ধাৰাবাহিক





অনিমন্ত্ৰিত

গৈ আছিলো জীৱনৰ বাটে বাটে
প্ৰাপ্তি অপ্ৰাপ্তিৰ হুহুৰি বজাই ৷
কেইবাটাও আলিকেঁকুৰি পাৰ হৈ হৈ
ৰৈ গৈছিলো এটা দীঘল পদূলিত ৷ দুপৰ আছিল
ৰ'দ আছিল ৷ তেওঁৰ পদুলি মুখ ডালিয়া ফুলি আছিল ৷
মই থৰ হৈ গৈছিলো ৷ তেওঁ চোতালত বহি দুখৰ কলিয়া চুলি মেলাই আছিল ৷ মন্ত্ৰমুগ্ধৰ দৰে মই আগবাঢ়িছিলো ৷ তেওঁ ভিতৰলৈ দৌৰ মাৰিছিল ৷ হয়তু অবিন্যস্ত চুলিৰ বাবে লাজ পাইছিল ৷
অলপ পৰ ৷ ওলাই আহিছিল সাজি কাচি ৷ কঁপালত জোন জ্বলিছিল ৷ চকুত কাজল নে বিষাদ আছিল জানো ৷
বৰ কোমল মাতেৰে কৈছিল - "আহক" ৷
দুৱাৰ মেলি দিছিল বুকুৰ আলহি ঘৰৰ ৷
চোফাখনত এটা চাপ আছিল ৷ কোনোবা অভ্যাগত অলপ আগতে বহিছিল ৷ হয়তু মোক দেখি তেওঁৰ বুকুৰ মাৰল ঘৰলৈ সুমাই গৈছিল ৷ হয়তু তেওঁৰ স'তে তেওঁৰ বিষাদ আলাপ হৈছিল ৷ যাৰ দাগ কাজল হৈ চকুত বি‍‍য়পি আছিল ৷

চাৱনিত তেওঁৰ কাতৰতা ৷ মোৰ বুকুত আকুলতা ৷ যেন ৰ'দৰ ফুল ফুলাম ৷ মই কৈছিলো ৰ'দৰ দেশলৈ যাবা ৷ তেওঁ সুধিছিল - "নিবা"? কৈছিলো - জোনাকত বহিম ৷ সুখৰ আপং পিম ৷ সৰলৰ ছাঁত জিৰাম , পোহৰৰ গান গাম ৷
তেওঁ মুৰ দুপিয়াইছিল ৷ চকুত বিষন্ন কাজলবোৰ লাগিয়েই আছিল ৷ হ‍য়তু মাৰল ঘৰত থকা জনে ৰিঙিয়াইছিল ৷
মই অনিমন্ত্ৰিত আছিলো ৷ তেওঁৰ সময় বোৰ নিজৰ কৰিব খোজিছিলো ৷ তেওঁ বাৰে বাৰে মাৰল ঘৰলৈ কাণ উনাইছিল ৷
সময়বোৰত আউল লাগিছিল ৷ আঁত হেৰাইছিল ৷ বুকু উজায় শোকৰ সৰীসৃপ এটা বগাই আহিছিল ৷ সময় বোৰ বন গুঁই এটাৰ দৰে
পেট পেলাই পৰি ৰৈছিল ৷
অলপ ৰ'বা ৷ তেওঁক অলপ সময় দিওঁ ৷ মই কৈছিলো - দিয়া ৷ সুখময় সময় দিবা ৷
যাওঁ বুলি নোকোৱাকৈ ওভটিব খোজিছো ৷ তেওঁৰ পদূলিৰ ডালিয়াবোৰে হাত বাউল দিছে ৷ সুধিছে- ক'লৈ যোৱা অনিমন্ত্ৰিত অভ্যাগত ?
মই ক'লো - অক্ষমতাক ক্ষমা কৰিবা হে ৰ'দৰ ফুল ৷ বন্ধ যে তেওঁৰ বুকুৰ মাৰল ঘৰ ৷
( আগলৈ )

অনিমন্ত্ৰিত
( দুই)

সিদিনা যে তোমাৰ পদূলিৰ সুৰুযমুখী
ফুলবোৰে যে উপহাস কৰিছিল ৷
মোৰ অক্ষমতাক ক্ষমা কৰিবলৈ কৈ আহিছিলো ৷ সিদিনাৰ পৰাই মোৰ অসুখ ৷ হয়তু কলিজাটো থাকি আহিল তোমাৰ চ'ৰা ঘৰতে ৷ মাৰল ঘৰত থকা জনক হয়তু ৰান্ধি-বাঢ়ি খোৱালা ৷ মোৰ পুৰণি সাধুকথালৈ মনত পৰিল ৷ কুটূমে ৰান্ধনিলে ,কুটুমে বাঢ়িলে
কুটুমে কুটুমক খালে ……
মই তুলা তেজা সাধুৰ
তেজা হ'লো ৷ মূৰত মন্ত্ৰপূত শাল লৈ শালিকা হ'লো ৷ গুটিয়া শালিকা ৷
তোমাৰ চোতালৰ ডালিম জোপাত পৰি নিতৌ যেন চাই ৰ'লো তোমাৰ লাৱনী মুখ ৷

কলিজা হীন বুকুখনত এটা পোতা পুখুৰী হ'ল ৷
তোমাৰ প্ৰেমৰ দৰিকণা মেলি দিলো ৷ তেজৰ টোপ দিওঁ ৷ টপাটপে গিলে ৷ বৰ নোদোকা হৈ পৰিছে জানা ৷ সিহঁতৰে কোনোবা দুটা প্ৰেমত পৰিছে হ'বলা ৷ মোৰ হাঁহি উঠে সিহঁতক দেখিলে ৷ বেচেৰাহঁতে গমেই পোৱা নাই প্ৰেমৰ যাতনা কিমান ৷ পকা বগৰীৰ দৰে ৷ চোবাই থাকিবৰ মন যায় ৷ পিচলৈ দাঁত টেঙায় ৷ একো মুখত দিব নোৱাৰি ৷

আচলতে কি জানা ৷ আমাৰ প্ৰেম দৰিকণা হালৰ দৰে নাছিল ৷ আমিতো সাঁতুৰিবলৈকে নাপালো প্ৰেমৰ একুৰিয়ামত ৷ চাকৈ হেৰুৱা চকোৱা এটা হে হ'লো ৷ চাতক হ'লো ৷ তোমাৰ প্ৰেমৰ বৰষুণৰ অপেক্ষাত ৷

অ' শুনা , তোমালোকৰ ঘৰ এৰি ওভটি আহোঁতে বাটতে বৰষুণে পালে ৷ বৰ নামঘৰটোৰ কাষৰ মানুহ ঘৰতে দৌৰি সুমালো ৷ নাই সিহঁতৰ বাৰান্দাখনো উৰুখিছে ৷
তিতিলো গোটেই ৷ বুজিছা দূৰ্কপলীয়া মাছলৈ গ'লে বাঁকে পিছ লয় ৷ যিকি নহওক বিহুৰ বতৰ ৷ হুচৰি এযোৰা সুমাল হি ৷
" দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ
কৰতে কাটিলে ৰুৱা ঐ
গোবিন্দাই ৰাম ৷"
মোৰ হাঁহি উঠি গ'ল ৷ উৰুখা বাৰান্দাত ৰৈ গোটেই তিতিলো ৷ সিহঁতে বৰ ঘৰ দেখিছে ৷
চেঙেলিয়া ঢুলীয়া দুটাই ঢোলত চাপৰ দিলে ৷ বাকী মখাই হৈ ধ্বনী দিলে ৷ জয় অ' ৰাম বোলা……
হেই হে হেয়া
হেই হে হেয়া
হেই হে হেয়া হেই ৷৷

মনটো নৰা পথাৰলৈ উৰি গ'ল ৷ সৰুতে আইৰ লগত পথাৰলৈ যাওঁতে বিড়িয়া দুপাত কেৰেচিয়াকৈ গোজ মাৰি পিতায়ে চাদৰ এখন তৰি দিছিল ৷ ছাঁত জিৰাবলৈ, জলপান খাবলৈ, বৰটেঙা চকলিয়াবলৈ ৷ ধান দাই ভাগৰ লাগিলে এপলক বহি হাঁচতি মেলি খনীয়া তামোলৰ পাগ তুলিবলৈ ৷
আমি নৰা পেঁপা বজাইছিলো ৷ কিছুমান নাবাজিছিল ৷ খঁৰিকা এডাল সুমুৱাই খুঁচৰি লৈছিলো ৷ মাত ওলাইছিল ৷ তোমাক কিহেৰে খুঁচৰি মৰা প্ৰেম জীয়াওঁ ৷

পিতাইৰ সপোন আছিল চ'থৰিয়া ডাঙৰিৰ জোন বিড়িয়াত ৷ আয়ে দাই যোৱা ঘিলা চকলীয়া মুঠিবোৰ আঙুলিৰ কেঁপত সুমুৱাই ফিলিওৱা তৰাৰে ডাঙৰি বান্ধিছিল ৷ বৰ সীমিত সপোন ৷ লোণ-তেল কণ ধান বেচি কিনিব পাৰিলে , মুগা চোমনিতত কাউৰী, কলাখাটি , মেজালি নালাগিলে, এৰি পলুৰ বাঁহত মাখিয়ে কণী নাপাৰিলে আই-পিতাই সন্তুষ্ট ৷
মোৰ যে সপোনে আকৌ পোখা মেলে ৷ নোপোৱাতো পাবলৈহে মনে জেদ ধৰে ৷ আইৰ সপোন ছ'হতীয়া
বৰ কাপোৰ ৷ মোৰ সপোন তোমাৰ নোপোৱা মৰম ৷
ছন্দোবদ্ধ খোজত জোন বিড়িয়াত
ছ'থৰীয়া ডাঙৰি লৈ পিতায়ে ঘৰলৈ খোজ দিয়ে ৷ দূৰৈত কোন জানো সেইটো ৷ উকিয়াই বিহু নাম জোৰে -
"বামে পায় লাখুটি
যেনেকৈ এৰিলি
তেনেকৈ এৰিলি মোক ৷"
( আগলৈ )

অনিমন্ত্ৰিত
(৩)

নৈ খন বাঢ়ি আহিছে ৷ খৰালি ৰাইজে সাঁকো এডাল দিয়ে ৷ সোঁতে তাকো উটুৱাই নিলে ৷ তোমাৰ পাৰৰ পৰা মোলৈ সজা মনৰ সাঁকো ডালৰ দৰে ৷ মোৰ সিপাৰত ঘৰ ৷ কেনেকৈ যাওঁ ? ক'ত বঞ্চো বৰষাৰ ৰাতি ? দূৰৈত ঢোলৰ মাত ৷ মাতটো ঢেপা ৷ হয়তু বৰষুণত তিতিল ৷ তিতিলে সেমেকে ৷ ময়ো বৰ বেয়াকৈ তিতিলো তোমাৰ প্ৰেমত ৷ বৰ চেঁচা লাগিছে এতিয়া ৷ গা-তপতাবলৈও পুৱালৈ ৰ'ব লাগিব ৷ কাইলৈ বা ৰ'দ দিয়েনে নিদিয়ে !

