বিহু কোন ঢালে১
(দৃশ্য ১) নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল ৷ লোৰ জপনা খনত পিচফালটো দি এখন বিলাসী গাড়ী ৷ ডিকিটো খোলা ৷ ডিকিত এটা "ডিজে" ৷ উচ্চচৰত বিহু সুৰীয়া গীত বাজিছে ৷ অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল'ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জকৰৰ দৰে হাত- ভৰি জোকাৰিছে ৷ অলপ পৰ পাচত ঘৰৰ ভিতৰৰ পৰা মানুহ এজন ওলাই আহিছে ৷ মানুহ জনৰ সাজ-পাৰ চাই কৈ দিব পাৰি যে তেওঁ ঘৰটোৰ কামকৰা মানুহ ৷ চিঞৰ-বাখৰ কৰি থকা দলটোক অলপ ডাঙৰৰ আকাৰৰ নোট এখ দিছে , চফদানীত ৷ অলপৰৰ বাবে নাচৰ দৰে মৰা জাঁপ বন্ধ হৈছিল যদিও পিচ পাকতে ফুৰুলি কেইটামান মাৰি সিহঁত নাচিবলৈ লাগিল ৷ টকাৰ পৰিমাণটো কম হৈছে ৷ সিহঁতে বিহু মাৰিছে ৷ দৃশ্য -২ মফচলীয় অঞ্চলৰ ব্যৱসায় কেন্দ্ৰ ৷ দোকানৰ বাৰান্দাত ৬ টা মান ল'ৰা-ছোৱালী ৷ এটাৰ ডিঙিত ঢোল ৷ এটাৰ হাতত তাল ৷ ঢোল-তাল লোৱা দুটা আগত ৷ ঢোলটোত তালহীন মাৰ কেইটামান মাৰিছে ৷ সিটোৱে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাল কোবাইছে ৷ দোকানী জনে অতিষ্ঠ হৈ দহ টকা এটা দলিয়াই দিছে ৷ সিহঁতো বিহু মাৰিছে ৷ দৃশ্য-৩ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথ এটা ৷ চিৰালৰ বাকলি এৰুৱা দি বিটুমিনবোৰ বখলা বখলে এৰাই গৈ সৰু...