাম নাট ভাল পোৱা যুৱক-যুৱতীৰ দল ৷ নাটক কৰিব ৷ পিছে নাটক নাই ৷ কোনোবাই ক'লে মই নাটকৰ লগত লাগি থকা মানুহ ৷ গতিকে সংঘৰ কোনোবা এজন গৈ মোৰ ওচৰ ওলালগৈ ৷ বিনয়দা নাটক এখন দিয়ক ৷ আমি গাঁৱত কৰিম ৷ সোধিলো কেনেকৈ কৰিবা? ক'লে ভ্ৰাম্যমানৰ দৰে ৷ অলপ পৰ মনে মনে থকাৰ পাচত লাহেকৈ ক'লো ৷ ভাইটি নাটক কৰিবা বাৰু ৷ কিন্তু ভ্ৰাম্যমানৰ দৰে? ভ্ৰাম্যমান থিয়েটাৰ সমূহে ন মাহৰ বাবে তিনিখন নাটক লয় ৷ বাজেটো বহুত ৷ প্ৰথম শ্ৰেণীৰ নাট্য দলবোৰে এনিশাত প্ৰায় এক লাখ টকা কৈ লৈ নাট প্ৰদৰ্শন কৰে ৷ পাৰিবা জানো ভ্ৰাম্যমানৰ দৰে নাটক কৰিবলৈ ? ক'লো- নাটক কৰিব লাগে নিজৰ অৰ্থনৈতিক সামৰ্থ অনুসৰি ৷
নাটকৰ জড়়িয়তে সমাজলৈ  এক শুভবাৰ্তা প্ৰেৰণ কৰাতো হ'ব লাগে নাটকৰ উদ্দেশ্য ৷ ল'ৰা জনে কি ভাবিলে ক'ব নোঁৱাৰো ৷ ক'লে - বিনয় দা আপোনালোকে যে কৰিছিল বৰ্ণবাদ নাটক খন সেই খনকে দিয়ক ৷ দিলো ৷
বিশ দিনমান গ'ল একো খবৰ নাপালো ৷ হঠাৎ ঘৰৰ মুখত মাৰুতী ভান এখন ৰ'ল হি ৷ নাট্য সংঘৰ সদস্য জনৰ লগত আৰু কেইজনমান যুৱক ৷ চাহ-তাহ দিয়াৰ অন্তত আগমনক উদ্দেশ্য সোধিলো ৷
ক'লে - আপোনাৰ নাটক খন জটিল ৷ কৰিব নোৱাৰিম বুলি ভাবিছিলো ৷ কিন্তু নাটক নাপালো ৷ সেই খনকে কৰিম বুলি ভাবিছো ৷ আপুনি ডাইৰেক্টশ্যন কৰি দিব লাগে ৷
         মই একেষাৰে নোৱাৰো বুলি ক'লো ৷ কাৰণ মোৰ  নাটক খন জটিল বুলি কোৱাৰ বাবে নহয় ৷ সময়ৰ অভাবৰ বাবে ৷ কাৰণ গাঁৱৰ মহিলা সকলে মে-ডাম-মে-ফিত নাটক কৰিব ৷ মই তাত লাগি থকাৰ বাবে সময় দিব নোৱাৰিম ৷ তাতে নিশা নিশা মোৰ ঘৰৰ পৰা প্ৰায় ৯ কিল'মিটাৰ নিগত গৈ নাটক শিকোৱাতো মোৰ স্বাস্থ্যয়ো নকয় ৷ গতিকে ক'লো তোমালোকে আৰম্ভ কৰা ৷ মই মাজে মাজে গৈ এপাক চাই দিম বাৰু ৷ কিন্তু সময় ওলিয়াব নোৱাৰিলো ৷ আজি আহিছো ৷ মানুহ বোৰৰ উৎসাহ দেখি ৷
ভৰ আখৰা চলিছে ৷ ২২ জানুৱাৰীত নাটক ৷ কেনো পৰিচালক নাই ৷ নিজে নিজে কৰিছে ৷ বাৰীৰ বাঁহ কাটি মঞ্চ সজাৰ পৰা ঘৰে ঘৰে গৈ ধন তোলা, চকী, তিৰপাল, শব্দ যন্ত্ৰ, পোহৰ সকলোৰে ব্যৱস্থা কৰা, নিশা নিশা আখৰা কৰা,  সকলোতে একেখিনি মানুহ ৷
      এৰা নাটক চৌষষ্ঠি কলাৰ ভিতৰত উৎকৃষ্ট কলা, দলীয় কৰ্ম ৷ প্ৰত্যেক মানুহৰে তেজত থাকে কলাৰ বীজ ৷ মানুহ সুন্দৰৰ পূজাৰী ৷ সেই বাবেই ইয়াত নাটক হ'ব ৷ মূল ধন কেৱল মনৰ ইচ্ছা ৷ এজাক সুন্দৰৰ আলিয়েদি খোজ দিব খোজা মানুহ আৰু এক অখ্যাত নাট্যকাৰৰ নাট আৰু এই মানুহ জাকৰ প্ৰচণ্ড ইচ্ছা শক্তি ৷ মুঠতে নাটক হ'ব ৷৷

Thursday, 19 January 2017



*ৰংদিয়া ৷ মৰম, ভালপোৱা ৷ সজাওঁ ৰামধেনু*

ৰং,
      এৰা ৰঙৰ বিচিত্ৰ সমাহাৰেই জীৱন ৷ সকলো বোৰ ৰং যি বিচ্ছুৰিত কৰিলে  সি শুকুলা, সকলো ৰং যি শুহি ল'লে সি আন্ধাৰ ৷ ক'লা ৷৷ বেঙুনীয়া, ঘন নীলা, নীলা সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙাৰ সমাহাৰ
ৰামধেনু ৷
                       ৰংবোৰ সজাব জানিব লাগিব ৷ এনেয়ে এসোপামান ৰং সানি দিলে জানো ছবি হ'য়?? আমি ৰং বুটলি সজাব নাজানো বাবেই হয়তু সকলো ৰং জমা কৰি যাওঁ এফালৰ পৰা ৷ শেষত সকলো শুহি লয়
অপ্ৰাপ্তি নামৰ শোষকটোৱে ৷ ক'লাৰে ভৰি পৰে জীৱন সৰহ সংখ্যকৰে ৷
         ব্যতিক্ৰমি কিছুৱে জানে  ৰং বুটলি সজাব জীৱনৰ ৰামধেনু ৷ ৰং সজাব নাজানিলেও প্ৰতিজন মানুহে ভাল পায় ৰং ৷ বুটলি সজাব খোজে জীৱন ৷ ভুলকৈ সানি দিয়ে নতুবা মিহলি কৰোঁতে খেলিমেলি হৈ যায় ৷ নিপুন জনে প্ৰাথমিক ৰং কেইটাকে মাত্ৰা অনুসৰি মিহলাই ওলিয়াই লয় না না ৰং ৷ আঁকি যায় মন পৰশা ছবি জীৱনৰ ৷ সেইবোৰ  ব্যক্তিয়েই সফল যি মিলাব জানে ৰং, সজাব জানে জীৱন ৷
     মোকো অলপ ৰং দিয়ানা ৷ ময়ো আঁকো  সাত বৰণীয়া ৰাধেনু জীৱনৰ ৷৷
- বিনয়১৯ জানুৱাৰী১৭

Wednesday, 18 January 2017

Byke stant



ষ্টান্টঃ
( দূৰ্ঘটনা-আত্মহত্যা-হত্যা)

