প্লাষ্টিক প্ৰদূষণ

 

বিষয় - প্লাটিক নিসিদ্ধ কৰণ

    - বিনয় কৃষ্ণ তামুলী ফুকন 


এই ঘোষণাটো বছৰ চেৰেগ মূৰে মূৰে শুনি থাকোঁ। শেষত একো নহয় গৈ। ঘোষণা কৰা সকলে দায় সাৰে - "এবাৰ ব্যৱহাৰ যোগ্য.. ইমান মাইক্ৰণৰ প্লাষ্টিকৰ ক্ষেত্ৰত হে এই নিষেধাজ্ঞা।"

হেৰ' মাছ, শাক পাচলি, গোলাৰ মালৰ দোকানয়ে অলু, পিঁয়াজ, শাক পাচলি ভৰাই দিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ঠোঙা বোৰ কেৱল নিসিদ্ধ নে, কি?

বজাৰত উপলব্দ্ধ বিস্কুট, চিপচৰ পেকেট বোৰ, মইনাৰেল ৱাটাৰ, ড্ৰিংকিং ৱাটাৰৰ বটল

 বোৰ, দুবাৰ ব্যৱহাৰ হয় নেকি?


   সম্প্ৰতি মানুহৰ ৰাতিপুৱা আৰম্ভ হয় প্লাষ্টিকেৰে। নিশা শেষ হয় প্লাষ্টিকৰে।

   পুৱা চকু মেলি হাতত লোৱা মবাইল ফোনটোৰ কভাৰ প্লাষ্টিকৰ, দাঁত ঘঁহা ব্ৰাছ ডাল প্লাষ্টিকৰ, টুথ পেষ্টৰ টিউৱটো প্লাটিকৰ।ৰাতি

 শুৱৰ পৰত ফ্ৰীজত থোৱা খাদ্যৰ কন্টেইনাৰ বোৰ প্লাষ্টিকৰ। চকুৰ পিন্ধা বিতচকুৰ যোৰৰ ফ্ৰেমটো প্লাষ্টিকৰ। ক'ত নাই প্লাষ্টিক? নুমুৱাই দিব লগা লাইটৰ বাল্বটো (LED)  প্লাষ্টিকৰ, চুইছ বৰ্ড খন প্লাষ্টিকৰ...

   কেৱল মাত্ৰ এবাৰ ব্যৱহাৰ যোগ্য পলিঠিন বুলি শাক পাচলিৰ বেপাৰী, গোলাৰ মালৰ বেপাৰীয়ে ব্যৱহাৰ কৰা থোঙা কেইটাৰ ওপৰত

   দাদাগিৰি কৰি কি লাভ?

   তাতকৈও ডাঙৰ কথা পৰিৱেশ সংৰক্ষণৰ নামত প্লাষ্টিকৰ বেনাৰ ছপাই প্ৰচাৰ কৰা সকলে বেনাৰ বোৰ recycling কৰে নে?

 তাতকৈ আগৰ দিনৰ থান কাপোৰত হাতেৰে লেখা বেনাৰ কিয় ব্যৱহাৰ নকৰে? প্লাষ্টিকৰ ঠোঙা উৎপাদন কৰা কাৰখানা বোৰ গুৰিতে বন্ধ নকৰে কিয়?

 এইবোৰ একো একোখন নাটক।

 পৃথিৱীৰ খন যদি প্ৰজন্মৰ বাবে সুৰক্ষিক কৰিব বিচাৰে এই নাটক বন্ধ কৰক।


Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?