ঢল ফাট দিছে ৷ বুকুৰ উদং পথাৰৰ টঙি ঘৰটোতে কটালো ৰাতি ৷
আকাশত ডাৱৰ ৷ বেলি ওলোৱাৰ কোনো সম্ভাৱনা নাই ৷
"দাম সুদামে ডাকে
তেৰি লয়ো নাম …"
হৰি দাইটি ৷ কজলা আৰু পখৰা গৰুহাল আগে আগে লৈ বৰগীত এটা গুণ গুণাই হাললৈ আহিছে ৷ মুখৰ বিড়িটো জোনাকী এটা হৈ এবাৰ জ্বলিছে ৷ এবাৰ নুমাইছে ৷ "খেকেৰ্ খেকেৰ্ থু" ৷ বৰগীত নিফাট মাৰিছে ৷ দাইটিক কফে আমনি কৰিছে ৷ মোৰ সপোন বোৰ তোমালৈ উৰা মাৰিছে ৷ দাইটিৰ বিড়িটোৰ দৰে এবাৰ জ্বলিছে ৷ এবাৰ নুমাইছে ৷ আৰু বিড়িটোৰ দৰে যেন মই জ্বলি শেষ হৈ আহিছো ক্ৰমশঃ ৷

"হ হ হ ৷" যুঁৱলি খন গৰু হালৰ কান্ধত লগাই শ'ল মাৰি কেইডাল পোনাই দাইটিয়ে আওঁচ জুৰিলে ৷ হাতৰ এচাৰি ডালেৰে নাঙলৰ ডিলাটোতে টিক টিকাই হাতত যে এচাৰিডাল আছে তাকে গৰু হালক উমান দিলে ৷ গৰু হাললৈ দাইটিৰ মৰম ৷ সতকাই নোকোবাই ৷ বেলি দুপৰ হ'লে ৷ খুড়ীয়ে জলপান আনোতে দেৰি কৰিলে তাতে চেৰেপাই কামোৰি
অস্বস্তি দিলে উৰহৰ খং ভগা ঢাৰিত জৰা দি গৰু হালৰ টিকাতে লাহেকৈ কোব চেৰেক মাৰে ৷ দাইটিৰ সপোনবোৰ নাঙলৰ ফালত পাক ঘূৰণি খায় ৷ উভলি মূৰত হাল ৰখাই বিড়ি এটা জ্বলাই আওঁচ পেলাই ৷ নতুন আঁওচ জোৰে ৷
মোৰ আকৌ ভাৱনাবোৰ একে ঠাইতে পাকঘূৰণি খাই ঘূৰে ৷
দ' মাটি ককোৱা বাও আগতিয়াকৈ সিঁচিব লাগিব ৷ বাও নমৰে ৷- দাইটিয়ে ভাবে ৷ পানীত তল গ'লেও অলপ উশাহ পালেই আকৌ ঠন ধৰি উঠে ৷ মোৰ হে সপোন বোৰ অটলত ডুব যায় ৷ জী নুঠে কোনো দিন ৷

নৈখন বাঢ়িয়েই আছে ৷ পাহাৰত বৰষুণ দিছে হ'বপায় ৷ উজনিত ক'ৰবাত গৰাও খহাইছে নেকি ৷ বগা বগা ফেনবোৰ উটি আহিছে ৷
হ'লেও নৈ খনলৈ আটাইৰে মৰম ৷ এই নৈতে বৰ বৰ মাছ আহে , খৰি আহে , নৈয়ে মথাউৰি চিঙি গাওঁ ফুৰিবলৈ যায় ৷ দ' মাটি বাম কৰে ৷ পলস পেলাই যায় ৷ খেতি ভাল হয় ৷ বাও তলি শালি তলি হ'য় ৷ নৈখনক কোনেও বেয়া নাপায় ৷ ময়ো ৷ খৰালি এই নদীৰে পানী স্ফটিক ধাৰ যেন হ'য় ৷ নৈৰ তলি লৈকে দেখি ৷ মাছবোৰে ৰূপোৱালী পেটটো ওলিয়াই নৈৰ তলিত লুটি বাগৰ মাৰে ৷ বুকুৰ নৈ খন হে একে ধাৰে বয় ৷ আবেগবোৰ ফেনে ফুটুকাৰে বাঢ়ে ৷ নক'মে ৷ মথাউৰি ভাঙি বলিয়া হৈ ব'ব খোজে ৷

(আগলৈ)


অনিমন্ত্ৰিত
(৪)
বেলি দুপৰ যদিও ৰ'দ নাই ৷ বগা বগা ডাৱৰবোৰ তুলাৰ দৰে ওপঙি ইফাল ইফাল কৰি ফুৰিছে ৷ পাহাৰটো ফালেও উজাই গৈছে একোচপৰা শুকুলা ডাৱৰ ৷ দূৰৈত পাহাৰটোৰ কাষত পানী গছা উঠিছে ৷ কুণ্ডলী পকাই ডাৱৰ বোৰে খেৰৰ মেজি এটাৰ ৰূপ লৈছে ৷ পানী গছা উঠিলে বৰষুণ দিয়ে ৷ পানীৰে পথাৰবোৰ উপচি পৰে ৷ হৰি দাইটিহঁতৰ দৰে খেতিয়ক মানুহবোৰৰ মন উলাহে নধৰা হয় ৷ খেনোৱে পথাৰ আলিৰ পাৰ কাটি খোকা, চেঁপা পাতে ৷ পুঠি, কাৱৈ, মাগুৰ, শিঙি,
চকৰি পুঠি, মৰথি পুঠি , ভেদেংকালি তৰহ তৰহৰ মাছ ৷ কেতিয়াবা ঢোৰা সাপো সুমাই চেঁপাত ৷ গাঁৱৰ বইজাত কিছুমানে লোকৰ থোহা, চেঁপা চাই মাছ লৈ যায় ৷ গৰাকীৰ ৰং চাই ৷ নিলেও তলি উদংকৰি নিনিয়ে ৷ গৃহস্থলৈও সাজটোৰ জোখাৰে এৰে ৷ তুমি হে একো নেৰিলা মোলৈ ৷ খালিহাতে ওলটিছো
পানী গছাটো ওখ হৈ গৈ আছে ৷ কিন্তু কেতেপৰ ? অলপৰ পাচতে বৰষুণ হৈ হুৰ হুৰ কৈ সৰি পৰিব ৷ নতুবা বতাহে কোবাই পাহাৰটোত থেকেচা খুৱাই পেলাবগৈ ৷ হেঁপাহ বোৰৰ দৰে ৷

হেঁপাহ বিহ মেটেকাৰ দৰে ৷ এবাৰ পোখালে গোটেই পুখুৰি জুৰি লয় ৷
সেই যে কলিজাখন তোমাৰ চ'ৰা ঘৰত এৰি আহিছিলো , কলিজা বিহীন বুকুখনত পুখুৰী এটা হৈছিল ৷ তাতো হেঁপাহৰ বিহ মেটেকা পোখাইছে ৷ নকমে বাঢ়ি গৈ আছে ৷ দেখিবলৈ সেউজীয়া ৷ পিছে শিপাবোৰ ক'লা ৷ ওপৰ পৰা গমেই নাপাই যে বিষাক্ত শিপাই তলখন জুৰি লৈছে ৷ পানীৰ তলৰ সেন্দুৰীয়া পুঠিবোৰে উশাহ ল'ব নোৱাৰি চট-ফটাই মৰিছে ৷
ঘৰমুখী খোজবোৰ খৰ হয় ৷ মই কিন্তু আগুৱাব পৰা নাই ৷ কিহবাই যেন টানিছে পিচলৈ ৷
কেং কেং কেং পখৰা কুকুৰ এটাক আন দুটাই বগৰাই বগৰাই কামুৰিছে ৷ পখৰাটোৱে মৰণকাতৰ চিঞৰ জুৰিছে ৷ সি এই ঠাইত নতুন হ'ব পাই ৷ ইদুটাই তাক বৈশ্যতা স্বীকাৰ কৰোৱাবলৈ আক্ৰমণ কৰিছে ৷ মানুহে আত্মসমৰ্পনৰ বাবে দুই হাত ওপৰলৈ ডাঙে ৷ কুকুৰে নেজ পেলায় ৷ ফপৰাটোৱে নেজডাল দুই পাচঠেঙৰ ফাকত সুমুৱাই মূৰ তল কৰিছে ৷ সিদুটাই তাক "মাফ কৰি দিলো যা " - এনে মনোভাৱেৰে এৰি দিছে ৷ ফপৰাই অলপ দূৰ নেজপেলাই এখোজ দুখোজ কৈ আগবাঢ়ি নিৰাপদ দূৰত্ব পোৱাৰ লগে লগে নেজ ডাঙি ভিৰাই লৰ মাৰিছে৷
কুকুৰক জ্ঞাতিয়ে হিংসা কৰে ৷ মানুহক কুটুমেও কৰে ৷ বুকুৰ কুটুমেই বুকুত বাগি কুঠাৰ বহুৱায় ৷

নৈখন পাৰহৈ বহুদূৰ আহিলো ৷ গাঁৱৰ ঘৰৰ চালবোৰ জিলিকিছে ৷
খৰখোজে গৈ কেতিয়া নিজৰ শেতেলীখন পাওঁ তাকে ভাবিছো ৷ খোজবোৰ আগলৈ নাযায় হে নাযায় ৷ গ'লটো ৰাতিৰ টোপনি খতি, দুৰ্ভাৱনা সকলো মিলি দেহাটোক অৱশ কৰি আনিছে ৷ দেহাৰ বল মনে দিয়ে ৷ মনৰ বল কোনে দিব ? মনটোচোন তাতে এৰি আহিলো ৷ মেলিলে মন ঘোঁৰাৰ চুটি বান্ধিলে মন শিলৰ খুঁটি ৷ মোৰ মন তোমাত বান্ধ খালে - শিলৰ খুঁটি যেন ৷ হেয়ে হয়তু দেহায়ে বল হেৰুৱাইছে ৷ আকাশত চিলনী এটাই বনাই আছে ৷ তাৰ চকু গাঁৱৰ মানুহৰ হাঁহ কুকুৰাৰ পোৱালীত ৷ বৰ ওখৰ পৰাই দেখে সি ৷ পলকে কাঁড় যেন বেগেৰে মাটিলৈ নামি হাঁহ বা কুকুৰাৰ পোৱালী এটা নখৰে থপিয়াই উৰা মাৰে ৷ তুমিও মোৰ মনটো পলকতে চুৰি কৰি নিলা ৷ তুমি বন্ধা নাই ৷ মইহে বান্ধ খালো ৷
গাঁঠি টান ৷ জোৰ কৰিলে মাখিচাল চিগে ৷ ঘাঁ লাগে ৷ দেহৰ ঘাঁ শুকাই ৷
মনৰ ঘাঁ শুকাবলৈ টান ৷ শুনিছো সময় হেনো মনৰ ঘাঁৰ দৰৱ ৷ লাহে লাহে শুকুৱাই ৷ মই মানি ল'ব পৰা নাই কথাষাৰ ৷
যিমানে সময় বাগৰিব মোৰ বুকুৰ ঘাঁ টুকুৰা যেন বাঢ়িহে যাব ঠিক এন্দুৰীয়া ৰোগৰ দৰে ৷

-উঠ ৷ কিমান আৰু শুই নাথাক ? মই পথাৰলৈ যাওঁ ৷ বাপেৰক জলপান বাটি দি আহোঁগৈ ৷ বেলি হ'লে বাপেৰৰ খং চ'ৰিব ৷ হেৰ' হৈছে কি ? দিন নাই ৰাতি নাই বিচনাখনতে লেও লৈ পৰি থাকিবি ৷ ৰোগ হৈছে যদি ডাক্তৰৰ তালৈ যাব লাগে ৷ দেহাটো ঠিক কৰি নললে বাপেৰকো হাল খন ধৰি দি সহায় কৰি দিব নোৱাৰিবি ৷ খেতি নহ'লে বছৰটো খাবি কি ? এজনী গোটালেহে গম পাবি ৷ এনেকৈ নহ'ব বুজিছ ?
ঘূৰি ব'হাগতে তোৰ বিয়া পাতি দিম ৷ মই তলে তলে ছোৱালীও ঠিক কৰি থৈছো ৷
আইৰ মৰম সনা গালি ৷ আই সংসাৰ লগত ব্যস্ত মানুহ ৷ খেতি-খোলা কৰিব লাগে ৷ জী দিব লাগে ৷ পোলৈ আনিব লাগে ৷ নাতি-নাতিনীৰে ভৰপুৰ সংসাৰ এখন চাই চকু মুদিব পাৰিলে তেওঁ সুখী ৷
-তোলৈ মজিয়াতে ভাত ঢাকি থৈছো ৷ কালি ৰাতি ঢাকোনৰ ভাত ঢাকোনতে থাকিল ৷ তাকে আঞ্জাখিনি তপতাই থৈছো ৷ গৰৈ মাছ এটা পোৰি তেল নিমখ দি থৈছো ৷ নিজে পিটিকি খাবি ৷

গামোছা এখন মজিয়াত পাৰি তাতে কলপাতেৰে ঢকা বৰ বাটিটোত চেৱা দিয়া বৰাচাউল, কলপাতেৰে মেৰিওৱা আন এটা টোপোলা এটাত পোৰা গৰৈ এটা তেল অকন দি এজেৱা নিমখ ৷ জলপানৰ বাটিটোৰ ওপৰত দি গাঁঠি মাৰি হাতেৰে ধৰিব পৰা সুবিধা ৰাখি আয়ে গাঁঠি মাৰিলে ৷ জগ এটাত খোৱা পানী লৈ এহাতে জলপানৰ টোপোলা আন হাতে পানীৰ জগটো লৈ আয়ে পথাৰলৈ খোজ দিলে ৷

হয়ো হয় ৷ আয়ে গালি দিবৰ কথাই ৷ কালি কানিমুনি পৰত ঘৰ সুমাই চিধা বিচনাত পৰিলো ৷ ভাতো খোৱা নহ'ল ৷ বাৰে বিংকৰি চিন্তাবোৰ কৰি কৰি কেতিয়া টোপনি গ'লো গমেই নাপাওঁ ৷ বাহিৰত ৰ'দ ৷ এই হেন খেতিৰ বতৰত ডেকা ল'ৰা এটা বেলি দুপৰলৈ বিচনাত পৰি থাকিলে কোনে সহিব ৷ আইৰ কথাবোৰ
গাত লগা নাই ৷ পাৰিবই গালি ৷ পিছে এষাৰ কথাই ভবাই তুলিলে ৷ ক'ৰ ছোৱালী চাইছে মোলৈ আয়ে ৷ ঘূৰি ব'হাগত মোৰ বিয়া ? কথাটো শুনি মোৰ ভাল লাগিব লাগিছিল ৷ নাই লগা ৷ চেৰেংকৈ তোমাৰ মুখ খনলৈ মনত পৰিছে ৷ পাৰিম নে তোমাৰ বাদে আনক বুকুত ঠাই দিব ? একেখন শেতেলীতে এগৰাকী অচিনাকি নাৰী মোৰ লগত শুৱ ৷ শাৰিকৰীৰে পাব মোক ৷ মনটো দিব পাৰিম নে ?
কথাবোৰ চোন জঁট লগা কেঁচা সূতাৰ নেচা এটাৰ দৰে হৈ পৰিছে ৷ আঁত নোলায় ৷

আগলৈ-


অ-নিমন্ত্ৰিত
(পাঁচ)

জুইত তপতাই লেৰেলোৱা কলপাত খিলাত এজেৱা নিমখ, পোৰা কণ বিলাহী কেইটামান আৰু ভোট জলকীয়া এটা। ভোট জলকীয়াটো তৰ্জনী আঙুলিৰে পিটিকি ভাঙি নিমখ অকণমানেৰে পিতায়ে চেলেকি চালে।
পোৰা কণ বিলাহী কেইটাও পিটিকি লৈ মাত দিলে -
"হেৰা হৈছে যদি লৈ আঁহা হে।"
আয়ে বৰা ধানৰ ৰঙা সাজ এবাটি কাঁহৰ হাতী খোজিয়াটোত পিতাইৰ সমুখত দি থৈ গ'ল। নিজেও সৰু বাটি এটাত অকমান লৈ পিতাইৰ কাষতে
দুখৰী পীৰা এখন পাৰি বহিল।
-শুনিছেনে? এই বেলি ঔ গুৰিৰ মাটি কেইডৰাত জলপানৰ ধান লগাব লাগিব। চৰাই নখী ধানৰ কঠীয়া অলপ সিমূৰৰ দেউকনৰ ঘৰত আছে।
আমাৰ বৰা কঠিয়া সৰহ হ'ব, তাকে দি সলাই আনিব লাগিব। আমপাখী ধানো অলপ সৰহকৈ ৰুৱ পাৰিলে ভাল আছিল। জলপানৰ বাবে। " - আয়ে ক'লে ।
সাঁজৰ বাটিটো মুখলৈ নি পিতায়ে মুখ খন অলপ বেঁকা কৰি দিলে। চকু দুটাও মুদ খাই আহিল।
বৰ চোক আইৰ হাতৰ সাজৰ। সাজ ঢোক গিলি পিতায়ে কৈ উঠিল -
" তোমাৰ এইবাৰ জলপানৰ খঁক লাগিছে নেকি হে? ভূ ভাৰস্ত খন কেৱল জলপানৰ ধান ৰোৱাৰ কথা কৈছা যে? "
-" মোৰ জলপানৰ খঁক লগা নাই। দেখা নাই ঘৰখনত গজ গজীয়া ডেকা ল'ৰা এটা কেনেকৈ বিচনাত লেৰবাই পৰি থাকে। কাম বনলৈও পিঠি দিছে। তাৰে দিহা লগাওঁ বুলি ভাবিছোঁ।'
দ্বিতীয়বাৰ সাজৰ বাটিটো মুখলৈ নিবলৈ লৈ পিতায়ে নমাই আনি মজিয়াত নমাই থ'লে আৰু অপলক নেত্ৰে আইলৈ চাই ক'লে-
'কি? আকাশৰ বিয়া পাতিবা? হেৰা। বিয়া বজাৰত কিনিবলৈ পোৱা বস্তু বুলি ভাবিছানে নে কইনা সেৰ জোখে পোৱা বস্তু বুলি ভাবিছা? কোনে দিব তাৰ নিচিনা অলগৰ্ধ এটালৈ ছোলালী। হেৰ হালে-কোৰে নহ'লি নাই।
বি এ টো পাছ কৰিলি যেতিয়া এম এ টো পঢ়ি আহ। নাই, ন গ'ল । নেতা হ'ব। দেশ উদ্ধাৰ কৰিব। তাতে আকৌ কৃষকৰ নেতা। হেৰ নিজে ভালকৈ হাল খন বাবলৈ নিশিকিলে খেতিয়কৰ নেতা হৈ দেশ উদ্ধাৰ কৰিবলৈ যায়। "
পিতাইৰ কথাত খং আৰু ক্ষোভ একেলগে ফুটি উঠিল।
-ছোৱালীৰ কথা আপুনি ভাবিব নালাগে। মই তলে তলে চাই থৈছোঁ। হুহ আমাৰ দৰে মানুহৰ ঘৰলৈ ছোৱালী নিদি কলৈ দিব অ'।আমি সাত ঘৰীয়া আহোমৰ বংশৰ মানুহ। চাবা খোজা বঢ়া কৰিলে না নকৰে।
-থ হেৰ', বংশ চাই ছোৱালী দিয়াৰ দিন গ'ল। আগতে গৰুটোক কিবা এটাত মূৰটো গুজিবলৈ ক। বোৱাৰী আনি বাপেকৰ আৰ্জনত খাবলৈ তাৰ নিজৰে লাজ নালাগিবনে। হেৰ',আন নহ'লেও সেন্দুৰ কণৰ খৰচটোতো ওলিয়াব পাৰিব লাগিব।"
বাকী থকা সাজকণ একেঢোকে গিলি পিতাই সাওতকে মজিয়াতৰ পৰা উঠি গ'ল।