মই যি সময়ত জনমিছিলো সেই সময়ত আমি মটৰ চাইকেল বাদেই নতুন বাইচাইকেল এখ ন ঘৰৰ চোতালত কোনোবাই তলা নমৰাকৈ ৰাখিলেই সুযোগবুজি পুৰুক কৈ লৈ যোৱা আৰু তাৰ বাবে দেউতাৰ কাণচেঁপা খোৱা অভ্যাসত পৰিণত হৈছিল। সেইটো যুগত গাঁৱত বাদেই অঞ্চলটোত থকা নাম মাত্ৰ "য়েচডি, ৰাজদূত" জাতীয় মটৰ চাইকেল কেইখনৰ হিচাপ আৰু মাত আমাৰ মুখস্থ আছিল। মই পঞ্চম নৱম মান শ্ৰেণীত থাকোতে দেউতাই কিনিছিল এখন "হিৰ' মেজেষ্টিক মপেড।" তাৰ অগলৈকে ঘৰত আছিল এখন ৰেলী চাইকেল। সেই চাইকেল খনেই আছিল মোৰ প্ৰথম চক্ৰ যুক্ত আৰামদায়ক বাহন। সেই সময়ত গাঁৱলৈ মটৰ চাইকেল এখন আহিলে আমি সৰু বোৰে আচিৰত হৈ চাইছিলো। ভাবিছিলো আমাৰ দেউতায়ো এনেকুৱা এখন লোৱা হলে!!?
         সৰু বোৰ বাদেই দিলো। ডাঙৰ সকলেও ঘৰলৈ মটৰ চাইকেল এখন আহিলে গৰ্ব অনুভৱ কৰিছিল।আৰু কাৰোবাৰ পদুলিত যদি এম্বেচাডৰ গাড়ী এখন ৰয়হি তেনে সেইঘৰ মানুহতো অধ্যৱন্তৰ শাৰীত পৰে। কিন্তু বৰ্তমান ৰাজ্য খনত মটৰ চাইকেল-গাড়ীৰ সংখ্যা ইমানেই বৃদ্ধি পালে যে এইবোৰ হিচাপ কৰা মূৰ্খামীৰ বাদে একো নহয়।
এইবোৰ পুৰণি কথা। কোন কিমান আগত যাব পাৰে, আৰামদায়ককৈ যাব পাৰে তাৰ প্ৰতিযোগিতা চলিছে আজিৰ এই ব্যস্ত  সময়ত। কাৰো সময় নাই ৰৈ থকাৰ। সকোৰে মনত দূৰন্ত গতিৰ প্ৰৱণতা।এই দূৰন্ত গতিয়ে যিদৰে এফালে মানুহৰ সময় বচাইছে সেইদৰে আনফালে নমাই আনিছে কাৰোৱাৰ জীৱনলৈ অমানিশা। এক সমীক্ষা মতে প্ৰতি বছৰে ভাৰতত পথ দূৰ্ঘটনাত 1,40,000 জন লোক মৃত্যু মুখত পৰে আৰু ইয়াৰে সৰহ সংখ্যকেই 15 ৰ পৰা 44 বছৰ বয়সৰ। ইপিনে অসমত পথ দূৰ্ঘটনাত পতিত 50.40 শতাংশ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এনে দূৰ্ঘটনা জনীত মৃত্যুৰ ৰাষ্ট্ৰীয় হাৰ 36.4 শতাংশ । এই সমীক্ষাটো 2016 চনৰ। প্ৰতি বছৰে এই হাৰ বাঢ়িব, নকমে। এনে বহু দূ্ৰ্ঘটনাই যে কিমান পৰিয়ালৰ জীৱন ৰংহীন কৰি পেলাইছে!!? কোনোবাই হেৰুৱাইছে পত্নী, কোনাবাই পুত্ৰ, স্বামী, জীয়ৰী। হয়তু কেতিয়াবা একোটা পৰিয়ালেই বিদায় মাগিছে এই ধৰাৰ পৰা। আমি অভ্যস্ত হৈ পৰিছো এনেবোৰ খবৰৰ সতে। মানিলৈছো দূৰ্ঘটনা দূৰ্ঘটনাই বুলি।
     এই আটাইবোৰ দূৰ্ঘটনা হয় নে? নে ইয়াৰে কিছুমান   আত্মহত্যা?  হত্যা ?
আজিৰ এই মূহুৰ্তত তেনে এটা প্ৰশ্নই মনলৈ আহিছে। সংবাদ জগতৰ লগত জড়িত হিচাপে এনে বহু দূৰ্ঘটনা, মৃত্যুৰ সাক্ষী হব লগাত পৰোঁ। আজিও। চকুৰ আগত পৰি আছে দুজন উঠন যুৱকৰ মৃতদেহ। কাষত এখন 220 পালচাৰ মটৰ চাইকেল। কোম্পানীয়ে লগাই দিয়া হেড লাইটৰ সলনি ফ'গ লাইট লগোৱা, চূৰ্ণাকৃত এখন মটৰ চাইকেল। এখন ডাম্পাৰত খুন্দিয়াই নিহত হৈছে 22-23 বছৰীয়া দুজন যুৱক। এজনক সংকতজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। একে বয়সৰ। নাই সেই জনো নাবাছিল। আদবাটতে ঢুকাল।' ডাম্পাৰ খন পলাইছে ৷ হয়তু জনৰোষত পৰাৰ ভয়ত ৷ আকালি জনতাই দোষ কাৰ আছিল বিচাৰ নকৰাকৈ দূৰ্ঘটনা সংঘটিত কৰা বাহন জ্বলাই দিয়া, চালকক মাৰ-পিট কৰি মাৰি পেলোৱা পৰ্যন্ত ঘটনা ঘটি আহিছে ৷
সাংবাদিক হিচাপে নিজৰ কামত লাগিলো। ফটো তোলা, নাম সংগ্ৰহ, গুছি যোৱা ডাম্পাৰখনৰ সন্ধান, প্ৰত্যশদৰ্শীৰ ভাষ্য সংগ্ৰহ ইত্যাদি। এজনে কলে। "দাদা সাপৰ দৰে বাইক চলাই আহিছিল। তিনিটা উঠি। বিৰাট স্পিড। ভাগ্য ভাল ডাম্পাৰত মাৰিলে। সৰু গাড়ীত মৰা হলে গাড়ীৰ মানুহো মৰিল হেতেন কিজানি।" এক মিনিটৰ বাবে থৰ হৈ গলো। তাৰ মানে আত্ম হত্যা !!পদ যাত্ৰীক খুন্দিওৱা হলে সেয়া হল হেতেন হত্যা??? নাই ই দূৰ্ঘটনা হয় জানো। প্ৰশ্নবোৰে মনত দোলা দি গল। নিজৰ কাম কৰিলো। ইনপুতলৈ ফোন। ব্ৰেকিঙৰ বাবে।" .....ত ভয়ংকৰ পথ দূৰ্ঘটনা ঘটনা স্থলীতে দুজনৰ মৃত্যু। এজন চিকিতসালয়লৈ নিয়াৰ পথত......। "
দেখিছো। ৰাজ পথত উদণ্ড বাইকাৰ্চৰ দৌৰাত্ম্য। ষ্টান্ট। কম বয়সীয়া পুত্ৰৰ হাতত অত্যাধুনীক শক্তিশালী ইঞ্জীনযুক্ত বাইকৰ চাবি তুলি দি ঘৰত নিশ্চিন্ত মনে বহি থকা অভিভাৱক ৷ যেন ৰাজ আলিত মেলি দিছে মৃত্যু দূত ৷ নিজৰ জীৱনলৈ অমানিশা নমাই অনাৰ উপৰি আনৰ জীৱনলৈ সৃষ্টি কৰিছে ভাবুকিৰ ৷ পুত্ৰ স্নেহত অন্ধ এই সকল অভিভাৱকেও কথাবোৰ ভাবিব নোৱাৰে নে? সময় থাকোতেই সন্তাৰ লগতে নিৰ্দোষ পথাচাৰিকো বচাওক ৷ আজিৰ ঘটনাটোত যি তিনজনৰ মৃত্যু হল অটাইকেইজন ঘৰৰ এক মাত্ৰ পুত্ৰ সন্তান আছিল। এজনৰ দেউতাক ঢুকুৱা দুমাহ হৈছিলহে মাথো।
       দিনটোৰ কাম সামৰি বিচনাত পৰি মনত পেলাইছো তিনিটা নিথৰ দেহ আৰু দূৰ্ভগীয়া পৰিয়াল তিনিটাৰ   এই সময়ৰ পৰিৱেশ। মনলৈ বাৰে বাৰে আহিছে তিনটা শব্দ-দূৰ্ঘটনা, হত্যা, আত্মহত্যা।
(মৃতকৰ প্ৰতি সন্মান জনাই নাম আৰু ঠাইৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকিলো। -বিনয়)

Tuesday, 17 January 2017

Subansiri ( সোৱণশিৰি)


সোৱণশিৰি বান্ধ

‘তীৰ্বতৰ  পো- ৰোমৰ ’ ৰ পৰা নামি আহিছিল তাই
হীম চেঁচা বৰফৰ ফাঁকে ফাঁকে
জংকী পানৈৰ দেশলৈ
বুকুত কঢ়িয়াই আনিছিল সোণ ৷
স্ফটিক যেন পানীৰ ধাৰ লৈ
দুয়োপাৰে ৰচিছিল স্বৰ্ণময় সপোন।
নাচিছিল, হাঁহিছিল
পলস সিঁচি সেউজীয়াৰ অই নিতঃম বিয়পাইছিল দুপাৰত
"আনে অৱনৰি" আই সোৱণশিৰি।
হঠাত আহিছিল দানৱ
বলাৎকাৰ কৰিবলৈ তাইক
হৰণ কৰিবলৈ সতীত্ব ৷
প্ৰতিবাদত চিঞৰি উঠিছিল জনতা
জনতা নামৰ সুৰক্ষাৰ  ছাটিটো লৈ
 প্ৰতিবাদৰ ধেমালি কৰিছিল
কোনাবা ছাতি ধৰাই।
দানৱৰ সতে মিতিৰালী কৰি
ৰক্ষকৰ ভাও দিছিল কোনোবাই কোনোৱাই
গধুৰ কৰিছিল নিজৰ জোলোঙা
তোষামোদকাৰী সকলে সিদ্ধি কৰিছিল
নিজৰ অভিষ্ট ।
লাহে লাহে বলাৎকাৰী দানৱে
মচি দিছিল তাইৰ যৌৱনমতী হাঁহি।
তাইৰ গৰ্ভত স্থাপন কৰি দানৱীয় বীজ
সন্ত্ৰাস নমাব দুপাৰত সিহঁতে।
দানবীয় বালৎকাৰত গৰ্ভৱতী
সোৱণশিৰিয়ে গৰ্ভত কঢ়িয়াইছে
দানৱ সন্তানৰ বীজ
বৰ সংগোপনে বাঢ়িছে সি
অইনিতঃম বোৰ কাবানৰ সুৰ হবলৈ
আৰু কিছুপৰ ।
তাৰ পাছতেই স্বৰ্ণশ্ৰীৰ দুপাৰত
গঢ়ি উঠিব এখন বালিৰ সাগৰ
যাৰ নাম মৰুভূমি।
( প্ৰলয়ে কিন্তু নিচিনে ধনী- নিৰ্ধনী, প্ৰতিবাদী-তোষামোদকাৰী)

Torar okhukh (তৰাৰ অসুখ)

তৰাৰ অসুখ
            - বিনয়
            ১৮জানুৱাৰী ১৭চন
ইকান-সিকাণকৈ বিয়পি পৰিল সেই খবৰ ৷
কোনোবাই চোতালত,
কোনোবাই আখলত
কোনোবাই বিয়নি মেলত
আৰু পানী ঘাটলৈ যোৱা গাভৰু জাকে
ইপাৰাৰৰ ঘাটৰ কোনোবা জনীক
ৰিঙিয়াই ক'লে
'ঐ আমাৰ গাঁৱৰ তৰাৰ অসুখ ৷'
বনজুইৰ দৰে বিয়পি গ'ল তৰাৰ
অসুখৰ বাতৰি
ইকাণ
সিকাণ
সহস্ৰ কাণ ৷
তৰাৰ অসুখৰ বাতৰি
মুখৰুচক খবৰ হ'ল কাৰোবাৰ বাবে ৷
- "ঐ শুনিছনে জোনৰ লগত হেনো……"
আদ্দাৰ বিষয় হ'ল তৰাৰ
অসুখৰ খবৰ
বু বু বা বা ওলিয়াই
ওকণীৰ মেলত ৷৷
"তৰাৰ অসুখ"
"তৰাৰ অসুখ"
"তৰাৰ অসুখ"
কোনেও কিন্তু নাজানিলে
চতুৰ্দশী আহিলেই বাঢ়ে
তৰাৰ অসুখ
জোনৰ জোনাকত
নিষ্প্ৰভ হৈ পৰে তৰাৰ মুখ ৷
কোনেওতো নাজানে
পূৰ্ণিমাৰ শেষত কিয় গুচি যায় জোন
এখোজ, দুখোজ ৷

তৰা ৰৈ থাকে আউঁসীৰ বাবে
কঁপালত জ্বলি থাকে
দগ্ মগ্ জোন ৷৷

বতাহে বিয়পাই খবৰ
তৰাৰ অসুখ
তৰাৰ অসুখ…


Monday, 16 January 2017


বিষাদৰ শেষত

বিলম্বিত লয়ৰ  বিষাদ গীত এটি
 কঁপি কঁপি বাজে মনৰ চেটাৰত ৷
মুকুতাৰ মালা যেন
নিতুল শব্দচয়নৰ  কাৰুণ্যতা ভৰা গীত ৷
হৃদয় তানপুৰাৰ খোলাটো ভাগিল
কাহানিবাই
বাঁহীটো উটি গ'ল তেজৰ সোঁতত
বজাবহি কোনে প্ৰেমৰ মেহফিলত
ৰূপক তালৰ গীত? ?
ভগা তানৰপুৰাৰ খোলাত মেলিছে
হেঁপাহৰ হাস্নাহানাৰ পোখা
বিয়পাব এদিন প্ৰেমগন্ধী ৰেণু
মোৰ বুকুৰ চুবুৰীত ৷৷

