মই সোৱণশিৰিয়ে কৈছোঁ
Pradip Ranjan Dutta ই গোৱা "মই সোৱণশিৰিয়ে কৈছোঁ" গীতটোৰ কথাখিনি - মই সোৱণশিৰিয়ে কৈছোঁ। সোৱণশিৰি মই আছিলো নিৰৱে বৈ ৰোধিব পাৰিবি জানো মোৰেই শক্তিক তোৰ মূৰত নাচিব কাল সাপ ৰাইজ খন সাৱধানে থাক। গেৰুকামুখৰ বালিৰ পাহাৰ বান্ধ সাজি সৃষ্টি নকৰ হাহাঁকাৰ ভূমিকম্প প্ৰৱণ কঁপনি সঘন নামনিৰ সভ্যতা হ'ব চাৰখাৰ। বোলোঁ - ৰাইজখন সাৱধানে থাক মূৰত নাচিছে কাল সাপ। কেতিয়াবা শুনো সুৰংগ খহিছে কেতিয়াবা শুনো শ্ৰমিক মৰিছে জলবোমাৰ হ'ব বিষ্ফোৰণ নামনি বাসীৰ দুৰু দুৰু মন। বিশেষজ্ঞয়ো ক'লে - বিপদ নদী বান্ধ হ'লে পিছে কোনে শুনিলে, বুজিলে কোনে বৃহৎ নদীৰ বান্ধ মানেই সৰ্বনাশ জানিও নজনাৰ ভাও ধৰিলে কোনে? পিছে পানীয়ে চিনিব নো কাক? ৰাইজ খন কুশলে থাক মূৰত নাচিছে কাল সাপ। -বিনয় কৃষ্ণ তামুলী ফুকন -২৭ জুন২o২২ I am Subansiri I was flowing silently Can you stop my power? The snake of death will dance on your head Be careful, O the people The sand hills of Gerukamukh Don't build dams and create desperation Earthquake are frequent The civilization of the downstream will be destroyed. Let
Comments
Post a Comment