বিচনাৰ পৰাই কথাবোৰ মনে মনে শুনি থাকিলো। বুকুখন মোচৰ খাই উঠিল তোমাৰ কথা ভাবি । আয়ো কম নহয়। তলে তলে মোলৈ ছোৱালী চাই থৈছে অথচ কাকো ফুটকে দিয়া নাই। ইফালে পিতাইৰ খং।
হয়ো হয়। চাকৰি বাকৰি নাথাকিলে কি হ'ব। পিতাই খেতিত ধনী মানুহ। সৰুৰ পৰা মোক গাত টোপ পৰিবলৈ নিদিয়াকৈ তুলিলে। পঢ়াৰ দিনটো অকনো কষ্ট পাবলৈ নিদিলে। আন ল'ৰাতকৈ মোলৈ সৰহ পইচা পঠিয়ায়।
মই হে বৰ পাল মাৰিলো।
এম এ টোকে পঢ়ি অহা হ'লে আন নহ'লেও কোনোবা কলেজ এখনতে মূৰটো সুমুৱাই ল'ব পাৰিলো হেতেন। কি জানো ভূতে লম্ভিলে, টিভিয়ে, পেপাৰে চাকৰিৰ বজাৰ খনৰ কথা দেখি শুনি গোটেই কাৰবাৰটো ওপৰত বিশ্বাস হেৰাল। দূৰ্নীতি পৰায়ন অফিচাৰ বোৰৰ প্ৰতি প্ৰচণ্ড খং আৰু ক্ষোভ এটাৰ সৃষ্টি হ'ল।
কি কু ক্ষণত জানো খেতিয়ক উন্নতি সাধিনী সভা নামৰ সংগঠনটোত যোগ দিলো। দিন ৰাতি একাকাৰ কৰি সংগঠনৰ কামত ঘূৰিলো। ধৰ্না, অৱৰোধ, অনশন সৱতে আগ। লাভৰ মূৰত কেইজনমান নেতাৰ পকেট গৰম হ'ল। গাড়ী - বাৰী-নাৰী সকলো গোটাই নিগাজি হ'ল। খেতিয়ক ৰাইজৰ অৱস্থা একেই থাকিল। মূৰকত মোৰ দৰে বহু পালী নেতাই জীৱনৰ বহু অমূল্য সময় আৱত নষ্ট কৰি এতিয়া আই পিতাইৰ মূৰৰ কামোৰণি হ'ব লগাত পৰিছো।

ৰাতিৰ সাঁজলৈ কিছুপৰ আছে। পিতায়ে বাৰান্দাৰ আৰামি চকী খনত বহি পেপৰ কাগজেৰে বৰপাত চাধাৰ বিড়ি এটা পকাই বৰ আৰামেৰে হুপি আছে। বিড়িটোৰ ফিৰফিৰিয়া গোন্ধটো মোৰ কোঠালৈকে বিয়পি আহিছে। গোন্ধটো মোৰ ভাল লাগে। মনে মনে পিতাইৰ টোপোলা মেলি ময়ো তেনেদৰে বিড়ি পকাই হুপাৰ চেষ্টা নকৰা নহয়। বিড়িৰ পাকটো দিবলৈকে বৰ টান। যেনেতেনে এটা পকাই দুহুপমান মাৰি চাইছিলো। বৰ কাঢ়া। ডিঙি চেৰ চেৰাই যায়।
কাঁহে হেঁচি ধৰে। বাদ দিলো সেই অপচেষ্টা। কলেজীয়া দিনত লগৰীয়াৰ লগত পৰি চিগাৰেটত দুই এহোপা নমৰা নহয়। কিন্তু অভ্যাসত পৰিনত নহ'ল।
-"হেৰি ভাত বাঢ়িছো। আহক।"আয়ে আখলৰ পৰা মাত লগালে।
তোকো দিছো। উঠি আহ। মৰকেলেপটো হৈ বিচনাত লেৰবাই পৰি থাকিব নালাগে। খাই ল হি। - মোক উদ্দেশ্যি আয়ে ক'লে।
অনিচ্ছা স্বত্বেও ভাতৰ পাতত বহিলোগৈ। ভেদাই লতাৰে সৰু মাছৰ জোল, সৰু সৰু আলুৰ লগত ঢেকীয়াৰ ভাজি, পোৰা বেঙেনা আৰু আলুৰ পিটিকা, কাঁহিৰ দাঁতিত পানীটেঙা, নিমখ আৰু জলকীয়া এটা। বহু ঠাইত ভাত খাইছো। আইৰ হাতৰ মুঠিৰ সমান হ'ব নোৱাৰে। তথাপি পেটলৈ ভাত যোৱা নাই। কিবা এটাই যেন বুকুত হেঁচা মাৰি ধৰিছে। হয়তো সেই হেঁচাৰ নাম
-তোমাৰ ভাৱনা।



অ-নিমন্ত্ৰিত
(ছয়)
'বৰপোনাৰ মাক অ'। অ' বৰপোনাৰ মাক। ক'ত নো সুমাই থাক অ', মৰচিঞৰ মাৰিলেও নুশুন যে। "
কনপুনি পেহীয়ে দুৱাৰ মুখত ৰৈ আইক চিঞৰিছে। মোক গাঁৱৰ মানুহে' বৰপোনা" বুলি মাতে। গতিকে আই হ'ল "বৰপোনাৰ মাক। " এইটোৱেই নাম আইৰ। অসমীয়া তিৰুতাই বিয়াৰ লগে লগে হেৰুৱাব লগা অন্যতম বস্তুটো হৈছে নিজৰ নামটো। আই-বোপায়ে দিয়া ধুনীয়া নামতোৰে অসমীয়া বোৱাৰীক কোনেও নামাতে। কি নাম আছিল জনা প্ৰয়োজনবোধো নকৰে।
স্বামীৰ নাম, ল'ৰা বা ছোৱালীৰ নাম, মাকৰ ঘৰ থকা ঠাই খনৰ নাম আদিয়েই মহিলা গৰাকীৰো নাম হৈ পৰে।
সৰুপোনানী, কণৰ মাক,
লখিমপুৰীয়ানী ইত্যাদি।
কনপুনি পেহীৰ চিঞৰত আই ওলাই আহিল। আখলত পিতাইৰ বাবে মৰাপাতৰ
শুকতি ৰান্ধি আছিল। পিতাই নিয়মত চলা মানুহ। মাহটোত তিনিবাৰ মান কলাখাৰ দিয়া অমিতা বা মাটিমাহ, এবাৰ শুকতি,
সপ্তাহটোত টেঙাৰ আঞ্জা খাবই। শুকতি পেলু নাশক। খুদু চাউল কেইটামান সৰহ কৈ পানী দি তাতে শুকুৱাই থোৱা মৰাপাতৰ আগবোৰ হাতেৰে মোহাৰি গুৰি কৰি নিসনিয়াকৈ ৰান্ধিছে।
ওতল আহিছিল হে তেনেতে কনপুনি পেহীয়ে
চিঞৰ জুৰিছে। কনপুনি পেহী সদায় অহা মানুহ বাবে আয়ে বৰকৈ গুৰুত্ব নিদি নিজৰ কামটো শেষ কৰিহে উঠি আহিল। বাৰান্দাতে আউজাই থোৱা পীৰা এখন আগবঢ়াই দি ক'লে -
' বহ, কি সকামত বা আহিলি? '
-সকাম বুলি একো নাই। দৌকণৰ ঘৰলৈ গৈছিলো। এৰি পলুৰ সঁচ আনিবলৈ। বোলো তোৰ তাতো পাক এটা মাৰি যাওঁ।
আয়ে তেতিয়াহে মন কৰিলে কনপুনি পেহীৰ হাতত এৰি পলুৰ খোলাৰ এধাৰ মালা। নোদোকা দুটাৰ মাজত একোটা খীণ খোলা। পলু পোহা মানুহে জানে - খীণ কেইটাৰ পৰা চকৰা আৰু শকত কেইটাৰ পৰা চকৰি জগিব।
বুঢ়া তামোলটোৰ বাকলি গুচাই হ'লত
আয়ে খনিয়াই বঁটাটোত চূণে-পাণে কনপুনি পেহীলৈ আগ বঢ়াই দিলে। পেহীয়ে পাণত সৰহ কৈ লাগি থকা চূণ কণ তৰ্জনী আঙুলিত লগাই ৰাখি মধ্যমা আৰু বুঢ়া আঙুলিৰে চেপি তামোল খন মুখত ভৰালে। পেহী তামোলতী মানুহ। পাগ উঠাই তামোল খায়। বঁটাটোত থকা কাক বাঁহৰ গুটিত ভৰাই থোৱা অঁকৰা ধপাত এলাঙো মুখত ভৰালে।
-বৰপোনাৰ মাক! কথা কিমানলৈ আগবাঢ়িছে?
-কি কথা অ' কনপুনি বাই?
-সেই যে বৰটোলৈ ছোৱালী এজনী চোৱাৰ কথা কৈছিলি।
-নাই অ' বাই। আলেঙে আলেঙে ছোৱালী এজনী নোচোৱাকৈ থকা নাই। নৈৰ সিপাৰৰ। পৰিয়ালটোও ভাল। ছোৱালীও গঢ়িয়ত।
বৰণটো সিমান বগা নহয়। মিঠা বৰণীয়া।
আইৰ কথাৰ মাজতে পেহীয়ে আঙুলিত লগাই থোৱা চূণকণ তলপাৰি দাঁতত লগাই তামোলৰ পাগ তুলিলে। আয়ে যিটো বৰ্ণনা দিছে - মোৰ বুকুত ধান বনাদি বানিলে। তুমি নহয়তু!
মিঠাবৰণীয়া, গঢ়িয়ত, ভাল পৰিয়ালৰ...নৈৰ সিপাৰৰ..
কথাবোৰ পাকঘূৰণি খাবলৈ ধৰিলে।
-বাই, তই বহ। তোলৈ চাহ তপতাওঁ গৈ।
-এহ নহ'লেও হ'ল হেতেন চাহ।
একে বাৰে না নুবুলিলে পেহীয়ে। পেহীৰ কামেই এইটো। ইঘৰ সিঘৰত সুমাই চাহ তামোলৰ জুতি লৈ অ'ৰ কথা ত'ত কৈ ফুৰাই পেহীৰ কাম। গাঁও খনৰ প্ৰত্যেকৰে ঘৰত কি ঘটি আছে পেহীৰ মুখস্থ।
আয়ে কাঁহৰ বাটি এটাত এবাটি ৰঙা চাহ আৰু কল পাতত এলডা গুৰ আনি পেহীৰ মুখৰ আগত থ'লে। পেহীয়ে চাদৰৰ আগেৰে তপত বাতিটো ধৰি চাহ পিবলৈ লাগিল। গুৰ অকণ মুখলৈ নি পেহীয়ে ক'লে।
-ওলা নহলে এদিন সিপাৰলৈ। দুই জনীয়ে সিহঁতৰ ঘৰত পাক এটা মাৰি আহোঁ। ছোৱালীৰো পেট লৈ আহিম। তইহে ভাবিছ তাইক বোৱাৰী কৰাৰ কথা। তাই বা তলে তলে কাক ঠিক কৰি থৈছে। আজি কালিৰ ছোৱালী তলে পুতল। গতিকে মনে মনে পেট লোৱা ভাল।
মই মনে মনে ঈশ্বৰক খাটিলোঁ - পেহীৰ কথাত সৈমান হ'লেই হয়। তেহে পেহীৰ মুখৰ পৰা জানিব পাৰিম কোনজনী ছোৱালী চাইছে আয়ে মোলৈ।
-যাম এদিন ৰহ। খেতি খোলা সামৰি লওঁ। খা- খৰালি হওক।
-এৰা ওলাবি ময়ো যাম।
কতৰ বিয়া পাতি দিলো ঘটকালি কৰি। তোৰ ল'ৰালৈ নোৱাৰিম নে?
বঁটাৰ পৰা আন এখন তামোল মুখত সুমুৱাই পেহী উঠিল। পীৰা খন বেৰত আউজাই আয়ে
চাহৰ বাটি সামৰি ভিতৰ সুমাল। পেহীয়ে জপনাৰ মুখত পিৰিক কৈ হেলেঙি লগা তামোলৰ পিক্ এসোপা পেলাই গ'ল গৈ। ৰঙা পিক্।

