হৈ-গুডু, টাংগুটি বনাম নীলা মাছৰ খেল
                    -বিনয় কৃষ্ণ তামুলী ফুকন।

    বিগত কেইদিন মান অসমৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত বহু চৰ্চিত বিষয়টো হৈছে এবিধ বিশেষ অন লাইন খেল। মাটি ফুটি ওলোৱাদি হঠাৎ প্ৰকাণ্ড দৈত্য এটাৰ আবিৰ্ভাৱ হ’ল যেন। খেল খেলি গুৱাহাটীত এটি কিশোৰে মৃত্যুৰ স’তে যুঁজি চিকিৎসাধীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোটেইখন হুৱা-দুৱা লাগিল। বহুতে ‘গুগুল’ খুড়াৰ কাষ চাপিল।
ইজনতৈকও সিজন জনা ওলাল। টিভিৰ চেনেল বোৰেও পৰিৱেশন কৰি গ’ল ইটোতকৈ সিটো এক্সক্লিওচিভ বাতৰি। কাকতত ওলাল বৰ বৰ হৰফেৰে- অমুকত এই খেল খেলি এজনৰ আত্ম হত্যা, খেলৰ মূল নিয়ন্ত্ৰাক আটক ইত্যাদি।  অত্যুৎসাহী কিছুৱে আকৌ খেল বিধৰ লিংকটোকে দি দিলে ছ’চিয়েল মিডিয়াত। মানে গোটেই কাৰবাৰটো মল খুঁচৰি গোন্ধ বাহিৰ কৰাৰ দৰে হ’ল। নজনা সকেলও খেল বিধৰ কথা জানিলে। উৎসুকতা বৃদ্ধি পালে। খেলুৱৈৰ সংখ্য বাঢ়িল। শেহতীয়া তথ্য মতে বিগত কেইদিনত এই বিশেষ খেল বিধৰ গুৰি বিচাৰি ‘গুগুল’ খুড়াৰ কাষ চপা ভতিজা হঁতৰ সংখ্যাই অসমত ৰেকৰ্ড গঢ়িছে।
    সত্য কথা ক’বলৈ গ’লে মই এই খেল বিধৰ বিষয়ে একো নাজানো। এই কেইদিনত সংবাদ মাধ্যম, ছ’ছিয়েল মিডিয়া তথা গুগুল খুড়াৰ কৃপাত যি কণ জানিছো সেইমতে ই এক আত্মঘাটী খেল। ইয়াৰ চিকাৰ হয় ১১ ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰী। খেলটোৰ সবিশেষ বৰ্ণনা এই লেখাৰ উদ্দেশ্য নহয়। কথা হ’ল খেলটো অনলাইন খেল। ইয়াক খেলিবৈল এটা স্মাৰ্ট ফোন বা কম্পিউটাৰ হ’ল প্ৰথম স্বৰ্ত। এটিয়ালৈকে প্ৰকাশিত বাতিৰ সমূৰ মতে যি কেইটি যুৱকে এই খেল বিধ খেলি আত্ম হত্যা কৰিছে বা অপ-চেষ্টা চলাই মৃত্যুৰ স’তে যুঁজি আছে সেই কেইটিয়ে ব্যৱহাৰ কৰিছিল স্মাৰ্টফেোন। ১১ ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰী হাতত ইন্টাৰনেট যুক্ত স্মাৰ্ট ফোন এটা তুলি দি নিশ্চিন্ত মনে থাকিব পৰা অভিভাৱক সকল কেনে মানুহ? সন্তানৰ ওপৰত কাঢ়া নজৰ নিদিয়াৰ পৰিণতিয়েই এই আত্মহত্যাৰ কাৰণ বুলি অভিহিত কৰিব নোৱাৰি নে?
  খেল খেলাতো অপৰাধ হ’ব নোৱাৰে। তাহানি দিনৰ পৰা মানুহে দুঃসাহিসক না-না খেল খেলি আহিছে। এই মূহুৰ্তত পৃথিৱীৰ দহটা বিপদ জনক খেলৰ শীৰ্ষ তালিকাত থকা খেল কেইটা হৈছে Cave Diving, Cheer Leading, Base Jumping ,Motorcycle Biking, Bull Riding, Big Wave Surfing,Bull Running, Street Luging, Horsebake Riding, আৰু Heli Skiing । এইবোৰ খেল বিশ্বৰ দামী খেল বোৰৰ অন্যত্বম। কিন্তু কোনোটো খেলতে খেলুৱৈক আত্মহত্যা কৰিবৈল প্ৰৰোচিত কৰা নহয়। অৱশ্যে দূৰ্ঘটনাজনীত কাৰণত বহু খেলুৱৈৰ বহু সময়ত মৃত্যু পৰ্যন্ত নোহোৱা নহয়। কিন্তু সুদূৰ ৰাচিয়াৰ পৰা নিয়ন্ত্ৰিত শেহতীয়া খেল বিধক নিশ্চয় খেল বুলিব নোৱাৰি। 
      খেল মানুহে উত্তেজনা আৰু আনন্দৰ প্ৰাপ্তিৰ বাবে খেলে। প্ৰাণ ত্যাগ কৰি খেলা খেলো আছে এইবাৰ প্ৰথম জানিলোঁ।
     কথাবোৰ অলপ বেলেগ ধৰণে ভৱাৰ অৱকাশ এটা পাইছো। আপোনাৰ-মোৰ দিনত তো এনে মাৰাত্মক খেল নাছিল। ১১ ৰ পৰা ১৭ বছৰ বয়সৰ আমাৰ দিনৰ কথাবোৰ মনত পেলাওকচোন। লগৰীয়াৰ লগত বৰশী বোৱা, ফান্দ পাতি চৰাই ধৰা, গছ বগুৱা, কাবাদী, হৈ-গুডু, ঢোপ-খেল, টাংগুটি, সাঁতোৰ, বাহঁৰ মূৰাৰ বল কাঠৰ বেটৰ ক্ৰিকেট, ৰবাৱটেঙাৰ বল, ৰছী টনা ইত্যাদি। এইবোৰ আছিল শৰীৰ ব্যায়ামৰ লগতে অনাবিল আনন্দৰ উৎস।ইয়াৰোপৰি কেৱল মনৰ আনন্দৰ বাবে খেলা মাৰ্বল গুটি, বাঘ-গৰু, মাটিত পাঁচ-পাঁচ টা গাঁত খান্দি খেলা বন্ধকী খেল, লুডু, সাপ-জখলাৰ খেল, টেকেলি ভঙা, চিগাৰেটৰ পেকেটৰ পইচা বনাই খেলা খুপি খেল আদিৰ কথা আপোনাৰ মনত আছে নিশ্চয়।

    পিছে সময় সলনি হ’ল। কাৰিকৰী বিদ্যাৰ বলত বৰ বেগেৰে দৌৰিছে পৃথিৱী, সমাজ। তাহানিৰ প্ৰাকৃতিক পৰিৱেশ এৰি মানুহ সোমাই গৈ আছে যান্ত্ৰিকতাৰ মাজলৈ। কাৰোৰে হাতত সময় নাই। ব্যৱসায়, চাকৰি, জীৱিকাৰ তাড়নাত মানুহ যান্ত্ৰিক হৈ গৈ আছে।লগৰীয়াৰ লগত বৰশী বোৱা, ফান্দ পাতি চৰাই ধৰা, গছ বগুৱা, কাবাদী, হৈ-গুডু, ঢোপ-খেল, টাংগুটি, বাহঁৰ মূৰাৰ বল কাঠৰ বেটৰ ক্ৰিকেট, ৰবাৱটেঙাৰ বল খেলাৰ পৰিৱেশ আৰু নাই। পুৱা মুখত বলে-চলে এসোপা গুজি, গধুৰ কিতাপৰ বেগটোত টিফিনৰ বাকচটো ভৰাই দি স্কুল বাছত তুলি দিলেই অভিভাৱক আজৰি। টিউচন, ডান্সৰ ক্লাচ, মিউজিক ক্লাচৰ মাজত আবদ্ধ আজিৰ প্ৰজন্মৰ জীৱন। তাৰ মাজতে টিভিৰ কাৰ্টুন, ডব্লিও ডব্লিওৰ দৰে মাৰ-পিটৰ চেনেল। ম’বাইল গেম। ভয়াবহ কথাটো হ’ল কিশোৰ এজনৰ হাতত ম’বাইল তুলি দি ক’ম বয়সতে ছ’চিয়ল মিডিয়াৰ লগত সংযোগ হ’বলৈ দিয়া, গুগুলত নাচাব লগিয়া তথ্য, ভিডিও চোৱা আদি কাৰ্যৰ প্ৰতি আজিৰ অভিভাৱক কিমান সচেতন? বহুতে আকৌ ফুটনি হে কৰা দেখোঁ আমাৰ ল’ৰাই ইন্টাৰনেটৰ পৰা নোট লিখে। কেৱল নোটেই লিখে নে? কথাবোৰ ভাবিবৰ হ’ল। অত্যাধুনিকতাৰ নামত, ডিজিটেলাইজেচনৰ নামত সন্তানক বিপদৰ মুখলৈ ঠেলি নিদিব। আওবাটে যাবলৈ নিদিব। নীলা মাছৰ খেলেই নহয়। কিশোৰ অৱস্থাতে ইন্টাৰনেট খুঁচৰি আপোনাৰ সন্তান যে আন আন অ-বিদ্যাটো পাৰ্গত হৈ গৈছে সেই কথাৰ প্ৰতিও লক্ষ্য ৰাখক। অকালত পকা কোনো ফলেই সোৱাদ নহয়। 

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?