ঋণগ্ৰস্ত




ঋণ গ্ৰস্ত

" ডিঙিলৈকে আছো পোত খাই
মূৰটো মাথোন বাকী 
বিপদত লাগিব পাৰে এটা মূৰ ৷
      -মহেন্দ্ৰ বৰাৰ কবিত "ধাৰ"
কিমান ভয়াৰ্ত হ'লে মানুহে 
জ্বলাই দিব পাৰে নিজক?
কিমান ধাৰত পোত খালে 
দিব পাৰে আত্মজাহ?
জ্বলাই দিব পাৰে 
আপোন তেজেৰে গঢ়া সন্তান 
যি আছিল নিষ্পাপ, নিষ্কলুষ ৷
নাছিলো কোনো পাপবোধ ৷
কিমান টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলে
ৰাজাই দিয়ে
কিমান পৰিমাণৰ শাস্তি?  
যি শাস্তিত কৈ আত্ম যাহেই 
শ্ৰেষ্ঠ বুলি শেষ কৰি দিব পাৰে নিজৰ জীৱন
নিমাখিত নিঃস্বই?

বাথ ৰুমৰ দেৱালত
তুলিৰ তলত 
লকাৰত 
বিদেশী বেংকত 
জমা থাকে জনতাৰ 
আত্মা অবৈধ ভাৱে 
ৰজাই নাভাৱে 
সেয়া অন্যায় 
বিকাশৰ শ্লোগান আওঁৰাই 
শকত শকত ঋণ দি যায় 
ঘূৰাই দিলে দিবা 
নিদিলেও নাই ৷

শূণ্য টকাত একাউন্ট খোল
ভাল দিন আহিযাব ভাই 
পিছে একাউন্টত নাথাকিলে ধন
ফাইন ভৰিবই লাগিব পায় ৷

কিমান ভাল দিনলৈ আশা কৰি
নিজক জ্বলাই দিব পাৰে 
দীনহীন জনতাই?

হে ৰাজন 
তোমাৰ কনভয়ৰ ধূলিয়ে 
পদপথৰ ভোকাতেৰৰ
অন্নৰ থাল পোতি থৈ যায় 
আমি খাওঁ তাকে অমৃত বুলি 
ধূলি আঁতৰাই ৷

বাট চাওঁ আহিব এটা ভাল দিন এদিন 
কেতিয়া আহিব ভাই?
জী উঠিবনে 
আত্মজাহ দিয়া সেই দুখীয়া
কৃষক ভাই?
মাতিব নে আকৌ দেউতা বুলি 
সিহঁতৰ মৃত আত্মাই?
ভাল দিনবোৰ 
কেতিয়াকে আহিব ভাই! !?

( তামিলনাডুত ঋৰ বোজা সহিব নোৱাৰি  সন্তানৰ স'তে আত্মজাহ দিয়া কৃষক জনৰ  প্ৰতি-বিনয়)

ফটো - গুগুল

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?