এই বাটেৰে আজি তেওঁ আহিব



এই বাটেৰে আজি তেওঁ আহিব
এই ফুলনীত আজি ফুল ফুল ফুলিব
নুফুলা বহু কলিও
সৰি পৰিব
পছোৱা বলিব
মিছা ভালপোৱাৰ তাচ পাতৰ ঘৰ
পকা পাত সৰা দি খহি পৰিব
এই বাটেৰে তেওঁ আহিব।

এই বাটেৰে তেওঁ আহিব
পুৰণি নিয়মবোৰ
অনিয়মৰ ভৰত ভাঙি পৰিব
সম্ভাৱনাহীন এজাক বৰষুণ সৰিব
ইপাৰ-সিপাৰ একাকাৰ হ'ব
হাঁহাকাৰ বোৰ চিৎকাৰ হ'ব
এই বাটেৰে তেওঁ আহিব।

পথবোৰ মসৃণ হ'ব
পহৰিয়াবোৰ সস্ত্ৰম হ'ব
চাইৰেণবোৰ বাজি উঠিব
পথ হেৰুৱাৰ ভয় নাথাকিব
এই বাটেৰে তেওঁ আহিব
পথ হেৰুৱাবলৈ
পথেই নাথাকিব।

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান