ব্ৰহ্মপুত্ৰ
ব্ৰহ্মপুত্ৰ -বিনয় ২৯ মাৰ্চ ২০১৭ হিমালয়ৰ "অাগং-চি হিমবাহ"ৰ শীতল পানীৰ ধাৰা মানস সৰোৱৰ ভেদি বৈ আহিছিল তেওঁ চাংপো হৈ মিলিছিল চিয়াঙত দিহাং হৈ নামিছিল লগ দিছিল দুইভনী দিবাং আৰু লোহিত ৷৷ কালিকা পুৰাণৰ ব্ৰহ্মকুণ্ড, পৰশুৰ পাপমোচনৰ বহু যুগ আগৰে পৰাই আৰম্ভ কৰিছিল তেওঁ সাগৰমুখী যাত্ৰা ৷৷ ব্ৰহ্মপুত্ৰ ৷৷ এটা ধৰ্মৰ নাম নহয় নহয় ব্ৰহ্মপুত্ৰ এজন দেৱতাৰ নাম ৷ অদৃশ্য দেৱতাৰ দৰে কল্পনা প্ৰসূত নহয় ব্ৰহ্মপুত্ৰ ৷৷ ব্ৰহ্মপুত্ৰ এটা সভ্যতাৰ নাম ব্ৰহ্মপুত্ৰ না না ধৰ্ম না না জাতি না না সংস্কৃতি ভিন্ন বিশ্বাস ৰহনীয়া কৃষ্টি সাৱতি নিৰৱধি বৈ থকা এক বিশাল জলধীৰ নাম ৷৷ যথেষ্ট নহয় তেওঁক পূজিৱলৈ কেৱল প্ৰণাম ৷৷ শংকৰদেউ সাঁতুৰি পাৰপাৰ হোৱাৰ আগতেও বৈ আছিল তেওঁ দুপাৰৰ খিলঞ্জীয়াৰ বিশ্বাস সাৱটি তিব্বতৰ লামা, পাহাৰৰ দঞি-পঃল, দেউৰীৰ গোঁসানী বড়ো বাথৌ, আহোমৰ চোমচেং আৰু পুলিন-পুথাও … সকলোকে চিনিছিল তেওঁ ৷ এটা ধৰ্ম নাছিল তেওঁ সৰ্বধৰ্মৰ বিশ্বাস জিনী বুঢ়ালুইত হৈ বৈ গৈছিল যমুনা হৈ মিলিছিল গংগাত হুগলী আৰু পদ্মাহৈ সাজিছিল সুন্দৰ বন ৷৷ অগনন জনগণ দুপাৰৰ অগনন ...