প্লাষ্টিক প্ৰদূষণ

 

বিষয় - প্লাটিক নিসিদ্ধ কৰণ

    - বিনয় কৃষ্ণ তামুলী ফুকন 


এই ঘোষণাটো বছৰ চেৰেগ মূৰে মূৰে শুনি থাকোঁ। শেষত একো নহয় গৈ। ঘোষণা কৰা সকলে দায় সাৰে - "এবাৰ ব্যৱহাৰ যোগ্য.. ইমান মাইক্ৰণৰ প্লাষ্টিকৰ ক্ষেত্ৰত হে এই নিষেধাজ্ঞা।"

হেৰ' মাছ, শাক পাচলি, গোলাৰ মালৰ দোকানয়ে অলু, পিঁয়াজ, শাক পাচলি ভৰাই দিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ঠোঙা বোৰ কেৱল নিসিদ্ধ নে, কি?

বজাৰত উপলব্দ্ধ বিস্কুট, চিপচৰ পেকেট বোৰ, মইনাৰেল ৱাটাৰ, ড্ৰিংকিং ৱাটাৰৰ বটল

 বোৰ, দুবাৰ ব্যৱহাৰ হয় নেকি?


   সম্প্ৰতি মানুহৰ ৰাতিপুৱা আৰম্ভ হয় প্লাষ্টিকেৰে। নিশা শেষ হয় প্লাষ্টিকৰে।

   পুৱা চকু মেলি হাতত লোৱা মবাইল ফোনটোৰ কভাৰ প্লাষ্টিকৰ, দাঁত ঘঁহা ব্ৰাছ ডাল প্লাষ্টিকৰ, টুথ পেষ্টৰ টিউৱটো প্লাটিকৰ।ৰাতি

 শুৱৰ পৰত ফ্ৰীজত থোৱা খাদ্যৰ কন্টেইনাৰ বোৰ প্লাষ্টিকৰ। চকুৰ পিন্ধা বিতচকুৰ যোৰৰ ফ্ৰেমটো প্লাষ্টিকৰ। ক'ত নাই প্লাষ্টিক? নুমুৱাই দিব লগা লাইটৰ বাল্বটো (LED)  প্লাষ্টিকৰ, চুইছ বৰ্ড খন প্লাষ্টিকৰ...

   কেৱল মাত্ৰ এবাৰ ব্যৱহাৰ যোগ্য পলিঠিন বুলি শাক পাচলিৰ বেপাৰী, গোলাৰ মালৰ বেপাৰীয়ে ব্যৱহাৰ কৰা থোঙা কেইটাৰ ওপৰত

   দাদাগিৰি কৰি কি লাভ?

   তাতকৈও ডাঙৰ কথা পৰিৱেশ সংৰক্ষণৰ নামত প্লাষ্টিকৰ বেনাৰ ছপাই প্ৰচাৰ কৰা সকলে বেনাৰ বোৰ recycling কৰে নে?

 তাতকৈ আগৰ দিনৰ থান কাপোৰত হাতেৰে লেখা বেনাৰ কিয় ব্যৱহাৰ নকৰে? প্লাষ্টিকৰ ঠোঙা উৎপাদন কৰা কাৰখানা বোৰ গুৰিতে বন্ধ নকৰে কিয়?

 এইবোৰ একো একোখন নাটক।

 পৃথিৱীৰ খন যদি প্ৰজন্মৰ বাবে সুৰক্ষিক কৰিব বিচাৰে এই নাটক বন্ধ কৰক।


Comments