
আকৌ প্ৰেমত পৰিছে তাই - বিনয় ৩১ আগষ্ট অকণমান ৰ'দ বিচাৰি হাবাথুৰি খাইছিল তাই হোমৰ ধোঁৱাই চানি ধৰা আকাশ খন ফালি তাইৰ শুৱনি কোঠালৈ সোমোৱা নাছিল পোহৰ ৷ নীলাভ ৰাতিবোৰতো তাই বুকুত পুহি ৰাখিছিল অপ্ৰাপ্তিৰ বেদনা এসোঁতা আদেশ, আবাদৰ, আল-পৈচানৰ ভীৰত নিস্তেজ হৈ পৰিছিল ক্ৰমশঃ ৰভাৰ তলিৰ জেতুকাৰ ৰং ৷ যদিও আঁকিছিল সেওঁতাত সেন্দুৰৰ ৰেঘা কঁপালত লৈছিল ৰঙা ফোঁট তথাপিও যেন বুৰিয়াই নামিব খুজিছিল তাইৰ হিঁয়াৰ তলিলৈ কোনো এক দেৱদূত ৷ তাই হৈ উঠিছিল উনমনা অচিনাকি হাত বাউলি এটা সুহুৰি এটা দূৰৈৰ পথাৰৰ অইনিঃতম এটা বনঘোষা এটা হৈ সোমাই আহিছিল কোনোবা অপ্ৰাপ্তিৰ খিৰিকি খুলি ৷ তপত চুম্বন অথবা আলিংগনৰ মাজতো সি জোকাই আছিল তাইক অহৰ্নিশে শৰীৰ নাছিল তাত ভাগৰ বোৰৰ শেষত যেন সি কিলবিলাই দিছিল তাইৰ বাউল চুলিত লিখি থৈ গৈছিল নীলাভ চিঠি পদূলিৰ ধূলিত ৷ ক্ৰমশঃ গভীৰতলৈ সোমাই আহিছিল সি কঁপিছিল হাত সেন্দুৰ আঁকোতে সৰি পৰিছিল চাহৰ কাপ প্ৰিয়তমক যাচোঁতে অন্যমনস্ক নিৰ্বিকাৰত ভূমুকিয়াছেহি কোনে? মই তোক ভাল পাওঁ বোলা প্ৰাচীনতম কবিতাটো কাণত গুণ গুনাইছেহি ক...