সুখৰ সন্ধানত:

জীৱনেদি উজায় আহে অ-সুখ
তাক ভটীয়নিলৈ ঠেলি
যি খন টুলুঙা নাও বাই যাওঁ
তাৰ নাম সুখ ৷
অসুখ নামৰ বৰষুণ জাকৰ মাজতে জিলিকে
হালধীয়া সোণাৰুৰ সুখ
অপূৰণ পিয়লাটো
ভৰ্তী নহয় বুলি নাই কৰা দুখ
যি কণ পূৰ্ণ হৈ আছে
সেয়াই চৰম সুখ ৷
দুখৰ যদি নাথাকে ৰাগীনি
কিহেৰে বজাবি
জীৱন বীণাৰ সুৰ
সুখ অ-সুখৰ সীমনাত বহি
মোৰ চিৰন্তন আকাংক্ষ্যা
আকাশ চুৱাৰ
কেৱল পোৱাৰ
নোপোৱাৰ দুখবোৰ
উতুৱাই উতুৱাই
কাকতৰ  নাৱৰ দৰে
সঞ্চিত কৰোঁ আশাক
দুখৰ কাগজৰ নাও
এদিন চুবি গৈ
এসাগৰ সুখ
আৰু সুখ
শেষ টোপনিত
প্ৰশান্তিৰে ভৰি পৰিব
মোৰ চিৰ নিদ্ৰাৰত মুখ ৷
২০ মে' ২০১৭

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)