অ-সম মোৰ  "আচাম" দেশ

ওখোৰা-মোখোৰা নহয় কেৱল
কোনো দেশ সমকক্ষ নহয়
মোৰ দেশৰ স'তে ৷
ঐস্বৰ্য্য-বিভূতি
না-না জাতি
অনেক ধৰ্ম
মেটমৰা সম্পদ
আৰু
উদাৰতা সাৱটি
মহিমামন্দিত
বিশ্ব বন্দিত
মোৰ অ-সম
অসম দেশ ৷

অসম মাটিৰ স্বৰ্গ
অসম অভেদ্য দূ্ৰ্গ
ভাৰতৰ পূৱত জিলিকিছিল
অপূৰ্ব জ্যোতিৰে
প্ৰাগজ্যোতিষপুৰ হৈ
পিতা ব্ৰহ্মপুত্ৰৰ
পলসত গজা
সভ্যতাৰ পুলিটো
বাঢ়ি গৈয়েই আছিল
লহ-পহ কৈ ৷

"ঘটোৎকচ" "ভগদত্ত" কিম্বা "নৰক"ৰ
দূৰ্জেয় শকতিৰে জিলিকি আছিল
অ-সম,  তুলনাবিহীন দেশ ৷

আহিছিল স্বৰ্গদেও পাহাৰটোৰ পাৰ হৈ
সোণৰ জখলা বগাই
 সোণালী শস্যৰ দেশ
"ম্যুংদুন চ্যুনখাম"লৈ ৷

সাজিছিল নগৰ
গঢ়িছিল
গঢ়িছিল দেশ
খেদিছিল মোগল ৷

শংকৰ-মাধৱে জুৰিছিল
বৰগীত
আজানদেউ চাহেৱে জিকিৰ ৷

যদিও অসমান পাহাৰ-পৰ্বতেৰে
তথাপি সাৱটি সকলোকে সমানে
বৈ আছিল চিৰিলুইত
অ-সম মৰম বিলাই
মোৰ অসম দেশত ৷

আহিছিল না না জন
না না বেশত ৷
আমি উদাৰ জাতি
বহুৱালো সকলোকে
বৰঘৰত
বৰপীৰা পাৰি ৷

বদনৰ আহ্বানত
আহিল মান
শেষ হ'ল দেশৰ সন্মান
মাৰ গ'ল পূৱৰ বেলি
পশ্চিমৰ ক'লা আন্ধাৰে
ধৰিলে চানি ৷
আছিল স্বাধীন মোৰ দেশ
হ'ল পৰাধীন ৷
মৈদামৰ শেষ সম্পদকণো
লৈ গুছি গ'ল বৃটিছ
দি গ'ল
গণনতন্ত্ৰৰ "পলিটিক্স"
ভাৰতৰ মানচিত্ৰত
কুকুৰাৰ ডিঙিটো লগাই
কোনো মতে ওলমি থাকিল
মোৰ দেশ ৷

আছিল সাত
সাতভনী মিলি-জুলি
ছ জনীক খেদিলে
চুলিত ধৰি ৷

আৰম্ভ হ'ল কেৱল
কামোৰা কামোৰা কামোৰি
প্ৰাগজ্যোতিষপুৰ
কিম্বা অসম
হৈ পৰিল " আচাম"
আহ
যি যেনেকৈ পাৰ সোমাই আহ
আমি বৰ উদাৰ
সকলোকে চাম ৷
কাৰণ
এই খন "আচাম"

অ-সম নহয় আৰু মোৰ দেশ
স্বজনৰ ৰূপত সকলোৰে চদ্মৱেশ ৷

আহ কোন ক'ত আছ?
সকলোকে চাম
বৰ পীৰা পাৰি বহুৱাম
এইখন 'আচাম"
৫ ডিচেম্বৰ ১৭

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?