ক্লজড্ চাৰ্কিট কেমেৰা (গল্প)




-বিনয় কৃষ্ণ তামুলী ফুকন

     -কালি কেইবজাত অফিচলৈ গৈছিলা?
-এঘাৰ বজাত।
-মইতো তোমাক ন বজাতে ঘৰত এৰি গৈছিলোঁ। সদায় তুমি দহ বজাত অফিচলৈ যোৱা। কালি কিয় ইমান দেৰিকৈ গ'লা?
কোনোবা আহিছিল নেকি ঘৰলৈ?
অভিৰঞ্জনৰ প্ৰশ্ন কেইটাই নীলাঞ্জনাক হতাশ কৰিলে যদিও তাই উত্তৰ দি গ'ল।
-নাই। গাটো খুউৱ বেয়া লাগিছিল। অফিচলৈ ওলাইয়ো বিচনাত পৰি দিলোঁ। দেৰী হৈ গ'ল।
নীলাৰ উত্তৰত অভিৰঞ্জন সন্তুষ্ট হ'ল নে নহ'ল তাই নুবুজিলে। কিন্তু গা-বেয়া লগা বুলি কোৱাতো সি তাইক এবাৰলৈও নুসোধিলে "কি হৈছে তোমাৰ বুলি।"
এই কথাটোৱেহে নীলাঞ্জনা মনটো বেয়া কৰি পেলালে।

"নীলাঞ্জনা- অভিৰঞ্জন " সৰু চহৰ খনৰ এক আদৰ্শ যুটি। সকলোৰে দৃষ্টিত সুখী দম্পত্তি। দুয়োৰে চৰকাৰী চাকৰি। অভিৰঞ্জনৰ কৰ্মক্ষেত্ৰ ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰ নিলগত।
নীলাৰ চাকৰি স্থানীয় চহৰ খনতে। স্বচ্ছল জীৱন। ৯ বছৰীয়া পুত্ৰ তন্ময়কলৈ সুখৰ সংসাৰ সিহঁতৰ। তথাপিও যেন নীলাঞ্জনাৰ বুকুৰ কোনোবাএটা কোনত দুখ আছে নীলাৰ।
অভিৰঞ্জনে তাইক বুজি নোপোৱাৰ দুখ। উপাৰ্জনৰ এক আহিলা আৰু শৰীৰৰ দাবী পূৰণৰ যন্ত্ৰ হে যেন তাই।
তাইৰ শৰীৰ মনৰ খবৰ ল'বলৈ সময় আৰু আগ্ৰহ দুয়োটাৰে যেন অভাৱ অভিৰঞ্জনৰ।
দিনটোৰ ঘৰুৱা ব্যস্ততা আৰু অফিচৰ কামৰ হেঁচাত যেতিয়া তাই টোপনিত ঢলি পৰে তাই গম নাপায় যে তাই গম নোপোৱাকৈয়ে  অভিৰঞ্জনে তাইৰ শৰীৰটো ব্যৱহাৰ কৰিলে। তথাপিও কোনো প্ৰতিবাদ নকৰে তাই। জীৱনে মৰণে একেলগে থকাৰ প্ৰতিশ্ৰুতিত যে তাই প্ৰতিশ্ৰুত। অভিৰঞ্জন সুখী হ'লেই তায়ো সুখী।
তাই গোপনে কঢ়িয়াই ফুৰা ৰোগটোৰ কথা অভিৰঞ্জনে নাজানে।

 

ঘেঁৰৰৰৰ, ধাম, ধুম....
অফিচৰ পৰা আহি কোঠাত সুমাই আচৰিত হৈ পৰিল নীলা। লৰা এটাই ড্ৰিল মেচিনেৰে তাইৰ শুৱনী কোঠাৰ দুৱাৰমুখৰ দেৱালত  ফুটা কৰি আছে। আন এটাই ঘৰৰ মূল দুৱাৰত ক্লজড চাৰ্কিট কেমেৰা এটা লগাই আছে। অভিৰঞ্জনে মাজে মাজে নিৰ্দেশ দি গৈছে।
-কি কৰিছা অভি?
-একো নাই। লাগে বুজিছা। চোৰ ডকাইতৰ যি উপদ্ৰপ ঘৰতত চি চি কেমেৰা লাগে।
"মোৰ শুৱনী কোঠাত চোৰ সোমাই মোৰ কি লৈ যাব? কি নিৰিক্ষণৰ কৰিবা? মই পাতিৰ তীৰুতা জনীয়ে শৰীৰত কি ৰোগ কঢ়িয়াই ফুৰিছো তুমি নিজৰ চকুৰে, মনেৰে তাৰ খবৰ নাপালা, চি চি কেমেৰাৰে ধৰা পেলাবা মই কেনে আছো। কি কৰিছো। কিয় অভি? কিয় মোৰ শুৱনী কোঠাৰ দুৱাৰত চি চি কেমেৰা?"
-কথা খিনি ডিঙিলৈকে উজায় আহিল যদিও একো নকলে নীলাই। মাথো মূৰদোপিয়ালে।
ভুল ভাবিলা অভি। তুমি মোক গনিকাৰ শাৰীলৈ নমাই দিলা। তুমি অফিচলৈ যাওঁতে মই বাৰু মোৰ শুৱা বিচনালৈ কাৰোবাক মাতি আনো নেকি? কথা খিনি ভাবি চকুপানী ওলাল নীলাৰ।

নিশা দুই বাজিছে। চি চি কেমেৰাৰ নজৰত বন্দী নীলাক টোপনিয়ে হেঁচা মাৰি ধৰিছে যদিও শুব পৰা নাই। হঠাৎ নীলাৰ ফোনটো বাজি উঠিল।
-হেল্ল নীলা মেডাম। অভিৰঞ্জন চাৰক পুলিছে ধৰিলে।
-হাঁ??? কিয়?
-চাৰৰ অফিছৰ এছিছটেণ্ট এজনীৰ লগত তাইৰ ঘৰতে   ধৰা পৰিল। ছোৱালীজনীৰ গিৰিয়েকে কেছ দিছে.... চি চি টিভি কেমেৰাত সৱ ধৰা পৰিছে।

বহু কষ্ট, পুলিছ, আদালত দৌৰি অভিৰঞ্জনক মুকলি কৰি অনা এবছৰ হ'ল। নীলাৰ শুৱনী কোঠাৰ চি চি টিভি কেমেৰা চলি থাকিল। প্ৰত্যেক দিনাই অফিচৰ পৰা আহি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা অভিৰঞ্জনৰ নিয়মিত কাম হিচাপে চলি থাকিল। নীলাই গমনোপোৱাকৈয়ে তাইৰ টোপনিত অভিৰঞ্জনে তাইৰ দেহটো ব্যৱহাৰ কৰা, এই সকলোবোৰ চলি থাকিল। নীলাৰ জৰায়ুৰ ৰোগটোও দিনে দিনে বাঢ়ি আহিছে। অভিয়ে গম নোপোৱাকৈ নীলাই ডাক্তৰক দেখুৱাইছিল। "অভাৰিয়ান চিষ্ট" উঠাই পেলাব লাগিব জৰায়ুটো। মাত্ৰ এই কথাটো গম নাপালে অভিৰঞ্জনে।

-চি চি টিভি কেমেৰা ফুটেজ চাই হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে অভিৰঞ্জনে। এয়া কি?
নীলাৰ কাপোৰহীন শৰীৰটোত এয়া কাৰ হাত। আসঃ সি বলিয়া হৈ পৰিছে। ফুটেজটো ফাষ্ট ফৰৱাড কৰিছে। জুম কৰি চাইছে।
কাৰ মুখ এইখন? মনত পৰিল অভিৰঞ্জনৰ ডাঃ নিলোৎপল ফুকন
। নীলাৰ সহ পাঠী। স্ত্ৰী ৰোগ বিশেষজ্ঞ। আসঃ কেনেকৈ নীলাৰ গোপন স্থানত হাত দিছে।
আৰু নীলা? নীলা ক'ত?
ফোন লগালে সি। পুৰুষৰ মাত
-অভিৰঞ্জন। মই ডাঃ নিলোৎপল। চিনি পাইছা? নীলাৰ লগৰ। তাই ফোন কৰিলে। মই তোমাৰ ঘৰলৈকে গ'লো।
নীলাৰ অভেৰি ব্ৰাষ্ট হৈছে। মই নিজৰ গাড়ীৰে মোৰ নাৰ্চিং হ'মলৈকে লৈ আহিলোঁ।
অপাৰেচন হৈ গ'ল। আই চি ইউত আছে তাই....

ধাম, ধুম, থেং, থাং....
চি চি টিভি কেমেৰা কেইটা ভাঙি অভিৰঞ্জন গাড়ীত বহিল। এক্সেলেটৰ গচকি দিলে
যিমান সোনকালে পাৰি "ফুকন নাৰ্চিং হ'ম" পাব লাগে।

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?