বিহু কোন ঢালে১

 (দৃশ্য ১)

নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল ৷ লোৰ জপনা খনত পিচফালটো দি এখন বিলাসী গাড়ী ৷ ডিকিটো খোলা ৷ ডিকিত এটা "ডিজে" ৷ উচ্চচৰত বিহু সুৰীয়া গীত বাজিছে ৷ অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল'ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জকৰৰ দৰে হাত- ভৰি জোকাৰিছে ৷ অলপ পৰ পাচত ঘৰৰ ভিতৰৰ পৰা মানুহ এজন ওলাই আহিছে ৷ মানুহ জনৰ সাজ-পাৰ চাই কৈ দিব পাৰি যে তেওঁ ঘৰটোৰ কামকৰা মানুহ ৷ চিঞৰ-বাখৰ কৰি থকা দলটোক অলপ ডাঙৰৰ আকাৰৰ নোট এখ দিছে , চফদানীত ৷ অলপৰৰ বাবে নাচৰ দৰে মৰা জাঁপ বন্ধ হৈছিল যদিও পিচ পাকতে ফুৰুলি কেইটামান মাৰি সিহঁত নাচিবলৈ লাগিল ৷ টকাৰ পৰিমাণটো কম হৈছে ৷
সিহঁতে বিহু মাৰিছে ৷

দৃশ্য -২

মফচলীয় অঞ্চলৰ ব্যৱসায় কেন্দ্ৰ ৷ দোকানৰ বাৰান্দাত ৬ টা মান ল'ৰা-ছোৱালী ৷ এটাৰ ডিঙিত ঢোল ৷ এটাৰ হাতত তাল ৷ ঢোল-তাল লোৱা দুটা আগত ৷ ঢোলটোত তালহীন মাৰ কেইটামান মাৰিছে ৷ সিটোৱে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাল কোবাইছে ৷ দোকানী জনে অতিষ্ঠ হৈ দহ টকা এটা দলিয়াই দিছে ৷
সিহঁতো বিহু মাৰিছে ৷
দৃশ্য-৩
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথ এটা ৷ চিৰালৰ বাকলি এৰুৱা দি বিটুমিনবোৰ বখলা বখলে এৰাই গৈ সৰু গাঁত হৈছে ৷ ফলা শিল বোৰে ইটোৱে সিটোৰ মুখলৈ চাই দাঁত নিকটাই হাঁহি আছে ৷ চহৰৰ ফালৰ পৰা বিলাসী গাড়ী এখন ঢলং পলং কৈ গাঁতবোৰ পাৰ হৈ হৈ আগবাঢ়িছে ৷ হঠাৎ পথৰ মাজত গামোছা দুখন গাঁঠি দি ছোৱালী দুজনীয়ে পথ ভেটি ধৰিছে ৷ সিহঁতৰ গাত মুগাৰ সাজ ৷ হাতত জেতুকা ৷ খোপাত কপৌ ফুল ৷ লগৰ কেইজনীও দুই ভাগত বিভক্ত হৈ পথৰ দুই কাষে ৰৈ আছে ৷ উপায়ন্তৰ হৈ বিলাসী গাড়ীৰ চালক জনে কেৰেচ্ কৈ ব্ৰেগ মৰাৰ লগে লগে গোটেইজাক পথৰ সোঁ-মাজত থিয় হৈছে হি ৷ দলটোৰ ভিতৰৰ আটাইটকৈ চটফটীয়া জনীয়ে চালকৰ ফালৰ গাড়ীৰ খিৰিকিখলত ঢকিয়াইছে ৷ চালকে ধুনীয়া ছোলালী  জনী দেখি পাৱাৰ উইণ্ডৰ বুটামটো টিপি গ্লাচ খন ততলৈ নমাই দিছে ৷ তাই হাত পাতিছে ৷ চালকে মানিবেগ ওলিয়াই টকা এশ ওলিয়াই দিছে ৷ তাই টকা শ লগৰবোৰক দেখুৱাৰ লগে লগে গোটেইজাক মৌ মাখিৰ জাক এটাৰ দৰে খিৰিকি
খনৰ কাষলৈ আহি চিঞৰিছে - নহ'ব, নহ'ব আৰু দিয়ক , ইমান দামী গাড়ী লৈ আহিছে ৷ চালকে এশ টকাটো ঘূৰাই লৈ ৫ শ টকীয়া নোট এখন আগবঢ়াই দিছে ৷ উৎপতীয়া ছোৱালী জনীয়ে টকাটো থপিয়া লৈ মোনাত ভৰাই চালকক হেণ্ডচেক কৰিছে ৷ চালকে তাইৰ কোমল হাত জোখত কৈ অলপ সময় ধৰি ৰাখিছে  ৷
সিহঁতে বিহু মাৰিছে




উপৰিউক্ত তিনিটা দৃশ্য সাম্প্ৰতিক সময়ত অসমত চলি থকা ব'হাগ বিহুৰ সুলভ দৃশ্য ৷
প্ৰকৃততে বিহু এনে আছিল নে ? কলৈ গৈ আছে বিহু ?

