মই সোৱণশিৰিয়ে কৈছোঁ


Pradip Ranjan Dutta ই গোৱা "মই সোৱণশিৰিয়ে কৈছোঁ" গীতটোৰ কথাখিনি -


মই সোৱণশিৰিয়ে কৈছোঁ। 


সোৱণশিৰি মই আছিলো নিৰৱে বৈ 

ৰোধিব পাৰিবি জানো মোৰেই শক্তিক 

তোৰ মূৰত নাচিব  কাল সাপ

ৰাইজ খন সাৱধানে থাক।


গেৰুকামুখৰ বালিৰ পাহাৰ

বান্ধ সাজি সৃষ্টি নকৰ হাহাঁকাৰ

ভূমিকম্প প্ৰৱণ কঁপনি সঘন

নামনিৰ সভ্যতা হ'ব চাৰখাৰ।


বোলোঁ -

ৰাইজখন সাৱধানে থাক

মূৰত নাচিছে কাল সাপ।


কেতিয়াবা শুনো সুৰংগ খহিছে

কেতিয়াবা শুনো শ্ৰমিক মৰিছে

জলবোমাৰ হ'ব বিষ্ফোৰণ 

নামনি বাসীৰ দুৰু দুৰু মন। 


বিশেষজ্ঞয়ো ক'লে - বিপদ নদী বান্ধ হ'লে

পিছে কোনে শুনিলে,  বুজিলে কোনে

বৃহৎ নদীৰ বান্ধ মানেই সৰ্বনাশ 

জানিও নজনাৰ ভাও ধৰিলে কোনে? 


পিছে

পানীয়ে চিনিব নো কাক?

ৰাইজ খন কুশলে থাক

মূৰত নাচিছে কাল সাপ।


-বিনয় কৃষ্ণ তামুলী ফুকন

-২৭ জুন২o২২


I am Subansiri 

I was flowing silently

 Can you stop  my power?

 The snake of death will dance on your head

 Be careful, O the people 


 The sand hills of Gerukamukh

 Don't build dams and create desperation

 Earthquake  are frequent

 The civilization of the downstream will be destroyed.


 Let's say -

 The People, be careful

 There is a snake dancing on his head.


 Sometimes I hear that the tunnel is collapsing

 Sometimes I hear that workers are dying

 Water bombs will explode

 The people of downstream are

afraid


 Experts also said - danger if the river is dammed

 But who heard, who understood?

 Large river dams mean destruction

 Who pretended not to know?


 Then

 Whom will the water recognize?

 Stay safe, the people 

 There is a poisonous snake dancing on your head.


 -Binay Krishna Tamuli Phukan 

 -27 July 2022



Comments

Post a Comment

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)