শিল্পী দিৱসৰ দিনা২০১৭

জীৱনৰ কথা

মোক নুসুধিবা
কিমান ভৰুণ হ'লে দুখ
ৰাতিৰ বুকুত মুখ গুজি
উচুপিব পাৰি
কিমানলৈ উজাই আহিলে বিষাদ
গুণ গুণাব পাৰি নিসংগতাৰ গান
গোম সাপ বৰঙীয়া আন্ধাৰত
কাণ উনাই শুনিব পাৰি নিয়তি পক্ষীৰ মাত
মোক নুসুধিবা ৷
উজাগৰী ৰাতিও ৰ'দ ৰাগিনীয়ে
মোৰ কাণত আওৰাই যায়
পোহৰৰ উমাল গান
দামুৰি পোৱালী এটিৰ দৰে
দেদাউৰি পাৰি গুছি যায়
যত বিষাদ,  অভিমান
জীৱন-
তোক বুজা সঁচাই টান ৷

হেৰাই যাম



হেৰাই যাম


হেৰাই যোৱাৰ বাসনা এটাই
সুহুৰীয়াই মাতিছে মোক
নুশুনা বাঁহী এটাৰ
সুৰৰ আঁত বিচাৰি
গুচি যাম চাগে ৰ'দৰ দেশলৈ
জোনাক হৈ সৰিম
নিয়ৰ হৈ ওমলিম তোৰ
চকুৰ পতাত
 --বিনয় ২১ ডিচেম্বৰ ২০১৬
********

Sunday, 15 January 2017

এটা বাতৰিৰ আঁতধৰি
জুয়ে পোৰা ৮৩ (অনুভৱ)

পুৱা সাৰ পাই কাকতত সমূহৰ ই-সংস্কৰণবোৰ চকু ফুৰাবলৈ আৰম্ভ কৰা বেছিদিন হোৱা নাই ৷ কাৰণ আমাৰ দৰে
মফচলীয় ঠাইবোৰলৈ স্মাৰ্ট ফোন অহা বছৰচেৰেক হ'ল যদিও 3জি সেৱা উপব্ধ হৈছে সৌ সিদিনাহে ৷ এৰা বৰ বেগেৰে দৌৰিছে প্ৰযুক্তিৰ পৃথিৱী ৷ আজিৰ পৰা দুটা দশক আগতে আমাৰ অঞ্চলটোত অতি আধ্যৱন্ত মানুহৰ ঘৰত হে টিভি আছিল ৷ তাকো বগা-ক'লা ৷ চেনেল মাত্ৰ এটা DD1 ( দূৰদৰ্শন১) আনটো চেনেল DD2 লগাবলৈ হ'লে  সুকীয়াকৈ এন্টেনা লগাব লাগে ৷ আৰু দেওবাৰে সম্প্ৰচাৰ হোৱা "ৰামায়ণ- মহাভাৰত" ধাৰাবাহিক কেইখন চাবলৈ গৃহষ্ঠই টিভিটোকে বাহিৰলৈ ওলিয়াই দিব লগাত পৰিছিল ৷ টিভিটো হৈ পৰিছিল সমূহীয়া সম্পদ ৷
কিন্তু আজি হাতৰ মুঠিতেই পৃথিৱী ৷ এণ্ডৰইড, উইণ্ডজ, আই ফোনৰ আৰু উন্নত ইন্টাৰনেট সংযোগৰ বাবে হাত থকা ম'বাইল ফোনটোতে বিচাৰি পাব পাৰি পৃথিৱীৰ সমস্ত খবৰৰ পৰা মনোৰঞ্জন, জ্ঞানৰ  সকলো তথ্য ৷
         যি সময়ত কাঁডৰ দৰে দৌৰিছে  পৃথিৱী ৷ সেই ক্ষণতে মই কৰ্মৰত নিয়মীয়া বাৰ্তাৰ পৃষ্ঠা জিলিকি থকা এখন ছবি আৰু বাতৰি এটাই ক্ষন্তেকৰ বাবে ভবাই তুলিলে ৷ আমি ক'ত আছো?? জৰাজীৰ্ণ দলঙৰ পৰা পৰি ছাত্ৰৰ মৃত্যু হোৱাৰ বাবে ক্ষুবদ্ধ ৰাইজে দলং জ্বলাইছে ৷
  সৰু বাতৰি ৷ বহুতৰ বাবে সাধাৰণ কথা ৷ কিন্তু এই বাতৰিটোৱে প্ৰতিনিধিত্ব কৰা নাই নে আমাৰ ৰাজ্য খনৰ উন্নয়ণৰ? ?
উন্নয়ণৰ প্ৰথম স্বৰ্ত যাতায়ত ব্যৱস্থাটোৱেই যদি পঁয়া লগা হয় , কি লাভ হাতৰৰ মুঠিতে পৃথিৱীখন পায়??
মনত পৰি গ'ল জুয়েপোৰা তিৰাশীৰ সেই দিন বোৰলৈ ৷ সেই সময়ত আন্দোলনকাৰী সকলে দলং জ্বলাই দিছিল ৷ কাৰণ আছিল গাঁৱলৈ যাতে CRPF ৰ গাড়ীবোৰ সোমাব নোৱাৰে ৷ আজি দলং জ্বলিছে উন্নয়ণহীতাৰ ক্ষোভত ৷ অসমবাসীয়ে উন্নয়ণৰ প্ৰথম স্বৰ্ত যাতায়ত ব্যৱস্থাটোৰ বাবে আন্দোলন কৰিব লগাত পৰিছে আজিৰ এই ডিজিটেল যুগত ৷ সঁচাকৈ পৃথিৱী যদি এখন গাঁৱলৈ ৰূপান্তৰ হৈছে তেন্তে এই দলং জ্বলাবলৈ বাধ্য হোৱা মানুহবোৰ
এই খন গোলকীয় গাঁৱৰে বাসিন্দা নহয় নে???

মোৰ মৰম নদীত

মোৰ মন নদীত
কোন অচিনা -অজানা নাৱৰীয়া
যৌৱনৰ ভৰ দুপৰীয়া
চপাব খোজিছ নাও
মেতমৰা,
মৰমে ভৰা
হেঙুলীয়া

ঝিৰি ঝিৰি ঝিৰি
জীৱন ৰঙানদী
বৈ আছে মোৰ
সাগৰ ধিয়াই নিৰবধি

তই নচপাবি নাও নাৱৰীয়া
মৰমৰ নাও হেঙুলীয়া
বৰ থিয় গৰা
ঘাট নাইকিয়া
যৌৱনৰ এই ৰঙা নৈ
বৰ চঞ্চলা
তই গুচি যা গাই ভাটীয়ালি
সুৰ বিন্দিয়া
অ' নাৱৰীয়া
অ' নাৱৰীয়া

মই ভৰ যৌৱনা
আবেগে উতলা
দুপাৰৰ সেউজীয়া
মোৰ লগৰীয়া
নিজৰে দাপোনত
কাচোনমতী মই
নাহিবি নাহিবি তই
অচিনা অজানা নাৱৰীয়া ৷

মোৰ চকুৰ কজলা পখিলা
তই ধৰিব খুজিলে
মোৰ মেঘ বৰণীয়া চুলি তাৰি
তই লুকাব খুজিলে
মৰহি যাম মই লাজতে
নাহিবি নাহিবি কাষলে ৷

যৌৱনৰ ভৰ দুপৰীয়া
চপাব খোজিছ নাও
মেতমৰা,
মৰমে ভৰা
হেঙুলীয়া

মই চঞ্চলা ৰঙানৈ
যৌৱনমতী মই
ব'বলৈ দে মোক
সাগৰ ধিয়াই
গুছি যা গুছি যা
গাই ভাটীয়ালী
অ' নাৱৰীয়া
অ' নাৱৰীয়া

গীত

মনৰে কাৰেঙৰ গোপন কোঠাত কোন শেৱালী কোঁৱৰী আহি
প্ৰাণৰ বীণাত তুলি প্ৰণয় ৰাগীনি
হাইতাল বৰণীয়া হৃদয় কঁপায়


যাউতি যুগীয়া সুৰ বিনন্দিয়া
মনৰ মণি কোঠাত তোৰ চবি
জোনাকৰ ৰঙেৰে  অঁকা

তই ৰ'দ, তই বষুণ
তই জোনাক, তই ৰঙা কাঞ্চন
তই ফাগুনৰ ৰঙা শিমলু
তই শেৱালী,
সাৱটি নিয়ৰৰ চকুলো

মন কাৰেঙ জোনাকে ভৰা
পোহৰ পোহৰ গোটেই ধৰা
তই শেৱালী মোৰ আন্ধাৰ ৰাতিৰ
নহৱ সুৰুজমুখীী দিনত ফুলা
WEDNESDAY, 28 DECEMBER 2016

গীত

গীতঃ জয়মতী
বিনয় কৃষ্ণ তামুলী ফুকন

জয় সাগৰৰ
জয় দেউলে
কিয় আজি সোঁৱৰাই
জয়া কেৱল জানো সতীয়েই আছিল
যি ৰাখিলে দেশৰ মান
বুকুৰ তেজৰ শলিতা জ্বলাই

জয়মতী
জয়মতী
তই নহৱ কেৱল মহাসতী
তই দেশৰ বাবে
তই জাতিৰ বাবে
নিজকে বিসৰ্জিলি
তই বীৰাংগনা জয়মতী ৷

পুৰুষ প্ৰধান সমাজে
তোক সজাব খুজিলে সতী
কোনে লিখিছিল ধৰ্মপুথি
নাৰীক কৰি অৱলা সতী
তই নহৱ সতী
বীৰাংগানা হে মহীয়সী জয়মতী ৷

লাইথেপেনাৰ তই জীয়ৰী
গদাধৰৰ জীৱন লগৰী
লাই-লেচাইক বুকুত সাৱটি
ৰাখিলি নিজৰ দেশ- জাতি
ৰাঙলি কৰিলি
জেৰেঙাৰ মাটি
তথাপি সজাব খোজে
কোনে তোক মহাসতী,
বীৰাংগনা তই মহীয়সী জয়মতী ৷

আজি বুৰঞ্জী আমি
আকৌ লিখিম
জয়মতী তোক
তেজেৰে আঁকিম
ৰাখি গ'লি দেশৰে মান
বীৰাংগনা তোক দিওঁ সন্মান ৷

বঙহৰ দেওৰ বাবে
তই দিছিলি জানো প্ৰাণ
নাছিল জানো তাত
স্বজাতিৰ সন্মান?
চুড়াত দাগেৰে লিখা ৰ'ল
ইতিহাস
কাঁইটিয়া কোটকোৰাৰ
জোঙাল হুলত
ওঠৰ দিনৰ নিৰ্যাতনক
কোন পুৰুষ সমাজে কৰে
উপহাস? ?