বিহু 'অসমীয়া জাতিৰ আয়ুস ৰেখা ৷" কথাষাৰ যেন মানিবলৈ টান হৈ আহিছে ৷ বিহুৱে বাট এৰি আওবাট লৈছে ৷ কিয় এনে হৈছে ?
এই কথা জানিবলৈ আমি অলপ পিচলৈ ঘূৰি চাব লাগিব ৷ বিহু নো কি ? ক'ৰ পৰা আহিল , কেনেকৈ হাবিৰ বিহু স্বৰ্গদেওৰ বাকৰি, দেউতাৰ পদুলি পালেহি আৰু শেষত চাং ( মঞ্চ) পালেহি এইবোৰ কথাও মন কৰিব লাগিব ৷

 সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে বুলি জনা যায়। ।  আন কোনোৰ মতে, বিহু শব্দটো টাই ভাষাৰ বৈ (উপাসনা) আৰু হু (গৰু) (অৰ্থাত গৰুৰ উপাসনা ) এই শব্দ দুটাৰ পৰা  উৎপত্তি হৈছে। 

      বিহু   আছিল কৃষিজীৱি ৰাইজৰ প্ৰাণৰ উৎসৱ। ঋতুৰ লগত এই বিহুৰ সমধ। বাৰিষাৰ অাগমনিৰ লগে লগে যিহেতু ৰাইজ শালি  খেতিৰ বাবে পথাৰত নামিব লাগে গতিকে তাৰ আগতে অলপ ৰং ৰহইচ কৰি গা-মন টঙাই  লোৱােটোও বিহুৰ অন্যতম উদ্দেশ্য অাছিল। বিশেষকৈ কৰ্মঠ ডেকা-গাভৰুৰ প্ৰেমে অাগ স্থান পাইছিল িবহুত। খেতি-খোলাত সহায় কৰিবৈলৈ সহৰ মানুহ হ’লে ভাল। এই বিহুতে বহু  মনেমিলা  ডোকাই মনৰ মানুহ জনী  বিহুতিলৰ পৰাই নি ঘৰ সুমুৱাইছিল  গৈ। িবহু নামবোৰো অাছিল প্ৰেম গন্ধী, যৌন গন্ধী।
দ’ কৈ পথাৰত ধানে দাই অাছিলো
বাউলি বতাহে পালে
কাঁচি দলিমাৰি হাবিতে সুমালো
ওঁঠতে বৰলে খালে।