মোৰ মনতো ৰঙা সপোনে অগাদেৱা কৰিবলৈ ধৰিলে। কোন ছোৱালী বাৰু? তুমি নহয়তু? এইবাৰ বাৰিষা দীঘল হ'ব। অপেক্ষাৰ দিন দীঘল হয়। খৰালি বা কেতিয়াকৈ আহে।
মনটো তোমালৈ উৰা মাৰিলে।


(সাত)

আকাশে জুই বৰষিছে।
জেঠৰ ৰ'দ। তাতে যোৱা একাদশীৰ পৰাই ধাৰাষাৰে সাদিন বৰষুণ।
আজি ডাৱৰৰ মুখৰ ৰ'দ। ডাৱৰৰ মুখৰ ৰ'দ চোকা। তোমাৰ ভাৱনাৰ দৰে। দেই নিয়ে।
হ'লেও খেতিয়ক মানুহৰ গাত ৰ'দ নালাগে। বৰষুণ নপৰে। জেঠৰ চৌফলীয়া ৰ'দতো পিতায়ে মৈ দিছে। আজি হাৰিয়া মাতিছে। গাঁৱৰ ইঘৰ ইঘৰৰ খিয়লা খিয়লী থাকিলেও কামৰ পৰত সৱ একগোট। ঘৰ চাওনি কৰিবলৈ, সৰহীয়াকৈ ধান দাৱলৈ, ভূঁই ৰুৱলৈ, খেৰ কাটিবলৈ হাৰিয়া মতাৰ নিয়ম। হাৰিয়া মানে বিনামূলীয়াকৈ, সমূহীয়াকৈ কৰা শ্ৰম দান। গৃহস্থৰই কাম কৰা মানুহ খিনিক সাঁজে ভাতে খুৱালেই হ'ল।
সেই দৰে গাঁৱৰ গৰু জাকো পাল চৰায়। গাঁৱৰ সকলোৰে গৰু দুঘৰ বা তিনি ঘৰৰ গৰখীয়াই দিনটো চৰায় গধূলি ঘৰে ঘৰে দি যায়।
দি যায় মানে পদুলিৰে খেদি নিলেই হ'ল। গৃহস্থই নিজৰ নিজৰ কেইটা আগচি গোহালিত সুমুৱায় । প্ৰতি ঘৰ মানুহৰে এদিন পাল পৰে।
আজি সাতডৰা মাটি বোকা দিছে । হাল চাৰিখন । ৰুৱনীও দহ জনী । দুগৰাকী বোৱাৰী
বাকী কেইগৰাকী জীয়ৰী । সিহঁতৰ তামোলৰ পিক ৰঙা হাঁহিয়ে পথাৰ ৰজন জনাই গৈছে। মই আলি দিছোঁ। ইডৰা পানী সিদৰালৈ যাব নোৱাৰাকৈ। মনটোহে বান্ধিব পৰা নাই। ৰুৱনী কেইজনীৰ খিল খিল হাঁহিয়ে মনটো উৰুৱাই নিছে তোমালৈ।

"ঐ জেতুকী। তোৰ কথা এটা শুনিছোঁ? সঁচা নেকি?
-কি শুনিলি ঔ?
জেতুকী বোলা জনীয়ে বাওঁ হাতৰ ভুঁই মুঠিৰ পৰা সোঁ হাতৰ বুঢ়া, মধ্যমা আৰু তৰ্জনী আঙুলিৰ চেঁপাত লৈ বোকাত গুজিবলৈ লৈয়ো ৰৈ দিলে।
সিজনীয়ে বেঁকা হাঁহি এটা মাৰি ক'লে
- ব'হাগত ৰংপুৰৰ কোনোবা এটাৰ লগত বোলে তোৰ বিয়া ঠিক হৈছে। তই মত দিছ?
জেতুকী মনে মনে থাকিল।
সিজনীয়ে আকৌ ক'লে
-তই যদি মত দিলি প্ৰভাতৰ কি হ' ব?

মই সিহঁতৰ কথাবোৰ শুনি থাকিলো। সঁচাই নাৰীৰ মহিমা হেনো দেৱতায়ো নুবুজে। জেতুকীক মই সৰুৰে পৰাই চিনি পাওঁ। তাই গাঁৱৰে প্ৰভাতক লৰালিৰে পৰা ভাল পায়। গাঁৱৰ সৱেই জানে । বিহুৰ দলটোত প্ৰভাত ঢুলীয়াৰ ঢোলৰ চাপৰত জেতুকীৰ চিঞা কঁকাল টাকুৰি ঘূৰাদি ঘূৰিছিল। পানী ঘাটত, বৰৰ তলত সিহঁতে গোপনে মিলা মিছা কৰে যদিও ডেকা মখাৰ চকুত সাৰিব নোৱাৰে। প্ৰভাতৰ পঢ়া শুনা কম যদিও খামিডাঠ ল'ৰা। খেতিখোলাত পাকৈত। বাপেকৰ মাটিও সৰহিয়া। জেতুকীক খুৱাবলৈ তাৰ আকাল নহ'ল হেতেন। এতিয়া জেতুকীয়ে বাপেকৰ কথা মতে নগৰৰ কোনো ধনী চাকৰি কৰা ল'ৰাৰ লগত বিয়াত বহিবলৈ মত দিছে। নিদিবনো কিয়। ছোৱালীয়ে বোৰ এনেকুৱাই। স্বাৰ্থপৰ। ক টোৰ চুক কেইটা নাজানিলেও বিয়াৰ বলেৰে ৰাতিটোতে পৰিচয় সলাব পাৰে । মাষ্টৰ এটালৈ বিয়া হ'লে মাষ্টৰনী, ডাক্তৰলৈ হ'লে ডাক্তৰনী ইত্যাদি। সিহঁতৰ কথাবোৰে কাণত শেলে বিন্ধা দি বিন্ধিলে।

বেলি দুপৰ হ'ল। আয়ে বৰ ৰতনৰ কান্ধত ভাৰ দি পৰুৱাৰ বাবে ভাত আনিছে। কলহ এটাত চেকা সাঁজ, ভাৰ পাচিৰ এফালে কলৰ পাত, নিমখ জলকীয়া, দুগজ পানী সমষ্ট বস্তু লৈ আগে আগে ৰতন পিছে পিছে আই।

হালোৱাই হাল ৰখাই, ৰুৱনীয়ে হাত পাত ধুই পথাৰ আলিতে বহি কলৰ পাতত ভাত খালে । আয়ে কাঁহৰ বাটিত ভাগে ভাগে এবাটি কৈ বৰা চাউলৰ ৰঙা সাঁজ দি গ'ল। গাঁৱৰ মানুহে সাঁজ নিচা হ'বলৈ নাখায়। জুৰণি হিচাবে খায়। ভাগৰ জুৰ পৰে। মোৰ ভাত খাবলৈ মন নগ'ল। হাঁহৰ মাংসৰ লগত কোমোৰাৰ আঞ্জা, থপথপীয়া কৈ ৰন্ধা। তাৰে দুবাটি সাঁজে খালো। পথৰুৱা ভাতৰ বাবে বিধে বিধে আঞ্জা নাৰান্ধে। ৰাইজেও বেয়া নাপায়। পেট ভৰিলেই হ'ল। মোৰ হে পেটটো আজিকালি নাখালেও ভৰি থাকে। মনত তোমাৰ ভাৱনা। হয়তু সেই ভাৱনাই ভোক গুচায়।

আকাশ, আকাশ ।
পথাৰৰ পৰা আহি আইৰ দাৱীত ভাত দুটামান খাই বিচনাত পৰিছিলো হে। টোপনিটোৱে হেঁচি নিছিল। মোৰ নামটো ধৰি মৰা চিঞৰ কেইটাত সাৰ পাই গ'লো। অনিচ্ছা স্বত্বেও উঠি আহিলো। অগ্নি। অগ্নি গগৈ। গাঁৱৰ সিমূৰত তাৰ ঘৰ। নাট, ভাওনা, থিয়েটাৰ কৰি ঘূৰি ফুৰা ল'ৰা সি। মোৰ ওচৰলৈ বা কি সকামত আহিল!
মই নোকোৱাকৈয়ে সি মোৰ বিচনা দখল কৰি বিচনাৰ ধাম ডালত গাৰুটো আওজাই হেলান দি বহিল। মই টোপনিয়াই টোপনিয়াই কাষৰ চকীখনতে বহিলো।
ঐ, বৰ ডাঙৰ কাম এটাত তোৰ ওচৰলৈ আহিলো। ভাদত গাঁৱৰ ৰাইজে ভাওনা বৰ সবাহ পাতিবই। আমি ডেকা মখাই খা-খৰালিলৈ নাটক এখন কৰাৰ কথা ভাবিছোঁ। গাঁৱৰ আটাইবোৰ ল'ৰা ছোৱালীকে কথাটো ক'লো। সকলোৱে হয়ভৰ দিছে। পিছে হিৰইন কৰিব পৰা স্মাৰ্ট ছোৱালী গাঁৱত নোলাব বুজিছ। মই নুসোধোকৈ সি অনৰ্গল বকি গ'ল। বাগ্মিতা তাৰ স্বভাৱ। তথাপিও মই মাজতে মাত মাতিলো।
-মই কি কৰিব লাগে ক।
-সিপাৰৰ যে ছোৱালী জনী। তোৰ লগত যে ভাল। নীলাক্ষি নে কি। তাইৰ কথা ভাবিছোঁ। তই মাতিলে আহিব চাগে। পাৰিবিনে মাতি দিব?
তোমাৰ নামটো শুনাৰ লগে লগে গাটো যেন বিজুলী এচাটিয়ে চুই গ'ল। কোনোমতে উৎকণ্ঠা ঢাকি ক'লো
-মই, মই মাতিলে আহিব জানো?তাতে সিপাৰৰ ছোৱালী। মাক বাপেকে বা পঠিয়াই নে নপঠিয়াব নে নপঠিয়াব।
-ধুৰ। তোৰ লগত ভাল বুলি হে কৈছো। তই ক'লে বুজিবও আহিবও।
হে হৰি। কি পাল্লাত পেলাইছা। মই অগ্নিক কেনেকৈ কওঁ যে মই সিদিনা শূন্য হাতেৰে তোমাৰ ঘৰৰ পৰা ওভটি আহিছোঁ। মনটো ভালো লাগিছে। তুমি আমাৰ গাঁৱত নাটক কৰিবলৈ আহিলে সকলোতকৈ লাভ মোৰেই হ'ব। তুমি মোক ভাল পোৱা নে নোপোৱা সেয়া ডাঙৰ কথা নহয়। অন্তত নাটক শেষ নোহোৱালৈকে তোমাক দেখি থাকিম। দৰ্শকৰ শাৰীৰ পৰা চাম।
-অগ্নি। মই মতাত কৈ আমাৰ ক্লাৱৰ পেডত এখন চিঠি লিখি তাইক নামাত কিয়? চিঠিখন দিবলৈ যাওঁতে ময়ো বাৰু লগত গৈ দিম।
-এৰা। ঠিক কথা কৈছ। এই আইডিয়াটোকে মূৰলৈ অহা নাছিল নহয়। এম্পটি ব্ৰেইন চাল্লা।
কথাই কথাই ইংৰাজী শব্দ মতা আগ্নিৰ পুৰণি অভ্যাস।
-ঠিক আছ। আহিন-কাতি মানত হে নাটক হ'ব। দিন আছে। তই চিঠি খন লিখি একেবাৰে সভাপতি সম্পাদকৰ চহী কৰোৱাই ল'বি। সুবিধাজনক দিন এটা চাই দি আহিম গৈ।
-হব দে। পিছত হেহোঁ নহোঁ নকৰিবি।
গিৰিপ কৈ উঠি অগ্নি যাবলৈ ওলাল। চাইকেল খনত লাপ মাৰি উঠিবৰ পৰত কৈ গ'ল
-বাই দি বাই তই ৰেডি হৈ থাকিবি। নাটকলৈ দেৰী আছে যদিও ৰিহাৰ্চেলটো এমাহ মান আগৰে পৰা কৰোৱাব লাগিব। সৱ কেৰেক্টাৰকে আগতিয়াকৈ খবৰ দিবই লাগিব।

