গণতন্ত্ৰৰ গান

 গণতন্ত্ৰৰ গান


            -বিনয় কৃষ্ণ তামুলী ফুকন।।


 ওঠৰ শ চাব্বিচৰ ইয়াণ্ডাবু

গৰু বা গাহৰিৰ চৰ্বিৰ

চিপাহী বিদ্ৰাহ...

গান্ধীৰ হত্যা

নাথুৰামৰ বুলেটৰ যাদু,

এইবোৰ পাৰ হৈ হৈ এই গণতন্ত্ৰ।


আম্বেদকাৰ.....???

ত্ৰিৰংগৰ ব্যৱসায়

অথবা

জনপ্ৰিয়তাৰ প্ৰচাৰ

না না ধৰণৰ কৰণ

মূল্যবৃদ্ধি

অথবা দেশ বিক্ৰী কৰাৰ খৰ ধৰ

জনতাৰ ধৰ্ ফৰ্


আৰে হে মহান মহাত্মা গান্ধী

গণতন্ত্ৰক ধৰ্মীয় মচলা দি

খাই দিলে ৰান্ধি

কাক ৰাখিবা বান্ধি?

সকলো স্বাধীন হ’ল

জাতীয় পতাকাৰো বেপাৰ হ’ল


দেশ স্বাধীন হ’ল

গণতন্ত্ৰ দেখোঁ ধৰ্মতন্ত্ৰ হ’ল

তেজৰ ৰং সলনি হ’ল

স্বজাতীয়ে স্বজাতিক সৎকাৰ নকৰা হ’ল

মানবীয়তা সাত পাতালৰ

অটলত পৰি ৰ’ল।


ৰং সলনি হ’ল জাতীয় পতাকাৰ

জনতাৰ কণ্ঠত জাতীয় পতাকাৰ

মৰ্যদা ৰক্ষাৰ হাঁহাকাৰ..

শ্বহীদৰ ৰক্ত ৰঞ্জিত পতাকাক লৈ

বণিয়াৰ  বেপাৰ


এয়া গণতন্ত্ৰৰ জয় জয় কাৰ

এয়া দেশপ্ৰেমীৰ হাঁহাকাৰ।

এয়া দেশপ্ৰেমীৰ হাঁহাকাৰ।

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?