তই নহৱ সতী জয়মতী
তই তেজে লিখা
বিপ্লৱৰ ইতিহাস
তই বীৰাংগনা
তই মহীয়সী
ৰাখি গ'লি
দেশ জাতি
বীৰাংগনা জয়মতী
জনাও প্ৰণাম হিঁয়াৰ

বিনয় 28/12/2016

Binay Tamuli Phukan at 10:07

আবৃত্তি








অচিৰেই 





মানুহ এটা দ্বীপ

"মানুহৰ বন্ধু আছে
খুব সঁচা
আছে পিতৃ আছে পৰিজন
আপোন দেহেৰে গঢ়া আছে তাৰ
উত্তৰ পুৰুষ
তথাপি সি একান্ত নিৰ্জন ৷" ( কবিৰ নাম মনলৈ অহা নাই)
এৰা নৱকান্ত বৰুৱা দেৱে ক'বৰ দৰে -
"মানুহ এটা দ্বীপ"
নতুবা জয়ন্ত হাজৰিকা ( ৰাণাদা)ৰ গীতৰ দৰে " জুমৰো মাজতো অকলশৰীয়া)
 কিছুদিনৰ পৰা এই ভাৱ বোৰ মনলৈ আহিবলৈ লৈছে ৷ চাৰিওফালে মানুহ, মা-দেউতা, পত্নী, জীয়ৰি, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন……
তথাপি মই যেন নিজৰ নিজানত অকলে ৷
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী চাৰৰ অমৰ উপন্যাস অনুৰাধাৰ দেশতো পঢ়িছিলো- " কিছুমান সত্য থাকে মানুহৰ,  যিবোৰ মৰিশালিলৈকে কঢ়িয়াই নিব লাগে অকলে ৷" এৰা প্ৰত্যেক মানুহৰে থাকে একোখন নিজৰ পৃথিৱী ৷ কাষত  মনোৰমা পত্নী, সন্তাক লৈ বিচনাত পৰি থাকিলেও প্ৰত্যেক মানুহেই নিজৰ স'তে কথাপাতে ৷ কিছুমান আনক ক'ব পৰা ৷ কিছুমান কাকো কাহানিও ক'ব নোৱাৰা ৷ সেইবাবেই চাগে বুদ্ধদেৱ গুচি গৈছিল মনোৰমা পত্নী, পুত্ৰক এৰি থৈ নিজৰ স'তে কথা পাতিবলৈ ৷
একান্ত নিজৰ ভাৱনাত বিভোৰ হৈ থাকে মানুহ সুবিধা পালেই ৷ নাইবা অন্যমনস্ক নিৰ্বিকাৰতো দোলা দি থাকে এনে কিছুমান নিসংগ চিন্তাই ৷ এনে কিছুমান প্ৰকাশ কৰিব পৰা ইতিবাচক চিন্তা কোনোৱে প্ৰকাশ কৰে ৷ সাহিত্যৰ ৰূপ পায় ৷কিছুমানে নোৱাৰে মন সাগৰতে ঢৌ তুলি পুনু তাতে লয় যায় ৷ যিবোৰ অপ্ৰকাশ্য সেইবোৰ ভাৱনাই মানুহক ৰুকী ৰুকী খাই -কেকোঁৰা, মকৰাৰ পোৱালীয়ে মাকক খোৱা দি ৷ বুকুতে থাকে অথচ বুকুখনকে খোলি খোলি খাই এই দুঃভাৱনাই ৷ সঁচাই মানুহ বৰ অকলশৰীয়া ৷ এই যে আত্মীয়তা, বন্ধুতা ৷ উত্তৰ পুৰুষ তাকো নিজৰ তেজেৰে গঢ়া ৷ মানুহ এইবোৰৰ উৰ্ধত ৷ শেষ সত্য হ'ল নিঃসংগতা ৷ জীৱনৰ শেষ সময়ত মানুহে আশাকৰে আত্মীয়-স্বজন, উত্তৰ পুৰুষে ৰাখিব পাৰিব তেওঁক এই ধৰাত ৷ নাই নোৱাৰে কোনেও ৷ জীৱনৰ সোঁৱৰণীবোৰ পাগুলি পাগুি মানুহ যায় গৈ ৷ যিবোৰ একান্ত নিৰ্জন ৷ মানুহৰ সাগৰৰ মাজত থাকিও মানুহ এটা দ্বীপ ৷ নাইবা জুমৰো মাজতো অকলশৰীয়া ৷

Friday, 13 January 2017


এজন নতুন পুৰুষৰ মনৰ কথাৰে "মাঘৰ উৰুকা"ৰ অনুভৱ ৷

মাঘৰ উৰুকা ৷ সাত বজাতে ঘৰ সোমালোহি ৷ মাছ-মাংস, পাচলি, দুটামান গেঞ্জী ব্লাউজ জাতীয় কাপোৰৰ বজাৰৰ সৰু টোপোলা এটাৰ স'তে ৷ কুঁহি মানে আমাৰ ন বছৰীয়া ছোৱালী জনীৰ আবদাৰ ৷ চুবুৰীৰ সিহঁতৰ  সমনীয়া কেইটাৰ লগত কেইবাদিন ধৰি ভেলা ঘৰ সাজিছে, মেজি সাজিছে,  ভোজটো মই ৰান্ধি দিব লাগে ৷ মাকৰ ফোনটোৰ পৰা ফোনৰ উপৰি ফোন ৷ দেউতা কেতিয়া আহিবা? দেৰি হৈছে ৷ আহিলো ৷ মই আহি পাওঁ মানে সিহঁতৰ মাংসৰ ওতল আহিলেই ৷ ওচৰৰে মোৰ বাইদেউ সন্বন্ধীয় এগৰাকীকে লগাই দিলে ৷ মোলৈ  ৰ'লে দেৰি হৈ যাব সিহঁতৰ ৷ ভালেই পালো ৷ মই নিজৰ কামত ধৰিলো ৷ কাম আৰু কি? গান শুনা, ফেচবুক, ৱাটচএপ…৷
ফেচবুকৰ পৃষ্ঠা ভোগালীৰ ওলগ, ভেলাঘৰ, মেজি, মাছ, মঙহৰ ছবিৰে পূৰ্ণ ৷ কোনোবাই বজাৰৰ বৃহদাকাৰ মাছটো কিনি, কোনোবাই ব্যতিক্ৰমী ভেলা ঘৰ সাজি, কোনোবাই ভজা-পোৰা মাছ-মঙহৰ, কোনোবাই পিঠা-পনাৰ ফটোৰে ফেচবুক ওপচাই দিছে ৷ হঠাৎ চকু পৰিল এটা সৰু আপডেট- " অকলে অকলে নিজৰ কোঠাতে ৷" বুকুখন চিৰিংকৈ গ'ল ৷ এৰা ৷ ময়োচোন অকলে অকলে নিজৰ কোঠাতে? ? আজি মাঘৰ উৰুকাৰ দিনা কিয় মই নিজৰ কোঠাত অকলে? ইমান নিঃসংগনে মই?  সৰু কালৰ,  যৌৱনৰ উদণ্ড দিন বোৰলৈ মনত পৰিল ৷ এই সময়ত মই মেজিৰ তলত পোৰা মঙহ, মদিৰাৰ সোৱাদ লৈ থাকিব লাগিছিল ৷ লোকৰ জেওৰা-জপনা, হাঁহ-পাৰ চোৰ কৰিবলৈ যাব লাগিছিল ৷ কাৰোবাৰ চোতালত হাল বাই ৰং চাবলৈ যাব লাগিছিল ৷ ক'লৈ গ'ল সেই দিন!!?
   দেখিছো সবেই নিজৰ নিজৰ সন্তানৰ বাবে নিজাকৈ ঘৰতে একোটা মেজি সাজিছে, মহানগৰীত ধান খেৰৰ মেজি বিক্ৰী হৈছে ৷ উৰুকা কৃষি সামৰি ৰাইজে সামূহিক ভাৱে কৰা আনন্দ উৎসৱৰ পৰা
ব্যক্তিগত পৰবলৈ ৰূপান্তৰ হৈছে ৷ বজাৰৰ আটাইটকৈ ডাঙৰ মাছটো কিনিছে হ'য় ৷ কিন্তু নিজৰ বাবে ৷ ৰাইজ খনে দুটকা চান্দা উঠাই কিনি অনা হাঁহ জনীতকৈ এই মাছৰ মূল্য যেন বহুত কম ৷
  ফেচবুকত অকলে অকলে বুলি আপডেট দিয়া ,কৰ্মৰ তাগিদাত ঘৰ এৰি মহানগৰীত থকা মোৰ ভাইটো আৰু গাঁৱৰ মাজত থাকিও অকলশৰীয়া 'মই'টোক এবাৰ তুলনা কৰিছো ৷ সোমাই পৰিছো নেকি লেটাৰ দৰে আত্মকেন্দ্ৰিকতাৰ খোলাটোত ৷ বা শামুকৰ দৰে নিজকে লুকুৱাবলৈ যত্ন কৰিছো খোলাৰ মাজত???

১৩ জানুৱাৰী ১৭ উৰুকাৰ নিশা

Thursday, 12 January 2017

পুৱতিৰ অনুভৱ ২:
চকু মেলিয়েই ৰাণা দা গীতৰ কলি এটি মনলৈ আহিছে ৷ গীতিকাৰ কোন আছিল জান‌ো ! হয়তু নিৰ্মল প্ৰভা বাইদেউ ৷

" জীয়াই থকাত আছে শিহৰণ
মৃত্যু মানেই শেষ
পুনৰ জনম আছে বা নাই
নাজানো সিখন দেশ ৷
………
অলপ হাঁহি, অলপ অশ্ৰু, অলপ নুবুজা ডাৱৰ ৷"
( এই পৃথিৱীৰ সেউজী দুৱৰী যাউতি যুগীয়া সাঁথৰ - গীতটো)