মই আকৌ বিচনাত পৰিলো। গাঁৱত নাটক আগে পিছেও হয়। মই ভাও নলওঁ। মিউজিক বক্সত ইটো সিটো বজাই সহায় কৰি দিওঁ। এই বেলি কিন্তু ৰোল এটা কৰিবলৈ মন গৈছে। যদি তুমি নায়িকা হোৱা মই নায়ক। আসঃ ভাবিয়েই ভাল লাগি গৈছে। হ'ব নে আলচা কথা সিদ্ধি!!
আহিবানে তুমি আমাৰ গাঁৱত নাটক কৰিবলৈ।
ভাৱনাই চকুলৈ তন্দ্ৰা নমাই আনিছে। চকু দুটা আপোনা আপুনি মুদ খাই গৈছে।

(আগলৈ)
অ-নিমন্ত্ৰিত
(৮)

"ৰূপালীম্! নেমাতা? নেহাঁহা? তুমি মোৰ অন্তৰত কথাখিনি শুনিবই লাগিব ৰূপালীম্।........"
-হেই এনেকৈ নহয়। অলপ কোমলকৈ। শৃংগাৰ ৰসৰ বাক্য। এনেকৈ খঙকৈ ক'লে কোন প্ৰেয়সীয়ে অন্তৰৰ কথা শুনিব? শুনাতো বাদ, পলাই নিফাট মাৰিব।
পূৰ্ণ গতিত নাটৰ আখৰা চলিছে। গাঁৱত নাটক কৰাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে মনঃপুত নাটক এখন যোগাৰ কৰা। কোনোবা ভ্ৰাম্যমাণ নাটৰ পুৰনি নাট কেইখন মানকে ইখন সিখন গাওঁ বগাই থাকে। "ৰাতিপুৱাল সূৰ্য নোলাল", "মোক সেন্দুৰ দিব কোনে" ধৰণৰ নাটক বোৰ। নাটকৰো অৱস্থা তথৈবচ হয়। নকল কপি লিখোঁতাই মনৰ ইচ্ছা মতে বাক্যৰ ইফাল সিফাল কৰোঁতে কৰোঁতে মূল নাট খনে যি ৰূপ লয় গৈ - প্ৰকৃত নাট্যকাৰে দেখিলে বেহুচ হৈ যাব। তাতে নকল কপি কৰোঁতাই নাট্যকাৰৰ নাম লিখাতো বাধ্যতামূলক বুলি নভৱাৰ বাবে কোনে সেইখন লিখিছিল গম নোপোৱাকৈয়ে মঞ্চায়ন হৈ থাকে। ল'ৰাহঁতে অতুল চন্দ্ৰ হাজৰিকা ৰ "জয়মতী" কৰিবলৈ লৈছিল। কলেজীয়া কৰ্চৰ ভিতৰত পৰে বাবে নাট খন পাবলৈ সহজ।
মইহে ৰূপকোঁৱৰৰ "ৰূপালীম" কৰাৰ কথা ওলিয়ালো। তাতে অগ্নি গগৈয়ে নগৰত পঢ়িবলৈ গৈ নগৰীয়া অ-পেচাদাৰী
দল এটাৰ লগত নাটক কৰি বহু কথা শিকি আহিছে। সিও ৰূপালীমতে হয়ভৰ দিলে। অগ্নি গগৈয়েই ডাইৰেক্টৰ। মণিমুগ্ধ ৰ ভাও লোৱা হেমন্তই শৃংগাৰ ৰসৰ বাক্যটো শান্ত ৰসত কোৱাৰ বাবে
অগ্নি গগৈৰ খং উঠিছে।

...... ৰূপালীম্‌! তোমাৰ বুকুৰ থলত মোক ঠাই দিয়া। মোক জীৱলৈ এটুপি মৌ দিয়া। পিবলৈ এটুপি মৰম দিয়া। হাঁহিবলৈ, মোক ফুলিবলৈ তোমাৰ কোলাত মৰণ লভিবলৈ একণি জিৰাবলৈকো ঠাই নিদিবানে? ৰূপালীম্‌! তোমাৰ ওচৰলৈ মোক এখন্তেক যাবলৈ দিয়া ৰূপালীম্‌!.....

ওঁ, আৰু কোমল হ'ব লাগিব। ঘৰত আইনা খনকে ৰূপালীম্ বুলি ভাবি ডাইলগ বোৰ মাতি থাকিবি হেমন্ত।
অগ্নিয়ে ক'লে।
নাটক আগবাঢ়িল। তুমি ৰূপালীম। আমি মাতি আনিছো সিপাৰৰ পৰা। তোমাৰ ৰূপৰ জেউতী, কণ্ঠৰ মাধুৰ্য্যৰ তুলনাত আমাৰ গাঁৱত ৰূপালীমৰ ভাও কৰিব পৰাকৈ ছোৱালী নাই। মই "মায়াৱ"ৰ ভাও গাম বুলি ভাবিছিলো। নিদিলে। মোক বোলে ষ্টেজত তুলিলে তলত অসুবিধা হ'ব। ৰাইজৰ সিদ্ধান্ত মানিবই লাগিব। তাতে নাটৰ বেলিকা অগ্নিৰ মুখত কোনেও মাত নামাতে। গতিকে মই সেই মিউজিক বক্সতে থাকি গ'লো। হ'লেও মই সফল। তোমাক যে আমাৰ গাঁৱলৈ নাটক কৰোবলৈ আনিব পাৰিলো তাতেই মোৰ সফলতা। মোক ৰোল নিদিলে ভালেই হ'ল। এতিয়া নয়ন জুৰাই তোমাক চাব পাৰিম।
মই কব নোৱাৰোঁ।

........ খুব ভাল পাওঁ। গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূইনত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে... তিমান....
জাউৰীয়ে জাউৰীয়ে হাত চাপৰি। অগ্নি গগৈ সন্তুষ্ট। তোমাৰ মাতত যাদু আছে। আসঃ সংলাপটো যেন মনিমুগ্ধক নহয় মোকেই কৈছা তুমি। এৰা ময়ো ভাল পাওঁ। বুকুৱে নধৰা ভালপোৱা তোমালৈ। পিছে তুমিহে নুবুজা।
আয়ে হেনো মোলৈ ছোৱালী চাইছে। সিপাৰৰ ছোৱালী। তুমি নোহোৱাতো! হ'লেও জানো মোৰ লগত বিয়াত বহিবলৈ মত দিবা তুমি।
-ঐ আকাশ। বাঁহীটো বজা। কি ভাৱত বিভোৰ হৈ আছ?
অগ্নি ৰ মৃদু ধমকনিত পুনৰ বাস্তৱলৈ ঘূৰি আহিলো।
গাঁৱত নাটক বুলি ক'লেই ডেকা মখাৰ কামৰ অন্ত নাথাকে। মঞ্চ সজা, মিউজিক বক্স সজা, পেট্ৰমাক্স বিচৰা আদি কামবোৰ নাটৰ আখৰা আৰম্ভ কৰাৰ দিনাৰে পৰাই আৰম্ভ হয়। মঞ্চনো আৰু কি। গাঁৱৰ প্ৰাইমেৰী স্কুলৰ এটা মূৰত তোলা মাটিৰ ভেটি এটা। ভেটিটো তোলোতে হোৱা খালটোকে মিউজিক বক্স ৰূপে ব্যৱহাৰ কৰা হয়। ডেকাহঁতৰ সময় নাথাকে। অগ্নি গগৈয়ে কেইটামানক লগত লৈ মঞ্চ সাজিবৰ বাবে কাৰোবাৰ ঘৰত বাঁহ, কাৰোবাৰ ঘৰত তিৰপাল, হেজেক আদি তুলি ফুৰে। আমাৰ গাঁৱলৈ বিজুলী অহা নাই। নাটকৰ দিনা জেনেৰেটৰ আনিব। পিছে আখৰাৰ বাবে পেট্ৰমাক্স অপৰিহাৰ্য্য।
এই পেট্ৰমাক্স জ্বলোৱাৰ দায়ীত্বত থাকে মহিম ফুকন। কেওঁচ কেওঁচ কৈ পাম্প কৰি হেজেকটোৰ মেন্থলটোত জুই লগাই পুনৰ পাম্প এৰি দিয়ে।
মেন্থলটো ৰঙা হৈ উঠিলে আকৌ পাম্প কৰে। মুখেৰে মেন্থলটোৰ এক নিৰ্দিষ্ট অংশত ফুঁ দিয়ে।
ফ'কাচ কৰে। তীব্ৰ পোহৰ এটা লৈ পেট্ৰমাক্স জ্বলি উঠে। মোৰ ভাৱনাবোৰো উজলি জ্বলে তোমালৈ।

আখৰাৰ প্ৰাইমেৰী স্কুলৰ কোঠাতে চলে। মহিমে পেট্ৰমাক্সটো ওলোমাই দিয়াৰ লগে লগে আগ্নিয়ে আখৰা আৰম্ভ কৰে। কোনোটো চৰিত্ৰ নাহে। কোনোটো দেৰীকৈ আহে। অগ্নিয়ে নিজেই প্ৰক্সি মাৰে। সি প্ৰক্সি মাৰিলে নাটখন মই প্ৰম্ট্ কৰিব লাগে।
আজিও পৰিল পাল

... মণিমুগ্ধ কোঁৱৰ! তুমি মোক ইয়াত অকলে থাকিবলৈ দিয়া মণিমুগ্ধ কোঁৱৰ! মায়াব’ই মোৰ জীৱন জুৰি আছে। মণিমুগ্ধ! মোক মায়াব’ৰ ওচৰত থৈ আহাঁগৈ।....