যৌৱনৰ বাউলি বতাহে পাইছিল , ওঁঠত বৰলে খাইছিল। সেয়ে প্ৰাগ শংকৰী যুগ বা তাৰ আগতে বিহুক সেই সময়ৰ বয়সীয়াল লোক সকলে বৰ ভাল চকুৰে নাচাইছিল বুলি কোনো গ্ৰন্থত উল্লেখ অাছে। পৰৱৰ্তী সময়ত অসমত বৃটিচ ৰাজত্ব চলাৰ সমান্তৰাল ভাৱে পশ্চিমীয়া  শিক্ষাৰে  শিক্ষিত বহু লোকে
 বিহুক "ইতৰ প্ৰাণীৰ নাচ গান" বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমাননা কৰিবৰো চেষ্টা চলায়। সৌভাগ্যক্ৰমে, সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি সকলে বিহুৰ সপক্ষে মাত মাতি বিহু বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে। তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেপাঁহ পলুৱাই আনন্দ কৰাৰ পৰিবৰ্তে এক সামাজিক ভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে।
কিন্তু লাহে লাগে বিহুৱে ৰূপ সলাবলৈ অাৰম্ভ কৰিলে। আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়াকৈ  ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়, তেখেতেই গছ তলৰ বিহুক আনি ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱা সকলক পুৰষ্কাৰ দিয়াৰো ব্যৱস্থা কৰে। তাৰোপৰি এইজনা স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মুৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দল কাৰো ঘৰলৈ গৈ হুঁচৰি গোৱাৰ পৰম্পৰা নাছিল । বিহু বাটে বাটে হে গৈছিল।  কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়। পিচলৈ গৈ ইয়েই চোতালে চোতালে হুঁচৰি গোৱাৰ ৰীতিত পৰিণত হয়গৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা এক শৰণ ভাগৱতী ধৰ্মৰ প্ৰসাৰ লগে লগে বিহুও সেই ধৰ্মৰ দ্বাৰা প্ৰভাৱিতত হ’য়।  বিহুত প্ৰেম-পিৰীতিৰ উপৰিও ধৰ্মীয় আদৰ্শৰ চাপ  পৰিল। হুচিৰৰ গীত-পদ বোৰে ভকতীয়া ৰূপ ল’লে। গৃহষ্ঠৰ চোতাললৈ বিহু অাহিল। গাঁৱৰ বুঢা-মেথা, ডেকা সকল মিলি প্ৰথমে নামঘৰৰ বাকিৰত,তাৰ পাচত গাঁৱৰ মুখিয়াল ব্যক্তিৰ চোতালত হুচিৰ অাৰম্ভ কৰি পৰ্যায়ক্ৰমে গাঁৱৰ সকেলােৰে ঘৰত হুচৰি গাই গৃহস্থক বছৰটোলৈ কুশল কামনা কৰি অাশীৰ্বাদ দিয়াৰ  নিয়ম প্ৰচলিত হ’ল। গৃহষ্ঠয়ো সাধ্যানুসিৰ হুচৰি দলক গুৱা-পাণৰ লগেত অৰ্থ-বস্ত্ৰৰে মান ধৰি সেৱা লোৱাৰ নিয়ম হ’ল। এনেদৰে হুচৰি গাই সংগ্ৰহ কৰা ধনৰ কিছু অংশ ৰাইজে প্ৰীতি ভোজ খাই বাকী ৰাহি ধনেৰে নামঘৰটো মেৰামিত কৰা বা সজা, অৰুবেলি বিহু গাবলৈ ঢোলেটা চাৱনি কৰা অাদি কামত খৰচ কৰে। অসমত স্থাপন হোৱা বহুবোৰ ভেন্সাৰ স্কুলৰ প্ৰতিষ্ঠাৰ অাঁৰত এনেধৰণৰ হুচৰি মাৰি সংগ্ৰহ কৰাৰ কাহিনী অাগৰ চামে জানে। কিন্তু অতি দুখ লগাকৈ লাগে লাহে এই সুন্দৰ প্ৰথাটোৰ  বিলোপ হ’বলৈ ধৰিছে। হুচিৰও হৈ পৰিছে ধন ঘটাৰ মাধ্যম। সৰহকৈ ধন দিব নোৱাৰালোকৰ ঘৰলৈ অাজিকালি হুচিৰ নাযায়। ধন দিবৰ ভয়ত গৃহষ্ঠয়ো ফুট গধুলীতে গেটত তলা লগাই এনে সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় অৱলম্বন কৰে। ইয়াতকৈয়ো এখোপ ওপৰৈল গৈ অতি সম্প্ৰিত বিহু (হুচিৰ নহয়) ৰাজ পথ-ব্যৱসায়ীক প্ৰিতষ্ঠানৰ বাৰান্দাত উঠিছেহি। কেইটামান পিলিঙা ডেকা-গাভৰু লগ হৈ বাট অাগছি িবহু মাৰি পথাচাৰিক অতিষ্ঠ কৰাৰ নিয়ম উজনি অসমৰ প্ৰায় কেইখন জিলাতে আৰম্ভ হৈ গ’ল। তদুপৰি  বিহু মেলা বিদায়-উৎসৱ আদি নামেৰে অনুষ্ঠিতক কৰা অনুষ্ঠান বোৰাৰ নামত হাতে হাতে ৰচিদ-বহী লৈ গাড়ী মটৰচাইকেল আগচা দলবোৰৰ কথা অলপ পাচত কৈ অাছো।

