বেলি ডুবাৰ সাধু

 



দিগন্তৰ প্ৰহৰীয়া এটা লোৰ গম্বুজ।

পাশ্চাতপটত বিদায়ী বেলি

ভাৱনাৰ খেলি মেলি

মেলি খেলি।

মিচৰৰ পিৰামিড হেনো

কোনোৱা এলিয়েনে সজা

ৰাতি ৰাতি সপোনলৈ আহে

দেউতাই সজা সৰু

আটোমটোকাৰি খেৰ বাঁহৰ পঁজা।

বাঁহৰ জপনা, বাঁহৰ জেওৰা

সীমাৰ সিঘৰলৈ যাবলৈ বাহঁৰ দেওনা।

জেওঁৰাবো পকী দেৱাল এতিয়া 

ইঘৰ-সিঘৰ খবৰ ল'বলৈ 

কাৰো অৱকাশ নাইকীয়া। 

সপোনত দেখোঁ দেউতাই গোৱৰ আৰু মাটি কঢ়িওৱা। 

শৰণ খেৰ আৰু আলতীয়া মাটি কঢ়িওৱা। 

ইকৰা অথবা থাহ দিয়া বাহঁৰ বেৰ 

গোৱৰ মাটিৰে লিপা পিৰালিৰ গধূলি গোপাল

অথবা ৰান্ধনী ফুলৰ সুঘ্ৰাণ বিয়পি পৰে মোৰ শিতানে পথানে। 

পথাৰ ডৰাই সোণ গুটিৰ সপোন আনে। 

ধান বেছি বিহুৰ চোলা 

অথবা দূৰ্গাপূজাৰ বেলুন অথবা পিষ্টলৰ গোলা। 

দেউতা 

সময়বোৰ চোন সনলি হ'ল। 

ই-দুনিয়াত নিমগ্ন তোমাৰ নাতি 

"হাতীত উঠি পানীৰাম" ঘৰলৈ নাযায় আজিকালি। 

জে ছি বি নে ফৰ্কলেনৰ অতপালি 

সপোনত মোৰ পিতাইৰ সমাধি 

দিঠকত আৰ্তনাদ -আমাক পুৰি মাৰিবলৈ

উদয় হয় নেকি নতুন বেলি???


(লেখাটো ধেমাজিৰ পৰা আহি থাকোতে সূৰ্যাস্তৰ ফটো লৈ পিছত দেখা লোৰ গম্বুজ দুটাক লৈ লিখিছিলোঁ)

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?