হীৰুদাৰ স্মৰণত।
খিড়িকী খন খুলি দিবলৈ ক'লা
দিলোঁ
দুখৰ মাজেৰে ৰ'দৰ চিঠি লৈ
পৰিচিত ডাকোৱাল জন সুমাই আহিব বুলি বাট চালোঁ
কল ঘৰৰ ধোঁৱা এসোপাই চানিধৰে মোৰ
কোঠাৰ ভিতৰ।
তাই আঙুলিত আজিও জেতুকা বুলাই
ঘৰমূৱা নাও বোৰ নিৰুদ্দেশ হয়
ৰ'দ ঢালি ঢালি
সূৰ্যটো হৈ পৰে ক্লান্ত, অৱসাদ গ্ৰস্ত।
আজিকালি গোঁৱাৰ মৌমাখিটেৱে ফুল বুলি হুলত নপৰিবলৈ নাহে কোনোদিন
কিটনাশকৰ বিস্তৰ বিতৰণত
মৌ মাখিবোৰ কাললৈ লীণ।
ছিগা চিলাইৰ কামিজটোত ওলমি থাকে দুখ
কাৰ দোষ? কাৰ দোষ??
ওকালতি ওলাই অহা ভাতৰ নিসনীত
কোন দলিতৰ প্ৰতিবিম্বিত মুখ?
মোৰ নিয়াৰিৰ কাঁচি খন বন্ধকত থ'লো
জ্বলি থকা মমডাল নুমাই নিৰৱে
নিৰুদ্দিষ্ট হ'লো।
মনে মনে গুণ গুনালোঁ
তেজত তিৰবিৰাই থকা তৰালীৰ সাধুকথা।
Comments
Post a Comment