জোন বাই এ -ঘৰ এটি দিয়াঁ

"হাতীত উঠি পানীৰাম
ঘৰলৈ যায়
আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায়?"
অঁ, আমিও চাইছিলো
ডিঙি মেলি
কাণ উণাই শুনিছিলো
আহিছে নেকি
বগলী ডিঙীয়া গাড়ী
আহিছে নেকি হাতী
কৰ্টৰ নটিচ খন পাবৰ দিনাৰ পৰাই ৷

আহিল আহিল ঔ পিতাই
খাঁকী, পখৰা পিন্ধা এজাকে
গাওঁ খন ফুৰিছে পিট পিতায় ৷
হাতীৰ পিঠিত উঠি
পানীৰাম অহা নাই
যোৱা  নাই বুকুফিন্দাই
সিয়ো বোলে আমাৰ দৰে
সৰু মানুহেই পিতাই
ভাঙিছে ঘৰবোৰ আমাৰ
তাৰ পেটৰ তাড়নাতে
তাক হেনো শাও দিব নাপায় ৷

ইয়াত এখন হাবি আছিল হেনো?
আমাৰ ঘৰবোৰ ভাঙি
কংত্ৰিটৰ দালানৰ পুলি লগাব
হেনো কোনো ধনী পেটুৱাই?

আমি ক'লৈ যাম অ' পিতাই
বগলী ডিঙীয়া গাড়ীৰ হাতোৰাই
মোৰ কুঁহিপাঠ খনো
ফালি পেলালে আই ৷

পিতাই, পিতাই
চা -
তই যে চহৰত হাজিৰা কৰি কৰি
সাজিছিলি আমাৰ ঘৰ
আয়ে টিন পাত আনিবলৈ
হাঁহ বেছি গোটাইছিল পইচা
কেনেকৈ মহতিয়াই পেলালে পিতাই ৷

হাবিতো আৰু বহুত আছে ৷
চৰ আছে, চাপৰি আছে
য'ত ভোটৰ পুলি ৰুইছে
ৰজাই
দিনে নিশাই ৷
দিছে ধৰ্মৰ দোহাই
"শৰণাগতক খেদাব নাপায় ৷"
আমাৰ ঘৰবোৰ ভাঙি
অঘৰী কৰাতো
কোন ধৰ্মৰ নিয়ম পিতাই?

চৰ-চাপৰি, গ্ৰেজিঙৰ মাটি
চানি ধৰিছে ৰঘূমলাই
সিহঁতৰক কিয় ওভালি নেপেলায়?
ৰঘূমলাও অৰণ্যৰে অংশ
সেই বাবে চাগে
ন পিতাই ৷

কালিলৈ পৰা পৰা
আমাৰ ঠিকনা হ'ব আকাশৰ তল ৷

চিঞৰি চিঞৰি পঢ়িম
ফটা কুঁহিপাঠ
"জোনবাই এ ঘৰ এটি দিয়াঁ ৷"
জোন বাই
জোন বাই
আমাৰ যে ঘৰ নাই ৷

২৯ নৱেম্বৰ

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)