মোৰ তেজত এখন অৰণ্য ৷

ওপৰত এখন আকাশ আৰু

সাৰে থকা তিনিটা তৰা

এটা উজ্বল নীলা

কোমল অথচ উজ্বল তাৰ পোহৰ অনন্য৷৷




বুকুত এখন বিষাদৰ কেনভাচ

কোন চিত্ৰকৰৰ নিপুণ হাত ?

আঁকি দিলে তিনিওটা তৰা

এটা উজ্বল

ঢুকি নাপাও মেলিলেও হেঁপাহৰ হাত ৷




অৰণ্য খন মুখৰিত তেজৰ তলৰ ৷

আকুলতাৰ স্ৰোতসৃনী নৈৰ পাৰৰ

কোনোটো ঘাটত বিষাদী গৰখীয়া

তাৰ বাঁহীৰ  ইমান কাতৰ মাত ৷৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)