তোমাৰ সংলাপ। আসঃ তুমি যেন সঁচাকৈয়ে কৈ আছা। কোন মায়াব?
কোন তোমাৰ মায়াব??
মই? মই মনিমুগ্ধ নেকি?

মূৰটো অচন্দ্ৰাই কৰি আনিছে।

(ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ ক্ষমা প্ৰাৰ্থনাৰে।)

(আগলৈ, অহা শুক্ৰ বাৰে
(৯)

-হেই কি চাই আছ। চিপ মাৰ। নিলে নিলে।
কালি নিশা বহু দেৰি হ'ল আখৰাতে। আজি বেলি দুপৰলৈ শুলো। আয়ে মজিয়াত ঢাকোন দি খোৱা ভাত কেইটা খাই কাম বন নথকাত বাৰীৰ পিছফালে থকা পুখুৰীটোত বৰশী টোপাই আছিলো। নাটকৰ কথা, তোমাৰ কথা ভাবি থাকোঁতে বৰশীৰ পুঙা নি তল পোৱালেগৈ। অগ্নি গগৈৰ মাতত হে গম পালো। সি চাগে বহুপৰ আগতে আহি মোৰ বৰশীৰ পুঙাটো তল-ওপৰ কৰা চাই আছিল।
চিপ মাৰিলো। নাই সুদা বৰশীটো উঠি আহিল।
টোপ নিলে। বৰলৰ বাঁহ টোৰ পৰা টোপ এটা চিলাই বৰশীটো আকৌ পেলালো। এইবাৰ ভোগটো অলপ দীঘলকৈ দিলো। বৰশী ওপৰত থাকিলে সৰু সৰু চকৰি পুঠি এ টোপ খুটি খাই শেষ কৰে। বৰশীৰ পুঙা চায়েই ক'ব পাৰোঁ কি মাছে খুটিছে। কাৱৈ এ দুটিমান মাৰিয়েই একেকোৱে পুঙা নি তল পোৱাই গৈ। চেঙেলী চয়তান জোৰেৰে টানি নি আকৌ এৰি দিয়ে।
একে কোৱে চিপিয়াই বামত পেলাব লাগে। কাৱৈৰ চিপ মৰাৰ কায়দা আছে। লেহুকা বৰশীৰ ডাঁৰ ডালৰ আগটো চেটেপ কৈ মাৰি চিলাই লোৱাৰ পাছত কাৱৈ এৰি নাযায়। চেনী পুঠি কেইজনীয়ে বৰ গপচত পুঙাটো টিপিয়াই তললৈ টানি নিয়ে। চিপ মাৰিবলৈও ভাল। কান্দুলি কেইজনী আকৌ উঠি আহিবলৈ মন নকৰে। পথালি দি ধৰে। বৰশীৰ ডাঁৰ ভিৰাই নিয়ে। তুমি কান্দুলি হোৱা হ'লে কষ্ট কৰি হ'লেও তুলিলো হেতেন।
লাগিলে বৰশীৰ ডাঁৰকে ভাঙক। তুমি যে গঙাটোপ হৈ ওপঙি আছা। গঙাটোপ বৰশী নাখায়।
-হেই। কি ভাবি আছ?
অগ্নিয়ে সুধিলে ।
-হাঁ একো নাই।
অগ্নি নো কেতিয়া মোৰ কাষতে বহি বৰশী বোৱা চাই বিভোৰ হ'ল মই মনকে নকৰিলো।
-অই তাই নাটকলৈ নাহোঁ বুলিছে।
-কি? কিয়?
বুকুখন ধামুৰ কৈ মাৰিলে।
আকৌ সুধিলো
-কিয় নাহে অগ্নি?
-আমাৰ গাঁৱৰ সিমূৰৰ তৰৱৰী যে, তাই হেনো কিবা ক'লে। তোৰ কথাও কিবা কৈছে। তই বোলে নাম লিখা গগনা এডাল সাজি দিছিলি তাইক। সেইডাল দেখুৱাই তাই কিবা কাহিনী ওলিয়াইছে তাইৰ আগত।
-কি? কৈছে তৰৱৰীয়ে মোৰ কথা তাইৰ আগত?
-তই হে জানিবি ভাল কৈ। তই বোলে তাইক ভাল পাৱ?
মই থৰ হৈ গ'লো। মই তৰৱৰীক ভালপাওঁ!?
নিজকে প্ৰশ্ন কৰিলো।
তৰৱৰী। তাইক সৰুৰে পৰা মৰম কৰোঁ। মোতকৈ বয়সত সৰু।
খেলৰ লগৰী আছিল তাই। মনে মনে কেতিয়ানো গাভৰু হ'ল গমকে নাপালো। ভাল নাচনী তাই। হয়। মই তাইক এডাল গগনা সাজি দিছিলো। তাই কৈছিল তই যে গগনা ডাল সাজিছ কি প্ৰমাণ থাকিব? গতিকে তোৰ নামটো লিখি দে। লিখি দিছিলো কটাৰীৰ আগেৰে খোদাই কৰি।
মোৰ নামটো লিখি হোৱাত তাই কৈছিল।
-এইডাল মোৰ। গতিকে সিটো পিঠিত মোৰ নামটোও লিখি দে না।
হয়তু। কেনেবাকৈ হেৰালে, চোৰে নিলে তাই গগনা পাত ঘূৰাই পোৱাৰ থল থাকিব। সহজ কৈ কথাষাৰ ভাবি লিখি দিছিলো
তৰৱৰী। সেই গগনাক লৈ তাই কাহিনী সাজিছে। নাৰী সঁচাকৈয়ে ছলনাময়ী!?
মূৰটো ঘূৰাই গ'ল।
কাহিনী কিয় ওলিয়াইছে তাই। তাকো তাইৰে মোৰে প্ৰেমৰ কাহিনী। তোমাক কৈছে?
কিয় কিয়? বুজিবলৈ বাকী নাথাকিল। তাইক মৰম কৰো বুলিয়েই তাই ধৰি ল'লে মই তাইক ভালপাওঁ। আৰু তুমি নাটকলৈ অহাত হয়তু তাইৰ চকুত তোমাৰ প্ৰতি থকা দূৰ্বলতা ধৰা পৰি গ'ল। ভাবিলে মই তাইৰ হাতৰ পৰা সৰকিব ধৰিছো। ঈৰ্ষা। ঈৰ্ষাত জ্বলিল তাই।
আৰু তুমি? তুমি তাইৰ কথা শুনি নাটকলৈ নাহো বুলিলা কিয়?
তুমিতো মোক ভাল নোপোৱা। তেনে কিয়?
-হেই এইডাল। তোক নিবোকা চামোনে পালে নে কি ঔ। মাতবোল নাই। বৰশীৰ চিপ মাৰিবলৈও পাহৰিলি ।
ডাঙ বৰশী। টোপ শেষ চাগে। - অগ্নিয়ে ক'লে ।
ডাঙিলো। হয় টোপ নাই।
চকৰী পুঠিৰ ভয়ত ভোগ দীঘলাই দিছিলো। এইবাৰ ঘটিয়া শিঙৰাই নিলে। আৰু এটা টোপ চিলালো। থু থু থু। তিনিবাৰ থু পেলাই বৰশী
পানীত পেলালো। বৰশীৰ ডাঁৰ ডালৰ আগেৰে টুবুক টুবুক কৈ তিনিটা কোৱ মাৰিলো।
এনেকৈ কৰিলে মাছে খুঁটে।
-ঐ বাদ দে ব'ল। আঠুৱা জাল আছে? দৰিকণা মাছ ধৰোঁ ব'ল।
-দৰিকণা মাছ? কি কৰিবি?
-কাইলৈ নৈত বচা মাছৰ বৰশী বাম। বচাই দৰিকণাৰ টোপত খুঁটে।
অগ্নিৰ প্ৰস্তাৱ।

বিভিন্ন মাছ ধৰিবলৈ আমি বিভিন্ন টোপ ব্যৱহাৰ কৰোঁ। একেবাৰে সহজলভ্য টোপ জলকীয়া কেঁচু। কলৰ গেলা, কঠালৰ গেলা, গোৱৰৰ দ'মত পায়। বোন্দা কেঁচু চেঙেলী ধৰিবলৈ ভাল। চেঙেলী ধৰিবলৈ বৰশী নোহোৱাকৈও হয়। পাতল ফটাকানি বান্ধি বোন্দা কেঁচু ৰ'দত শুকুৱাই ল'ব লাগে। টোপোলাটো বৰশীৰ দৰে বান্ধি বালেই হ' ল। চেঙেলীয়া ওপৰলৈ জপিয়াই আহিও ধৰে। বিজুলী সঞ্চাৰে চিপ মাৰি বামত পেলাব লাগে। ফটাকানিৰ আঁহতে দাঁত লাগি উঠি আহে।, ইয়াক থোপা বোৱা বোলে। ডাঙৰ থোপা বাই শ'ল মাছো ধৰিব পাৰি। শ'ল ও একেই ৰাক্ষস। আমৰলি টোপ কাৱৈৰ বাবে উত্তম।

অ-নিমন্ত্ৰিত

(১০)

