জুবিন এটা সুৰীয়া গান, আৱহমান 
( শিল্পী জুবিনৰ নামত উৎসৰ্গিত)

"আজিও শিশু মই
গোৱা তুমি সেই গান"

তই শিশু হৈ থাক অ' চিৰদিন চিৰ কাল
নাবাঢ়ক তোৰ বয়স
বাঢ়ক কেৱল আয়ুস

"ইউকেলিপটাচ্  গছৰ দৰে
ওখ হ'ব খোজা''
তোৰ সংকল্পই
আকাশ ভেদী
চুৱক মহাকাকাশ
ব্ৰহ্মাণ্ডত নিগৰক তোৰ
কণ্ঠ নিনাদ

যোৰহটীয়া তৱলা বাদক
তোৰ খেয়ালি মনৰ
অদ্ভূত খেল দেখি
কোনে ভাবিছিল
এদিন সঁচাকৈয়ে চুবি আকাশ
পগলা বুলি হাঁহিছিল তোক ৷

আচলতে কি জান? 
সাধাৰণ জনতাত কৈ  যাৰ উচ্চ চিন্তন 
নাইবা নিম্ন সিঁহতকৈ 
তাকেই   পাগল বোলে সিহঁতে ৷
পদপথৰ পগলাটো
অথবা গেলিলিঅ' গেলিও
নতুবা চক্ৰেটিছ?
সকলোকে পাগল 
সিহঁতৰ মানত ৷
দুখ নাপাবি দে মনত ৷

বাৰু কওক দে তোক পাগল
পাগলামী নে খেয়ালী মনৰ
উৰ্দ্ধগামী গতি এয়া
বুজিছে সিহঁতে
সাধনাৰ দৌৰত যে তই
সদায় অদ্বিতীয়
সেই বাবেই চাগে
ঈৰ্ষাতে তোৰ বদনাম ৰতে ৷

বনামো গায়
মিছন চাইনাও চাই 
আচলতে তোক 
প্ৰাণভৰি ভাল পায় ৷

তোৰ গানত টোপনি যায় শিশু
সাৰ পায় দেশ
সাৰ পায় শোষিতৰ অধিকাৰৰ সপোন
সাৰ নাপায় মাথো মোৰ জাতি
"হুৰাই দে" বুলি হেজাৰ চিঞৰিলেও তই
অকৰ্মন্যতাৰ নিহালী লৈ
নিশ্চিন্ত মনে টোপনি যায় মোৰ জাতি ৷

শংকৰ, আজান, জ্যোতি, বিষ্ণুৰ সৃষ্টি
পুনৰ দশো প্ৰচাৰিত হ'ল তোৰ
কণ্ঠ নিগৰি ৷
হৰি নাম, দিহা নাম, বৰগীত, জিকিৰ ……
ক'ত কি …

তই গানৰ মাজত আছ
বন্যাৰ্তৰ আখলতো আছ
তই পাগলৰ দৰে নাচ
আৰ্তজনৰ দুখতো কান্দ

"মাজুলীৰ ছোৱালী জনী"ৰ বিৰহত গীত ৰচ তই
"বে-দৰদী দুনীয়া'ৰ মুচাফিৰো
হ'ৱ তই ৷
বুকুত লৈ ফুৰ মানৱ কল্যাণৰ হাঁহাকাৰ
নুবুজে সিহঁতে
কয়-
এয়া বোলে তোৰ শৈল্পীক অহংকাৰ ৷

বাদ দে
কওক দে সিহঁতে
আমি মাথো জানো
নদী বয় দিবৰ বাবে
বিৰিখ  থিয় হৈ ৰয়
ছাঁয়াৰ বাবে
শিল্পীৰ জন্ম হয়
বিপ্লৱৰ বাবে ৷

যি বিপ্লৱত নাথাকে বাৰুদ
থাকে শব্দ
থাকে সুৰ
থাকে ৰং
থাকে চিত্ৰ

জানো তোৰ নিষ্পাপ চিত্ত
সেয়ে তই আজি লুইত কণ্ঠ ৷

যাম অ' জুবিন যাম 
ঢপলিয়াই 
অথবা বাটকুৰি বায়
মিছন ছাইনাৰ চেকেণ্ড শ্বো চাম ৷

তোৰ কণ্ঠৰ নিনাদত
সাৰ পাই উঠক জনতা
শেষ হওক সিহঁতৰ যত বেদনা
'ফুল ফুলক
সূৰ্যমুখী ফুল'
লুইতৰ দুয়োপাৰ আমোল  মোলাই
বিয়পক তাৰ সুঘ্ৰাণ
জুবিন তই এটা সুৰীয়া গান
চিৰ প্ৰৱাহিত লুইতৰ দৰে
অসমৰ জনতাৰ অন্তৰে অন্তৰে
বৈয়েই থাক আবহমান ৷

    - বিনয় ৩ আগষ্ট


https://m.youtube.com/watch?t=54s&v=yccQESQnx4E

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?