কাতিৰ ৰাতি বোৰত

কাতিৰ ৰাতি বোৰত



"তুলসীৰ তলে তলে
মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই
হৰ ধনু ধৰে ৷"
ৰামৰো হৈছিল বনবাস
পিন্ধিব লগা হৈছিল
বাকলি বসন
মূধচ হৈছিল মুকলি আকাশ ৷
দুখ আৰু ভোগ
সুখ আৰু শোক
নাহে একেলগে
কঙালি বুলি ময়ো হোৱা নাই নিৰাশ ৷

যদিও আধাপেটী হয়
কাতিৰ ৰাতি
চন পেলোৱা নাই এডৰা মাটি
সম্ভাৱনাৰ সপোন সাৱটি
সেউজীয়া বোৰে
আকাশলৈ মেলি দিছে হাত
মাঘত চপাম  বছৰটোৰ ভাত

"আশী সূতাৰ চেলেং খনি
বৈ দিয়া সৰু ভনী ৷"
বুলি
হুচৰি জুৰিবলৈ ব'হাগত
নাদুকিক লগাবলৈ দিম তাঁত ৷
খৰকৈ ঘূৰিব জীৱনৰ যঁতৰ
কাতিৰ শীতল ৰাতিবোৰতেই
উম দিওঁ নতুন সপোনৰ ৷

যদিও  কাতিত উদং ধানৰ ভঁৰাল
মেত মৰা সপোনৰ মনৰ মনৰ ভঁৰাল ৷

কাতিৰ ৰাতিবোৰ
বাৰে বাৰে আহ অ'
জীৱনক কৰিব'লে
আকৌ জীপাল ৷
১৮ অক্টোবৰ ১৭

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)