খৰাং


খৰাং 

 মন্দৰ পৰ্বতক দন্দ কৰি 
বাসুকীৰ জৰীৰে অমৃত মন্থন কৰিছিল 
দেৱ-অসুৰে দেৱতাৰ চলনাত 
বাসুকীৰ মুখত দানৱ
 বিষ বাষ্পৰ প্ৰকোপত আত্ম হনন।
 শিৱই পাণ কৰিছিল গৰল 
অমৃত পি অমৰ দেৱতা। 
কাৰ বাবে গণতন্ত্ৰৰ অমৃত মহোৎসৱ 
কাৰ বাবে স্বাধীনতা? 
বান, খৰাং, মূল্য বৃদ্ধিৰ কৱলত 
মোৰ দেশৰ জনতা। 
কিনিবলৈ ধন নাই
 ১৮ টকীয়া চৰকাৰী জাতীয় পতাকা। 
ৰেচনৰ দোকানীক দাবী-
 নিকিনিলে পতাকা চাউল নাপাবি দে বিশ টকা। পতাকা আনিলো কিনি 
বানে উটুৱালে ঘৰ 
বালিত পোত গ'ল খেতিৰ মাটি খিনি 
ঘৰেই নাই ক'ত ওলোমাম জাতী পতাকা 
নেতা-মন্ত্ৰী-বিধায়ক মহোদয়ে ক'বনে 
প্ৰতিশ্ৰুতিৰ দুৱাৰ ভাঙি?? 
বৰ হেঁপাহেৰে ক'বলৈ মন যায়
 "বন্দে মাতৰম" অথবা গাবলৈ মন যায় নীল আকাশৰ তলত - 
"জন গণ মন অধিনায়ক জয় হে" 
পিছে ভৰিৰ তলত খৰাং... 
তপত বালি আৰু বালি.....

Comments

  1. সাম্প্ৰতিক সময়ৰ বাস্তৱ ছবিখন ফুটাই তুলিছে বিনয় দা 👍

    ReplyDelete

Post a Comment

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)