মই হীনতাত তুমি ইমান সুখী!!!



সম্প্ৰতি মই এখন জন শূন্য চহৰ অভিমুখে ধাৱমান।
বহুত মানুহৰ ভীৰৰ মাজত একাকীত্বৰ মদিৰা পি পি
ঢলং ঢপং কৈ মই গৈ আছোঁ।
কেতিয়াবা দৌৰিছোঁ
কেতিয়াবা খোজ কাঢ়িছোঁ
বহুৱা বাইছো কুমজেলেকুৱাৰ দৰে।

সম্প্ৰতি মই
নিজৰ মূল্যাংকন কৰিছোঁ

কেতিয়াবা পৰি আছোঁ পদ পথত
কেতিয়াবা
প্লেটফৰ্মত
জীৱনক চুই চাব খোজিছোঁ।

গোঁ গোঁ, গুণ গুণ
আৰু মোৰ তৃতীয় লিংগৰ হাত চাপৰি।

দেশৰ বাবে তেজ দিয়াৰ কথা আছিল
তোমাৰ নামত তেজৰ চিঠি লিখাৰ কথা আছিল
ধুৰ গোঁৱাৰ ম'হ..

তুমি মখমলি মখমলি সপোনৰ পিছত দৌৰিছা
আৰু মই ভোক আৰু টোপনিৰ টনা আঁজোৰাত
তৃতীয় লিংগীয় নৃত্য কৰিছোঁ।

উজাগৰ নিশা অংক পাতিছো ফলিত।
পুনঃপৌনিক সমীকৰণ।

সমীকৰণৰটোৱে দাঁত নিকটাইছে

উত্তৰত পাতিছোঁ
"মই হীনতাত তুমি ইমানেই সুখী।"

উপসংহাৰঃ
দীঘল দলং এখনৰ ওপৰেৰে গৈছা নে কেতিয়াবা? দলং খনৰ সিটোমূৰত সৰু আকাশ এখন ৰৈ থকা যেন লাগে।
সি আচলতে ভ্ৰম।

Comments