নিজান নিজান.. নিতাল নিতাল।।




লগন স্তব্ধ
ঘড়ীৰ কাঁটাত সময় প্ৰৱাহিত
অথচ জীৱন স্থৱিৰ।
নিসংগতা মোৰ জন্মজ লগৰী
জীৱন পৰিক্ৰমাত নতজানু শিৰ।

এই যে মৃত শামুকৰ খোলাত বন্দী
নতুবা লেটা এটাৰ দৰে খোলাত।
বিছা হৈ ওপজিলো
ওপজিব জানো ফুটুকি পখিলা
জীৱন মাথো নিৰৱে সৰি পৰা পকা পাত এখিলা
আক্ষেপ নাই বিৰিখৰ
নতুন কুঁহি পাত মেলিব প্ৰতিটো বসন্তত।

পোহৰত জোনাকীৰ কি দাম?!
কিহৰ বাবে পেলাওঁ তেজ-ঘাম?
মোৰ বাবে আন্ধাৰ ভাল
আত্মাৰ গোপনত নিসংগতাৰে পিব পাৰোঁ
বিষাদ ফটিকা
নাই কোনো জঞ্জাল।

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান