Posts
আত্মশ্লাঘা (কবিতা)
- Get link
- Other Apps
ৰিং মাৰি গুছি গ'ল ৰংপুৰৰ গৰখীয়া কোনোবা এটা হেঙুল আবেলি তেতিয়াৰে পৰা জীৱনৰ অংকত খেলি মেলি। গোধূলি উৰুৱাই গুছি যোৱা কপিলী গাই জনীৰ দামুৰীটোৱে দেও দি জাক হেৰুৱাই তাইৰ হেম্বেলনিৰ আত্ৰানিয়ে গগন কঁপাই জীৱনে এনেকৈয়ে বগুৱাবাই অতীত হেৰুৱাই বৰ্তমান ত্ৰষ্টমান হয় আৰু ভবিষ্যৎ.... আত্মহত্যাৰ দূৰ্বাৰ বাসনা এটা উজাই আহি লেটেকু গছৰ ডালত ওলমি ৰয় সময়বোৰ ক্ৰমশঃ দূঃসময় হয়। তথাপিও জীৱন জী থাকে মৃত্যুমুখী মাতৃ কেকোঁৰাৰ দৰে সময়ে বুকু খান্দি খান্দি খায়। বলুকাত পৰি ৰয় মঙহ বিহীন খোলা মই ভাও দিব নাজানিলো পিন্ধি সময়ৰ বিলাসী চোলা মাথো আত্মশ্লাঘাৰ সূতলাহীত ক্ৰমশঃ পাকঘূৰণি খাই আহে আত্মাৰ মূগালেটাৰ পোছাকী খোলা।
সুৰ ভাল সুৰা ভাল
- Get link
- Other Apps
"য়ে ইন্টেজাৰ গলত হে কি চাম হ' যায়ে.." অজুহাত যেতিয়া পায়েই গ'লা সন্ধিয়ালৈ কিয় ৰ'বা এতিয়াওতো পিব পাৰি ফটিকা মাতাল হ'ব পাৰি ডুৱ যাব পাৰি নষ্টালজিয়াত। "আজ কাল ইটনি ভি নেহী মিলটি মেহখানে মে যিটনি হাম চ'ৰ দি থি পেমানে মে..." অৱশিষ্টকে পান কৰোঁ আহা জীৱন মদিৰা ভীৰ কৰক স্মৃতিয়ে কাতৰ কলিজা নিচা কাৰোবাৰ বাবে প্ৰেয়সীৰ চকুপানী কাৰোবাৰ বাবে আলিংগনৰ আৱাহনি নিচা প্ৰিয়াৰ কাজলত নিচা বিষাদী গজলত। সন্ধিয়া আহিবই নামি জীৱনৰ দেৰী কিয় সখা অজুহাত যেতিয়া পায়েই গ'লা উদযাপনৰ। গান ভাল সুৰ ভাল সুৰা ভাল মলমৰ দৰে পূৰাই আনে ঘাঁ কলিজাৰ।
মৰণোত্তৰ ঠিকনা (কবিতা)
- Get link
- Other Apps
সময়ৰ সৌ ডাক বাকচটো দেখিছা? কোনে দিয়ে কাৰ ঠিকনাত চিঠি? মাকে পুত্ৰলৈ। পুত্ৰই প্ৰেয়সীলৈ ল'ৰাটোৱে দেউতাকলৈ... ৰুগীয়া বৃদ্ধ মানুহবোৰেও লিখে চিঠি - ঈশ্বৰলৈ। থাকেনে ঈশ্বৰৰ ঠিকনা? ফোঁট লয় নে টুপি পিন্ধে ঈশ্বৰে নে ক্ৰচবৃদ্ধ হৈ ওলমি ৰয় তামৰঙী আকাশৰ তলত? ঈশ্বৰ বাৰু জীৱিত নে মৃত? আউট ডেটেদ ঈশ্বৰৰ নাই এটা স্মাৰট ফোন, ৱাটচএপ, মেচেঞ্জাৰ, ই - ঠিকনা । গতিকে চিঠিকে লিখিবা। (মৃত মানুহ হেনো ঈশ্বৰৰ ঘৰত থাকে) মোলৈ এখন চিঠি লিখিবা সমষ্ট ঘৃণা আৰু আৱেগ ঢালি মোৰ নিকৃষ্টতাৰ প্ৰমাণ পত্ৰ যেন। মৃতকৰো থাকে ডাক ঠিকনা? দি দিবা সৌ সময়ৰ ডাক বাকচত। কি ঠিকনা লিখিবা তাত? মাৰফৎ - ঈশ্বৰৰ ঘৰ? ডাক সূচকাংকত লিখিবা শূন্য, শূন্য.... মহা শূন্য।
মই হীনতাত তুমি ইমান সুখী!!!
- Get link
- Other Apps
সম্প্ৰতি মই এখন জন শূন্য চহৰ অভিমুখে ধাৱমান। বহুত মানুহৰ ভীৰৰ মাজত একাকীত্বৰ মদিৰা পি পি ঢলং ঢপং কৈ মই গৈ আছোঁ। কেতিয়াবা দৌৰিছোঁ কেতিয়াবা খোজ কাঢ়িছোঁ বহুৱা বাইছো কুমজেলেকুৱাৰ দৰে। সম্প্ৰতি মই নিজৰ মূল্যাংকন কৰিছোঁ কেতিয়াবা পৰি আছোঁ পদ পথত কেতিয়াবা প্লেটফৰ্মত জীৱনক চুই চাব খোজিছোঁ। গোঁ গোঁ, গুণ গুণ আৰু মোৰ তৃতীয় লিংগৰ হাত চাপৰি। দেশৰ বাবে তেজ দিয়াৰ কথা আছিল তোমাৰ নামত তেজৰ চিঠি লিখাৰ কথা আছিল ধুৰ গোঁৱাৰ ম'হ.. তুমি মখমলি মখমলি সপোনৰ পিছত দৌৰিছা আৰু মই ভোক আৰু টোপনিৰ টনা আঁজোৰাত তৃতীয় লিংগীয় নৃত্য কৰিছোঁ। উজাগৰ নিশা অংক পাতিছো ফলিত। পুনঃপৌনিক সমীকৰণ। সমীকৰণৰটোৱে দাঁত নিকটাইছে উত্তৰত পাতিছোঁ "মই হীনতাত তুমি ইমানেই সুখী।" উপসংহাৰঃ দীঘল দলং এখনৰ ওপৰেৰে গৈছা নে কেতিয়াবা? দলং খনৰ সিটোমূৰত সৰু আকাশ এখন ৰৈ থকা যেন লাগে। সি আচলতে ভ্ৰম।
প্ৰিমিয়াৰ শ্বো (গল্প)
- Get link
- Other Apps
"তুমি আহিব নালাগে অৰ্ণৱ। মই এই শুভ মূহুৰ্তটোত তোমাক চাব নোখোজোঁ। শুভ কামটোত তুমি বিধি পথালি নিদিবা।" কথাকেইটা কাণতালমৰা গাজনি এটাৰ দৰে তাৰ কাণত বাজি থাকিবলৈ লৈছে যোৱা দুমাহৰ পৰা। কিয়! কিয়? কৰিলে বিখ্যাত ছবি পৰিচালিকা প্ৰণামী ভাগৱতীয়ে তাৰ লগত এনেকুৱা ব্যৱহাৰ। হ'ব পাৰে সি এটা কেমেৰামেন। কিন্তু গোটেই ছবিখনৰ পৰিচালনা তাৰ নিৰ্দেশনা মতেই হৈছিল। প্ৰণামীৰ নামটো আছিল মাত্ৰ পৰিচালিকা ৰূপে। প্ৰত্যেকটো শ্বট, লকেচন, এংগল আনকি আৰ্ট ডাইৰেক্টশ্যনো তাৰ চিন্তাৰ ফচল আছিল। কাহিনীটো লিখিছিল প্ৰণামী ভাগৱতীয়ে নিজেই। শিল্প এনেকুৱাই। বিষয়টোৰ লগত জৰিত হৈ পৰিলে, একাত্ম হৈ পৰিলে শিল্পীৰ লক্ষ্য হৈ উঠে সৃষ্টিক নিখুঁত ৰূপ দিয়া। অৰ্ণৱেও তাকেই কৰিছিল। ছবি খনৰ মূহুৰতৰ পৰা সম্পাদনা, ডাৱিং, সংগীত সকলো কামতে ওতঃপ্ৰোত ভাবে জৰিত থাকোঁতে তাৰ এনে লাগিছিল যেন প্ৰণামী নামৰ মানুহজনীৰ ঔৰসত সি এটা সন্তানৰ পিতৃ হ'বলৈ ওলাইছে। ছবি খন তাৰ নিজৰ সন্তানৰ দৰে উপলব্ধি কৰিছিল সি। প্ৰণামীৰ নিজৰ জীৱনৰ ব্যৰ্থ প্ৰেমৰ কাহিনীটোকে তাই প্ৰথমে উপন্যাস হিচাপে লিখিছিল। কি দৰে তাইৰ প্ৰেমাস্পদে তাই থাকোঁতেও অন্য ন