এৰা, মৃত্যুৰ সিপাৰে কি আছে তাকে লৈ মানুহৰ প্ৰাচীন উৎকণ্ঠা, সিপাৰৰ নেদেখা পৃথিৱীখনত শান্তিৰে থাকিবলৈ, স্বৰ্গ, বেহেস্ত, বৈকুণ্ঠ, হেভেন,… এইবোৰ কাল্পনিক স্থানত আত্মাই স্থান পাওক - তাৰ বাবেই ধৰ্মৰ সৃষ্টি ৷ পাপ - পুণ্যৰ ধাৰণা ৷ কি আছে সিপাৰৰ সেই নেদেখা ৰাজ্যত? কোনেও নাজানে ৷ মাথো মৃত্যু মানেই শেষ - এই কথা জানি হয়তু ভয়ত মৃত্যুৰ পাচৰ ৰাজ্য এখন কল্পনা কৰি নিজকে প্ৰবোধ দিয়ে মানুহে ৷ আছে জানো- স্বৰ্গ, বেহেস্ত, হেভেন??? নাই চাগে ৷ মাথো আছে জীৱন ৷ স্পন্দন থকালৈকে, মগজুটো চলি থকালৈকে, উশাহটো লৈ থকা লৈকে হে সত্য ৷ যি আছে ইপাৰে আছে, সিপাৰে আছে জানো কিবা?? জীয়াই থকাত  শিহৰণ আছে ৷
        কোনো প্ৰাণীয়েই মৰিব নিবিচাৰে ৷ প্ৰাণী বুলি ক'লে ভুল হ'ব ৷ জীৱই ৷ কাৰণ কাটি পেলোৱা গছ জোপাৰ মূঢ়াটোৰ পৰাও গজালী ওলাই ৷ এয়া জীয়াই থকাৰ হেঁপাহ ৷ যি আছে জীৱনতে আছে ৷ হাঁহি- কান্দোন, প্ৰেম-ঘৃণা, আলিংগন- শক্ৰতা,…… সকলো ৷ মৰণৰ সিপাৰে একো নাই ৷ এই যে অলপ হাঁহি, অলপ অশ্ৰু…  সৱ জীয়াই থাকোঁতেই ৷
পোৱা নোপোৱাৰ হিচাপ এই পাৰেই শেষ ৷
 বাকী খিনি " অলপ নুবুজা ডাৱৰ ৷"
জীৱন সঁচাকৈয়ে অনুপম ৷
গীত

অ'
মই নাজানো
মই নাজানো ৷

দুখৰ কলিয়া ৰাতি
ক'ৰ এটি জোনাকী আহি ৷
ঢিমিক ঢামাক কৈ
পোহৰাব খোজিছে মোৰ
মনৰ মণিকোঠা
অকণি অকণি জোনাক বাকি ৷৷
মই নাজানো
মই নাজানো

তিৰ বিৰ তিৰ বিৰ তৰালী ৰাতি
ধৰাত জ্বলাই পোহৰ চাকি ৷
নামি আহে ক'ৰ এটি জোনাকী
পাৰিবনে পোহৰাব মন কোঠালী
নুমুৱাই তেজৰ তলত জ্বলা নিৰাশাৰ চাকি ৷৷

মই নাজানো
মই নাজানো

প্ৰহৰ প্ৰহৰ পাৰ হৈ গ'ল
মনৰ কোঠালি মোৰ পোহৰ নহ'ল ৷
নিজানে নিতালে অকলে অকলে
অকণি অকণি জোনাক ঢালি
কিয় জোনাকী ভাগৰি গ'ল ৷৷

মই নাজানো
মই নাজানো

বুকুৰ তলিৰ বকুল তলত
এপাহি বকুল লেৰেলি, মৰহি গ'ল
শেৱালীৰ সেওঁতাৰ ৰঙা সেন্দুৰো
ৰ'দত শুকাই তাম ৰঙী হ'ল ৷
মোৰ তেজৰ তলত, হাড়ৰ মাজত
নজহা নপমা গোলাপৰ পাপৰি এটি
কোনে জানো সিঁচি থৈ গ'ল ৷৷

মই নাজানো
মই নাজানো
মই নাজানো ৷৷


Wednesday, 11 January 2017

চুটি নাট

বিহু চান্দাঃ

পৰিবেশঃ মফচলীয় অঞ্চলৰ  বজাৰৰ এখন মধ্যম শাৰীৰ দোকান ৷
ষ্টনৱাচ জিন্স, বুকুত অদ্ভূত ছবি ইংৰাজী
পংক্তি লিখা টি চাৰ্ট পৰিহিত কেইজন মান উদণ্ড যুৱক ৷ দোকান সুমোৱাৰ আগতে এজনে ৰজনীগন্ধাৰ পেকেটটো ফালি দবল জিৰ' জৰ্দাৰ সৰু পাকেটটো ঢালি অলপ লৰ-চৰ কৰি মুখত ঢালি ল'লে ৷ এক বিশেষ কাইদাৰে ফু-মাৰি ৰজনী গন্ধাৰ লগত থকা "কাথ্থা" বোৰ ফু মাৰি ধোঁৱাৰ দৰে উৰুৱাই দিলে ৷
ল'ৰাটো: ( দোকানিক উদ্দেশ্যি) দাদা অলপ এই ফালে চাবচোন ৷ এই খন লওক ৷ ( ৰচিদ জাতীয় কাগজ এখন আগবঢ়াই দিলে)
দোকানীঃ  ভাইটি কি এই খন ৷
ল'ৰাঃ ( অবাইচ) পঢ়িব নাজান নেকি ব্বে? বিহুৰ চান্দা তুলিছো ৷ মাঘ বিহুৰ ৷
দোকানীঃ কিমান লিখিছা? দুই হাজাৰ টকা?? হেৰা ভাইটি মোৰ দোকান খন দেখিছাই ৷ দিনটো বিক্ৰী কৰি এহেজাৰ টকা লাভ কৰিব নোৱাৰো ৷ ঘৰভাৰা, লাইটৰ বিল, পৰিয়ালৰ খৰচ… অলপ ক'ম কৈ ধৰা ৷
ল'ৰাঃ ( অবাইচ) কেপ কেপাই নাথাকিবি ব্বে ৷ তোৰ লগত লাগি কিনে টাইম পাচ কৰি থাকিব নোৱাৰো নহয় ৷
দ্বিতীয় ল'ৰাঃ তই মক্কেল নেকি ব্বে? মাঘৰ বিহু পতা কি মামুলি কথা ভাবিছ? এইবাৰ একদম তাজমহল মাফিক ভেলা ঘৰ বনাম, বহুত বাজেট ৷ আমাৰ ভেলাঘৰ টিভিত লাইভ দেখাব ব্বে ৷ চেনেলৰ লগত ফিটিং হৈ গৈছে ৷
ল'ৰাঃ খানা ভি ডবল হ'ব ৷ ডিক্স হ'ব,মাল থাকিব, চিকেন ফ্ৰাই থাকিব, পৰ্ক ষ্টিক থাকিব ৷ পইচা তহঁতি নিদিলে কি বাপৰ পকেট মাৰি আনিম নিকি ব্বে?
দোকানীঃ ভাই হঁত ৷ তোমালোক আহিছা যদি দিবইতো লাগিব ৷ পাঁচ শ টকা লোৱা ৷ ৰচিদ নালাগে বাৰু ৷
দ্বিতীয়ঃ বিৰাট কামোৰ ব্বে ৷ আৰু দুই চ টকা লগাই দে ৷
দোকানীঃ নধৰিবা আৰু ৷ পাঁচশই মোৰ বাবে বহুত টকা ৷
ল'ৰাঃ লৈ ল ব্বে ৷ কিমান কামোৰি থাকিবি আৰু ৷
গোটেইকেইটা বীৰ দৰ্পে ওলাই যায় ৷
দোকানীঃ ৰচিদ খন লৈ যোৱা ৷
এজনঃ নালাগে ৷ ফালি পেলাই দে ব্বে ৷

কৃতজ্ঞতা

"কবি খনিকৰ 
বুকু তাৰ কবিতা গঢ়াৰ হাতিয়াৰ ৷
পাঠেই কবিতাৰ জীৱন 
পাঠকেই দিয়ে কবিতাক
নিহাল চৰণাভৰণ ৷"

কোনো বিখ্যাত কবিৰ কবিতা নহয় ৷ এতিয়া তেওঁ  কবিতা নিলিখে ৷ এখন অপ্ৰাদেশীকৃত হাইস্কুলৰ প্ৰধান শিক্ষক তেওঁ ৷ যেতিয়া কবিতা কি বুজাই নাছিলো মই, "হীৰুদাৰ সুগন্ধি পখিলা " ওলাইছিল যেতিয়া - তেওঁ তেতিয়াই লিখা কবিতা ৷ 
মোৰ গাঁৱৰে ককাইদেউ কনক বৰুৱা ৷ 
আজি অনুভৱ কৰিছো হয় "পাঠেই কবিতাৰ জীৱন ৷" বন্ধু শ্যামল চমুৱাই মোৰ কবিতা সমূহ পাঠ কৰি প্ৰাণৱন্ত কৰি তোলাত মই কৃতজ্ঞ তেওঁৰ ওচৰত ৷



দুখঃ

তেজত শুই থকা বিষাদ সুৰটো
সুহুৰি এটা হৈ উজাই আহে দোভাগ নিশা ৷
হেঁচা মাৰি থওঁ ৷৷
আয়ে কৈছিল -
"ৰাতি সুহুৰি বজাব নাপায় ৷"

মোৰ তেজত লুকাই থকা প্ৰাচীন দুখবোৰ
হুমুনিয়াহ হৈ বিয়পি পৰে বতাহত ৷৷

     বিনয় ১১ জানুৱাৰী ১৭

Tuesday, 10 January 2017

Bibahito ( বিবাহিত)

বিবাহিত

বিনয় ১০ জানুৱাৰী১৭

হ'য় আপোনাক মই ধৰিব পাৰিছো ৷
আপোনাৰ চিন্তাক্লিষ্ট স্ফূৰ্তিহীন মুখমণ্ডল,
কঁপালৰ কোঁচ খোৱা ৰেখা
আৰু মুখত লাগি থকা
অসন্তুষ্টিটোৱেই মোক জনাইছে  যে
আপুনি বিবাহিত ৷

আপোনাৰ হাতৰ বজাৰৰ চেপেটা মোনাখন
আৰু ভয়াৰ্ত দৃষ্টিয়ে
জনাই দিছে যে
আপুনি সদ্যোবিবাহিত নহয় ৷
আপুনি অভ্যস্ত হৈ গৈছে
পত্নীৰ খেং খেঙনী আৰু
অনবৰত উজাৰি থকা
অভিযোগ বোৰৰ স'তে
যিবোৰ বিয়াৰ প্ৰথম বছৰত
আছিল অভিমান

লাহে লাহে যেতিয়া পত্নীৰ
অভিমানবোৰ সলনি হৈ পৰিছিল অভিযোগলৈ
আপোনাৰ কঁপালত ফুটি
উঠিছিল অসন্তুষ্টিৰ ৰেখা
আপুনি প্ৰতি অভিযোগ কৰিলে বাঢ়ি গৈছিল
পত্নীৰ কণ্ঠস্বৰ
আৰু চুবুৰীয়াই ৰং পাইছিল ৷

প্ৰতিবেশীৰ সম্পদৰ পাহাৰ দেখি
যেতিয়া আপোনাৰ পত্নীয়ে
অপদাৰ্থ বুলি ইতিকিং কৰিছিল আপোনাক
আপুনি হিচাপ কৰিছিল
এইমাহত লাগিব লগা
আপোনাৰ 'ইনক্ৰিমেন্ট'
অথবা বকেয়াৰ ধন কেইটাৰ কথা ৷

হয় মই আপোনাক ধৰিব পাৰিছো
আপুনি বিবাহিত ৷৷
এইমাহত পত্নীয়ে দাবী কৰা
অলংকাৰৰ চেটটোৰ
দুঃ চিন্তা আপোনাৰ মুখত
স্পষ্টকৈ জিলিকি আছে ৷
ছোৱালী জনীৰ মাহেকৰ
স্কুটিৰ পেট্ৰলৰ দাম,
পত্নীৰ বিউটি পাৰৰ্লোৰৰ খৰচ
ল'ৰাৰ কলেজৰ ফিজ
এইবোৰ সকলো মিলি
বঢ়াইছে আপোনাৰ ৰূপোৱালী চুলিৰ শতাংশ ৷৷

এই সকলোবোৰ সহিও
আপুনি কিন্তু ভাও দিয়াৰ যত্ন কৰিছিল সফল স্বামীৰ ৷
বিয়াৰ ঘৰত, পাৰ্টিবোৰত
আপুনি ঢাকিব পাৰিলেও নিজকে
শ্বপিং মলত কিন্তু ধৰা পৰি গৈছিল আপুনি
যেতিয়া তেওঁৰ প্ৰত্যাশিত সামগ্ৰীৰ দাম আৰু আপোনাৰ বাজেটৰ মাজৰ টনা আজোঁৰাত
সৃষ্টি হৈছিল খণ্ড যুদ্ধৰ ৷

হয়,
ধৰিব পাৰিছো আপোনাক
আপুনি যে বিবাহিত ৷
আপোনাৰ বখলা বখলে ৰং এৰুৱা মাৰুতী ৮০০ খন
যেতিয়া চিনাকি ৱাইন শ্বপ খনৰ সন্মুখত ৰখাই
কিনি আনিছে আটাইতকৈ
সস্তিয়া ব্ৰেণ্ডৰ মদৰ বটল
তেতিয়া মনত পৰিছে আপোনাৰ পত্নীৰ মুখ খনলৈ
নাকত সোপা দি আজিও
বলকিব তেওঁ -
'খাই আহিল নে আকৌ মুতনী সোপা?'

নাই টিলিকিত উৰুৱাই দি
সেই চিন্তা
চানাৱালাৰ পৰা
পাঁচটকাৰ চানা লৈ বহি গৈছে আপুনি
পাহৰিবলৈ প্ৰতিনিয়ত
অভিযোগ ৷

আপোনাৰ কাণত বাজি আছে
সপ্তস্বৰৰ কোনোটোতে নপৰা
পত্নীৰ সেই কৰ্কশ মাত -

-" হেৰি গা ধুই তাৱেল খনো
মেলিদিব নোৱাৰেনে আপুনি"
অথবা
"শইকীয়ানীয়ে, ৩২ ইঞ্চিৰ
এলচিডি এটা আনিলে"
"বৰবৰাক ঠিকাদাৰটোৱে
স্কৰপিঅ' এখন উপহাৰ দিছে…"

ডিচপজেল গ্লাচ আৰু খালী বটলটো দলিয়াই
আপুনি আগবাঢ়িছে
ৰংহীন মাৰুতী খনৰ ফালে
বাৰে বাৰে আপোনাৰ মনলৈ আহিছে
দুৱাৰমুখত ৰৈ থকা আপোনাৰ পত্নীৰ
প্ৰত্যাহিক অভিযোগ,
কৰ্কশ মাত…

বৰ জোৰেৰে দবাই দিছে
আপুনি জীৰ্ণ মাৰুতীৰ এক্সেলেটৰ ৷

( কৃতজ্ঞতাঃ প্ৰজ্ঞানজ্যোতি বৰগোঁহাইলৈ)

সেন্দুৰ নিপিন্ধিবি অ' তৰাঃ
                            - বিনয় ৮ জানুৱাৰী ২০১৭

কাৰ বাবে সেন্দুৰ পিন্ধ অ' তৰা?
কাৰ বাবে?
কাৰ দীৰ্ঘায়ু কামনা কৰি
সেওঁতাত আঁক মহাতীৰ্থ সেন্দুৰৰ
দীঘল ৰেঘা
আৰু বেলি হেন ৰঙা ঘূৰণীয়া আঁক
তোৰ কঁপালত?
ওৰণীৰে মুখ ঢাক কিয়?
পৰ পুৰুষৰ চকুলৈ চাব নাপায়,
সেই বাবে??
পাটৰ ৰিহাৰে ঢাক উঠন বুকু কিয়?
পৰ পুৰুষ দগ্ধ হ'ব বুলি তোৰ কামনাত?
ঘোষণা কৰিবলৈ নিজকে বিবাহিতা বুলি?

তৰা,
তোৰ দৰে সিও পিন্ধে নে সেন্দুৰ?
তোক চাৰিবেৰৰ মাজত ৰাখি
সি যেতিয়া ওলাই যায়
থাকেনে তাৰ গাত কিবা চিহ্ন
যে সি বিবাহিত?
নেচাই নে সি পৰস্ত্ৰী অথবা যৌৱনা গাভৰুৰ
উঠন বুকুলৈ?

সি যে ঢলি পৰিব পাৰে তাৰ
যৌৱনা অফিচ চেক্ৰেটাৰীৰ দুবাহুত
তই জানো জান?
নতুবা গুছি যাব পাৰে
ৰঙা লাইটৰ চুবুৰীলৈ ৷

কোনেওতো নাজানে
সি যে কঁপালত সেন্দুৰ আঁকি
নিশ্চিন্তমনে এৰি গৈছে তাৰ পত্নীক
শোৱনী কোঠাত ৷

তৰা,
এই যে হোমৰ গুৰিতে তই এৰি আহ
আপোন নাম -
স্বামীৰ পৰিচয়েৰেই হৱ পৰিচিত
শইকীয়ানী, বৰুৱানী, ডাক্টৰণী, মষ্টৰণী
অথবা ওপজা ঠাইখনৰ নামেৰে-
লখিমপুৰীয়ানী, ৰংপুৰীয়ানী…
নাইবা সন্তানৰ নামেৰে-
মাইনাৰ মাক………

তেওঁ বাৰু কিয় নিলিখে তোৰ উপাধি?
হোমাগ্নিক সাক্ষিকৰি
তোকতো স্বীকাৰ কৰিছিল
অৰ্ধাংগিনী বুলি……???

এই যে সতীত্ব
ই কেৱল নাৰীৰ বাবে?
নে পুৰুষৰ দমনীয় হাতেৰে লিখা
এক নিলাজ নিয়ম?
যি নিয়মৰ দোহাই দি
ওভটগোৰে নাচিব পাৰে কেৱল পুৰুষ?

তৰা অ'
কি লাভ সেন্দুৰ পিন্ধি
নিপিন্ধিবি ৷
যিদিনালৈকে বিবাহিত পুৰুযে নিপিন্ধে সেন্দুৰ
তোৰ দৰে ৷

অথবা
চোলাৰ জেপত লিখি নলয়-

"মই বিবাহিত"

( সেন্দুৰ পিন্ধা সকলো নাৰীৰ হাতত যি সকল স্বামীৰ দ্বাৰা প্ৰতাৰিত)৷

বিনয় 8/1/17

Sunday, 8 January 2017

অসমীয়া ভাষা-গীত ইত্যাদি ৷৷

সংস্কৃতি বোৱতী নৈ ৷ ই গতি সলোৱাতো স্বাভাৱিক ৷ সেই দৰে ভাষাও ৷ ভাষাৰ জন্ম আছে বিকাশ আছে, মৃত্যু আছে ৷ মই অৱশ্যে
কোনো ভাষাবিদ নহও ৷ কলা শাখাৰ এজন সাধাৰণ স্নাতক ৷ ওজা ছাত্ৰও নাছিলো ৷ মধ্যমীয়া ৷ তথাপি আপোন ভাষাটো ভাল পাওঁ ৷
সংস্কৃতি ভাল পাওঁ ৷ সেইবাবেই মনলৈ কিছু কথা আহিছে ৷ ক'লৈ গৈ আছে অসমীয়া ভাষা? ভাষাৰ লগত যিহেতু সংস্কৃতিৰো ওতঃপ্ৰোতঃ সম্বন্ধ,  সেই বাবে ভাষাৰ আঁচলত ধৰি আওবাটে গতি কৰিছে নেকি অসমীয়া সংস্কৃতি? কিয় কৈছো বুজি পাইছে চাগৈ ৷
বৰ্তমান সময়ত অসমীয়া ভাষাত যিবোৰ গীত ওলাইছে, গীতবোৰত যিবোৰ শব্দৰ প্ৰয়োগ হৈছে - সেইবোৰ দেখি শুনি এই ভাৱ মনলৈ আহিছে ৷ অসমীয়া ভাষাটো ইমান দুখীয়া হ'ল নে যে ইংৰাজী,  হিন্দীৰ খিচিৰি নপকালে গীতৰ সৃষ্টি কৰিব নোৱাৰি?? কৈছো ভাষাৰ বিকাশ আছে ৷ "চচাৰ''ৰ সময়ত ইংৰাজী ভাষাটোত মাত্ৰ দহ হাজাৰ শব্দ আছিল ৷ যেতিয়া এসময়ত বৃটিচৰ বেলি ডুৱ নোযোৱাৰ অৱস্থাৰ সৃষ্টি হ'ল, গোটেই বিশ্বতে বৃটিচৰ আধিপত্য হ'ল
তেতিয়া বৃটিচ দখলিকৃত সৰু সৰু অঞ্চলৰ ভাষাৰ শব্দক ইংৰাজী ভাষাই সামৰি ল'লে ৷
বৰ্তমান ইংৰাজীৰ অক্সফোৰ্ড অভিধানত থকা শব্দৰ সংখ্যা 171,476 টা ৷ সেই দৰে "অৰুণোদয়" যুগৰ পৰা বিকশিত হৈ অসমীয়া ভাষাই আজিৰ অৱস্থা পাইছেহি ৷ অসমীয়া ভাষাটো অসমৰ খিঞ্জীয়া জাতি-জনগোষ্ঠীৰ নিজা ভাষা নহয় ৷ এসময়ত ই বৰ অসমৰ সকলো ৰাজ্যৰে সংযোগী ভাষা আছিল ৷
অসমীয়া ভাষাটো বিভিন্ন ভাষাৰ আমদানি ঘটিছে ৷ থলুৱা বড়ো, আহোম আদি ভাষাৰ দেধাৰ শব্দই অসমীয়া ভাষাত ঠাই পাইছে ৷
উদাহৰণ স্বৰূপে বড়োৰ "বৰদৈচিলা" আহোমৰ
সম্বন্ধ বাচৰ শব্দ যেনে - নিচাদেও, আপাদেও, এনাইদেও, পুথাও, ৰাজমাও, স্বৰ্গদেও আদি শব্দৰ ওপৰি বস্ত বাচক শব্দ কাৰেং,মাইহাং,ভোগজৰা, দৌল,হেংদাং ইত্যাদি ৷ সেই দৰে ৰুটি, পৰঠা, ৰসগোল্লা, চিংৰা,  কচৌৰী, চামুচ, আলমিৰা, কম্পিউটাৰ, কেলকুলেটৰ আদি শব্দবোৰ অসমীয়া ভাষাই জাতত তুলি লৈছে ৷ নহ'লে উপায় নাই ইয়াৰ প্ৰতি শব্দ অসমীয়াত কৰিলে বুজি পোৱাত অসুবিধা হ'ব ৷
     কিন্তু সেই বুলিয়েই বিহুৰ নামত বাৰে ভচহু
শব্দ কেইটামান সংযোজন কৰি আধুনিক বাদ্য যন্ত্ৰ সহিতে গাই দিলেই সি গ্ৰহণযোগ্য হ'ব - এনে কথা মানিবলৈ টান লাগে ৷ বিহুৰ ঐতিহ্য আছে ৷ বিহু গীতৰ সুকিয়া বৈশিষ্ট আছে ৷ সেইবোৰ ধোঁৱা চাঙত তুলি মুখত যি আহে তাকেই গালে বিহু বিহু হৈ থাকিবগৈ নে?
বহুতে ক'ব এইজন আওপুৰণি মানুহ,  সংৰক্ষণশীল মানুহ ৷ উত্তৰত ক'ম -
জাতীয় স্বাৰ্থত আমাক অকণমান সংৰক্ষণশীলতাৰো দৰকা আছে ৷ কৈছোৱেই মই ভাষাবিদ বা বিহুৰ গৱেষক নহও ৷ এজন মধ্যম শ্ৰেণীৰ সাধাৰণ স্নাতক ৷ মোৰ সীমিত জ্ঞানেৰে কথা খিনি ক'লো ৷ বাকী  ভাষা সংস্কৃতিৰ গৱেষক, পণ্ডিত, জাতীয় সংগঠন সমুহলৈ এৰিছো ৷ মোৰ মতে বিহু বা অসমীয়া আধুনীক গীতৰ ক্ষেত্ৰত এখন ' চেন্সৰ বৰ্ড'ৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ সুৰ যি কৰে কৰি থাকক ৷ কিন্তু প্ৰতিজন গীতিকাৰে গীত সমুহ এই 'চেন্সৰ বৰ্ড'ৰ দ্বাৰা  অনুমোদন কৰোৱাবই লাগিব ৷ এনে নিয়মৰ প্ৰৱৰ্তন নকৰিলে ভাষাৰ লগতে অসমীয়া সংস্কৃতিও যায় যায় ৷

বিনয় 8/2/2017

Saturday, 7 January 2017

বিহু কোন ঢালে???

ৰগৰ এটি মনলৈ আহিছেঃ-
"চোৰ এটাক গঞাই ধৰি উত্তম-মধ্যম দি বান্ধি থৈছে ৷ টিভি চেনেলক খবৰ দিয়া হ'ল ৷ আহিল সাংবাদিক,  কেমেৰা চলিল ৷ কেমেৰাৰ আগত ওলাবলৈ ৰাইজে চোৰক সোধালে আকৌ লপা-থপা ৷ বাইট দিলে নিউজ চেনেলৰ "বুম"ৰ আগত ৷ এইটো চেনেলৰ সাংবাদিক গ'ল ৷ অলপ পৰ পাছত আৰু এটা চেনেলৰ সাংবাদিক আহিল ৷ একেই ঘটনাক পুনৰাবৃত্তি ৷
চোৰক আকৌ পিটন ৷ অসহায় চোৰটোৱে ৰাইজক কাতৰ ভাবে ক'লে - " ৰাইজ গোটেই কেইটা চেনেলৰ ৰিপৰ্টাক বোৰ আহিবলৈ দিয়কচোন ৷ তাৰ পাচত যিমান মৰিয়াই মৰিয়াব মোক ৷ কিমান বাৰ অাৰু চেনেলটোৰ প্ৰতি পিটন খাই থাকিম??""

অসমীয়া বিহু তিনিটোৰো এই অৱস্থাই হৈছে গৈ নেকি? সৰুৰে পৰা গাই আহিছো-
বিহু বিহু বিহুটি
বিহু আমাৰ তিনিটি
কাতি বিহু কঙালী
মাঘৰ বিহু ভোগালী
ব'হাগতে ধেমালি কৰোঁ৷""
    পিছে টিভি চেনেল কেইটাৰ কৃপাত ব'হাগ বিহু চ'ততে আৰম্ভ হৈ আহাৰ মাহ পাইছে গৈ ৷
কাতি বিহুতো যেন কেমেৰা নহ'লে নহ'বই ৷
মাঘ বিহু আৰম্ভ হয় পুহৰ পৰা ৷ তাতে মাঘ বিহুৰ নামত টিভিত যিবোৰ দেখিছো
ব'হাগ বিহুত কৈও এখোৰ চ'ৰা ৷ আমি সৰুতে মাঘ বিহুৰ 10-15 দি আগৰ পৰা গাঁৱৰ ঘৰে ঘৰে গছ তুলি মুকলি পথাৰত দ'মাই ডেকা সকলে বাগী কুঠাৰ মাৰি খৰি ফলা, ভেলাঘৰ সজা, সংক্ৰান্তিৰ পুৱতি নিশা কাউৰীয়ে কা নৌ কৰাৰ আগতে মেজিত জুই দিয়া দেখিছিলো ৷
কাউৰী অপবিত্ৰ চৰাই গতিকে কাউৰীৰ মাতত মেজিটো অপবিত্ৰ হ'ব বুলি লোক বিশ্বাস আছিল ৷ মা-আইতা হঁতে পিঠাপনা, পোৰিছিল গোটেই নিশা ৷ বাহিৰৰ মানুহে গম নাপাইছিল আখলৰ কথা ৷ গাঁৱৰ সকলোৱে নিজ নিজ ঘৰত প্ৰস্তত কৰা পিঠা পনা, মাহ-কৰাই, কাঠ আলু, মোৱা আলু মেজিৰ তললৈ আনি অলপ অগ্নি দেৱতাক উৎসৰ্গা কৰাৰ অন্তত অৱশিষ্ট পৰস্পৰে ভগাই- বিতাই খাইছিল ৷
 কিন্তু আজি? কেমেৰা নহ'লে যেন বিহুৱেই নহ'ব ৷ লাইফ টেলিকাষ্ট নহ'লে সকলো পণ্ড শ্ৰম ৷ কোনোদিন আমলেট এটা বনাব নোৱাৰা ছোৱালী বোৰৰ কেমেৰাৰ সন্মুখত পিঠাৰ খোলা লৈ কি অভিনয়!!! মাঘ বিহুবুলি ব'হাগ
বিহুৰ দৰে পুহ মাহতে বৰ বিহু পতা ক'ত দেখিছা? ক'ত শুনিছা ৷ পিচৰ প্ৰজন্মটোৱে বিহু ৰ বিষয়ে লিখা ৰচনা খন কেনে হ'ব! !!? ভাবিলে পেটতে হাত-ভৰি লুকাই ৷ মানিলৈছো সংস্কৃতি এক বোৱতী নৈ, গতি সলাবাই। তথাপি বিহুৰ ক্ষেত্ৰত জিও টিউৱৰ শিক্তশালী মথাউৰি এটা মাৰিবৰ হল নেকি ???
প্ৰশ্ন কৰিবৰ মন গৈছে - বিহু কোন ঢালে???

Bihu ( বিহু কোনঢালে)

পুৱতি নিশাৰ অনুভৱ:

সাৰ পাই গ'লো ৷
পৃথিৱী শুই আছে,  সাৰ পাবলৈ আৰু অলপ পৰ বাকী ৷ সকলো নিদ্ৰা মগন ৷ টোপনিও হেনো
এক প্ৰকাৰৰ মৰণ !?
সেই বাবেই মানুহ মৰিলে চিৰ নিদ্ৰা যোৱা বুলি কয় চাগে ৷ শুই থকা মানুহৰ মুখমণ্ডলত কোনো ভাৱ-লেখ নাথাকে ৷ সেই বাবে
 শুই থাকিলে  মানুহক কিমান ধুনীয়া দেখি! !! সৌন্দৰ্য অন্তৰৰ বস্তু ৷ আমি যি ভাৱো তাৰেই ছবি মুখমণ্ডলত ফুটি উঠে ৷ টোপনিত মানুহে একো নাভাৱে যে ৷ সেইবাবে শান্ত-সমাহিত দেখা যায় চাগে ৷ আচলতে মানুহৰ অন্তৰবোৰ বৰ নিৰ্মল ৰূপেই সৃষ্টি কৰে ঈশ্বৰে ৷ জন্মতে মানুহৰ অন্তৰত নাথাকে একো পাপ, হিংসা, ঈৰ্ষা, খিয়লা- খিয়লী ৷ মৃত্যুৰ পিছতো ৷ জন্ম আৰু মৃত্যুৰ মাজৰ সময় খিনিতে ইমান খোৱা-কামোৰা , দণ্ড-খঁৰিয়াল, শান্তি- অশান্তি ইত্যাদি ৷ টোপনিতো একো নাই, চিৰনিদ্ৰাতো একো নাই ৷ সকলো শান্ত, সমাহিত ৷৷

Friday, 6 January 2017

আকাশ হ'ব পৰা হ'লে

আকাশ হ'ব পৰা হ'লে'
এখন নীলিম আকাশ
ধৰাৰ সমস্ত ধূলি-ধোঁৱা
সাৱটি বৰষুণ হৈ সৰি পৰিব পৰা হ'লে
ধুই নিকা কৰিবলৈ কলুষিত
ধৰণীৰ দুখ

আকাশ হ'ব পৰা হ'লে
দিগন্ত বিয়পা
সংকীৰ্ণতাৰ  পৰিধি ভাঙি
সাৱটিব পৰাকৈ মানুহৰ পৃথিৱী ৷

আকাশ হ'ব পৰা হ'লে
হালধীয়া সৰিয়হৰ পথাৰ এখন সাৱটিব পৰাকৈ
আঘোণৰ পথাৰৰ দাৱনীৰ হাঁহিবোৰ
চাই আপোন পাহৰা হ'ব পৰাকৈ ৷

আকাশ হ'ব পৰা হ'লে
কাংকান ঘাটৰ কনেঙৰ ৰূপ চাব পৰাকৈ
অইনিঃতম এটা হৈ
হুৰাই দিব পৰা হ'লে
তাইৰ সমষ্ট বিষাদ
আৰু গুজি দিব পৰা হ'লে
কমোৱা তুলাৰ দৰে ডাৱৰৰ ফুল
তাইৰ নেঘেৰী খোপাত ৷

