বানৰ গান

চাৰিও ফালে বান
কেনেকৈ গাওঁ অ'
স্বাধীনতাৰ গান!

মুক্তি যুঁজাৰু ককাই দি যোৱা
জাতীয় পতাকা থকা পেৰাটোও লৈ গ'ল বানে
ককা দেউতাৰ শ্মশানৰ ভেটি
পলস নহয় অ'
বালিত পোত গ'ল ৷

খেজানাৰ ৰচিদ
তেওঁৰ যুতুকীয়া কেৰু-মনি গাম খাৰু
কোন বা ধুবুৰী পালেগৈ !?
কোন স'তে চিঞৰো অ'
"বন্দে মাতৰম"
ভোকে নামানে কোনো ধৰম
স্বাধীনতা কেনেকৈ যাচোঁ তোক মৰম!
আখল-মাৰল-চ'ৰাঘৰ
সপোন হ'ল
মথাউৰিৰ শিৱিৰ
ৰেচনৰ চাউল
মাথো সম্বল ৷
কোন মাতে চিঞৰো
"বন্দে মাতৰম"?

হেৰ' বলিয়া বান
এইবাৰ তোকেই চালাম
আৰুবেলি যদি গজে মোৰ পথাৰত সোণালী ধান
বল আহে যদি
আমাৰ কণ্ঠত
তেতিয়া গাম দে
স্বাধীনতাৰ গান ৷

   -বিনয় ১৪ আগষ্ট ১৭

Comments

Post a Comment

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)