-ঐ হ'ল নে তহঁতৰ। বাহিৰত মানুহে হৈ-হাল্লা আৰম্ভ কৰিছে। মেকআপ কৰিবলৈতো সিখন গাঁৱৰ মনেশ্বৰকো মতোৱাইছিলো। বইনাও দি পঠাইছিলো কণ্ঠিৰ হাতত। কণ্ঠ, ঐ কণ্ঠি..
খঙেৰে চিঞৰিলে অগ্নি গগৈয়ে। ছোঁ ঘৰত ভাৱৰীয়াৰ মেকআপ সম্পূৰ্ণ হৈছে নে নাই চাবলৈ হৈ অগ্নিৰ মূৰ গৰম হৈ গ'ল। নাই "জুনাফা" ৰ ভাও লোৱা গগনক পকা দাঢ়ি লগোৱাই নাই। ছোৱালী কেইজনীয়ে নাটকত পিন্ধিব লগা কাপোৰ পিন্ধিয়েই আহিছে। মেকআপ লোৱা নাই। কৈলাশে "ৰেনথিযাঙ"ৰ মুখত ফাউণ্ডেছন মাৰি শেষ কৰি ৰ'জ পাউডাৰ পেডটো ঘঁহাই আছে । তাকো মংগোলীয়ান আৰ্হিত দুডালমান দাঢ়ি লগাব লাগিব।
-কণ্ঠি
খঙত অগ্নিশৰ্মা হৈ অগ্নি গগৈয়ে চিঞৰিলে।
ক'ৰবাৰ পৰা কণ্ঠি আহি ওলাল।
-তই মনেশ্বৰক মাতিছিলি নে নাই?
-গৈছিলো। সি নাছিল। ৰংপুৰীয়াত ভাওনাৰ মেকআপ কৰিবলৈ গৈছিল।
-বইনাৰ টকা শ কি কৰিলি?
-ৰূপমে ক'লে ইমান দূৰ চাইকেল মাৰি আহি মনেশ্বৰক লগ নাপালো। যেতিয়া ৰহেশ্বৰী বাইৰ তাতে সুমাই অলপ ভাগৰ পলোৱা যাওক।
মই টকা শ তাক দি দিলো।
  ভয়ে ভয়ে কণ্ঠিয়ে ক'লে।
অগ্নিৰ খং যজ্ঞৰ পূৰ্ণাহুতিৰ জুই হৈ উঠলি উঠিল যদিও সি একো নকলে । এই সময়ত খং কৰিলে নাটক পণ্ড হ'ব । সামাজিক অনুষ্ঠান চলাই, চলাই অগ্নিৰ এই অভিজ্ঞতা বাৰুকৈয়ে হৈছে।
-কি কৰিবি এতিয়া? এটা মানুহে ইমানসোপা কেৰেক্টাৰৰ মেকআপ কৰিব পাৰিব নেকি? বাহিৰত মেকআপ কৰিব পৰা কোনোবা আহিছে নেকি চা। আকাশকো মাতিবি।
মই মিউজিক বক্সত গীতাৰ খন টিউন কৰি আছিলো। কণ্ঠিয়ে মতাত
গ্ৰীণ ৰূমলৈ আহিলো । কণ্ঠিয়ে মুছলমান গাঁৱৰ
আফটাৰকো মাতি আনিলে। সিও ভাল মেকআপ কৰে। বিশেষ কৈ "ক্ৰেভ হেয়াৰ " লগোৱাত সি ভাল। সি ৰূক্মিমী ৰজাক দাঢ়ি লগোৱাত লাগিল।
-আকাশ, তই ছোৱালী কেইজনীক মেকআপ কৰি দে না।
অগ্নিয়ে মোক ক'লে।
গাঁৱত নাটক কৰা বৰ জটিল কাম। কিমান যে জোৰা টাপলি মাৰিব লাগে আয়োজন কৰা কেইটাই জানে। অভিনয়ৰ বাবে মানুহ বিচৰা, মঞ্চ সজা, মঞ্চ সজ্জা, লাইট, চাউণ্ড, লাল চাহ, মেকআপৰ পৰা ধৰি ছোৱালীৰ চেফটি পিনলৈকে। আগ্নিয়ে সদায় কৈ আহিছে
"নাটক টিম ৱৰ্ক বুজিছ। ইয়াত সৰুবৰ নাই। হিৰ ভিলেইন বুলি একো নাই। হিৰ' বুলি বুকু ফিন্দাই থাকোঁতে যদি চিন কাপোৰ টনা টোৱে কাপোৰ খন পেলাই দিয়ে!? লাইটৰ বৰ্ডত থকাটোৱে যদি লাইটটো নুমুৱাই দিয়ে? তোক কোনে দেখিব? গতিকে সৱ মিলি কাম কৰিব লাগিব বুজিছ।"
নাই অগ্নিৰ কথা বুজিব পৰাকৈ গাঁও খনত নাটৰ ল'ৰা -ছোৱালী নাই। সৱেই নিজক লৈ ব্যস্ত। ভাল ভাল ভাও লাগে কিন্তু আখৰালৈ নাহে। সংলাপ মুখষ্ঠ নকৰে।
ভাল ভাও পোৱা কেইটাৰ মনত নায়ক নায়ক ভাৱ। যেন এইখন নাটক কৰয়েই কাললৈ খ্যাতি আৰ্জিলে। ৰূপ সজ্জা ও যে নাটকৰ অপৰিহাৰ্য অংগ ইয়াকো শিকিব লাগে সেই কথাত কোনোৱে গুৰুত্বই নিদিয়ে। মই যেনিবা কাণ চকু খোলা ৰাখোঁ বাবে কথা বোৰ চাই চায়েই শিকি লওঁ। সকলোৰে কিঞ্চিত কিঞ্চিত জানো। কোনোটোতে ওস্তাদ নহয়।
অগ্নিৰ দাৱীত মেকআপৰ সামগ্ৰী সজাই থোৱা বেঞ্চ খনৰ কাষ পালো গৈ।
-আঁহা। কোনে কোনে মেকআপ লোৱা নাই মই কৰি দিওঁ।

ভাবিছিলো তুমি আহিবা। তোমাক সুবিধা নিদি তৰৱৰি আহি ঘপহকৈ প্লাষ্টিকৰ চকীখনত বহি ল'লে।
অগত্যা ফাউণ্ডেশ্যন টিউৱ টোৰ পৰা অলপ পেষ্ট ওলিয়াই তাইৰ গালত সানি দিলো। তাইৰ চকু মোৰ চকুত। মই কিন্তু তাইৰ চকুলৈ চাব পৰা নাই খং উঠিছে। তাইৰ বাবেই তুমি বেয়া পালা। অগ্নিয়ে তোমাক কাবৌ কৰি পুনৰ মাতিব লগা হ'ল।
হেৰ' গগনা ডাল দিলো বুলিয়েই মই তাইক ভাল পোৱা হ'ল! তাই যদি ভালেই পাই মোক মোৰ বিষয়ে তোমাৰ আগত বদনাম ৰতিলে কিয়। ভালপোৱা জনৰ বদনাম ৰতিব পাৰে নে কোনোবাই। মন গৈছিল তাইক বান্দৰীৰ দৰে মেকআপ কৰি দিওঁ। নাপায়। নাটকক অপমান কৰা হ'ব। যিমান পাৰোঁ সাধ্য অনুসৰি তাইৰ চৰিত্ৰটোৰ লগত ৰজিতা খোৱাকৈ মেকআপ কৰিবলৈ যত্ন কৰিলোঁ।
তোমাক মেকআপ কৰিব পৰা হ'লে ভাল আছিল। চকুৱে চকুৱে চাব পাৰিলো হেতেন। কোমল
গালখন চুই চাব পাৰিলো হেতেন। নাই বিধিয়ে দিলেও বিধাতাই নিদিয়ে। তুমি আফটাৰৰ ওচৰ পালাগৈ।

-অই! অকলে অকলে আন্ধাৰত কি কৰি আছা?
কিবা কাৰণত জেনেৰেটৰটো বন্ধ হৈ গৈছিল। মই গ্ৰীনৰূমৰ এচুকত বহি আছিলো। মনত তোমাৰ ভাৱনা ।
মাতষাৰে চক খুৱাই দিলে। তোমাৰ মাত যেন লাগিল। আসঃ তুমি মাতিছা? বুকুৱে ধান বানিলে। লাইটটো ঘপকৈ জ্বলি উঠিল। ধুৰ
তৰবৰি। তাইতো মোক তই বুলি মাতে । আজি কিয় তুমি বুলিলে। নে মোক বেলেগ কোনোবা বুলি ভাবিলে। এই ছোৱালী বোৰৰ কথা ধৰিব নোৱাৰি। তাই পোহৰ হোৱাৰ পাছতো মোৰ কাষতে থিয় হৈ থাকিল । মই অস্বস্তিত পৰিলো।
-তোৰ ৰোল কেই নম্বৰ চিনৰ পৰা আছে?
-দুই নম্বৰ।
-তেনে ইয়াত কি কৰি আছ? যা। ডাইলগবোৰ মনত পেলা।
মই তাইক আঁতৰাই পঠাবৰ বাবে ক'লো। মনটো তোমাৰ ভাৱনাৰে ভৰি আছে। ভৰি আছে। মিঠা ভাৱনা। এই জনীয়ে
আহি চিন্তাবোৰত আউল লগাই দিলে।
-হেই। ডাইলগ। ডাইলগ বাদ দে। তোক এটা কথা ক'বলৈ আছে।
এইবাৰ মোক তই সম্বোধি তৰবৰিয়ে ক'লে।
-ক কি কথা।
-বেয়া নাপাৱতো? ভুল নুবুজতো?
কি ক'ব খোজিছে এই। ভয়ো লাগিল। তথাপি সাহ কৰি ক'লো।
-ক। নাপাওঁ।
-তই কাৰোবাক ভাল পাৱ নেকি? এই কেইদিন মন কৰিছো তই কিবা ভাৱনাত ডুৱি থাক।
-হু? নাই। নাই।
মই জোখত কৈ বেছি জোৰেৰে কৈ উঠিলো।
-জানো দে তই সিপাৰৰ সেইজনীৰ প্ৰেমত পৰিছ।
-হাঁ?
মই নিৰ্বাক হৈ গ'লো। কেনেকৈ কওঁ পৰিছো বুলি। মইহে পৰিছো। তুমিতো নহয়।
-ধুৰ। পাগল হৈছ নেকি?
নহয় যা।
-মিছা নামাতিবি আকাশ দা। মই তোক জানো। আৰু কি জান?
-কি?
-তোক মই বিচাৰোঁ। নিজৰ কৈ। একেবাৰে নিজৰ কৈ।
কথাষাৰ কৈ তাই এপলকো নৰ'ল। দৌৰি আঁতৰি গ'ল। মই থৰ হৈ গ'লো। ইমান নিসংকোচে কোনোবাই ভালপোৰ কথা ক'ব পাৰে নে? মইচোন পৰা নাই তোমাক ক'ব। আৰু তৰবৰি! তাই মোক সঁচাকৈয়ে ভাল পায়!
কথাবোৰ নাটকীয় ভাৱে সলনি হৈছে। মই একো ভাবিব পৰা নাই।
"শ্ৰদ্ধাভাজন দৰ্শক ৰাইজ। আমি সেউজীপাম গাঁৱৰ যুৱ সমাজে আজি প্ৰদৰ্শন কৰিবলৈ লোৱা ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা ৰূপালীম নাট খন খন্তেক পিছতে আপোনালোকলৈ আগবঢ়াম।......

অগ্নিৰ ঘোষণা। ল'ৰা লৰিকৈ মিউজিক বক্সত বহিলো হৈ।

"বন্দে শম্ভূ মহেশ্বৰম
বন্দে গৌৰি মনোহৰম
বন্দে হৰ হৰ পৰস্পদম
বন্দে বন্দে নটৰাজন।"

নটৰাজ বন্দনাৰে নাট আৰম্ভ হ'ল।

আগলৈ

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)