Baat ( বাট)

বাট 

কোন বাটে আহে বিপ্লৱ
কোন বাটে আহে আৰ্তনাদ
কোনবাটে আহে ক্ষোভ
কোন বাটে আহে অবিশ্বাস-সন্দেহ
কোন বাটে আহে বঞ্চনা
নোপোৱাৰ হাঁহাকাৰ
অপ্ৰাপ্তিৰ দুকুল টকা বান
মই বিচাৰি ফুৰিছো
সেই বাট
সপোনতো
দিঠকতো
দিবা স্বপ্নতো
মোক লাগে
কেৱল বিশ্বাসৰ
এক সেন্দুৰীয়া বাট
যি বাটেৰে নামি আহে কেৱল
মানৱতাৰ জোনাক ৷

ফটো:  গুগুল

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান