
তই শূন্যতাৰ স'তে ওমল কিয়? এই উদাসী ছোৱালী জনী শূন্যতাৰ সাগৰত ওপঙি কিয় মেলাৱ দুখৰ কলিয়া চুলি শোকৰ বতাহত? হুমুনিয়াহেৰে গধুৰ কৰ কিয় মোৰ বুকুৰ উপকূল ৷ ইমান আকুলতাৰে কিয় হাত বাউলি মাত বিষাদী অতীতক কিয় গুণ গুণাৱ বিষাদ কাৱানৰ সুৰ? শূন্যতাৰ বেলুন এটা লৈ কিয় ওমল নিজান দুপৰীয়া অথবা জয়াল ৰাতি ৷ শূন্যতাতো এখন চিলা নহয় যাৰ পিঠিত বান্ধি উৰুৱাই দিবি জীৱনৰ যত দুখ, অপ্ৰাপ্তি ৷ উদাসী ছোৱালী জনী অ' কাৰ বিৰহত উচুপি উঠ কাৰ নুশুনা মাতত আকুল হ'ৱ বিষাদৰ চকুলোৰে তিয়াৱ শিতানৰ গাৰু ? তই বিষাদৰ বাঁহীটো বজাই মোক কন্দুৱাবলৈ কিয় ভাল পাৱ বাৰু? উদাসী ছোৱালী জনী অ' মই চিলা হ'ব খোজোঁ নীলকণ্ঠী আকাশলৈ উৰুৱাই লৈ যাব খোজোঁ তোৰ সমষ্ট বিষাদ গুজি দিম যেন ৰ'দ ফুল তোৰ নেঘেৰী খোপাত ৷ আহ সামৰি বিষাদ ৰ'দৰ দেশলে যাওঁ আহ পোহৰৰ গান গাওঁ বৰফৰ দৰে গলিবলৈ দিওঁ শূন্যতাৰ বল আশাৰ জিল মিল ৰদ'ত ৷