কিয় লিখো

কিয় লিখোঁঃ
বহুতেই প্ৰশ্ন কৰিছে ৷ ইমান কবিতা আপল'ড দি আছে যে?
কোনবাই কয়- কবি হ'বলৈ ওলাইছা নেকি?
উত্তৰত কওঁ-
কবি হ'বলৈ নিলিখো ৷ মনলৈ যি আহে লিখি যাওঁ ৷ আগতে কাগজত লিখিছিলো ৷ সংৰক্ষণৰ অভাৱত হেৰাই গ'ল ৷ সেইবাবে ডিজিটেল যুগৰ সুবিধা লৈছো ৷ লিখাবোৰ থাকি যাওক,  এই ভাবি ফেচ বুকত আপল'ড দিওঁ ৷ ব্লগ এটাও কৰিছো ৷
মিচিং পৰিষদৰ অধ্যক্ষ পৰমানন্দ চায়েংগীয়া দাই এদিন প্ৰসংগ ক্ৰমে কৈছিল -
"বিনয় জীৱনটো 40 ৰ পৰা আৰম্ভ হয় ৷"
তেখেতৰ কথা মনত ৰাখিছো ৷ ময়ো পাৰ কৰিলো জীৱনৰ দুকুৰি বসন্ত ৷ সেয়ে আৰম্ভ কৰিছো জীৱন ৷ দেউতাই হাল বাবলৈ নিশিকালে ৷ লগত কলমটো আছে ৷ কলমৰ সলনি আজিকালি 'কি-বোৰ্ড' আহিল ৷ তাকে ব্যৱহাৰ কৰিছো ৷ নিজকে জাহিৰ কৰাৰ বাবে আপল'ড নকৰো ৷ নিজৰ বাবে কৰো ৷ ই এক স্বাৰ্থ পৰতা ৷ মোৰ স্বাৰ্থপৰতাই আপোনাক আমনি কৰিলে - মই তাৰ বাবে ক্ষমা প্ৰাৰ্থী ৷

Jeyadhal,

-:জীয়াঢল:-



   - বিনয় ১২ জুলাই ২০১৬
আকাশত ডাৱৰবোৰ গোটখালেই
মোৰ পেটতে হাত ভৰি লুকাই
মেঘৰ গাজনীৰ তালে তালে
তোৰ উদ্দাম নৃত্যই ভাঙে
মোৰ সেউজীয়া সপোন ৷
সঁজাল ধৰা ভূঞে
দেদাউৰি পাৰে
ভদীয়াৰ নাঙলৰ ফালত
মামৰ উঠে
সেউতীৰ পাজিসেৰীয়া
আঙুলীৰ নখ বাঢ়ে ৷
তই মোৰ আখলত সোমাই
কি চাব খোজ অ জীয়াঢল ?
তই বাট এৰি গাঁৱলৈ আহিলেই
ভোকত কলমতিয়াই
গাঁৱৰ গঞাই
দেদাউৰী পাৰি ক'লৈ যাৱ
বলিয়া জীয়াঢল ?
এইবেলি খেতি সামৰি
মালতীক পদুলী গচকোৱাৰ কথা দিছিলো,
গঞাক বৰ গাহৰী মাৰি এসাজ খুউৱাৰ কথা দিছিলো
কিয় গুচি আহ মোৰ
সেউজীয়া সপোন ভাঙি থানবান কৰিবলে?
মালতীৰ উকা কঁপালৰ সেওঁতাৰ দৰে
মৰুভূমি সিঁচি মোৰ ভৰুণ পথাৰত
ৰং চাৱ কিয়?
জীয়াঢল তই বৈ থাকচোন
সেউজীয়া গান এটা হৈ
জীয়াই থকাৰ সপোন এটা হৈ
মালতীৰ কঁপালৰ দগমগিয়া
সেন্দুৰৰ ৰেঘা এডাল হৈ ৷
  মদিৰাৰ ৰং

আপুনি সুৰাপায়ী???

হয় আপোনাকে সুধিছো
সুৰাপান কৰে নে আপুনি?
মাতাল হ'বলৈ
নে পাহৰাই ৰাখিবলৈ নিজক
মদৰ ৰাগীত?
নে সুৰাই পান কৰি পেলাইছে
আপোনাৰ জীৱনৰ সমষ্ট ৰং?

হয় আপোনাকে সুধিছো
শেতেলীত এৰি
নৱবিবাহিতা পত্নীক
গুছি যায় নে "বাইন বাৰ"
অথবা "বাইৰ গলি"লৈ??
ঢলং পলং খোজেৰে যেতিয়া
আপুনি ঢকিয়াই আপোনাৰ
শুৱনি কোঠাৰ দুৱাৰ
উৎকণ্ঠিত পত্নীয়ে
উচুপি উঠে নে নিৰৱে?
নিশাৰ বাবে পুহি ৰখা
তেওঁৰ প্ৰজন্মৰ সপোনবোৰ
আপোনাৰ অশ্লীল চিঞৰত
ভাগি পৰাৰ শেষত
আপুনি যেতিয়া কামনা পূৰ্ণকৰে তেওঁৰ স'তে
সেয়া বাৰু মিলন
নে বলাৎকাৰ?

হয় আপোনাকে সুধিছো
বিয়াৰ আগতে যে
প্ৰতিশ্ৰুতি দিছিল তেওঁক
"তোমাক পালে মই এৰিদিম
সমষ্ট নিচা-
মদ, চিগাৰেট, গুটখা…"

হেৰি কিয় পাহৰিছে আপুনি
তেওঁৰ সেওঁতাৰ ৰং
আৰু আপোনাৰ ৰঙীন পানীয়ৰ গিলাচৰ ৰঙৰ
সামঞ্জস্য আছে জানো

আপোনাৰ পানীয়ৰ গ্লাচত
বৰফৰ টুকুৰা গলা দি
তেওঁৰ যে সপোনবোৰ
চকুপানী হৈ গলিছে
আপুনি জানে জানো??
হেৰি
কিয় হেৰুৱাব খুজিছে
আপোনাৰ জীৱনৰ ৰং
সুৰাৰ ৰঙীন আৱেশত
যি ৰং মিহলি হ'লে
নিস্তেজ হৈ পৰে
তেওঁৰ সেওঁতাৰ ৰঙা ৰং ?

হেৰি এবাৰ ভাবক
সেওঁতাৰ ৰং আৰু
পানীয়ৰ ৰং মিলাই
"কক্ টেল" নকৰিব
তাইৰ জীৱন ৷

কাৰণ তাই জীৱনক ভালপায়
যি জীৱনৰ স'তে
সাঙুৰ খাই আছে
আপোনাৰ কলিজাৰ ৰং

ৰঙীন সুৰা ঢালি ঢালি
এঙেৰুৱা কৰি নেপেলাব
আপোনাৰ কলিজা ৷

ৰং ভাল পাবলৈ শিকক
জীৱনৰ ৰং

( সদ্যোবিবাহিত এজন মাতাল বন্ধুৰ হাতত)
-বিনয় 6/1/17

Thursday, 5 January 2017

কুকুৰ ভালপোৱা মানুহজন

লুণ্ঠিত মানৱতাৰ পৃথিৱী
দৈন্যতাত আক্ৰান্ত মানৱ জাতি-
 মমতাৰ, শ্ৰদ্ধাৰ, বিশ্বাসৰ
বিশ্বাসহীতনাৰ বাবেই
মানুহে সাজিছিল তলা চাবি
বিশ্বাস হীনতাৰ বাবেই
বুকুত ওলোমাই আবিশ্বাসৰ তলা
জীৱনবোধহীনতাৰ বাটত
আগবাঢ়ে মানুহ
বৰ সন্দেহেৰে ভৰা মানুহৰ পৃথিৱী ৷

সন্দেহৰ বাবেই কঁকালত ওলোমাই লয়
তৰোৱাল, কৃপাণ, হেংদান অথবা পিষ্টল
আৰু নাম দিয়ে নিৰাপত্তা, আত্মৰক্ষা ৷
আত্মাক ৰক্ষা কৰাৰ শকতি কাৰ?

তথাপিও মানুহৰ চিৰন্তন অহংকাৰ
মানুহতকৈ কুকুৰেই ভাল
নাই অবিশ্বাস, অহংকাৰ ৷
গৰাকীৰ চৰণতেই মৰণ বুলি
খুলি ৰাখে প্ৰভূ ভক্তিৰ
তলাহীন দুৱাৰ ৷

একেই পুৰাতন পৃথিৱী
মানুহ আৰু কুকুৰৰ ৷৷
এখন বিশ্বাসৰ
আনখন সন্দেহৰ ৷৷

মানুহতকৈ কুকুৰ ভাল
নাথাকে সিহঁতৰ ঘৰৰ দুৱাৰ
যত ওলমি নৰয়
অবিশ্বাসৰ তলা ৷৷

(সেইবাবেই হয়তু
চাৰিভাতৃ, পত্নীৰ বিপৰীতে
স্বৰ্গযাত্ৰাত যুধিষ্ঠিৰৰ
সংগী হ'ব পাৰিছিল " সৰমা")

( শ্ৰদ্ধাৰে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী চাৰৰ হাতত)
আন্ধাৰে-জোনাকে

অনুভৱী হৃদয়ৰ আবেগৰ লতা বগাই
উজাই আহে সৰীসৃপ দুখ
ঘিট্ মিট্ আন্ধৰতো
জিলিকি থাকে এখন মুখ ৷
বৰ কাৰুণ্যতাৰে
গুণ গুনাই পোহৰৰ কাকূতি ঘোষা
গধুৰ কৰি তোলে মোৰ
নিশাৰ  নঙলা মুখ ৷

জোনকী ৰাতিও  বুকুৰ পুখুৰীটোত
দাপোন চাই ওমলে অঘৰী জোন
দ' পথাৰৰ ঔ জোপাৰ ওপৰেৰে
নিৰৱে গুছিযায় ওমলাৰ শেষত
সিঁচি থৈ ৰূপোৱালী সপোন ৷

মই স্থানু হৈ ৰওঁ
আন্ধাৰতো-জোনাকতো
বুকুৰ লতা ডালত তেতিয়াও
বগাই থাকে সৰীসৃপ দুখ ৷৷

"এগৰাকী সাহসী নাৰীৰ হাতত"

ক'ৰ বিষাদ বতাহে
নুমুৱাই থৈ গ'ল তোৰ বুকুৰ শলিতা 
কাৰ পাষান হাতে মুচৰি থৈ গ'ল
তোৰ দগমগ সেওঁতা ?
মাজ নিশা কোনে কৰুণ বাঁহীত
বজাই দুখৰ "কাবান"
শোকৰ মালিতা 

শোক বোৰ গলাই নেপেলাবি অ'
শোকৰ তপত মমৰ পোহৰত
তই আকৌ লিখচোন
জীৱনৰ কবিতা ৷

শোক বোৰ জুই হৈ জ্বলিবলৈ দে
তাৰ ৰঙা আঠঙাত 
শতৰুৰ বুকুৰ জোখাৰে গঢ়িব লাগিব
শানিত তৰোৱাল ৷

অথবা নাঙল ফাল
চন পৰা বুকুৰ মাটিত
সিঁচিবলৈ 
এসাগৰ সেউজীয়া 
   বিনয় 5/1/17