       ইয়াৰ পাছতে অাৰম্ভ হ’ল চাঙত উঠা বিহু বা মঞ্চ  বিহুৰ। ১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত, মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়। ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাপৃষ্ঠপোষকতাত গুৱাহাটীৰ লতাশিল খেল পথাৰত  বিহুক চাঙলৈ তোলা হয়।
এই চাঙ বিহুৱে অসমীয়াৰ মাজত ইমানেই জনপ্ৰিয়তা লাভ কৰে যে তাৰ উৎপাতত সম্প্ৰতি  বিহুক বচাবলৈ ‘বিহু সুৰক্ষা সমিতি’ পৰ্যন্ত গঠন কৰিব লগা হৈছে। বিহু প্ৰাকৃতিক উৎসৱ হৈ নাথাকি প্ৰতিযোগিতা মুখি হৈ পৰিল।  বিহুৱতী, বৰ  বিহুৱতী, সম্ৰাজ্ঞী আদি প্ৰতিযোগিতাৰ উপৰি মুকিল বিহু, জেং  বিহু, হুচিৰ, ঢোলবাদন, পেঁপা বাদন আদি প্ৰতিযোগিতা  বোৰৰ আয়োজন কৰিবলৈ ল’লে।আগে বিহু আছিল গছৰ তলত, মুকলি পথাৰত। ভৰযৌৱন প্ৰাপ্ত সকলৰ প্ৰণয় প্ৰকাশ মাধ্যম আছিল বিহু। হ’লেও ডেকা-গাভৰুৱে একে লগে বিহু মৰাৰ নিয়ম নাছিল। ওচৰা ওচৰিকৈ বিহু মাৰিছিল, যোৰা নাম গাইছিল। বিহু স্বতঃ স্ফুৰ্ত অ
আছিল। কোনেও কাকো বিহু শিকাব লগা নহৈছিল। দেখাক-দেখি  নিজে নিজে শিকিছিল। বিহু তেজত অছিল । কিন্তু প্ৰতিযোগিতা সৰ্বস্ব হোাৱাৰ লগে লগে বিহুৰ বিচাৰৰ বাবে নিয়ম ওলাল। বিহু  শিকিব লগা হ’ল। 
আজিকালি গাঁৱৰ নাচনীৰ নাচ এলাগি হ’ল। চহৰৰ পৰা ওলোটাই  বিহু শিকাবলৈ নাচনী মাতি চ’তলৈ ছমাহ থাকোঁতেই বিহুৰ কৰ্মশালা পাতিব লগা হ’ল। বিহুৱে স্বকীয়তা হেৰুৱা অন্যতম কাৰক হ’ল অসমত ইটোৰ পিচত সিটোৈকৈ মুকলি কৰা  টিভিৰ  চেনেল সমূহ। বিহু হৈ পৰিল টিভি কেমেৰামুখী। যদিও ব”হাগ বিহু চ’ত অাৰু ব’হাগৰ সংক্ৰান্তিৰ দিনা অাৰম্ভ হৈ সা-দিনিয়াকৈ পালন কৰা নিয়ম, টিভিৰ চেনেল সমূহে বছৰটোৰ বাৰ মাহেই বিহু পাতিবৈল  লোৱা বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব। বিহুলৈ কেইবামাহ থাকোঁতেই এনে চেনেল সমূহে ‘সম্ৰাজ্ঞী’ ‘ৰাণী’ আদি প্ৰতিযোগিতা বোৰৰ নাচনী  নিৰ্বাচন (অদিচন) আৰম্ভ কৰি একেবাৰে ব’হাগ পাৰহৈ  জেঠ আহাৰলৈকৈ ধুম-ধামেৰে চলাই থাকে। কেৱল সেয়াই নহয় বিহুৰ লগত সাঙোৰ খাই থকা ৰীতি-নীতি  বোৰ গাঁৱৰ লগতে চহৰতো লোপ পাই অাহিছে যিদও  টিভিত ওলাবলৈকে দোকানৰ পৰা কিনি অনা চিৰা-পিঠা-সান্দহ সাজিলোৱা অাখল নাইবা  ঢেকীৰ আগত লৈ দামীত কৈয়ো দামী সাজ-গহনা পিন্ধি বিউিট পাৰ্লোৰত মেকাপ ঘঁহি  টিভিৰ আগত ভাও  দিয়ে।

  এতিয়া আহোঁ সাম্প্ৰতিক মঞ্চ িবহুৰ কথা লৈ। সেই যে ৰাধাগোবিন্দ বৰুৱা,মেহশ্বৰ নেওগ দেৱ যদি অাজি জীয়াই থাকিলে হেতেন মূৰে-কপালে হাত দি ক’লে হেতেন- হাঁই কি কাৰণত বিহুক মঞ্চলৈ আনিছিলো। প্ৰথমতে গুৱাহাটিৰ লতাশিলত, তাৰ পাছত জিলাই জিলাই, মহকুমাই মহকুমাই, চহৰে, চহৰে অাৰু সম্প্ৰতি একেখন মফচলীয় ঠাইতে তিনি চাৰিখন বিহু অনুষ্ঠিত হবলৈ ধৰিলে। এই বিহুমেলা বোৰ সংস্কৃতি সাধনাৰ মঞ্চৰ সলনি এচাম লোকৰ সহজ লভ্য ধন ঘটাৰ অাহিলা হৈ পৰিল।
অৱশ্যে সকলো বিহু সমিতিক এই শাৰীত ধৰিলে ভুল কৰা হ’ব। বহু সংখ্যক

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)