অমৃত্যু Get link Facebook X Pinterest Email Other Apps - August 16, 2018 জীৱনৰ বাট। জটিল কূটিল মৃত্যুৰ বাট মসৃণ ৰাখি যাব যি সময় বালিত খোজৰ চিন দূৰ্ভিক্ষ, দূৰ্দিন ইপাৰতে শেষ নাজানো সিপাৰ মৃত্যুত মাথো নহয় শেষ সৰা ফুলৰ সৌৰভেও পুলকিত কৰে মন সৰিলেই মাথো নহয় শেষ। Get link Facebook X Pinterest Email Other Apps Comments
আত্মশ্লাঘা (কবিতা) - July 13, 2022 ৰিং মাৰি গুছি গ'ল ৰংপুৰৰ গৰখীয়া কোনোবা এটা হেঙুল আবেলি তেতিয়াৰে পৰা জীৱনৰ অংকত খেলি মেলি। গোধূলি উৰুৱাই গুছি যোৱা কপিলী গাই জনীৰ দামুৰীটোৱে দেও দি জাক হেৰুৱাই তাইৰ হেম্বেলনিৰ আত্ৰানিয়ে গগন কঁপাই জীৱনে এনেকৈয়ে বগুৱাবাই অতীত হেৰুৱাই বৰ্তমান ত্ৰষ্টমান হয় আৰু ভবিষ্যৎ.... আত্মহত্যাৰ দূৰ্বাৰ বাসনা এটা উজাই আহি লেটেকু গছৰ ডালত ওলমি ৰয় সময়বোৰ ক্ৰমশঃ দূঃসময় হয়। তথাপিও জীৱন জী থাকে মৃত্যুমুখী মাতৃ কেকোঁৰাৰ দৰে সময়ে বুকু খান্দি খান্দি খায়। বলুকাত পৰি ৰয় মঙহ বিহীন খোলা মই ভাও দিব নাজানিলো পিন্ধি সময়ৰ বিলাসী চোলা মাথো আত্মশ্লাঘাৰ সূতলাহীত ক্ৰমশঃ পাকঘূৰণি খাই আহে আত্মাৰ মূগালেটাৰ পোছাকী খোলা। অধিক »
গণতন্ত্ৰৰ গান - August 14, 2022 গণতন্ত্ৰৰ গান -বিনয় কৃষ্ণ তামুলী ফুকন।। ওঠৰ শ চাব্বিচৰ ইয়াণ্ডাবু গৰু বা গাহৰিৰ চৰ্বিৰ চিপাহী বিদ্ৰাহ... গান্ধীৰ হত্যা নাথুৰামৰ বুলেটৰ যাদু, এইবোৰ পাৰ হৈ হৈ এই গণতন্ত্ৰ। আম্বেদকাৰ.....??? ত্ৰিৰংগৰ ব্যৱসায় অথবা জনপ্ৰিয়তাৰ প্ৰচাৰ না না ধৰণৰ কৰণ মূল্যবৃদ্ধি অথবা দেশ বিক্ৰী কৰাৰ খৰ ধৰ জনতাৰ ধৰ্ ফৰ্ আৰে হে মহান মহাত্মা গান্ধী গণতন্ত্ৰক ধৰ্মীয় মচলা দি খাই দিলে ৰান্ধি কাক ৰাখিবা বান্ধি? সকলো স্বাধীন হ’ল জাতীয় পতাকাৰো বেপাৰ হ’ল দেশ স্বাধীন হ’ল গণতন্ত্ৰ দেখোঁ ধৰ্মতন্ত্ৰ হ’ল তেজৰ ৰং সলনি হ’ল স্বজাতীয়ে স্বজাতিক সৎকাৰ নকৰা হ’ল মানবীয়তা সাত পাতালৰ অটলত পৰি ৰ’ল। ৰং সলনি হ’ল জাতীয় পতাকাৰ জনতাৰ কণ্ঠত জাতীয় পতাকাৰ মৰ্যদা ৰক্ষাৰ হাঁহাকাৰ.. শ্বহীদৰ ৰক্ত ৰঞ্জিত পতাকাক লৈ বণিয়াৰ বেপাৰ এয়া গণতন্ত্ৰৰ জয় জয় কাৰ এয়া দেশপ্ৰেমীৰ হাঁহাকাৰ। এয়া দেশপ্ৰেমীৰ হাঁহাকাৰ। অধিক »
বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!? - August 08, 2022 বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালি... অধিক »
Comments
Post a Comment