দেউতালৈ




দেউতা...

কিয় পলসুৱা কৰি গঢ়িলি মোৰ বুকু?

কিয় দৃষ্টি দিলি আকাশমুখী

কিয় দেউতা কিয়?


খচকি চহাই-মৈয়াই

ফালি স্বাৰ্থৰ নাঙলৰে

চাহিদাৰ ভৰাল পুৰ সিহঁতৰ

মই নিৰ্জীৱ

অথচ মৰা শ নহয়

উৰ্বৰ শস্য সম্ভৱ।

আকাশমুখী দৃষ্টি মোৰ

তললৈও চাব নোৱাৰো।

উৰিবও নোৱাৰো মেঘ হৈ

মাথো স্থানু।


জীৱনৰ হাট

প্ৰসাৰিত হাত

কোঁচাব নাজানো

মেলিলেই হাত সূৰ্যই দহে

বুকুৰ মঙহ খহে

নুবুজিলো

কোনটো আওবাট

কোন বাটে ঘাট।


দেউতা...

মই মই হ'ব নাজানিলো।

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান